“ঈশ্বৰৰ সকলো সাধ্য”
১ প্ৰাচীন সময়ত থকা খ্ৰীষ্টান ভাই-ভনীসকলৰ মুখ্য কাৰ্য্য আছিল গোটেই জগততে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰা। (মথি ২৪:১৪) সেই কাৰ্য্য বৰ্তমান সময়ত বৃহতভাৱে কৰা হৈছে। সেয়েহে বহুতো লোকৰ নিৰীক্ষণৰ অনুসাৰে আমি কৰা কাৰ্য্যতকৈ অধিক কৰা আৱশ্যক। আনসকলে কয় যে, যিহেতু এই কাৰ্য্যত বিৰোধীতা, অত্যাচাৰ আৰু বিদ্ৰূপ হোৱাৰ বাবে আমাৰ এই কাৰ্য্যৰ নিযুক্তিক পূৰ্ণ কৰাটো প্ৰায়ে অসম্ভৱ। (মথি ২৪:৯; ২ তীম. ৩:১২) তদুপৰি ধৰ্ম্মক বিশ্বাস নকৰা ব্যক্তিসকলে কয় যে এই কাৰ্য্যক সম্পন্ন কৰাটো অসম্ভৱ। সেইবাবে, যীচুৱে এইদৰে কৈছিল: “ঈশ্বৰৰ সকলো সাধ্য।”—মথি ১৯:২৬.
২ এক যথাৰ্থ আৰ্হিক অনুকৰণ কৰা: একমাত্ৰ যীচুৱে সমস্ত জগতখনক নেওচি তেওঁৰ পৰিচৰ্য্যা কাৰ্য্য আৰম্ভ কৰিছিল। তেওঁৰ এই কাৰ্য্যক বন্ধ কৰিবলৈ বহুতো বিৰোধীয়ে সমস্ত শক্তিৰে বিৰোধ কৰিলে। অৱশেষত এই কাৰ্য্যক বন্ধ কৰিবলৈ যীচুক যন্ত্ৰণাদায়ক মৃত্যুদণ্ডো দিয়া হʼল। কিন্তু তেতিয়াও যীচুৱে তেওঁৰ জীৱনৰ শেষ মুহূৰ্ত্তলৈকে এইদৰে ঘোষণা কৰিলে: “ময়েই জগতক জয় কৰিলোঁ।” (যোহ. ১৬:৩৩) বাস্তৱতে তেওঁ এক অসম্ভৱ কাৰ্য্যক সম্ভৱ কৰি তুলিলে!
৩ যীচুৰ শিষ্যসকলেও নিৰ্ভয় আৰু উৎসাহেৰে খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্য কৰিছিল। এই কাৰ্য্যৰ বাবে বহুতো শিষ্যই তীব্ৰ ভৎৰ্সনা সহন কৰা, বেতৰ কোব খোৱা, জেইলত যোৱা আৰু মৃত্যুকো আঁকোৱালি লʼব লগা হৈছিল। তথাপিও “তেওঁলোক তেওঁৰ নামৰ নিমিত্তে অপমান পাবৰ যোগ্য বুলি গণিত হোৱাত, আনন্দিত” হৈছিল। (পাঁচ. ৫:৪১) তেওঁলোকে সকলোবোৰ বাধা আৰু প্ৰচাৰ কৰাতো অসম্ভৱ হোৱাৰ স্বত্তেও “গোটেই . . . পৃথিবীৰ সীমালৈকে” শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰিছিল।—পাঁচ. ১:৮; কল. ১:২৩.
৪ আজিৰ সময়ত প্ৰচাৰ কাৰ্য্যত কেনেকৈ সফলতা পোৱা গৈছে: বৰ্তমান সময়ত আমি বাধাবোৰৰ সন্মূখীন হোৱাৰ স্বত্তেও ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত উৎসাহিত হৈ ভাগ লৈছোঁ। তদুপৰি আমাকো প্ৰতিবন্ধ লগোৱা, জেইলত যোৱা আৰু অত্যাচাৰ কৰা হৈছে। কিন্তু তথাপিও আমাৰ প্ৰচাৰ কাৰ্য্যক কোনেও বন্ধ কৰিব পৰা নাই। এই কাৰ্য্য কৰাটো কেনেকৈ সম্ভৱ হৈছে? “শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয় কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে, ইয়াক বাহিনীবিলাকৰ যিহোৱাই কৈছে।” (জখ. ৪:৬) এতেকে আমাৰ এই কাৰ্য্যত যিহোৱাৰ হাত থকাৰ বাবে একোৱেই এই প্ৰচাৰ কাৰ্য্যত বাধা দিব নোৱাৰে!—ৰোমী. ৮:৩১.
৫ আমি এই প্ৰচাৰ কাৰ্য্য কৰোঁতে ভয়-ভীত বা আত্মবিশ্বাসহীন হোৱাৰ কোনো আৱশ্যক নাই। (২ কৰি. ২:১৬, ১৭) কিয়নো আমাৰ ওচৰত যুক্তিসঙ্গত কাৰণ আছে, যিয়ে প্ৰচাৰ কাৰ্য্য কৰিবলৈ সহায় আগবঢ়ায়। গতিকে যিহোৱাৰ সহায়ৰ দ্বাৰা আমি “অসাধ্য” কাৰ্য্যকো সম্পন্ন কৰিব পাৰোঁ!—লূক ১৮:২৭.