ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখনৰ অধ্যয়ন
নতুন ব্যক্তিসকলৰ সৈতে ব্যৱহাৰ কৰা জ্ঞান কিতাপখনৰ অধ্যয়নৰ সমাপ্তিত তেওঁলোকৰ সৈতে অধ্যয়ন আৰম্ভ কৰিবলৈ দ্বিতীয় পাঠ্যপুথি হিচাবে একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন প্ৰস্তুত কৰা হৈছে। দৰাচলতে আমিও এই কিতাপখন মণ্ডলীৰ পুস্তক অধ্যয়নত ব্যৱহাৰ কৰি আমাৰ সকলোৱে পৰিচৰ্য্যা কাৰ্য্যৰ বাবে সুজ্জিত, যিহোৱা আৰু তেওঁৰ সংস্থাৰ প্ৰতি থকা প্ৰেম আৰু মূল্যাঙ্কন অধিক গভীৰ হʼব। আমি ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন অধ্যয়ন কৰি কেনেকৈ লাভৱান হʼব পাৰিম?
অধ্যয়ন পৰিচালনা কৰা: যিহেতু প্ৰত্যেকটো সপ্তাহে কিতাপখনৰ পৰা সম্পূৰ্ণ এটা অধ্যায় আলোচনা কৰা হʼব, সেয়েহে পুস্তক অধ্যয়নৰ অধ্যক্ষই বুদ্ধিমানৰূপে সময় অতিবাহিত কৰা আৱশ্যক। তেওঁলোকে অনুচ্ছেদবোৰৰ দীঘলীয়া পৰিচয় নিদি আগবাঢ়ি গৈ কেৱল গুৰুত্বপূৰ্ণ বিষয়বোৰতে অধিক সময় দিয়া উচিত যিবোৰ সাধাৰণতে অধ্যায়টোৰ শেষত দিয়া থাকে। প্ৰত্যেকটো অধ্যয়নৰ সমাপ্তিত পুনৰ নিৰীক্ষণ কৰা বক্সটোৰ পৰা আলোচনা কৰি উপস্থিত থকা সকলক মুখ্য বিষয়বোৰ স্মৰণ কৰাই দিয়া আৱশ্যক।
মনত ৰাখি ধ্যান কৰিবলগীয়া প্ৰশ্নসমূহ ঈশ্বৰক উপাসনা কৰা, কিতাপখনৰ অধ্যায়টোৰ মধ্যভাগত দিয়া হৈছে। উদাহৰণস্বৰূপে, তেনে প্ৰশ্নসমূহ ৪৮-৪৯ পৃষ্ঠাত পাব পাৰে। অনুচ্ছেদৰ সৈতে তেনে প্ৰশ্নসমূহ পঢ়াৰ কোনো আৱশ্যক নাই। যেতিয়া গ্ৰুপটোৰ সৈতে তেনে প্ৰশ্নবোৰ আলোচনা কৰা হয় তেতিয়া যদি সময়ে অনুমতি দিয়ে পুস্তক অধ্যয়ন অধ্যক্ষই তাত উল্লেখ থকা শাস্ত্ৰ পদসমূহ পঢ়ি আলোচনা কৰা প্ৰয়োজন।
আগতীয়াকৈ তৈয়াৰ কৰা: ভালদৰে তৈয়াৰ কৰাত কিতাপখনৰ অনুচ্ছেদবোৰৰ মুখ্য বিষয়বোৰত কেৱল আঁচ পাৰি চিন দিয়াতকৈ অধিক কিছু সন্মিলিত আছে। প্ৰাৰ্থনাপূৰ্বকভাৱে উল্লেখ কৰা শাস্ত্ৰীয়পদবোৰক ধ্যান কৰাৰ দ্বাৰা কেৱল মন্তব্য দিয়াতেই নহয় কিন্তু আমাৰ মনটোক থিৰ কৰাতো সহায় কৰিব। (ইজ্ৰা ৭:১০) মাৰ্জিতভাৱে মন্তব্য দি সকলোৱে এজনে আনজনক উৎসাহিত কৰাত অৱদান আগবঢ়াব পাৰে।—ৰোমী. ১:১১, ১২.
ঈশ্বৰক উপাসনা কৰা, কিতাপখনক অধ্যয়ন কৰাৰ দ্বাৰা আমি যিহোৱাৰ কাষ চাপিবলৈ আৰু নম্ৰ হৃদয়ৰ লোকক আমাৰ সৈতে সত্য উপাসনা কৰাত প্ৰেৰিত কৰিবলৈ সুসজ্জিত হʼব পাৰিম। (গীত. ৯৫:৬; যাকো. ৪:৮) এতেকে আঁহক আমি সকলোৱে এই আধ্যাত্মিক প্ৰবন্ধৰ পৰা সম্পূৰ্ণকৈ লাভৱান হওঁহঁক।