ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০৫ পৃষ্ঠা ১
  • প্ৰিয় প্ৰচাৰকসকল:

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰিয় প্ৰচাৰকসকল:
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • শাখা কাৰ্য্যালয়ত কি কাম কৰা হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • প্ৰিয় ভাই-ভনীসকল:
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০৫ পৃষ্ঠা ১

প্ৰিয় প্ৰচাৰকসকল:

যোৱা কেইবছৰৰ পৰা সেৱা বছৰত মণ্ডলী আৰু চাৰ্কিটবোৰক একেৰাহে দৃঢ় আৰু একগোট কৰাৰ আৱশ্যকতা দেখা গৈছে। যোৱা সেৱা বছৰত ১৪ খন মণ্ডলী বন্ধ কৰি কাষৰীয়া মণ্ডলীৰ ভাই-ভনীসকলৰ সৈতে সংযুক্ত কৰা হৈছে। যোৱা দুই বছৰত সৰ্ব্বমুঠ ৩৬ খন মণ্ডলী সংযুক্ত কৰা হʼল। গতিকে অধিক ভাইসকলে সেৱাৰ বিশেষাধিকাৰৰ বাবে উপযুক্ত হোৱা আৱশ্যক, ইয়াৰ অৰ্থ হৈছে এতিয়া প্ৰত্যেকখন মণ্ডলীত গড় হিচাপে তিনি জন প্ৰাচীন আৰু ৪ জন সহায়ক সেৱক থাকিব।

বৃহৎ মণ্ডলীবোৰৰ বাবে উত্তম সা-সুবিধা থকা ৰাজ্যগৃহৰ আৱশ্যক। আনন্দৰ বিষয় এই যে যোৱা ছেপ্টেম্বৰ মাহৰ পৰা শাখা কাৰ্য্যালয়ৰ পৰা অহা ব্যক্তিসকলে ১০ খন বিভিন্ন ঠাইত সমৰ্পণ কাৰ্য্যক্ৰম পৰিচালিত কৰিলে আৰু তাৰে দুখন ৰাজ্যগৃহ দুমহলীয়া। এই সকলোবোৰে ভৱিষ্যতে বৃদ্ধিৰ বাবে এক শক্তিশালী আধাৰশিলা স্থাপন কৰিছে।

বৰ্তমান বেথেল গৃহ, কাৰ্য্যালয় আৰু ছপা কৰা কাৰ্য্য ভালদৰে স্থাপন কৰা হʼল আৰু আশা কৰি থকাৰ অনুসাৰে বৃহতমাত্ৰাত প্ৰচাৰ কাৰ্য্য বিস্তাৰিত কৰাৰ বাবে সক্ষম। এই বছৰৰ প্ৰথম ভাগত নতুনকৈ ৰেপীডা প্ৰেছ প্ৰতিষ্ঠা কৰা হʼল। ঘন্টাত এই প্ৰেছে ১২,০০০ খন আলোচনী ছপা কৰিব পাৰে আৰু যি পূৰ্বৰ প্ৰেছতকৈ দুগুণ অধিক। তদুপৰি নতুনকৈ কাগজ কটা, ফোল্‌ডিং, ট্ৰিমাৰ আৰু চিলাই মেচিন স্থাপন কৰা হয়, যাৰ বাবে আমাৰ সাহিত্যবোৰ বহুসময়লৈকে ব্যৱহাৰ কৰিবলৈ উপযোগী হৈ থাকিব।

এই নতুন মেচিনবোৰ স্থাপনা কৰিবলৈ বিদেশৰ পৰা অহা ছয় জনীয়া আন্তঃৰাষ্ট্ৰীয় দলৰ সৈতে তেওঁলোকৰ পত্নী আৰু আমাৰ দেশৰ পাঁচ জন নিপুণ সহায়ক প্ৰযুক্তিবিদৰ আৱশ্যক আছিল। এই অনুভৱী আৰু স্বেচ্ছাকৰ্মীসকলে দেখুৱা আগ্ৰহী মনোভাৱৰ প্ৰতি বেথেল পৰিয়ালৰ সদস্যসকলে আন্তৰিকতাৰে মূল্যাঙ্কন দেখুৱালে আৰু বহুতে নিজৰ দেশলৈ উভতি যোৱাৰ সময়ত চকুলোৰে বিদায় লৈছিল।

তদুপৰি আন্তঃৰাষ্ট্ৰীয় এই সাহায্যত ছুনামিৰ প্ৰভাৱত পৰা ভাই-ভনীসকলক সহায় কৰাও সন্মিলিত আছে। দেশৰ বিভিন্ন ঠাই আৰু বিদেশত থকা আমাৰ ভাৰতীয় ভাই-ভনীসকলে বিশেষকৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ছুনামিৰ কবলত পৰা ভাই-ভনীসকলক সহায় কৰিবলৈ বহুতে ভৌতিক সাহায্য আগবঢ়ালে। উপযুক্ত চাৰ্কিট ওভাৰচিয়াৰ আৰু নিৰ্মাণ কাৰ্য্য চোৱা-চিতা কৰা ভাইসকলে সেই ঠাইলৈ গৈ ধ্বংসত সকলো হেৰুৱা ভাই-ভনীসকলক সাহায্য লাভ কৰাৰ বিষয়ে নিশ্চিত কৰিছিল। ছুনামিৰ দ্বাৰা প্ৰভাৱিত ভাই-ভনীসকলে লাভ কৰা সাহায্যৰ বাবে সকলোকে তেওঁলোকৰ আন্তৰিক মৰম আৰু স্নেহ দিবলৈ আমাক নিৱেদন কৰিছে। এনে প্ৰেমময় খ্ৰীষ্টান ভাতৃত্ব সমাজত থাকিবলৈ পোৱাটো আমাৰ বাবে বাস্তৱতে এক বিশেষাধিকাৰ।​—⁠১ পিত. ২:⁠১৭.

এনে ধৰণে ঈশ্বৰৰ ৰাজ্যৰ উৎসাহী প্ৰচাৰকসকলে কৰা কাৰ্য্য বাস্তৱতে প্ৰশংসনীয় নহয়নে বাৰু! তদুপৰি আপোনালোকে আগবঢ়োৱা ভৌতিক সাহায্যৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। (হিতো. ৩:⁠৯, ১০) এতেকে “তেওঁৰ প্ৰতাপৰ প্ৰশংসাৰ অৰ্থে” কৰা আমাৰ প্ৰচেষ্টাত যিহোৱা ঈশ্বৰে অৱশ্যেই আশীৰ্ব্বাদ কৰিব।​—⁠ইফি. ১:⁠১৪.

আপোনালোকৰ ভাইসকল

ভাৰতৰ শাখা কাৰ্য্যালয়

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক