ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৩৭
  • উপাসনাৰ বাবে এক স্থান

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উপাসনাৰ বাবে এক স্থান
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • উপাসনাৰ কাৰণে পবিত্ৰ তম্বু
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱাই আমাক নিজৰ তম্বুলৈ মাতিছে!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
বাইবেলৰ কাহিনী
my কাহিনী ৩৭
ইসায়েলীসকলে উপাসনাৰ বাবে ব্যৱহাৰ কৰা এক থান

কাহিনী ৩৭

উপাসনাৰ বাবে এক স্থান

ছবিখনত দেখুৱা এই ভৱনটো কি হয় কʼব পাৰিবানে? যিহোৱাক উপাসনা কৰিবলৈ ই হৈছে এক বিশেষ স্থান আৰু ইয়াক আবাস বুলি কোৱা হয়। ইস্ৰায়েলী লোকসকলে মিচৰ দেশ ত্যাগ কৰা এবছৰৰ পাছত, এই ভৱনৰ নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণ হয়। ইয়াক নিৰ্ম্মাণ কৰাৰ প্ৰকৃততে কাৰ আঁচনি আছিল তোমালোকে জানানে?

এই আঁচনি আছিল যিহোৱাৰ। চীনয় পৰ্ব্বতত মোচিয়ে যিহোৱাৰ লগত কথা-বতৰা হওঁতে, ঈশ্বৰে তেওঁক ইয়াৰ বিষয়ে সঠিক বিৱৰণ দিছিল। এই ভৱন সহজতে খুলি এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াই লৈ যাব পৰাকৈ নিৰ্ম্মাণ কৰিবলৈ যিহোৱাই তেওঁক আজ্ঞা দিছিল। যেতিয়া ইস্ৰায়েলী লোকসকলে এঠাইৰপৰা আন ঠাইলৈ যাত্ৰা কৰে, তেতিযা তেওঁলোকে এই ভৱন লগত লৈ যায়।

ভৱনৰ শেষৰফালে যদি লক্ষ্য কৰা, তেনেহʼলে তুমি এটা সৰু কোঠালিৰ ভিতৰত এটা বাকচ দেখিবলৈ পাবা। ইয়াক নিয়ম-চন্দুক বুলি কোৱা হয়। নিয়ম-চন্দুকৰ ওপৰত দুয়োফালে দুটা সোণৰ কৰূব বা স্বৰ্গদূত আছে। ইস্ৰায়েলীসকলৰ বেয়া কাৰ্য্যবোৰ দেখি মোচিয়ে ঈশ্বৰে দিয়া দুটা শিলৰ ফলিক ভাঙি টুকুৰা-টুকুৰি কৰিছিল। ঈশ্বৰে দুখন ফলিত আকৌ দহ আজ্ঞা লিখি মোচিক দিছিল। দুই শিলৰ ফলি আৰু মান্নাৰে পূৰ হৈ থকা এটা পাত্ৰ, এই নিয়ম-চন্দুকৰ ভিতৰত ৰখা হৈছিল। মান্না কি হয় তোমাৰ মনত আছেনে?

মোচিৰ ককায়েক হাৰোণক যিহোৱাই মহাপুৰোহিত হিচাপে নিযুক্ত কৰিলে। ইস্ৰায়েলী লোকসকলে যিহোৱাক কেনেকৈ উপাসনা কৰিব লাগে তাৰ বিষয়ে হাৰোণে নিৰ্দ্দেশনা দিয়ে। হাৰোণৰ পুত্ৰকেইজনে পুৰোহিত হিচাপে দেউতাকক সহায় কৰে।

এতিয়া ভৱনৰ ডাঙৰ কোঠালিটোলৈ লক্ষ্য কৰাচোন। আন কোঠালিটোৰ তুলনাত ইয়াৰ আকাৰ দুগুণ। তাত এটা বাকচৰপৰা ধোঁৱা ওলাই থকা দেখিছানে? ইয়াত পুৰোহিতসকলে সুগন্ধি ধূপ জ্বলায়। ইয়াত সাতোটা প্ৰদীপ থকা এটা দীপাধাৰ আছে আৰু এখন মেজত ১২টা পিঠা ৰখা হৈছে।

পানী থোৱা পাত্ৰ আৰু যজ্ঞবেদী

ভৱনৰ চোতালত পানীৰে পূৰ হৈ থকা এটা ডাঙৰ পাত্ৰ আছে। পুৰোহিতসকলে ইয়াৰ পানীৰে হাত-ভৰি ধুৱে। ইয়াত এটা যজ্ঞবেদীও আছে। এই বেদীত যিহোৱালৈ উৎসৰ্গা কৰি জীৱ-জন্তুবোৰৰ শৱ জ্বলোৱা হয়। ঈশ্বৰৰ এই ভৱনটো ইস্ৰায়েলীসকলৰ শিবিৰৰ সোঁ-মাজত আছিল।

যাত্ৰাপুস্তক ২৫:৮-৪০; ২৬:১-৩৭; ২৭:১-৮; ২৮:১; ৩০:১-১০, ১৭-২১; ৩৪:১, ২; ইব্ৰী ৯:১-৫.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক