ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ২৫ পৃষ্ঠা ৬৪-পৃষ্ঠা ৬৫ অনু. ৩
  • উপাসনাৰ কাৰণে পবিত্ৰ তম্বু

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উপাসনাৰ কাৰণে পবিত্ৰ তম্বু
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • যিহোৱাৰ মহান লাক্ষণিক মন্দিৰত উপাসনা কৰিবলৈ বিশেষ সুযোগ পোৱাৰ বাবে কৃতজ্ঞ হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপাসনাৰ বাবে এক স্থান
    বাইবেলৰ কাহিনী
  • “ভাবী মঙ্গলৰ ছায়াবিশিষ্ট”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ২৫ পৃষ্ঠা ৬৪-পৃষ্ঠা ৬৫ অনু. ৩
পবিত্ৰ তম্বু আৰু তাৰ চোতাল

পাঠ ২৫

উপাসনাৰ কাৰণে পবিত্ৰ তম্বু

মোচি যেতিয়া চীনয় পাহাৰত আছিল, তেতিয়া যিহোৱাই তেওঁক এটা বিশেষ ধৰণৰ তম্বু বনাবলৈ কʼলে, যাক পবিত্ৰ তম্বু বুলি কোৱা হʼব আৰু ইয়াৰ ওচৰত ইস্ৰায়েলীসকলে আহি তেওঁৰ উপাসনা কৰিব। যেতিয়া তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ যাব, তেতিয়া তেওঁলোকে সেই তম্বু লৈ যাব পাৰিব।

যিহোৱাই কʼলে, ‘লোকসকলক কʼবা যে তেওঁলোকে পবিত্ৰ তম্বু বনাবলৈ যি যি বস্তু দিব পাৰে, সেই সকলো দিয়ক।’ ইস্ৰায়েলীসকলে সোণ, ৰূপ, তাম, মূল্যৱান ৰত্ন আৰু গহনা দিলে। ইয়াৰ উপৰিও, ঊণ, মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰ, জন্তুৰ ছাল আৰু আন বহুতো বস্তু দিলে। তেওঁলোকে ইমানেই বস্তু লৈ আহিলে যে মোচিয়ে এয়া কʼবলগীয়া হʼল, ‘এতিয়া আৰু বস্তু লৈ নাহিবা। কিয়নো আমাৰ ওচৰত বহুত বস্তু হৈ গʼল!’

ইস্ৰায়েলীসকলে পবিত্ৰ তম্বু বনাবলৈ বস্তুবোৰ আনি দি আছে

দক্ষতা থকা বহুতো পুৰুষ আৰু তিৰোতাই তম্বু বনোৱা কামত সহায় কৰিলে। এই কাম কৰিবলৈ যিহোৱাই তেওঁলোকক বুদ্ধি দিলে। কিছুমানে সূতা কাটিলে, কিছুমানে সূতাৰে কাপোৰ তৈয়াৰ কৰিলে আৰু কিছুমানে তাৰ ওপৰত ফুল বাচিলে। আন কিছুমানে ৰত্নৰ জোৰা লগালে, সোণেৰে বস্তু বনালে আৰু কাঠ খোদিত কৰি বিভিন্ন বস্তু বনালে।

যিহোৱাই যিদৰে কৈছিল, লোকসকলে ঠিক সেইদৰেই পবিত্ৰ তম্বু বনালে। তেওঁলোকে এখন সুন্দৰ পৰ্দা বনালে, যি তম্বুৰ পবিত্ৰ ভাগ আৰু মহা-পবিত্ৰ ভাগৰ মাজত লগাব পাৰি। মহা-পবিত্ৰ ভাগত চুক্তিৰ চন্দুক আছিল, যি চিটীম কাঠ আৰু সোণেৰে বনোৱা হৈছিল। পবিত্ৰ ভাগত এটা সোণৰ দীপাধাৰ, এখন মেজ বা টেবুল আৰু ধূঁপ জ্বলাবলৈ বেদীও আছিল। বাহিৰৰ চোতালত এটা ডাঙৰ পাত্ৰ আছিল আৰু এটা ডাঙৰ বেদী আছিল। চুক্তিৰ চন্দুক ইস্ৰায়েলীসকলক এয়া মনত পেলাই দিবলৈ বনোৱা হৈছিল যে তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল। তুমি জানা নে চুক্তিৰ চন্দুক মানে কি? চুক্তিৰ চন্দুক মানে হৈছে এটা বিশেষ ধৰণৰ প্ৰতিজ্ঞা।

যিহোৱাই হাৰোণ আৰু তেওঁৰ লʼৰাবিলাকক পুৰোহিত পাতিলে যাতে তেওঁলোকে তম্বুৰ ওচৰত কাম কৰিব পাৰে। তেওঁলোকে তম্বুৰ চোৱা-চিতা কৰিব লাগিছিল আৰু যিহোৱালৈ বলিদান আগবঢ়াব লাগিছিল। হাৰোণ মহা-পুৰোহিত আছিল। কেৱল তেওঁৱেই মহা-পবিত্ৰ ভাগৰ ভিতৰলৈ যাব পাৰিছিল আৰু তেওঁ বছৰেকত এবাৰ তাৰ ভিতৰত সোমাইছিল। তাত তেওঁ নিজৰ পাপ, নিজৰ পৰিয়ালৰ পাপ আৰু গোটেই ইস্ৰায়েল ৰাষ্ট্ৰৰ পাপৰ ক্ষমাৰ কাৰণে বলিদান আগবঢ়াইছিল।

ইস্ৰায়েলীসকলে মিচৰ এৰা এবছৰৰ পাছত পবিত্ৰ তম্বু বনোৱা কাম শেষ কৰিলে। এতিয়া তেওঁলোকৰ ওচৰত যিহোৱাৰ উপাসনা কৰিবলৈ এখন ঠাই আছে।

যিহোৱাই সেই তম্বুক নিজৰ মহিমাৰে পূৰ কৰিলে আৰু তেওঁ এনে কিবা কৰিলে, যাৰ বাবে এডোখৰ মেঘ তম্বুৰ ওপৰত দেখিবলৈ পোৱা গʼল। যেতিয়ালৈকে সেই মেঘ তম্বুৰ ওপৰত থাকে, তেতিয়ালৈকে তেওঁলোকে তম্বু লগাই থৈ দিয়ে। কিন্তু তম্বুৰ ওপৰৰ পৰা যেতিয়া সেই মেঘ উঠি যায়, তেতিয়া তেওঁলোকে বুজিব পাৰে যে তেওঁলোকে আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে। তেওঁলোকে পবিত্ৰ তম্বুৰ ভাগক বেলেগ কৰে আৰু সেইবোৰ উঠাই মেঘৰ পিছে পিছে গৈছিল।

“তাৰ পাছত মই সিংহাসনৰ পৰা এটা ডাঙৰ মাত শুনিবলৈ পালোঁ, যিয়ে কৈ আছিল, ‘চোৱা! ঈশ্বৰৰ তম্বু মানুহৰ মাজত আছে। তেওঁ তেওঁলোকৰ লগত থাকিব আৰু তেওঁলোক তেওঁৰ লোক হʼব আৰু ঈশ্বৰ নিজেই তেওঁলোকৰ লগত থাকিব।’”—প্ৰকাশিত বাক্য ২১:৩

প্ৰশ্ন: যিহোৱাই মোচিক কি বনাবলৈ কʼলে? যিহোৱাই হাৰোণ আৰু তেওঁৰ লʼৰাবিলাকক কি কাম দিলে?

যাত্ৰাপুস্তক ২৫:১-৯; ৩১:১-১১; ৪০:৩৩-৩৮; ইব্ৰী ৯:১-৭

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক