ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০৩ পৃষ্ঠা ১
  • নম্ৰতাৰ বস্ত্ৰ ধাৰণ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নম্ৰতাৰ বস্ত্ৰ ধাৰণ কৰক
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আন্তৰিকতাৰে নম্ৰতা বিকশিত কৰক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাই নম্ৰ লোকসকলক তেওঁৰ মহিমা প্ৰকাশ কৰে
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • নিজকে বৰ বুলি বিবেচনা নকৰিব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০৩ পৃষ্ঠা ১

নম্ৰতাৰ বস্ত্ৰ ধাৰণ কৰক

১ এজন মেৰৰখীয়া লʼৰাই যিহোৱাৰ ওপৰত ভাৰসা কৰি এজন শক্তিশালী যুদ্ধাক পৰাস্ত কৰিলে। (১ চমূ. ১৭:⁠৪৫-৪৭) এজন ধনী ব্যক্তিয়ে ধৈৰ্য্যৰে ক্লেশত সহন কৰি থাকিল। (ইয়ো. ১:⁠২০-​২২; ২:⁠৯, ১০) ঈশ্বৰৰ পুত্ৰই তেওঁৰ শিক্ষাৰ সকলো মহিমা নিজৰ পিতৃকহে দিলে। (যোহ. ৭:⁠১৫-১৮; ৮:⁠২৮) ইয়াত উল্লেখ কৰা প্ৰত্যেকটো উদাহৰণতে নম্ৰতাই এক মুখ্য ভূমিকা আদায় কৰিলে। একেইদৰে আজি আমিও সম্মুখীন হোৱা পৰিস্থিতিত নম্ৰতাই এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে।

২ প্ৰচাৰ কাৰ্য্যত: প্ৰকৃত খ্ৰীষ্টান সেৱকৰূপে আমি লোকবিলাকৰ জাতি, ধৰ্ম্ম, সংস্কৃতি বা পৃষ্ঠভূমিৰ প্ৰতি কোনো পূৰ্ববিচাৰ নকৰাকৈ নম্ৰতাৰে সকলো প্ৰকাৰৰ লোকক শুভবাৰ্ত্তাৰ বিষয়ে শুনাওঁ। (১ কৰি. ৯:⁠২২, ২৩) যদি কোনোবাই কঠোৰ বা অভিমানী হৈ প্ৰচাৰ কৰা ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাক অগ্ৰাহ্য কৰে তেতিয়া আমি তেওঁলোকৰ দৰে মনোবৃত্তি নেদেখুৱাই ধৈৰ্য্যৰে একেৰাহে উপযুক্ত ব্যক্তিসকলক বিচাৰি যাওঁ। (মথি ১০:⁠১১, ১৪) আমি আনক নিজৰ জ্ঞান বা শিক্ষাগত অৰ্হতাৰে প্ৰভাৱিত কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ বাক্যৰ প্ৰতি তেওঁলোকৰ মনোযোগ আকৰ্ষিত কৰা আৱশ্যক, কিয়নো তেনে নকৰিলে আমি লোকসকলৰ মন ঈশ্বৰৰ সলনি আনফালে পৰিচালিত কৰিব পাৰো। (১ কৰি. ২:⁠১-​৫; ইব্ৰী ৪:⁠১২) গতিকে যীচুৰ আৰ্হিক অনুকৰণ কৰি আমি সকলো মহিমা যিহোৱাকহে দিয়াটো আৱশ্যক।​—⁠মাৰ্ক ১০:⁠১৭, ১৮.

৩ মণ্ডলীত: প্ৰকৃত খ্ৰীষ্টানসকলে অৱশ্যেই ‘নম্ৰতাৰূপ বস্ত্ৰেৰে নিজৰ কঁকাল বান্ধা আৱশ্যক।’ (১ পিত. ৫:⁠৫) যদি আমি আনক নিজতকৈ উচ্চ বুলি জ্ঞান কৰোঁ তেতিয়া আমি আমাৰ ভাই-ভনীৰ পৰা সেৱা বিচৰাৰ পৰিৱৰ্তে তেওঁলোকক সেৱা কৰিবলৈ সুযোগ বিচাৰিম। (যোহ. ১৩:⁠১২-​১৭; ফিলি. ২:⁠৩, ৪) আমি এনে কোনো কাৰ্য্য অৰ্থাৎ ৰাজ্যগৃহৰ পৰিষ্কাৰ কৰাটো মোৰ কাম নহয় বুলি কেতিয়াও নিজকে উচ্চ বুলি নাভাবিম।

৪ নম্ৰতাই আমাক ‘প্ৰেমত পৰস্পৰে সহন কৰিবলৈ’ আৰু মণ্ডলীত শান্তি আৰু ঐক্যতা বজাই ৰখাত সহায় কৰিব। (ইফি. ৪:⁠১-৩) নম্ৰতা গুণটোৱে আমাক পৰিচালনা কৰা ভাইসকলৰ অধীন হʼবলৈ সহায় কৰে। (ইব্ৰী ১৩:⁠১৭) তদুপৰি ইয়ে আমাক পৰামৰ্শ আৰু অনুশাসন গ্ৰহণ কৰিবলৈ প্ৰেৰিত কৰে। (গীত. ১৪১:⁠৫) ইয়াৰ উপৰিও নম্ৰতা গুণটোৱে মণ্ডলীত আমি পোৱা বিশেষাধিকাৰৰ বাবে যিহোৱাৰ উপৰত ভাৰসা কৰিবলৈ উৎসাহিত কৰে। (১ পিত. ৪:⁠১১) ৰজা দায়ূদৰ দৰে আমিও চিনাক্ত কৰিব পাৰিম যে সফলতা কোনো মানুহৰ সামৰ্থ্যৰে নহয় কিন্তু যিহোৱাৰ আশীৰ্ব্বাদৰ ওপৰতহে নিৰ্ভৰশীল।​—⁠১ চমূ. ১৭:⁠৩৭.

৫ আমাৰ ঈশ্বৰৰ সম্মুখত: সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে আমি ‘পৰাক্ৰমী ঈশ্বৰৰ হাতৰ অধীনত নত’ হোৱা আৱশ্যক। (১ পিত. ৫:⁠৬) যদি আমি বৰ্তমানৰ কঠিন পৰিস্থিতিত প্ৰতিকূল হʼব বিচাৰোঁ, তেন্তে আমি একমাত্ৰ ঈশ্বৰৰ ৰাজ্যইহে এই সকলোৰে পৰা উপশম দিব তাৰ প্ৰতি বাঞ্চা কৰা উচিত। কিন্তু তাৰবাবে যিহোৱাই যে তেওঁৰ নিযুক্ত সময়ত নিজৰ প্ৰতিজ্ঞাসমূহ পূৰ্ণ কৰিব তাৰ প্ৰতি ধৈৰ্য্যশীল হোৱা আৱশ্যক। (যাকো. ৫:⁠৭-​১১) তেহে ইয়োবৰ দৰে প্ৰকৃত অখণ্ডতা বজাই ৰাখি আমাৰ জীৱনৰ প্ৰমুখ চিন্তাধাৰা হʼব “যিহোৱাৰ নাম ধন্য” কৰা।​—⁠ইয়ো. ১:⁠২১.

৬ ভৱিষ্যতবক্তা দানিয়েলে “ঈশ্বৰৰ আগত নিজকে নম্ৰ” কৰিলে আৰু তাৰ ফলস্বৰূপে যিহোৱাই তেওঁক নিজৰ অনুগ্ৰহ, আশীৰ্ব্বাদ আৰু বহুতো বিশেষাধিকাৰ প্ৰদান কৰিলে। (দানি. ১০:⁠১১, ১২) গতিকে আঁহক আমিও একেইদৰে ‘ধন, সন্মান আৰু জীৱন, নম্ৰতা আৰু যিহোৱালৈ ৰখা ভয়ৰ ফলৰ’ প্ৰতি অৱগত হৈ নম্ৰতাৰ বস্ত্ৰ পৰিধান কৰোঁহঁক।​—⁠হিতো. ২২:⁠৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক