পাঠ ২২
লোহিত সাগৰৰ ওচৰত চমৎকাৰ
ইস্ৰায়েলীসকল মিচৰৰ পৰা গুচি গʼল বুলি যেতিয়া ফৰৌণে শুনিলে, তেতিয়া সিহঁতক কিয় যাবলৈ দিলোঁ বুলি তেওঁৰ বহুত খং উঠিল। সেইবাবে, তেওঁ নিজৰ সেনাবিলাকক আদেশ দিলে, ‘সকলো যুদ্ধৰ ৰথ সাজু কৰা। আমি ইস্ৰায়েলীসকলক পিছে পিছে খেদি যাম।’ তাৰ পাছত তেওঁ আৰু তেওঁৰ মানুহবিলাকে ইস্ৰায়েলীসকলক পিছে পিছে খেদি গʼল।
যিহোৱাই নিজৰ লোকসকলক ৰাস্তা দেখুৱাই লৈ গৈ আছিল। তেওঁ তেওঁলোকক দিনত মেঘেৰে আৰু ৰাতি জুইৰে ৰাস্তা দেখুৱাইছিল। তেওঁ সিহঁতক লোহিত সাগৰৰ ওচৰলৈ নিলে আৰু তাত তম্বু বনাবলৈ কʼলে।
তাৰ পাছত ইস্ৰায়েলীসকলে দেখিলে যে ফৰৌণে নিজৰ সেনা লৈ তেওঁলোকৰ পিছে পিছে খেদি আহিছে। তেতিয়া তেওঁলোক ফঁচি গʼল। কিয়নো তেওঁলোকৰ আগফালে সাগৰ আৰু পিছফালে মিচৰৰ সেনা আছিল। তেওঁলোকে চিঞৰি মোচিক কʼবলৈ ধৰিলে, ‘তুমি আমাক মিচৰৰ পৰা কিয় লৈ আহিলা? আমি সকলোৱে মৰি থাকিম!’ মোচিয়ে কʼলে, ‘ভয় নকৰিবা। কেৱল চোৱা, যিহোৱাই আমাক কেনেকৈ বচাব।’ সঁচাকৈ, যিহোৱাৰ ওপৰত মোচিৰ কিমান ভৰসা আছিল!
যিহোৱাই ইস্ৰায়েলীসকলক তম্বু উঠাই আগবাঢ়িবলৈ কʼলে। যিহোৱাই সেই ৰাতি মেঘ স্তম্ভটো আঁতৰাই মিচৰীয়া আৰু ইস্ৰায়েলীসকলৰ মাজত ৰাখিলে। এতিয়া মিচৰীয়াসকলৰ ফালে আন্ধাৰ আৰু ইস্ৰায়েলীসকলৰ ফালে পোহৰ আছিল।
যিহোৱাই মোচিক নিজৰ হাতখন সাগৰৰ ফালে আগবঢ়াবলৈ কʼলে। তাৰ পাছত যিহোৱাই গোটেই ৰাতি জোৰেৰে বতাহ বলালে। ইয়াৰ কাৰণে সাগৰ দুভাগ হৈ গʼল আৰু পানী দুয়োফালে দেৱালৰ দৰে থিয় হৈ গʼল আৰু মাজত এটা ৰাস্তা হৈ গʼল। লাখ লাখ ইস্ৰায়েলী সেই শুকান মাটিয়েদি খোজকাঢ়ি সাগৰৰ সিপাৰলৈ গʼল।
ফৰৌণৰ সেনাবিলাকে ইস্ৰায়েলীসকলক খেদি শুকান মাটিত নামি গʼল। তেতিয়া যিহোৱাই সেনাবিলাকৰ মাজত খেলি-মেলি কৰি দিলে আৰু তেওঁলোকৰ ৰথৰ চকাবোৰ ওলাবলৈ ধৰিলে। তেতিয়া সেনাবিলাকে চিঞৰি এজনে-আনজনক কʼবলৈ ধৰিলে, ‘ইয়াৰ পৰা পলোৱা! কিয়নো যিহোৱাই তেওঁলোকৰ ফালৰ পৰা যুদ্ধ কৰি আছে।’
যিহোৱাই মোচিক কʼলে, ‘নিজৰ হাতখন সাগৰৰ ফালে আগবঢ়াই দিয়া।’ এইদৰে কৰাৰ লগে লগে যি সাগৰৰ পানী দেৱালৰ দৰে থিয় হৈ আছিল, সেয়া মিচৰীয়া সেনাবিলাকৰ ওপৰত পৰি গʼল। তেতিয়া ফৰৌণ আৰু তাৰ সকলো মানুহ মৰি গʼল। এজনো জীয়াই নাথাকিল!
সাগৰৰ সিপাৰে থকা ডাঙৰ ভিৰে ঈশ্বৰৰ প্ৰশংসাত গীত গাবলৈ ধৰিলে, ‘যিহোৱাৰ কাৰণে গীত গোৱা, কিয়নো তেওঁলোকে সম্পূৰ্ণৰূপে জয়লাভ কৰিলে। তেওঁ ঘোঁৰাৰ সৈতে অশ্বাৰোহীসকলকো সমুদ্ৰত পেলাই দিলে।’ যেতিয়া লোকসকলে গান গাই আছিল, তেতিয়া তিৰোতাসকলে নাচিবলৈ ধৰিলে আৰু খঞ্জুৰি বজাবলৈ ধৰিলে। তেওঁলোক মুকলি হʼল বুলি সকলোৱে বহুত আনন্দিত হʼল।
“সেইবাবে, আমি সম্পূৰ্ণ সাহসেৰে এইদৰে কʼব পাৰোঁ, ‘যিহোৱা মোৰ সহায়কৰ্তা হয়, মই ভয় নকৰিম। মানুহে মোৰ কি কৰিব পাৰে?’”—ইব্ৰী ১৩:৬