ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৩৬
  • এটা সোণৰ দামুৰি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এটা সোণৰ দামুৰি
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • তেওঁলোকে নিজৰ প্ৰতিজ্ঞা পূৰ নকৰিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱাৰ পথবোৰৰ বিষয়ে জনা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাই দিয়া নিয়ম
    বাইবেলৰ কাহিনী
  • যাত্ৰাপুস্তক কিতাপৰ আলোকপাত
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
বাইবেলৰ কাহিনী
my কাহিনী ৩৬
ইসায়েলীসকলে গান গাইছ, নাচিছ আৰু সোণৰ দামুৰিটাক উপাসনা কৰিছ

কাহিনী ৩৬

এটা সোণৰ দামুৰি

চোৱাচোন লোকসকলে কি কৰিছে? তেওঁলোকে এটা দামুৰিৰ চাৰিওফালে নাচি-বাগি আছে। তেওঁলোকে দামুৰিটোক কিয় উপাসনা কৰিছে বাৰু?

পৰ্ব্বতৰপৰা নামিবলৈ মোচিৰ পলম হোৱা দেখি, লোকসকলে হাৰোণক কʼলে: ‘মোচিৰ কি হʼল, তাক আমি নাজানো। আমাৰ আগে আগে যাবৰ নিমিত্তে আমাৰ বাবে এজন দেৱতা নিৰ্ম্মাণ কৰা।’

মোচিৰ ককায়েক হাৰোণে কʼলে: ‘তোমালোকৰ কাণৰ সোণৰ কুণ্ডলবোৰ মোৰ ওচৰলৈ লৈ আনা।’ লোকসকলে হাৰোণৰ কথা অনুসৰি সোণবোৰ আনিলে। হাৰোণে সেইবোৰ গলাই এটা সোণৰ দামুৰি বনালে। সোণৰ দামুৰিটো দেখি লোকসকলে কʼবলৈ ধৰিলে: ‘এয়া হৈছে মিচৰ দেশৰপৰা আমাক উলিয়াই অনা ঈশ্বৰ।’ ইয়াৰ পাছত ইস্ৰায়েলী লোকসকলে এক বৰ ভোজৰ আয়োজন কৰিলে আৰু দামুৰিটোক উপাসনা কৰিবলৈ ধৰিলে।

লোকসকলৰ এই কাৰ্য্য দেখি যিহোৱাৰ বৰ খং উঠিল। তেওঁ মোচিক কʼলে: ‘তুমি নামি যোৱা। কিয়নো তোমাৰ যি লোকবিলাকক তুমি মিচৰ দেশৰপৰা উলিয়াই আনিলা, তেওঁবিলাক ভ্ৰষ্ট হʼল। মই তেওঁবিলাকক যি পথৰ বিষয়ে আজ্ঞা দিছিলো, সেইবোৰ পাহৰি তেওঁলোকে সাঁচত ঢলা এটা দামুৰি নিৰ্ম্মাণ কৰি, তাৰ আগত প্ৰণিপাত কৰিছে।’

দহটা আজ্ঞা লিখা শিলৰ ফলি দুখনক মোচিয়ে ভাঙিলে

মোচিয়ে পৰ্ব্বতৰপৰা খৰ-খেদাকৈ নামি আহিল। তেওঁ তলত আহি কি দেখিলে? লোকসকলে এটা সোণৰ দামুৰিৰ আগত নাচি-বাগি আছে। মোচিৰ ইমানেই খং উঠিল যে যিহোৱাই দিয়া দুটা শিলৰ ফলিক তেওঁ মাটিত থেকেচি পেলালে আৰু ফলিকেইখন ভাঙি টুকুৰা-টুকুৰি হʼল। তাৰ পাছত মোচিয়ে সোণৰ দামুৰিটো লৈ জুইত পুৰি গলালে আৰু তাক পিহি ধূলিৰ নিচিনা কৰিলে।

ইস্ৰায়েলী লোকসকলে এয়া এক বৰ বেয়া কাম কৰা নাইনে? মোচিয়ে কিছুমান লোকক তৰোৱাল লʼবলৈ আদেশ দিলে। মোচিয়ে তেওঁলোকক কʼলে: ‘সোণৰ দামুৰিটোক উপাসনা কৰা লোকসকলৰ মৃত্যু হওক।’ মোচিৰ আদেশ অনুসৰি এই লোকসকলে ৩ হাজাৰ লোকক বধ কৰিলে। এই ঘটনাৰপৰা আমি কি শিকোঁ বাৰু? আমি মাত্ৰ যিহোৱা ঈশ্বৰকহে উপাসনা কৰা উচিত, কোনো মিছা দেৱতাক নহয়।

যাত্ৰাপুস্তক ৩২:১-৩৫.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক