পাঠ ২৪
তেওঁলোকে নিজৰ প্ৰতিজ্ঞা পূৰ নকৰিলে
যিহোৱাই মোচিক কʼলে, ‘তুমি পাহাৰৰ ওপৰত মোৰ ওচৰলৈ আহা। মই তোমাক শিলৰ ফলিত নিজৰ নিয়ম লিখি দিম।’ তাৰ পাছত মোচি পাহাৰৰ ওপৰলৈ গʼল আৰু তাত তেওঁ ৪০ দিন আৰু ৪০ ৰাতি থাকিল। সেই সময়ছোৱাত যিহোৱাই শিলৰ দুখন ফলিত দহ আজ্ঞা লিখিলে আৰু সেই ফলি দুখন মোচিক দিলে।
কিছুদিন পাৰ হোৱাৰ পাছত ইস্ৰায়েলীসকলে ভাবিলে যে মোচিয়ে তেওঁলোকক এৰি কʼৰবালৈ গুচি গʼল। সেইবাবে, তেওঁলোকে হাৰোণক কʼলে, ‘আমাক পথ দেখুৱাবলৈ কোনোবা লাগিব। আমাৰ কাৰণে এটা দেৱতা বনাই দিয়া!’ হাৰোণে কʼলে, ‘ঠিক আছে, তোমালোকে নিজৰ সোণ আনি মোক দিয়া।’ তেতিয়া তেওঁ সেই সোণ গলাই দামুৰিৰ এটা মূৰ্তি বনালে। লোকসকলে কʼবলৈ ধৰিলে, ‘এই দামুৰি আমাৰ ঈশ্বৰ হয়। ইয়ে আমাক মিচৰৰ পৰা বাহিৰলৈ উলিয়াই আনিলে।’ তেওঁলোকে সেই সোণৰ দামুৰিটো পূজা কৰিবলৈ ধৰিলে আৰু উৎসৱ পালন কৰিবলৈ ধৰিলে। তেওঁলোকে এইদৰে কৰাটো ভুল আছিল নে? নিশ্চয় ভুল আছিল, কিয়নো তেওঁলোকে প্ৰতিজ্ঞা কৰিছিল যে তেওঁলোকে কেৱল যিহোৱাৰেই উপাসনা কৰিব। কিন্তু এতিয়া তেওঁলোকে এই প্ৰতিজ্ঞা পূৰ নকৰিলে।
যিহোৱাই এই সকলো চাই আছিল। তেওঁ মোচিক কʼলে, ‘তুমি তললৈ নামি লোকসকলৰ ওচৰলৈ যোৱা। তেওঁলোকে মোৰ কথা নুশুনিলে আৰু এটা মিছা দেৱতাৰ পূজা কৰি আছে।’ মোচিয়ে দুখন ফলি হাতত লʼলে আৰু পাহাৰৰ পৰা তললৈ নামি আহিলে।
যেতিয়া মোচিয়ে লোকসকলৰ ওচৰলৈ গৈ পাইছিলহি, তেতিয়া তেওঁ তেওঁলোকৰ গান শুনা পালে। তেওঁ দেখা পালে যে লোকসকলে নাচি আছে আৰু দামুৰিৰ আগত মূৰ দোৱাই তাক পূজা কৰি আছে। সেয়া দেখি মোচিৰ বহুত খং উঠিল আৰু তেওঁ সেই ফলি দুখন মাটিত পেলাই দিলে আৰু সেয়া ডোখৰ ডোখৰ হৈ গʼল। তেওঁ লগে লগে গৈ দামুৰিটো ধ্বংস কৰিলে। তাৰ পাছত তেওঁ হাৰোণক সুধিলে, ‘লোকসকলে তোমাক ইমান ডাঙৰ পাপ কৰিবলৈ কেনেকৈ মনাব পাৰে?’ হাৰোণে কʼলে, ‘মোৰ ওপৰত খং নকৰিবা। তুমি জানাই এওঁলোক কেনেকুৱা হয়। এওঁলোকক এটা দেৱতা লাগিছিল। সেইবাবে, মই এওঁলোকৰ সোণ লৈ জুইত দি দিলোঁ আৰু তাৰ পৰা এই দামুৰি হৈ গʼল।’ হাৰোণে এইদৰে কৰিব নালাগিছিল। মোচিয়ে আকৌ পাহাৰৰ ওপৰলৈ গʼল আৰু লোকসকলক ক্ষমা কৰি দিবলৈ যিহোৱাক অনুৰোধ কৰিবলৈ ধৰিলে।
যিহোৱাই কেৱল সেইসকলক ক্ষমা কৰিলে, যিসকলে তেওঁৰ কথা শুনিবলৈ সাজু হʼল। দেখিলা নে ইস্ৰায়েলীসকলে যিহোৱা আৰু নেতৃত্ব লʼবলৈ তেওঁ বাছনি কৰা মোচিৰ কথা শুনাটো কিমান প্ৰয়োজন আছিল?
“ঈশ্বৰৰ আগত প্ৰতিজ্ঞা কৰিলে, তাক পূৰ কৰিবলৈ দেৰি নকৰিবা। কিয়নো তেওঁ মূৰ্খবিলাকৰ পৰা আনন্দিত নহয়। তুমি যি প্ৰতিজ্ঞা কৰা, তাক পূৰ কৰা।”—উপদেশক ৫:৪ NWT