আগতীয়াকৈ আচঁনি তৈয়াৰ কৰক!
১ আমাৰ সকলো আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰ্ণ কৰিবলৈ যিহোৱাৰ সংগঠনে ঈশ্বৰ-শাসিত কাৰ্য্যবোৰৰ বাবে এটা নিয়মীয়া কাৰ্য্যক্ৰম প্ৰদান কৰিছে। ভ্ৰমণ ওভাৰচিয়াৰৰ ভিজিতৰ সময়ত, সন্মিলন আৰু অধিবেশনৰ সময়ত, আৰু অন্য বিশেষ কাৰ্য্যবোৰৰ সময়ত প্ৰৱন্ধ কৰা সকলোবোৰ ব্যৱস্থাত আচঁনি তৈয়াৰ কৰি সম্পূণৰূপে লাভ প্ৰাপ্ত কৰিবলৈ সেইবোৰৰ প্ৰতি থকা উপলব্ধিয়ে আমাক সহায় কৰে। (মথি ৫:৩) যিহেতু কিছুমান লোকে অন্য কাৰ্য্যবোৰত বেছি গুৰুত্ব দিয়াৰ বাবে এনেধৰণৰ আধ্যাত্মিক ব্যৱস্থাবোৰৰ লাভ প্ৰাপ্ত কৰাৰ পৰা বিৰত থাকে। এইবিলাকক বাধা দিবলৈ কি কৰিব পৰা যায়? আন বাহিৰা কাৰ্য্যবোৰে যাতে “সকলো বিবেচনাত” বাধা নিদিয়ে তাৰ প্ৰতি আমি কেনেকৈ নিশ্চিত হব পাৰোঁ? —ফিলি. ১:১০, ১১.
২ বুদ্ধিমানৰূপে আচঁনি কৰা আৱশ্যক: হিতোপদেশ ২১:৫ পদত উপদেশ দিছে: “পৰিশ্ৰমী লোকৰ চিন্তাই কেৱল লাভ্হে জন্মায়; কিন্তু খৰ কৰোঁতাই কেৱল দৰিদ্ৰতালৈহে খৰ কৰে।” আধ্যাত্মিক “লাভ” পাবলৈ আমি ঈশ্বৰীয় কাৰ্য্যবোৰৰ ব্যৱস্থাক মনত ৰাখি প্ৰৰিশ্ৰমী হৈ আচঁনি তৈয়াৰ কৰা আৱশ্যক। আধ্যাত্মিক আৰ্শীবাদসমূহ অহা সময়ত আমাৰ ব্যক্তিগত কাৰ্য্যবোৰে যাতে বাধা দিব নোৱাৰে সেইমতে তালিকা প্ৰস্তুত কৰা উচিত। ব্যক্তিগতভাৱে আমি যি কৰিবলৈ বিচাৰো তাৰ বাবে যদি আমি আচঁনি তৈয়াৰ কৰো তেনেহʼলে আমাৰ আধ্যাত্মিক কাৰ্য্যবোৰত কোনো ফল নিদিব আৰু এইটো এনেদৰে হব যে আমি আধ্যাত্মিক “বস্তুৰ” বাবে ভুগি আছো।
৩ কেতিয়াও বাদ নিদিব! ছুটিৰ দিন, ব্যৱসায় বাবে ঘুৰিবলৈ যোৱা, আত্মীয় সম্পৰ্কীয় লোকক সাক্ষ্যাৎ কৰা আৰু অন্য বন্ধৰ সময়ত মনোৰঞ্জন কৰিবলৈ আমি সকলোৱে ভৱিষ্যতৰ বাবে আচঁনি বনাওঁ। আপুনি নিজে সেই আচঁনিৰ কাৰ্য্যকাৰী কৰা বা সিন্ধান্তলৈ অহা আগতে, আধ্যাত্মিক কাৰ্য্যবোৰ অহা তালিকাৰ সৈতে মতামত লওঁক। যদি আপুনি দেখে যে সেই সময়ত চাৰ্কিট ওভাৰচিয়াৰ আহিছে বা যি সময়ত আপুনি ফুৰিবলৈ যাবলৈ আচঁনি বনাইছে আৰু সেই সময়ত সন্মিলন হবলগীয়া আছে, তেনেহʼলে আন্তৰিকতাৰে আপোনাৰ কাৰ্য্যক্ৰমক সাল-সলনি কৰিবলৈ চেষ্টা কৰক যাতে আপুনি তাত উপস্থিত হব পাৰে। ভৱিষ্যতৰ কাৰণে গুৰুত্বপূৰ্ণ কাৰ্য্যবোৰৰ তালিকা বনাবলৈ আমি আগতীয়াকৈ জনাই দিওঁ। আপোনাৰ মণ্ডলীৰ প্ৰাচীনে স্থানীয়ভাৱে কেনেধৰণৰ আচঁনি প্ৰস্তুত কৰিছে তাৰ বিষয়ে আপোনাক কব পাৰে।
৪ ভৱিষ্যতৰ বিষয়ে পৰিক্ষা কৰা আৰু গুৰুত্বপূৰ্ণ কাৰ্য্যবোৰত আগতীয়াকৈ আচঁনি বনোৱাৰ দ্বাৰা আমি “ঈশ্বৰৰ গৌৰৱ আৰু প্ৰশংসাৰ অৰ্থে, . . . ধাৰ্ম্মিকতাৰ ফলেৰে যেন পৰিপূৰ্ণ” হম।—ফিলি. ১:১১.