পৰিচৰ্য্যা সভাৰ তালিকা
ছেপ্টেম্বৰ ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২৯
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ ছেপ্টেম্বৰ ১ প্ৰহৰীবুৰুজ আৰু ছেপ্টেম্বৰ ২২ সচেতন! আলোচনী দিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। তদুপৰি আন ব্যৱহাৰিক প্ৰস্তাৱনাও ব্যৱহাৰ কৰিব পাৰে। প্ৰথমটো উপস্থাপন এজন প্ৰাচীনে এটা প্ৰস্তাৱনা আৰু আনটো এজন যুৱা প্ৰকাশকে প্ৰস্তুত কৰে। প্ৰত্যেকটো উপস্থাপনত উত্তম বিষয়বোৰ আলোকপাত কৰক।
২০ মি: “বুদ্ধিমানেৰে নিজৰ সময় ব্যয় কৰক।” a প্ৰত্যেক দিনা বাইবেল পঢ়িবলৈ কেনেকৈ সময় উলিয়াই, সেই বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। সকলো পৰিয়াল আৰু ব্যক্তিক আধ্যাত্মিক কাৰ্য্যক্ৰমৰ বাবে মে’ ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া তালিকাখন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক।
১৫ মি: “প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা।” b অন্তপত্ৰখনত প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা প্ৰথম আৰু দ্বিতীয় ভাগৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। তদুপৰি আগষ্ট ২০০৪ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা, ১ পৃষ্ঠাৰ পৰাও আলোচনা কৰিব পাৰে। প্ৰত্যেকবাৰ বাইবেল অধ্যয়ন কৰাৰ সময়ত কিয় সম্পূৰ্ণকৈ তৈয়াৰ কৰা আৱশ্যক? ইয়াত কি কি সন্মিলিত আছে? উল্লেখ কৰা পৰামৰ্শবোৰ কেনেকৈ পালন কৰিলে, সেই বিষয়ে কʼবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। অন্তপত্ৰখনৰ প্ৰথম পৃষ্ঠাৰ বক্সটোৰ ওপৰত মন্তব্য দি সমাপ্তি কৰক।
গীত ১১০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬৮
১০ মি: স্থানীয় ঘোষণাসমূহ। এই সংখ্যাৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ প্ৰথম পৃষ্ঠাত দিয়া শাখা কাৰ্য্যালয়ৰ চিঠিখনৰ পৰা আলোকপাত কৰক।
২০ মি: আপোনালোকে যোৱা বছৰত কি সম্পন্ন কৰিলে? সেৱা অধ্যক্ষই যোৱা সেৱা বছৰত পৰিচৰ্য্যাত সম্পন্ন কৰা উত্তম ফলাফলৰ ওপৰত মনোযোগ দিয়ে। সকলোকে উপযুক্তৰূপে শলাগ লওক। আগন্তুক বছৰত মনোযোগ দিবলগীয়া এটা বা দুটা দিশৰ বিষয়ে উল্লেখ কৰক। অগ্ৰগামীসকলৰ কাৰ্য্যৰ বিষয়ে মন্তব্য দিয়ক আৰু তেওঁলোকৰ উত্তম কাৰ্য্যৰ বাবে শলাগ লওক। নিষ্ক্ৰিয় হৈ পৰা সকলক সহায় কৰি লাভ কৰা ফলাফলৰ বিষয়ে বৰ্ণনা কৰক।
১৫ মি: “এজনে আনজনক আধ্যাত্মিকৰূপে গঢ়ি তুলক।” c আনৰ প্ৰতি দেখুৱা প্ৰেমময় বিবেচনাৰ দ্বাৰা কেনেকৈ লাভৱান হৈছে, সেই বিষয়ে মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
গীত ১৯৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১২২
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট আৰু দান-বৰঙণি পঠোৱাৰ বিনিময়ত শাখা কাৰ্য্যালয়ৰ পৰা পোৱা প্ৰাপ্তি স্বীকাৰ পত্ৰখন পঢ়ক। সকলো প্ৰচাৰকক ছেপ্টেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: আলোচনীৰ দ্বাৰা শুভবাৰ্ত্তা প্ৰচাৰ কৰা। অক্টোবৰ মাহত আমি প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰ বিতৰণ কৰিম। ফেব্ৰুৱাৰী ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাৰ ৮ পৃষ্ঠা, ৩-৬ অনুচ্ছেদত দিয়া পৰামৰ্শবোৰৰ ওপৰত আধাৰিত কৰি এক পৰিচয়কাৰক ভাষণৰূপে প্ৰস্তুত কৰক। সেই পৰামৰ্শবোৰ হৈছে: (১) আলোচনীবোৰ যোৰা হিচাপে দিয়ক। (২) আলোচনী বিতৰণ কাৰ্য্যত ভাগ লʼবলৈ সপ্তাহৰ এটা দিন আছুটীয়াকৈ ৰাখক। (৩) আলোচনী বিতৰণৰ বাবে ব্যক্তিগত লক্ষ্য ৰাখক। (৪) সকলো সুযোগতে আলোচনী বিতৰণ কৰিবলৈ চেষ্টা কৰক। (৫) পুৰণি সংখ্যাৰ আলোচনীবোৰ উত্তমৰূপে ব্যৱহাৰ কৰক। এই পৰামৰ্শবোৰক স্থানীয়ভাৱে প্ৰযোজ্য কৰক। তাৰ পিছত (যদি স্থানীয় এলেকাৰ বাবে প্ৰযোজ্য হয়, তেন্তে) এই মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ অক্টোবৰ ১ প্ৰহৰীবুৰুজ আৰু অক্টোবৰ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে উপস্থাপন প্ৰস্তুত কৰক। তদুপৰি আন ব্যৱহাৰিক প্ৰস্তাৱনাও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও স্থানীয় এলেকাৰ বাবে প্ৰযোজ্য হোৱা আন বিষয়বস্তুৰ ওপৰত মনোযোগ দিবলৈ কওক আৰু তাৰে এটা উপস্থাপন প্ৰদৰ্শন কৰক। প্ৰত্যেকটো প্ৰদৰ্শনৰ পিছত উল্লেখ কৰা উত্তম বিষয়বোৰক আলোকপাত কৰক।
গীত ৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৫৪
৫ মি: স্থানীয় ঘোষণাসমূহ।
২০ মি: “‘অন্তঃকৰণে সৈতে’ আজ্ঞাকাৰী হʼবলৈ আনক সহায় কৰক।” d যদি সময়ে অনুমতি দিয়ে, তেন্তে উল্লেখ কৰা শাস্ত্ৰ পদবোৰৰ ওপৰত মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক।
২০ মি: যিহোৱাৰ মন আনন্দিত কৰক। (হিতো. ২৭:১১) দীৰ্ঘ সময়ে যিহোৱাৰ উপাসক হোৱা এজন বা দুজনৰ সাক্ষাতকাৰ গ্ৰহণ কৰক। যিহোৱাৰ প্ৰতি আজ্ঞাকাৰীতা বজাই ৰাখিবলৈ কিহে সহায় কৰিলে, সেই সম্পৰ্কে এটা বা দুটা বিষয়ক বৰ্ণনা কৰিবলৈ তেওঁলোকৰ প্ৰত্যেককে আমন্ত্ৰণ কৰক। তেওঁলোকে উল্লেখ কৰা বিষয়বোৰত হয়তো ব্যক্তিগতভাৱে নিয়মীয়াকৈ বাইবেল পাঠ, নিয়মীয়াকৈ সভাত উপস্থিত, বিশ্বাসী সঙ্গী ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰা, পৰিচৰ্য্যাত সম্পূৰ্ণ হৃদয়েৰে অংশ গ্ৰহণ কৰা, আন্তৰিক প্ৰাৰ্থনা আৰু হানিকাৰক মনোৰঞ্জনৰ পৰা আঁতৰি থকা বিষয়বোৰ সন্মিলিত থাকিব পাৰে। আজ্ঞাকাৰীতা বজাই ৰাখিবলৈ তেওঁলোকে কেনে পৰীক্ষাৰ সম্মুখীন হʼবলগীয়া হʼল আৰু কেনেকৈ সেইবোৰত সফলতা পাব পাৰিলে? আজ্ঞাকাৰীতা বজাই ৰাখি তেওঁলোকে কেনে আশীৰ্ব্বাদবোৰ লাভ কৰিলে?
গীত ১৭০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।