ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন অধ্যয়ন কৰি লাভৱান হোৱা
১ “উৎসাহী ৰাজ্যৰ প্ৰচাৰকসকল” জিলা অধিৱেশনত ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন লাভ কৰি আমি সকলোৱে আনন্দিত হলোঁ। বহুতে তেতিয়াই সেই কিতাপখন পঢ়িলে। ইয়াত কোনো সন্দেহ নাই যে আন বহুতে “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব” নামৰ ২০০৩ চনৰ বাৰ্ষিক পাঠৰ দ্বাৰা তেনে কৰিবলৈ প্ৰেৰিত হʼল।—যাকো. ৪:৮.
২ মাৰ্চ মাহৰ পৰা আমি মণ্ডলীৰ পুস্তক অধ্যয়নত ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখন ব্যৱহাৰ কৰিম। আমি কেনেকৈ সেই কিতাপখন অধ্যয়ন কৰি অধিক লাভৱান হʼম? ইয়াৰ বাবে আমি নিজকে প্ৰস্তুত কৰা আৱশ্যক। যিহেতু এটা অধ্যায়ত দুসপ্তাহ সময় অতিবাহিত কৰিব লাগিব, গতিকে প্ৰত্যেক সপ্তাহে আপেক্ষিকভাৱে কম অনুচ্ছেদৰ পৰা বিবেচনা কৰা হʼব। এনে কৰাৰ বাবে আপুনি অধ্যয়নৰ সময়ছোৱাত আন্তৰিকতাৰে মন্তব্য দিবলৈ সুবিধা পাব আৰু বিবেচনা কৰা বিষয়বোৰক ধ্যান কৰিব পাৰিব। ইয়াৰ উপৰিও অধ্যায়টোৰ শেষৰ ভাগটো আলোচনা কৰা সপ্তাহটোত পুনৰ নিৰীক্ষণৰ বাবে দিয়া বক্সটো বিবেচনা কৰিবলৈ যথেষ্ট সময় পোৱা যাব যিটো হৈছে এই কিতাপখনৰ এটা বিশেষ বৈশিষ্ট্য।
৩ দুই অধ্যায়ৰ পৰা প্ৰত্যকটো অধ্যায়ৰ শেষত বিবেচনা কৰিবলৈ “ধ্যান কৰিবলগীয়া প্ৰশ্নসমূহ” বুলি বক্সটো দিয়া হৈছে যিটো অধ্যয়ন অধ্যক্ষই অধ্যায়টোৰ শেষ অনুচ্ছেদটোৰ পিছত আলোচনা কৰিব। অধ্যক্ষজনে তেওঁৰ সমূহত থকা সদস্যসকলক শাস্ত্ৰীয় পদসমূহত ধ্যান কৰি পোৱা উত্তম বিষয়সমূহ কʼবলৈ উৎসাহিত কৰিব। (হিতো. ২০:৫) এই প্ৰশ্নসমূহৰ উপৰিও তেওঁ হয়তো এইদৰে অতিৰিক্ত প্ৰশ্ন সুধিব পাৰে: “ইয়াত দিয়া সংবাদসমূহে যিহোৱাৰ সম্পৰ্কে আপোনাক কি কয়? ই আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱিত কৰে? আপুনি আনক সহায় কৰোঁতে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব?” এনে প্ৰশ্ন সোধাৰ জৰিয়তে তেওঁ তেওঁৰ সমূহক পৰীক্ষা নহয় কিন্তু সৰু সৰু বিষয়বোৰৰ ওপৰত আন্তৰিকতাৰে মন্তব্য দিবলৈ উৎসাহিত কৰিব।
৪ ঈশ্বৰৰ কাষ চাপা কিতাপখন হৈছে এক অনুপম কিতাপ। যদিও ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ প্ৰকাশ কৰা সাহিত্যসমূহে যিহোৱাৰ মহিমা কৰে তথাপিও এই কিতাপখনত সম্পূৰ্ণকৈ কেৱল যিহোৱাৰ গুণসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। (মথি ২৪:৪৫-৪৭) এতেকে আমি সেই বিষয়ে অধ্যয়ন কৰাটো কি যে এক আনন্দদায়ক বিষয়! যিহোৱাৰ ব্যক্তিত্বৰ বিষয়ে গভীৰতাৰে অধ্যয়ন কৰি আমি অধিককৈ লাভৱান হʼব পাৰিম। এই কিতাপখনৰ অধ্যয়নে আমাৰ স্বৰ্গীয় পিতৃৰ কাষ চপাত আমাক সহায় কৰিব আৰু আনকো আমি ব্যৱহাৰিকৰূপে তেনে কৰাত সহায় কৰিব পাৰিম।