পৰিচৰ্য্যা সভাৰ তালিকা
এপ্ৰিল ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৯৩
১৫ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। স্মৰণীয় পৰ্বৰ উপস্থিতিৰ সংখ্যা বিষয়ে ঘোষণা কৰক। যিসকলে প্ৰথমবাৰৰ বাবে স্মৰণীয় পৰ্বত উপস্থিত হৈছিল তেওঁলোকে কেনে অনুভৱ কৰিছিল, তাৰ বিষয়ে কবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। সকলোকে এপ্ৰিল মাহৰ ২৩ তাৰিখে সেৱা সভাত পৰিচালিত হʼবলগীয়া প্ৰশ্ন উত্তৰ তৈয়াৰী কৰিবলৈ বাইবেল—আপোনাৰ জীৱনত ইয়াৰ প্ৰভাৱ নামৰ ভিডিঅ কেছেটখন চাবলৈ উৎসাহিত কৰক।
১০ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: “আপুনি ‘মনোযোগী হৈ’ প্ৰচাৰ কাৰ্য্য কৰক।”a দুজন বা তিনিজন প্ৰচাৰকক ৩-৫ অনুচ্ছেদত দিয়া পৰামৰ্শ ব্যৱহাৰ কৰি আনক সহায় আগবঢ়োৱাৰ বিষয়ে কবলৈ আমন্ত্ৰণ কৰক।
গীত ৮০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৪৫
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। এপ্ৰিল মাহটো শেষ হʼবলৈ মাত্ৰ দুসপ্তাহ বাকী থাকিল। এতেকে সকলোকে প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ উৎসাহিত কৰক।
১৫ মি: “‘ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা’ ২০০১ চনৰ যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশন।”b অন্তপত্ৰখনত থকা বিষয়টো চেক্ৰেটেৰীয়ে পৰিচলনা কৰে। সৰ্বপ্ৰথমে মাৰ্চ ১৫, ২০০১ চনত সংস্থাই পঠোৱা অধিৱেশনৰ নিযুক্তি পত্ৰখন পঢ়ক। তাত উল্লেখ কৰা শাস্ত্ৰ পদসমূহ পঢ়ি কওঁক যে আমি কিয় সংস্থাই দিয়া নিৰ্দ্দেশনাক নিবিড়ভাৱে পালন কৰা আৱশ্যক। সেই তিনিদিনীয়া অধিৱেশনত উপস্থিত থাকিবলৈ কিয় এতিয়াৰ পৰা ছুটিৰ বাবে নিৱেদন কৰা প্ৰয়োজন, এই বিষয়ে জোৰ দি বুজাই দিয়ক। সকলোকে সংস্থাৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলাৰ বাবে প্ৰশংসা কৰক।
২০ মি: “সৰল আৰু স্পষ্টকৈ কৰা প্ৰস্তুতিকৰণে সদায়ে প্ৰভাৱিত কৰে।”c ১৯৯৯ চনৰ জুলাই মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৪ পৃষ্ঠাত দিয়া “সংক্ষেপতে বিষয়টো কওঁক!” নামৰ লেখ খনৰ পৰা পৰামৰ্শ দাঙি ধৰক। চমুকৈ এটা বা দুটা উপস্থাপন প্ৰস্তুত কৰক।
গীত ১৪৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬৩
৫ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: “কিহৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰা আৱশ্যক?” এটা ভাষণৰ যোগেদি প্ৰস্তুত কৰক। নবেম্বৰ ১, ২০০০ চনৰ প্ৰহৰীদুৰ্গ ১৮-২১ পৃষ্ঠাত দিয়া উল্লেখৰ পৰা সঠিক বিষয় দাঙি ধৰক।
২৫ মি: “বাইবেল—আপোনাৰ জীৱনত ইয়াৰ প্ৰভাৱ,” নামৰ ভিডিওখনৰ এক চমুকৈ বিৱৰণি দাঙি ধৰক। শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। এই বিষয়ে ১৯৯৭ চনৰ বাৰ্ষিক পুস্তকʼৰ ৫৪ পৃষ্ঠাৰ ১ অনুচ্ছেদত সংস্থাৰ ভিডিঅৰ বিষয়ে উল্লেখ কৰা অনুভৱটো কিয় দাঙি নধৰে? জুন মাহত যিহোৱাৰ সাক্ষীসকলে নাজীৰ অত্যাচাৰতো বিশ্বাসত দৃঢ় হৈ থাকিল নামৰ ভিডিওটোক পুনৰ আলোচনা কৰা হʼব।
গীত ২০২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
এপ্ৰিল ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১৫
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে এপ্ৰিল মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। পুস্তক অধ্যয়ন পৰিচালকে তেওঁলোকৰ গ্ৰুপত থকা সকলোকে সময়ত প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ উৎসাহিত কৰিব, যাতে মে মাহৰ ৬ তাৰিখলৈকে সকলো ৰিপৰ্ট হিচাপ কৰিব পাৰে।
১৫ মি: “এজন উত্তম চুবুৰীয়াৰ দৰে সাক্ষী দিয়ক।”d আমি আমাৰ আচৰণেৰে কেনেকৈ সাক্ষী দিব পাৰোঁ, এই সন্দৰ্ভত অতিৰিক্ত বিষয়বোৰ দাঙি ধৰক। নবেম্বৰ ১, ১৯৯৭ চনৰ প্ৰহৰীদুৰ্গ, ১৮ পৃষ্ঠাৰ ১৬ অনুচ্ছেদ চাওঁক।
২০ মি: অগ্ৰগামীসকলে আনক সহায় কৰে। সেৱা ওভাৰচিয়াৰে ভাষণ আৰু সাক্ষাৎকাৰৰ সৈতে এই বিষয়টো প্ৰস্তুত কৰে। ১৯৯৮ চনৰ ছেপ্টেম্বৰ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠাত উল্লেখ কৰা অগ্ৰগামীসকলে আনক সহায় কৰে, নামৰ লেখটোৰ পৰা পুনৰ আলোচনা কৰক। আপোনাৰ মণ্ডলীত অগ্ৰগামীসকলে কেনেকৈ সহায় আগবঢ়ালে, এই সম্পৰ্কে কিছুমান সঠিক বিষয়ক দাঙি ধৰক। এনে এজন অগ্ৰগামী প্ৰচাৰকক তেওঁৰ অনুভৱ কবলৈ আমন্ত্ৰণ কৰক, যিজনে আনক আৰু তেওঁ সৈতে কাৰ্য্য কৰা প্ৰচাৰকক সহায় কৰিছিল। বৰ্ণনা কৰি কওঁক যে কেনেকৈ একেলগে কাৰ্য্য কৰিলে লাভৱান হʼব পাৰি। আনকো এই প্ৰবন্ধৰ পৰা লাভৱান হʼবলৈ আমন্ত্ৰণ কৰক।
গীত ২১৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৮৪
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: “ঈশ্বৰৰ সকলো সাধ্য।”e প্ৰক্লেইমাৰ পুস্তকৰ ৪৪৩ পৃষ্ঠাত উল্লেখ কৰা বিষয়টোৰ চমুকৈ মন্তব্য দিয়ক আৰু ১৯৩৫ চনত হোৱা প্ৰচাৰ কাৰ্য্যৰ তুলনাত চলিত বাৰ্ষিক পুস্তকʼত উল্লেখ কৰা প্ৰচাৰ কাৰ্য্যৰ বৃদ্ধিৰ বিষয়ে বৰ্ণনা কৰি কওঁক। ইয়াৰ ওপৰিও কওঁক যে, এসময়ত যি স্থানবোৰত অসম্ভৱ যেন লগা প্ৰচাৰ কাৰ্য্য বৰ্তমান সময়ত কেনেকৈ অধিককৈ বৃদ্ধি পাইছে।
২০ মি: আমাৰ পৰিয়ালে কেনেকৈ শুদ্ধতা বজাই ৰাখিব পাৰে? প্ৰাচীন আৰু তেওঁৰ পৰিয়ালে আগষ্ট ১, ১৯৯৬ চনৰ প্ৰহৰীদুৰ্গ ১৭-২০ পৃষ্ঠাত উল্লেখ কৰা পৰামৰ্শক ব্যৱহাৰ কৰি ঘৰ, সম্বন্ধীয় ব্যক্তি, মণ্ডলী, চুবুৰীয়া, স্কুল আৰু কাৰ্য্যস্থলত কেনেকৈ শুদ্ধতা বজাই ৰাখিব পাৰে এই বিষয়ে আলোচনা কৰে।
গীত ৭০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।