পৰিচৰ্য্যা সভাৰ তালিকা
ছেপ্টেম্বৰ ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ নিৰ্ব্বাচিত ঘোষণাসমূহ। সকলোকে অহা সপ্তাহৰ সেৱা সভাত আলোচনা হʼবলগীয়া চাৰ্কিত সন্মিলনৰ বিষয়ে তেওঁলোকে টোকি ৰখা বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰি আহিবলৈ উৎসাহিত কৰক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ ছেপ্টেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো পৰামৰ্শ ব্যৱহাৰ কৰক।) আৰু ছেপ্টেম্বৰ ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে পৃথকে দুটা জীৱন্ত উপাস্থাপন প্ৰস্তুত কৰক। এটা উপস্থাপনত এজন বিদ্যাৰ্থীয়ে শিক্ষকক সাক্ষী দিয়াৰ বিষয়ে প্ৰদৰ্শন কৰক।
১০ মি: শাখা কাৰ্য্যালয়ৰ পৰা পোৱা পত্ৰ। দীৰ্ঘ সময়ৰ পৰা সত্যত থকা প্ৰকাশক অৰ্থাৎ সম্ভৱতঃ এজন প্ৰাচীন আৰু কম বয়সীয়া প্ৰকাশৰ মাজত আলোচনা। সেই কম বয়সীয়া প্ৰকাশকজনে অনুভৱী প্ৰকাশকজনক সোধে যে তেওঁ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া শাখা কাৰ্য্যালয়ৰ পত্ৰখন লক্ষ্য কৰিছেনে। তেতিয়া অনুভৱী প্ৰকাশজনে কয় যে তেনে পত্ৰবোৰ ১৯৬০ আৰু ১৯৭০ চনবোৰত প্ৰকাশ পোৱা আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ এটা অংশ আছিল। তাৰ পিছত তেওঁলোকে প্ৰথম পৃষ্ঠাত দিয়া পত্ৰখনৰ পৰা মুখ্য বিষয়বোৰক আলোচনা কৰে।
২৫ মি: “যুৱক-যুৱতীসকল—ভৱিষ্যতৰ বাবে এক উত্তম আধাৰ প্ৰস্তুত কৰক।”a এই ভাগটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰি এজন প্ৰাচীনে পৰিচালনা কৰে। ৫ অনুচ্ছেদ আলোচনা কৰাৰ সময়ত পূৰ্ণসময় সেৱাত যোগদান কৰি পোৱা আশীৰ্ব্বাদ আৰু আনন্দৰ বিষয়ে উল্লেখ কৰক।
গীত ১৭০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯৯
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১০ মি: “ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখনৰ অধ্যয়ন।” এই ভাগটো পুস্তক অধ্যয়ন অধ্যক্ষই পৰিচালনা কৰে। অধ্যয়নৰ বাবে দিয়া তালিকাখনলৈ সকলোকে মনোযোগ দিবলৈ কওক। ৪ অনুচ্ছেদ আলোচনা কৰা সময়ত পৰিচৰ্য্যা স্কুল কিতাপখনৰ ২৮ পৃষ্ঠা, ১ অনুচ্ছেদ আৰু ৭০ পৃষ্ঠাত দিয়া মন্তব্যসমূহ চামিল কৰক।
২৫ মি: “যিহোৱাত ভাৰসা ৰাখা, আৰু সুকৰ্ম্ম কৰা।” (গীত. ৩৭:৩) যোৱা সেৱা বছৰৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰমৰ বিষয়সমূহক আলোকপাত কৰি দিয়া তলৰ প্ৰশ্নসমূহ ব্যৱহাৰ কৰাৰ দ্বাৰা শ্ৰোতাসকলৰ সৈতে প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। শ্ৰোতাসকলক আমন্ত্ৰণ কৰি কʼবলৈ কওক যে তেওঁলোকে সন্মিলনৰ মুখ্য বিষয়বোৰক ব্যক্তিগত বা পৰিয়ালৰ সদস্য হিচাবে কাৰ্য্যকাৰী কৰাত কেনেকৈ সফলতা পাইছে। সেই কাৰ্য্যক্ৰমৰ ভাগবোৰৰ বৈশিষ্ট্যতা আছিল: (১) “যিহোৱাত ভাৰসা ৰাখক।” জীৱনৰ সকলো ক্ষেত্ৰতে কিয় যিহোৱাত ভাৰসা ৰাখাটো গুৰুত্বপূৰ্ণ? (it-২ ৫২১ পৃ.) ওৱাচ টাৱাৰ পাব্লিকেশ্বন ইনডেক্স কিতাপে আমাক কেনেকৈ সহায় কৰিব পাৰে? (২) “অসাৰতাৰ পৰা নিজৰ জীৱনটোক ৰক্ষা কৰা।” (উপ. ২:৪-৮, ১১) কেনেধৰণৰ অসাৰ বিষয় বা বস্তুৰ পৰা আমি নিজকে ৰক্ষা কৰা উচিত আৰু সেইটো কেনেকৈ কৰিব পাৰোঁ? (৩) “বেয়াক ত্যাগ কৰি ঈশ্বৰৰ ইচ্ছা পালনকাৰী হোৱা।” যিহোৱাৰ স্তৰসমূহৰ অনুসাৰে জীৱন যাপন কৰাটো কিয় গুৰুত্বপূৰ্ণ? (যিচ. ৫:২০) আমি কেনেধৰণৰ উত্তম কাৰ্য্যত ব্যস্ত থকা উচিত? (৪) “যিহোৱাত ভাৰসা বজাই ৰাখা।” প্ৰলোভন আৰু পৰীক্ষাসমূহত থিৰে থাকিবলৈ আমাক কিহে সহায় কৰিব? কিছুমান বিষয় বা নিৰ্ণয় আমি কিয় যিহোৱাৰ ওপৰত এৰি দিয়া আৱশ্যক? (৫) “আপোনাক ঈশ্বৰৰ ৰাজ্যৰ বাবে উপযুক্ত বুলি ধৰা যাবনে?” (কল. ১:১০) বাইবেলত পোৱা কেনে আৰ্হিয়ে দেখুৱাইছে যে যিহোৱাৰ পথত উপযুক্তৰূপে একেৰাহে চলি থকা আৱশ্যক? (৬) “যিহোৱাৰ প্ৰতিজ্ঞাত ভাৰসা ৰাখক।” এনে ভাৰসাই কেনেকৈ আমাৰ জীৱন প্ৰণালীত প্ৰভাৱিত কৰে?
গীত ৫৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৭
১০ মি: স্থানীয় ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ ছেপ্টেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো পৰামৰ্শ ব্যৱহাৰ কৰক।) আৰু অক্টোবৰ ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে, সেই বিষয়ে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰক। প্ৰদৰ্শন কৰি দেখুৱাউক যে এজন প্ৰাচীন আৰু এজন শাৰীৰিকভাৱে দুৰ্বল অৱস্থাত থকা প্ৰকাশকে টেলিফোনৰ দ্বাৰা সাক্ষী দিয়ে।
১৫ মি: যোৱা বছৰত আমি আধ্যাত্মিকভাৱে কেনেকৈ কাৰ্য্যকাৰী হলোঁ? সেৱা অধ্যক্ষই যোৱা ২০০৩ চনৰ সেৱা বছৰত মণ্ডলীয়ে কৰা উন্নতিৰ সম্পৰ্কে আলোকপাত কৰে। মণ্ডলীয়ে সম্পন্ন কৰা উত্তম কাৰ্য্যৰ বাবে সকলোকে শলাগ লয়। তদুপৰি পৰিব্ৰাজক অধ্যক্ষই মণ্ডলীৰ সম্পৰ্কে দিয়া কোনো উপযুক্ত মন্তব্য সন্মিলিত কৰক। আধ্যাত্মিক লক্ষ্যত উপনীত হʼব পৰা এটা বা দুটা বিষয় উল্লেখ কৰক।
২০ মি: সকলো ধৰ্ম্ম ঈশ্বৰৰ বাবে গ্ৰহণযোগ্যনে? ৰীজনিং কিতাপৰ উপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। আলোচনা কৰি কওক যে কেনেকৈ কোনো এজন ব্যক্তিৰ সৈতে এই বিষয়বোৰৰ যুক্তি দাঙি ধৰি পাৰি। (rs ৩২২-৩ পৃ.) প্ৰকৃত ধৰ্ম্মক চিনি পোৱাৰ কিছুমান পদ্ধতিক আলোকপাত কৰক। (rs ৩২৮-৩০ পৃ.) আমাৰ পৰিচৰ্য্যাই লোকসকলক ঈশ্বৰৰ গ্ৰহণযোগ্য উপাসনা বাছি উলিয়াবলৈ সহায় কৰে।—কল. ১:৯, ১০.
গীত ৩৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৯৪
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক ছেপ্টেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। অক্টোবৰ মাহত বিতৰণ কৰিবলগীয়া প্ৰকাশনৰ বিষয়ে উল্লেখ কৰক। বিচাৰে ব্ৰচাৰখনৰ পৰা কেনেকৈ বাইবেল অধ্যয়ন কৰিব পাৰি তাক চমুকৈ প্ৰদৰ্শন কৰক।
৩৫ মি: “আপুনি নিজকে সহজলভ্য কৰিব পাৰিবনে?” উৎসাহিতজনক ভাষণৰ সৈতে ১৩ আৰু ১৮-২৪ অনুচ্ছেদৰ পৰা প্ৰশ্ন তৈয়াৰ কৰি এই ভাগটো প্ৰস্তুত কৰক। পিতৃ-মাতৃসকলে লʼৰা-ছোৱালীক বেথেল সেৱাক তেওঁলোকৰ কৰ্মজীৱন কৰি লোৱাত সহায় কৰিবলৈ উৎসাহিত কৰক। এই অন্তপত্ৰখন পৰিয়াল অধ্যয়নত সন্মিলিত কৰিবলৈ পৰামৰ্শ দিয়ক।
গীত ১৯৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৭০
১০ মি: স্থানীয় ঘোষণাসমূহ। এই মাহটোত আমি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ চেষ্টা কৰিছোঁ। মে’ ২০০২ চনৰ আমাৰ পৰিচৰ্য্যা, ১ পৃষ্ঠাৰ ১ অনুচ্ছেদৰ পৰা চমুকৈ আলোচনা কৰক।
১৫ মি: “গুৰুত্বপূৰ্ণ বিষয়বোৰক প্ৰথম স্থান দিয়াটো নিশ্চিত কৰক।” ছেপ্টেম্বৰ ১, ১৯৯৮ চনৰ প্ৰহৰীবুৰুজ, ১৯-২১ পৃষ্ঠাত দিয়া লেখটোৰ ওপৰত আধাৰিত কৰি ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। আগন্তুক মাহকেইটাত পৰিকল্পনা কৰা আধ্যাত্মিক কাৰ্য্যক্ৰমৰ তাৰিখৰ বিষয়ে উল্লেখ আৰু সকলোকে নিজৰ নিজৰ কেলেণ্ডাৰত সেই তাৰিখবোৰক টোকি ৰাখিবলৈ উৎসাহিত কৰক। শ্ৰোতাসকলক আমন্ত্ৰণ কৰি কʼবলৈ কওক যে তেনে আধ্যাত্মিক ব্যৱস্থাত ভাগ লʼবলৈ প্ৰচেষ্টা কৰি তেওঁলোকে কেনেকৈ লাভৱান হʼব পাৰে।
২০ মি: “নম্ৰতাৰ বস্ত্ৰ ধাৰণ কৰক।”b শ্ৰোতাসকলক তেওঁলোকৰ মন্তব্য কʼবলৈ কওক যে সেই শাস্ত্ৰীয় পদসমূহ কেনেকৈ প্ৰয়োগ কৰিব পাৰে।
গীত ২২৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।