ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০১ পৃষ্ঠা ১
  • কিহৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰা আৱশ্যক?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কিহৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰা আৱশ্যক?
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আগতীয়াকৈ আচঁনি তৈয়াৰ কৰক!
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পূৰ্ণসময় সেৱা কৰাৰ আনন্দ
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যুৱক-যুৱতীসকল, আপোনালোকে ভৱিষ্যতৰ বাবে নিৰ্ভৰযুক্ত আধাৰ গঢ়ি তুলিছেনে?
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০১ পৃষ্ঠা ১

কিহৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰা আৱশ্যক?

১ আমাৰ সকলোকে ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিবলৈ বিচাৰ শক্তি দিয়া হৈছে। যিসকলৰ ওচৰত পাৰ্থিৱ জীৱনৰ আশা আছে, তেওঁলোকে ঈশ্বৰৰ ধাৰ্ম্মিক পৃথিৱীত অনন্ত কাল জীয়াই থাকিবলৈ আগ্ৰহেৰে বাট চাই আছে। কিন্তু এই বাটত এনে এক বিপদে অপেক্ষা কৰি আছে, যিয়ে আমাৰ হৃদয়ৰ পৰা এই আশাক আঁতৰ কৰিব পাৰে। সেইবাবে আমি শাৰীৰিক অভিলাষসমূহত বিচলিত নহৈ আমাৰ জীৱনত ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যক প্ৰথম স্থান দিবলৈ সম্পূৰ্ণভাৱে প্ৰচেষ্টা কৰা আৱশ্যক।​—⁠১ যোহ. ২:⁠১৫-​১৭.

২ এই জগতে আধ্যাত্মিক ব্যক্তিসকলৰ আধ্যাত্মিক মূল্যক বুজি নাপায়। (১ কৰি. ২:⁠১৪) কিয়নো এই জগতৰ লোকে অধিক ধনবান বা সা-সম্পত্তি পাবলৈ হাবিয়াস কৰে, কিন্তু আমি আধ্যাত্মিক ধন-সম্পত্তি লাভ কৰিবলৈ সম্পূৰ্ণ মনে প্ৰাণে চেষ্টা কৰোঁ। (মথি ৬:⁠১৯-​২১) জগতৰ মনোবৃত্তিৰ অনুসাৰে যদি আমাৰ চিন্তাধাৰাক সাল-সলনি কৰিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি আধ্যাত্মিক লক্ষ্যত উপনীত হʼব পাৰিমনে? কিয়নো এই জগতৰ বিচাৰ-ধাৰাই পোনছাটেই আমাৰ হৃদয়ৰ পৰা সেই ভৱিষ্যতৰ আশাক আঁতৰ কৰিব পাৰে। এনে নহʼবলৈ আমি কেনে ব্যৱস্থা লোৱা আৱশ্যক?

৩ “প্ৰভু যীচু খ্ৰীষ্টক পিন্ধা”: ইয়াকে কৰাৰ এটা পথ হৈছে, আমাৰ ভৱিষ্যত ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যসমূহ সম্পন্ন কৰাৰ ওপৰত নিৰ্ভৰ কৰা আৰু আমাৰ দৈনন্দিন কথোপকথনত এই বিষয়ে কবলৈ দৃঢ় সঙ্কল্প লোৱা আৱশ্যক। এতেকে আমি নিজকে এই প্ৰশ্ন কৰা আৱশ্যক যে আমি ভৌতিক বস্তুসমূহৰ বিষয়ে বেছি চিন্তা কৰিছোঁনে যিয়ে আমাৰ বাধাৰ কাৰণ হʼব পাৰে? যদি তেনে চিন্তা কৰিছোঁ তেনেহʼলে এইটোও পৰীক্ষা কৰা আৱশ্যক যে আমাৰ হৃদয়ত আধ্যাত্মিক বিষয়সমূহৰ প্ৰতি থকা আগ্ৰহ লোপ পাইছে নে নাই। তদুপৰি এইটোও বিবেচনা কৰা অতি আৱশ্যক যে আমি হয়তো ‘প্ৰভু যীচু খ্ৰীষ্টক পিন্ধাৰ পৰিৱৰ্তে মাংসৰ অভিলাষ পূৰ কৰিবলৈ আয়োজন কৰিছোঁ।’​—⁠ৰোমী. ১৩:⁠১৪.

৪ যুৱক-যুৱতীসকলে পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ পৰিকল্পনা কৰি ‘যীচু খ্ৰীষ্টক পিন্ধিব’ পাৰে। এই সম্পৰ্কে এজন নিয়মিত অগ্ৰগামী হোৱা যুৱকৰ বিষয়ে বিবেচনা কৰক যি জনে এনে এক সমাজত ডাঙৰ-দীঘল হৈছিল, যʼত এজন ডেকা ব্যক্তিয়ে আৰ্থিকভাৱে ধনী হোৱাতো এক ৰীতি আছিল। সেইবাবে তেওঁ ব্যৱসায়ত বহুত ব্যস্ত হৈ পৰিছিল। যাৰ ফলস্বৰূপে তেওঁ সভা আৰু প্ৰচাৰ কাৰ্য্যত যান্ত্ৰিকভাৱে ভাগ লৈছিল। কিন্তু এসময়ত তেওঁ যীচুৱে মথি ৬:⁠৩৩ পদত কোৱা বাক্যশাৰীক গভীৰভাৱে বিবেচনা কৰে আৰু তেওঁ পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ সিদ্ধান্ত লয়। এতিয়া তেওঁ যিহোৱা ঈশ্বৰক এক উত্তম বিবেকেৰে সেৱা কৰিছে অৰ্থাৎ তেওঁৰ ‘সম্পূৰ্ণ মনে প্ৰাণে সেৱা কৰিছে।’

৫ বাইবেলে কৈছে যে ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰাটো বুদ্ধিমানৰ কাৰ্য্য। (হিতো. ২১:⁠৫) এতেকে আমাৰ সকলোৱে ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে মনত ৰাখি উৎসাহেৰে তেওঁৰ কাৰ্য্য কৰোঁহঁক।​—⁠ইফি. ৫:⁠১৫-​১৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক