বুদ্ধিমানেৰে নিজৰ সময় ব্যয় কৰক
১ যিহোৱাৰ মন আনন্দিত কৰিবলৈ থকা আগ্ৰহকতাই আমাক নিজৰ জীৱনত আধ্যাত্মিক বিষয়বোৰত অধিক মনোযোগ কেন্দ্ৰিত কৰিবলৈ প্ৰেৰিত কৰে। সেয়েহে তেওঁৰ বাক্যই আমাক ‘প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰিবলৈ’ আৰু “যি যি শ্ৰেষ্ঠ, . . . পৰীক্ষা কৰি তাৰ নিৰ্ণয় কৰিবলৈ” নিৰ্দ্দেশনা প্ৰদান কৰিছে। (মথি ৬:৩৩; ফিলি. ১:৯) এতেকে আমি গুৰুত্বহীন বিষয়বোৰত অধিক মনোযোগ নিদি কেনেকৈ সময় উলিয়াই ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যৰ বাবে সুসময় কিনি লʼব পাৰোঁ?—ইফি. ৫:১৫-১৭.
২ ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যক প্ৰথম স্থান দিয়ক: অনাৱশ্যকীয় কাৰ্য্যত সময় ব্যয় নকৰি সময় উলিয়াবলৈ তালিকা বনাওক। কিছুমানে প্ৰত্যেক মাহৰ কোনো এটা বিশেষ সময়ত প্ৰচাৰ কাৰ্য্য কৰিবলৈ বাছনি কৰে। তাৰ পিছত তেওঁলোকে নিশ্চিত কৰে যে সেই বাছনি কৰা বিশেষ সময়ত প্ৰচাৰ কৰিবলৈ একোৱেই যেন বাধা নিদিয়ে। এনে কৰাটো সভা, ব্যক্তিগত অধ্যয়ন আৰু অধিৱেশনৰ বাবে সময় উলিওৱাৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। বহুতে দিনটোৰ কাৰ্য্যৰ আৰম্ভণী বা শেষত বাইবেল পঢ়িবলৈ সময় উলিয়াইছে। প্ৰত্যেকটো গুৰুত্বপূৰ্ণ কাৰ্য্যৰ প্ৰতি বিশেষ সময় বাছনি কৰি তাত কোনো অনাৱশ্যকীয় কাৰ্য্য বা বিষয়ক বাধা হʼবলৈ দিয়া উচিত নহয়।—উপ. ৩:১; ১ কৰি. ১৪:৪০.
৩ সীমিতভাৱে জগতখন ব্যৱহাৰ কৰক: কিছুমান দেশত ক্ৰীড়া, আমোদ-প্ৰমোদ, খেল-ধেমালি, মনোৰঞ্জন কাৰ্য্য আৰু আন আন বৃত্তিবোৰ সহজে উপলব্ধ আছে। বহুতে টেলিভিছন বা কম্পিউটাৰত অধিক সময় ব্যয় কৰে। কিন্তু ব্যক্তিগত আনন্দৰ বাবে জগতে আগবঢ়োৱা নতুন পদ্ধতিবোৰ ব্যৱহাৰ কৰি কেৱল নিৰাশহে হʼবলগীয়া হয়। (১ যোহ. ২:১৫-১৭) সেয়েহে শাস্ত্ৰই আমাক জগতখনক সম্পূৰ্ণকৈ ব্যৱহাৰ নকৰিবলৈ আগ্ৰহ কৰিছে। (১ কৰি. ৭:৩১) এনে বুদ্ধিমান পৰামৰ্শবোৰৰ অনুসাৰে চলি আপুনি প্ৰমাণ কৰে যে আপোনাৰ জীৱন বাস্তৱতে যিহোৱাৰ কাৰ্য্যবোৰৰ দ্বাৰা পূৰ্ণ হৈ আছে।—মথি ৬:১৯-২১.
৪ বৰ্তমানৰ ৰীতি-ব্যৱস্থাৰ অন্ত একেবাৰে কাষ চাপি আহিল। গতিকে যিসকলে ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যক নিজৰ জীৱনত প্ৰথম স্থান দিব, তেওঁলোকে ঈশ্বৰৰ অনুমোদন লাভ কৰিব। (হিতো. ৮:৩২-৩৫; যাকো. ১:২৫) এতেকে আঁহক আমি আমাৰ মূল্যৱান সময়বোৰক বুদ্ধিমানেৰে ব্যৱহাৰ কৰোঁহঁক।