প্ৰিয় ভাই-ভনীসকল:
“ঈশ্বৰেহে বঢ়ালে।” (১ কৰি. ৩:৬) ভাৰতৰ আধ্যাত্মিক বৃদ্ধিত এই বাক্যশাৰীৰ সত্যতা দেখিবলৈ পোৱাটো কিমান যে ৰোমাঞ্চিতজনক বিষয়! ২০০৩ চনৰ সেৱা বছৰত আমি ১৭,০০০ জন ব্যক্তিতকৈ অধিক লোকে যিহোৱাৰ সাক্ষী ভাই-ভনীৰ সৈতে বাইবেল অধ্যয়ন কৰাৰ ৰিপৰ্ট পালোঁ, যিটো এক নতুন অভিলেখ স্থাপন কৰিলে। এইটো বাস্তৱতে শলাগ লʼবলগীয়া। স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা ৫৬,৮৫৬ জন লোকৰ সৈতে এক নতুন অভিলেষ স্থাপন হʼল, যিটো বিগত বছৰৰ স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱা সংখ্যাতকৈ ২,২২৬ জন আৰু ভাৰতৰ সকলো প্ৰকাশকৰ সংখ্যাতকৈ প্ৰায় ৩৩,০০০ জন অধিক আছিল। ইয়ে এইটো নিৰ্দ্দেশিত কৰিছে যে ভৱিষ্যতে ভাৰতত উত্তমৰূপে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
বৰ্তমান সময়ত আমাৰ শাখা কাৰ্য্যালয়ে হৈছে ভাৰতীয় ভাষাত ছপা কৰা একমাত্ৰ কাৰ্য্যালয়। এই শাখা কাৰ্য্যালয়ে ২৫ খনতকৈও অধিক দেশত আলোচনী প্ৰেৰণ কৰে। ইয়াৰ ফলস্বৰূপে, আলোচনী ছপা কৰাত ৬৫০/০ বৃদ্ধি পাইছে। এই অতিৰিক্ত কাৰ্য্য সীমিত সংখ্যাত থকা ভাই সকলৰ দ্বাৰা সম্পন্ন কৰা হʼল। ইয়াৰ উপৰিও এই বৃহৎ আৱশ্যকতা পূৰণ কৰিবলৈ অতিৰিক্ত ৰঙীন ছপাকল বহুৱা হʼল। এই ছপাকলত প্ৰতি মিনিটত ৬০ খন আলোচনী ছপা কৰা হয়। বিশ্বজুৰি প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰা আন সাহিত্যসমূহ আৰু আলোচনীসমূহক উচ্চমানৰ কৰি তুলিবলৈ উত্তম প্ৰকাৰৰ কাগজ ব্যৱহাৰ কৰা হʼল।
২০০৪ চনৰ সেৱা বছৰৰ আৰম্ভণীতে অৰ্থাৎ ২০০৩ চনৰ ডিচেম্বৰ ৭ তাৰিখে বাঙ্গালোৰ শাখা কাৰ্য্যালয়ৰ উদ্ঘাটনৰ বাবে আমি আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। আমি প্ৰাৰ্থনাপূৰ্বক কামনা কৰিছোঁ যে সেই আগন্তুক উপলক্ষ্যত উপস্থিত হোৱা সকলৰ বাবে আধ্যাত্মিকৰূপে এক বৈশিষ্টপূৰ্ণ সময় আৰু তাৰ ফলস্বৰূপে যেন অতিশয়ৰূপে যিহোৱাৰ স্তুতি হয়। বাস্তৱতে আমি নিশ্চিত যে এই নতুন শাখা কাৰ্য্যালয়ক যিহোৱাই অৱশ্যেই তেওঁৰ কাৰ্য্যক একেৰাহে ‘বৃদ্ধি কৰাত’ ব্যৱহাৰ কৰিব।
আপোনালোকৰ ভাইসকল,
ভাৰতৰ শাখা কাৰ্য্যালয়