ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৩৫
  • যিহোৱাই দিয়া নিয়ম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই দিয়া নিয়ম
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • তেওঁলোকে যিহোৱাৰ লগত এটা প্ৰতিজ্ঞা কৰিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱাৰ পথবোৰৰ বিষয়ে জনা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • জোপোহাত জুই
    বাইবেলৰ কাহিনী
  • জ্বলি থকা জোপোহা
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
বাইবেলৰ কাহিনী
my কাহিনী ৩৫
চীনয় পৰ্ব্বতত ঈশ্বৰে মোচিক নিয়ম দিছিল

কাহিনী ৩৫

যিহোৱাই দিয়া নিয়ম

ইস্ৰায়েলীসকলে মিচৰ দেশ ত্যাগ কৰা প্ৰায় দুমাহমানেই হʼল। তেওঁলোকে এতিয়া চীনয় পৰ্ব্বত পালেহি। এই পৰ্ব্বতক হোৰেব বুলিও কোৱা হয়। এই ঠাইতে যিহোৱাই মোচিৰ লগত জ্বলি থকা জোপোহাৰপৰা কথা পাতিছিল। ইস্ৰায়েলীসকলে এই ঠাইখিনিতে কিছুসময় থাকিবলৈ তম্বু তৰিলে।

মোচিয়ে পৰ্ব্বতৰ ওপৰলৈ উঠি গʼল আৰু লোকসকলে তেওঁৰ বাবে অপেক্ষা কৰি থাকিল। পৰ্ব্বতৰ ওপৰত যিহোৱাই মোচিক কʼলে যে ইস্ৰায়েলীসকলে তেওঁৰ আজ্ঞা পালন কৰাটো আৰু তেওঁৰ মনোনীত লোক হোৱাটো তেওঁ বিচাৰে। পৰ্ব্বতৰপৰা নামি আহি মোচিয়ে যিহোৱাৰ বাক্য লোকসকলৰ আগত ব্যক্ত কৰিলে। মোচিৰ কথা শুনাৰ পাছত, লোকসকলে একেমুখে যিহোৱাৰ আজ্ঞা পালন কৰিম বুলি কʼলে। কিয়নো তেওঁলোকে ঈশ্বৰৰ মনোনীত লোক হোৱাটো বিচাৰিছিল।

এতিয়া যিহোৱাই এক আচৰিত কাৰ্য্য কৰিলে। চীনয় পৰ্ব্বতৰ ওপৰৰপৰা ধোঁৱা ওলাবলৈ ধৰিলে আৰু বৰ জোৰেৰে মেঘৰ গৰ্জ্জন শুনিবলৈ পোৱা গʼল। যিহোৱাই লোকসকলক কʼলে: ‘মিচৰ দেশৰপৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।’ ইয়াৰ পাছত যিহোৱাই লোকসকলক আজ্ঞা দিলে: ‘মোৰ বাহিৰে তোমালোকে আন কোনো দেৱতাক উপাসনা নকৰিবা।’

ইয়াৰ উপৰিও যিহোৱা ঈশ্বৰে ইস্ৰায়েলীসকলক আৰু ৯টা আজ্ঞা দিলে। এই কাৰ্য্যবোৰ দেখি লোকসকলে বৰ ভয় খালে। তেওঁলোকে মোচিক কাকূতি কৰিলে: ‘তুমিয়েই আমাক কথা কোৱা, আমি তাক শুনিম। কিন্তু ঈশ্বৰে আমাক কথা নকওক, কʼলে আমি মৰিম।’

ইয়াৰ পাছত যিহোৱাই মোচিক কʼলে: ‘তুমি পৰ্ব্বতলৈ উঠি আহা। লোকসকলৰ বাবে মই তোমাক দুটা শিলৰ ফলিত লিখা ব্যৱস্থা আৰু আজ্ঞা দিম।’ ঈশ্বৰৰ বাক্য অনুসৰি মোচিয়ে পৰ্ব্বতলৈ উঠি গʼল। মোচিয়ে সেই পৰ্ব্বতত ৪০ দিন আৰু ৪০ ৰাতি থাকিল।

ঈশ্বৰে মোচিক দুটা শিলৰ ফলি দিলে। এই শিলৰ ফলিত যিহোৱাই নিজেই ১০টা আজ্ঞা লিখিছিল। এই আজ্ঞাবোৰক দহ আজ্ঞা বুলি কোৱা হয়। ইয়াৰ উপৰিও ঈশ্বৰে তেওঁৰ লোকসকলৰ বাবে বহুতো আজ্ঞা দিছে। ঈশ্বৰে দিয়া এই সকলো আজ্ঞা মোচিয়ে লিখি ৰাখিলে।

যিহোৱাই দিয়া এই দহোটা আজ্ঞা বৰ গুৰুত্বপূৰ্ণ। কিন্তু ঈশ্বৰে ইস্ৰায়েলীসকলক দিয়া আন আন আজ্ঞাবোৰ কম গুৰুত্বপূৰ্ণ হয় বুলি ভবা উচিত নহয়। ইয়াৰে দুটা আজ্ঞা হৈছে: ‘তুমি সকলো হৃদয়, সকলো মন, সকলো প্ৰাণ আৰু সকলো শক্তিৰে তোমাৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা।’ আৰু ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিজৰ নিচিনাকৈ প্ৰেম কৰা।’ ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টই পৃথিৱীত থাকোঁতে খোলোচা কৰিছিল যে যিহোৱাই ইস্ৰায়েলীসকলক দিয়া এই দুটা আজ্ঞাই মহান। আগলৈ আমি ঈশ্বৰৰ পুত্ৰৰ বিষয়ে আৰু শিকিবলৈ পাম।

যাত্ৰাপুস্তক ১৯:১-২৫; ২০:১-২১; ২৪:১২-১৮; ৩১:১৮; দ্বিতীয় বিবৰণ ৬:৪-৬; লেবীয়া পুস্তক ১৯:১৮; মথি ২২:৩৬-৪০.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক