আজৰি সময়ছোৱা অতিবাহিত কৰিবলৈ এক নিৰ্দ্দিষ্ট সময় নিৰ্দ্ধাৰিত কৰক
১ এইটো সঁচা যে বৰ্তমানৰ পৰিস্থিতি কঠিন হোৱাৰ বাবে আমাৰ সকলোৱে মাজে সময়ে আজৰি হʼব বিচাৰে। ইয়াৰ বাবে কিছু পৰিমাণে মনোৰঞ্জন কৰাটো সঠিক হʼব। কিন্তু যদি এজন ব্যক্তিয়ে জিৰণী, মনোৰঞ্জন আৰু সামাজিক আমোদ-প্ৰমোদত অধিক সময় অতিবাহিত কৰে, তেনেহʼলে তেওঁ আধ্যাত্মিক বিষয়বোৰত আগবাঢ়িব নোৱাৰিব। সেইবাবে আমি আজৰি সময়ছোৱা অতিবাহিত কৰিবলৈ এক নিৰ্দ্দিষ্ট সময় নিৰ্দ্ধাৰিত কৰা আৱশ্যক। (মথি ৫:৩) এইটো কেনেকৈ সম্ভৱ হʼব পাৰে? ইফিচীয়া ৫:১৫-১৭ পদত উল্লেখ কৰা পৰামৰ্শক পালন কৰাৰ দ্বাৰা তেনে কৰাটো সম্ভৱ।
২ এক নিৰ্দ্দিষ্ট সময় নিৰ্দ্ধাৰিত কৰক: পাঁচনি পৌলে খ্ৰীষ্টানসকলক বুদ্ধিমানেৰে জীৱন-যাপন কৰিবলৈ পৰামৰ্শ দি এইদৰে লিখিছিল যে, “যি দৰে চলা, তালৈ সাৱধানে চাবা।” এতেকে আজৰি সমছোৱাক নিৰ্দ্ধাৰিত কৰিবলৈ পৰিমিতচাৰী আৰু আত্ম-সংযম হৈ যি বাস্তৱতে আৱশ্যক তাৰ প্ৰতি মনোযোগ দিয়া উচিত। গতিকে আমি আমাৰ আজৰি সময়ক কিদৰে ব্যৱহাৰ কৰোঁ তাক গভীৰভাৱে বিবেচনা কৰিলে উত্তম হʼব। আমি কৰা মনোৰঞ্জনে আমাক ভাগৰুৱা কৰি তুলা বা আমাৰ সময় অবাবত নষ্ট কৰাৰ পৰিৱৰ্তে আমালৈ লাভজনক হোৱা আৱশ্যক। যদি আমি কোনো মনোৰঞ্জনত ভাগ লৈ অসন্তোষ্ট, আমাৰ সময় অবাবত নষ্ট হোৱা আৰু নিজকে দোষী যেন অনুভৱ কৰোঁ। তেনেহʼলে ইয়াৰ অৰ্থ এইটো যে আমি আমাৰ সময়ক উচিতভাৱে ব্যৱহাৰ কৰিবলৈ মনোৰঞ্জনৰ সময়ক সাল-সলনি কৰা আৱশ্যক।
৩ যুক্তিসঙ্গত হওঁক: পৌলে জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্যক প্ৰথম স্থান দিবলৈ পৰামৰ্শ দি কৈছিল যে “নিৰ্ব্বোধ” নহবা কিন্তু “সুসময়ক কিনি লবা।” সমৰ্পিত খ্ৰীষ্টানসকলৰ বাবে তেওঁলোকৰ জীৱনত আজৰি সময়ছোৱাক বেছি গুৰুত্ব দিয়া উচিত নহয়। বিশ্ৰাম আৰু খেল-ধেমালিয়ে যদিও আমাৰ দেহ আৰু মনক সতেজ কৰি তুলে, কিন্তু আধ্যাত্মিক শক্তিক সতেজ কৰিব নোৱাৰে। কিয়নো এই শক্তিৰ উৎস হৈছে ঈশ্বৰৰ সক্ৰিয় শক্তি। (যিচ. ৪০:২৯-৩১) আমি এই সক্ৰিয় শক্তিক কোনো মনোৰঞ্জনৰ যোগেদি লাভ কৰিব নোৱাৰোঁ। এই শক্তিক লাভ কৰিবলৈ হʼলে ঈশ্বৰ-শাসিত কাৰ্য্য যেনে, বাইবেলৰ অধ্যয়ন কৰা, মণ্ডলীৰ সভাসমূহত উপস্থিত হোৱা আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা আৱশ্যক।
৪ গুৰুত্বপূৰ্ণ কাৰ্য্যক প্ৰথম স্থান দিয়ক: পাঁচনি পৌলে খ্ৰীষ্টানসকলক উপদেশ দি এইদৰে কৈছিল: ‘যিহোৱাৰ ইচ্ছা কি, তাক জ্ঞাত হোৱা।’ যীচুৱেও কৈছিল যে আমি ঈশ্বৰৰ ৰাজ্যকহে প্ৰথম স্থান দিয়া আৱশ্যক। (মথি ৬:৩৩) এতেকে আমি নিজকে যিহোৱালৈ সমৰ্পণ কৰা অনুসাৰে জীৱন নিৰ্বাহ কৰিবলৈ তেওঁৰ ৰাজ্যকহে প্ৰথম স্থান দিয়া উচিত। তাৰ পাছত আজৰি সময়খিনিক সঠিকভাৱে ব্যৱহাৰ কৰা আৱশ্যক। যেতিয়া তেনেদৰে কৰা হয়, তেতিয়া আমি কৰা মনোৰঞ্জনে সকলোকে সতেজ আৰু আনন্দিত কৰি তুলিব।—উপ. ৫:১২.