পাঠ ২৩
তেওঁলোকে যিহোৱাৰ লগত এটা প্ৰতিজ্ঞা কৰিলে
মিচৰ দেশ এৰি অহাৰ প্ৰায় দুমাহৰ পাছত ইস্ৰায়েলীসকল চীনয় পাহাৰৰ ওচৰত পালেগৈ আৰু তাত তেওঁলোকে তম্বু লগালে। যিহোৱাই মোচিক মাতিলে আৰু মোচিয়ে পাহাৰৰ ওপৰলৈ গʼল। যিহোৱাই তেওঁক কʼলে, ‘মই ইস্ৰায়েলীসকলক বচালোঁ। যদি তেওঁলোকে মোৰ কথা শুনিব আৰু মোৰ নিয়মৰ অনুসৰি চলিব, তেনেহʼলে তেওঁলোক মোৰ বিশেষ লোক হʼব।’ মোচিয়ে পাহাৰৰ পৰা তললৈ নামি আহি যিহোৱাই যি যি কৈছিল, সেই সকলো ইস্ৰায়েলীসকলক কʼলে। তেতিয়া তেওঁলোকে কি কʼলে? তেওঁলোকে কʼলে, ‘যিহোৱাই আমাক যি যি কʼলে, সেই সকলো আমি কৰিম।’
মোচি আকৌ পাহাৰৰ ওপৰত উঠিল। তাত যিহোৱাই তেওঁক কʼলে, ‘তৃতীয় দিনাখন মই তোমালোকৰ লগত কথা পাতিম। লোকসকলক কʼবা, তেওঁলোকে যেন চীনয় পাহাৰত উঠিবলৈ চেষ্টা নকৰে।’ মোচিয়ে তললৈ নামি আহি ইস্ৰায়েলীসকলক কʼলে যে তেওঁলোকে যেন যিহোৱাৰ কথা শুনিবলৈ সাজু হয়।
তৃতীয় দিনাখন ইস্ৰায়েলীসকলে দেখিলে যে কʼলা ডাৱৰে পাহাৰখন ঢাকি ধৰিছে আৰু বিজুলী মাৰিছে। মেঘ গৰ্জন আৰু শিঙাৰ মাতো তেওঁলোকে শুনিবলৈ পালে। তাৰ পাছত যিহোৱাই জুইৰ মাজেদি পাহাৰত নামি আহিল। ইস্ৰায়েলীসকলে ইমানেই ভয় খালে যে তেওঁলোকে থৰ থৰকৈ কঁপিবলৈ ধৰিলে। গোটেই পাহাৰ বৰ বেয়াকৈ হিলিবলৈ ধৰিলে আৰু ধোঁৱাৰে ঢাক খাই গʼল। শিঙাৰ মাত ডাঙৰ হৈ গৈ থাকিল। তাৰ পাছত যিহোৱাই কʼলে, ‘মই যিহোৱা হওঁ। তোমালোকে মোৰ বাহিৰে আন কোনো ঈশ্বৰৰ উপাসনা নকৰিবা।’
মোচি আকৌ পাহাৰৰ ওপৰলৈ গʼল। তেতিয়া যিহোৱাই এই বিষয়ে নিয়ম দিলে যে লোকসকলে তেওঁৰ উপাসনা কেনেকৈ কৰা উচিত আৰু কি কৰা উচিত আৰু কি কৰা উচিত নহয়। তেতিয়া মোচিয়ে সেইবোৰ লিখি লʼলে আৰু ইস্ৰায়েলীসকলক পঢ়ি শুনালে। ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰিলে, ‘যিহোৱাই আমাক যি যি কৰিবলৈ কৈছে, সেই সকলো আমি কৰিম।’ কিন্তু ইস্ৰায়েলীসকলে এই প্ৰতিজ্ঞা পূৰ কৰিলে নে?
“তুমি নিজৰ ঈশ্বৰ যিহোৱাক নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ আৰু সম্পূৰ্ণ মগজুৰে প্ৰেম কৰিবা।”—মথি ২২:৩৭