ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 জুন পৃষ্ঠা ২-৭
  • যিহোৱাই আমাক নিজৰ তম্বুলৈ মাতিছে!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই আমাক নিজৰ তম্বুলৈ মাতিছে!
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আমি যিহোৱাৰ তম্বুলৈ অহাটো তেওঁ বিচাৰে
  • আমি যʼতে থাকিলেও যিহোৱাই আমাৰ যত্ন লয়
  • আশীৰ্বাদ আৰু দায়িত্ব
  • যিহোৱাই কোনো ইস্ৰায়েলীৰ লগত পক্ষপাত কৰা নাছিল
  • আজিও যিহোৱাই কাৰো লগত পক্ষপাত নকৰে
  • যিহোৱাৰ তম্বু কেতিয়াও এৰি নাযাব
  • সদায় যিহোৱাৰ তম্বুত থাকক!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মনত ৰাখক ‘যিহোৱা জীৱন্ত ঈশ্বৰ’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 জুন পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ২৩

গীত নং ২৮ যিহোৱাৰ বন্ধু কোন?

যিহোৱাই আমাক নিজৰ তম্বুলৈ মাতিছে!

“মোৰ আবাসো [তম্বু] তেওঁবিলাকৰ লগত থাকিব, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হম, আৰু তেওঁবিলাক মোৰ প্ৰজা হব।”—যিহি. ৩৭:২৭.

কি শিকিম?

এই লেখত আমি শিকিম যে যিহোৱাৰ তম্বুৰ আলহী হোৱাৰ অৰ্থ কি আৰু এয়া কিয় সন্মানৰ কথা। লগতে আমি এয়াও চাম যে তেওঁৰ তম্বুত থকা লোকসকলৰ যিহোৱাই কেনেকৈ যত্ন লয়।

১-২. যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলক কিহৰ নিমন্ত্ৰণ দিছে?

যিহোৱাক আপুনি কেনে দৃষ্টিৰে চায়? হয়তো আপুনি কʼব পাৰে যে যিহোৱা আমাৰ পিতৃ আৰু আমি তেওঁৰ লʼৰা-ছোৱালী বা তেওঁ আমাৰ ঈশ্বৰ আৰু আমি তেওঁৰ সেৱক অথবা আপুনি এয়াও কʼব পাৰে যে যিহোৱা আপোনাৰ বন্ধু। কিন্তু আপুনি এইদৰে কেতিয়াবা ভাবিছেনে যে যিহোৱাই আপোনাক নিজৰ তম্বুলৈ মাতিছে আৰু আপুনি তেওঁৰ আলহী?

২ যিহোৱাৰ বিষয়ে ৰজা দায়ূদেও এইদৰেই কৈছিল। তেওঁ কৈছিল, “হে যিহোৱা, তোমাৰ তম্বুত কোনে প্ৰবাস কৰিব? তোমাৰ পবিত্ৰ পৰ্ব্বতত কোনে বসতি কৰিব?” (গীত. ১৫:১) দায়ূদে কৈছিল যে যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলক নিজৰ তম্বুত থাকিবলৈ মাতিছে আৰু তেওঁলোক তেওঁৰ বন্ধু হয়। ইয়াৰ অৰ্থ হৈছে, আমি যিহোৱাৰ আলহী আৰু তেওঁৰ বন্ধু হʼব পাৰোঁ। ক্ষন্তেকৰ বাবে চিন্তা কৰকচোন, গোটেই বিশ্বৰ সৃষ্টিকৰ্তা যিহোৱাই আপোনাক নিজৰ তম্বুত থাকিবলৈ মাতিছে, এয়া এক সন্মানৰ কথা নহয়নে বাৰু?

আমি যিহোৱাৰ তম্বুলৈ অহাটো তেওঁ বিচাৰে

৩. (ক) যিহোৱাৰ তম্বুত প্ৰথম আলহী কোন আছিল? (খ) যিহোৱা আৰু তেওঁৰ পুত্ৰ এজনে-আনজনৰ বিষয়ে কেনে অনুভৱ কৰিছিল?

৩ বিশ্বব্ৰহ্মাণ্ডক সৃষ্টি কৰাৰ আগতে যিহোৱা অকলে আছিল। কিন্তু পাছলৈ তেওঁ নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক সৃষ্টি কৰিলে আৰু তেওঁক যেন নিজৰ তম্বুলৈ মাতিলে। যিহোৱাৰ তম্বুত যীচু প্ৰথম আলহী আছিল আৰু তেওঁক মাতি যিহোৱা বহুত আনন্দিত আছিল। বাইবেলত কোৱা হৈছে যে যিহোৱাই নিজৰ পুত্ৰ যীচুৰ পৰা ‘আনন্দ পাইছিল’ আৰু যীচুৱেও ‘তেওঁৰ আগত সদায় আনন্দ কৰিছিল।’—হিতো. ৮:৩০, ৩১.

৪. পাছলৈ যিহোৱাই আৰু কাক নিজৰ তম্বুলৈ মাতিলে?

৪ ইয়াৰ পাছত যিহোৱাই স্বৰ্গদূতসকলক সৃষ্টি কৰিলে আৰু তেওঁলোককো নিজৰ তম্বুলৈ মাতিলে। বাইবেলত তেওঁলোকক ‘ঈশ্বৰৰ সন্তান’ বুলি কোৱা হৈছে আৰু তেওঁলোকেও যিহোৱাৰ লগত থাকি বহুত আনন্দিত আছে। (ইয়ো. ৩৮:৬; দানি. ৭:১০) বহু বছৰলৈকে কেৱল যীচু আৰু স্বৰ্গদূতসকলেই যিহোৱাৰ তম্বুৰ আলহী বা বন্ধু আছিল। কিন্তু পাছত তেওঁ মানুহক সৃষ্টি কৰিলে আৰু তেওঁলোককো নিজৰ তম্বুলৈ মাতিলে। আগলৈ হনোক, নোহ, অব্ৰাহাম আৰু ইয়োবৰ দৰে বিশ্বাসী লোকসকলো তেওঁৰ আলহী হʼল। বাইবেলত কোৱা হৈছে যে তেওঁলোকে যিহোৱাৰ ‘লগে লগে চলিছিল’ অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ সকলো কথা মানিছিল। সেইবাবে, তেওঁলোকে তেওঁৰ বন্ধু বা আলহী হʼব পাৰিলে।—আদি. ৫:২৪; ৬:৯; ইয়ো. ২৯:৪; যিচ. ৪১:৮.

৫. যিহিষ্কেল ৩৭:২৬, ২৭ পদত লিখা ভৱিষ্যবাণীৰ পৰা কি জানিব পাৰি?

৫ বহু শতিকাৰ পৰা যিহোৱাই নিজৰ বন্ধুসকলক তেওঁৰ তম্বুলৈ মাতি আছে। (যিহিষ্কেল ৩৭:২৬, ২৭ পঢ়ক।) যিহিষ্কেলৰ ভৱিষ্যবাণীৰ পৰা জানিব পাৰি যে যিহোৱাৰ সেৱকসকলে তেওঁৰ লগত এক ভাল সম্পৰ্ক ৰখাটো তেওঁ বিচাৰে। তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ তেওঁলোকৰ লগত “শান্তিৰ নিয়ম” স্থাপন কৰিব। এই প্ৰতিজ্ঞা আজি আমাৰ সময়ত পূৰ হৈ আছে। স্বৰ্গ আৰু পৃথিৱীত জীয়াই থকাৰ আশা থকা লোকসকলে একেলগে মিলি আজি যিহোৱাৰ সেৱা কৰি আছে আৰু “একেটা জাক” হৈ তেওঁৰ তম্বুত আছে।—যোহ. ১০:১৬.

আমি যʼতে থাকিলেও যিহোৱাই আমাৰ যত্ন লয়

৬. (ক) এজন ব্যক্তি কেতিয়া যিহোৱাৰ তম্বুৰ আলহী হৈ পৰে? (খ) যিহোৱাৰ তম্বু কʼত আছে?

৬ প্ৰাচীন সময়ত এজন ব্যক্তিয়ে নিজৰ তম্বুত আৰাম কৰিছিল আৰু ৰʼদ আৰু বৰষুণৰ পৰা বাচিব পাৰিছিল। যেতিয়া তেওঁৰ তম্বুত কোনো আলহী আহিছিল, তেতিয়া তেওঁ সেই আলহীৰো যত্ন লৈছিল। আজি যেতিয়া আমি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰোঁ, তেতিয়া আমি যিহোৱাৰ তম্বুৰ আলহী হৈ পৰোঁ। (গীত. ৬১:৪) এই তম্বুত আমাৰ বাবে আহাৰৰ কোনো অভাৱ নাই আৰু আমাৰ ওচৰত সেই সকলো বস্তু আছে, যাৰ সহায়ত আমি যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিব পাৰোঁ। ইয়াৰ উপৰিও এই তম্বুত আমাৰ দৰে আৰু বহুতো আলহী আছে, যিসকল আমাৰ বন্ধু হৈ পৰিছে। যদি আপুনি কোনো বিশেষ অধিৱেশনৰ বাবে আন ঠাই বা দেশলৈ গৈছিল, তেনেহʼলে আপুনি তাত হয়তো বহুতো ভাই-ভনীক লগ পাইছিল। তেওঁলোক যিহোৱাৰ তম্বুৰ আলহী। ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাৰ তম্বু কোনো বিশেষ ঠাইত নাই, কিন্তু সকলো ঠাইত আছে। কিয়নো তেওঁৰ সেৱকসকল গোটেই পৃথিৱীত আছে।—প্ৰকা. ২১:৩.

৭. যিহোৱাৰ যিসকল সেৱকৰ মৃত্যু হʼল, তেওঁলোক এতিয়াও তেওঁৰ তম্বুত আছে বুলি আমি কিয় কʼব পাৰোঁ? (ছবিখনো চাওক।)

৭ কিন্তু যিহোৱাৰ যিসকল সেৱকৰ মৃত্যু হʼল, তেওঁলোকৰ বিষয়ে কি কʼব পাৰি? তেওঁলোকেও যিহোৱাৰ তম্বুত আছেনে? হয়। আমি এইদৰে কিয় কʼব পাৰোঁ? কিয়নো তেওঁলোকে যিহোৱাৰ স্মৃতিত এতিয়াও সুৰক্ষিত হৈ আছে আৰু যিহোৱাৰ দৃষ্টিত তেওঁলোক যেন এতিয়াও জীৱিত হৈ আছে। ইয়াৰ বিষয়ে যীচুৱে কৈছিল যে “মৃতবিলাকক যে জীয়াই তোলা হʼব, তাৰ বিষয়ে মোচিয়েও জ্বলি থকা জোপোহাৰ বিৱৰণত কৈছিল। সেই বিৱৰণত তেওঁ যিহোৱাক ‘অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ আৰু যাকোবৰ ঈশ্বৰ’ বুলি কৈছে। তেওঁ মৃতবিলাকৰ নহয়, কিন্তু জীৱিতবিলাকৰ ঈশ্বৰ, কিয়নো তেওঁৰ দৃষ্টিত সেই সকলো জীয়াই আছে।”—লূক ২০:৩৭, ৩৮.

এগৰাকী বৃদ্ধ ভনীয়ে এলবামত ফটো চাই হাঁহি আছে।

যিহোৱাৰ যিসকল বিশ্বাসী সেৱকৰ মৃত্যু হৈ গʼল, তেওঁলোক এতিয়াও যিহোৱাৰ তম্বুত আলহী হৈ আছে (অনুচ্ছেদ ৭ চাওক)


আশীৰ্বাদ আৰু দায়িত্ব

৮. যিহোৱাৰ তম্বুত থকা লোকসকলে আজি আৰু ভৱিষ্যতে কি কি আশীৰ্বাদ লাভ কৰিব?

৮ তম্বুত এজন ব্যক্তিয়ে আৰাম কৰিব পাৰে আৰু সুৰক্ষিত হৈ থাকে। ঠিক সেইদৰে আমি যিহোৱাৰ তম্বুত সুৰক্ষিত হৈ থাকোঁ। আমি এনে বিপদৰ পৰা বাচি থাকিব পাৰোঁ, যিয়ে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক বেয়া কৰিব পাৰে। আনকি আমি ভৱিষ্যতৰ বাবে এটা ভাল আশা লাভ কৰোঁ। যেতিয়ালৈকে আমি যিহোৱাৰ তম্বুত থাকোঁ, তেতিয়ালৈকে চয়তানে আমাৰ একো হানি কৰিব নোৱাৰে। (গীত. ৩১:২৩; ১ যোহ. ৩:৮) ইয়াৰ উপৰিও নতুন পৃথিৱীত যিহোৱাই আমাক এনে বিপদৰ পৰা বচাই ৰাখিব, যিয়ে তেওঁৰ লগত থকা আমাৰ সম্পৰ্ক বেয়া কৰিব পাৰে। তেওঁ আমাক মৃত্যুৰ পৰাও বচাব।—প্ৰকা. ২১:৪.

৯. যিসকলে যিহোৱাৰ তম্বুত থাকিব বিচাৰে, তেওঁলোকৰ পৰা তেওঁ কি আশা কৰে?

৯ যিহোৱাৰ তম্বুৰ আলহী আৰু তেওঁৰ বন্ধু হোৱাটো আমাৰ বাবে এটা ডাঙৰ আশীৰ্বাদ। তেওঁৰ লগত আমাৰ বন্ধুত্ব সদায় থাকিব পাৰে। কিন্তু ইয়াৰ বাবে আমি কি কৰিব লাগিব? উদাহৰণস্বৰূপে, যদি আপোনাৰ কোনো এজন বন্ধুৱে আপোনাক নিজৰ ঘৰলৈ মাতিছে, তেনেহʼলে তেওঁ যি ভাল পায় আপুনি সেয়াই কৰিব। যেনে, আপুনি জোতা খুলি ভিতৰলৈ অহাটো যদি তেওঁ বিচাৰে, তেনেহʼলে আপুনি সেয়াই কৰিব। ঠিক সেইদৰে যিহোৱাই আমাক নিজৰ তম্বুলৈ মাতিছে আৰু আমি সদায় তেওঁৰ তম্বুত থাকিব বিচাৰোঁ। সেইবাবে, তেওঁ কি বিচাৰে সেয়া জানিব লাগিব আৰু সেইমতে আমি কামো কৰিম। কিয়নো আমি যিহোৱাক প্ৰেম কৰোঁ আৰু আমি তেওঁক ‘সম্পূৰ্ণৰূপে’ সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ। (কল. ১:১০, ১১) কিন্তু আমি কেতিয়াও নাপাহৰোঁ যে যিহোৱা আমাৰ বন্ধু হোৱাৰ লগতে, পিতৃ আৰু ঈশ্বৰো হয়। সেইবাবে, আমি তেওঁক বহুত সন্মান কৰোঁ। (গীত. ২৫:১৪) আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ। সেইবাবে, আমি কেতিয়াও এনে কোনো কাম কৰিব নিবিচাৰোঁ, যাৰ বাবে যিহোৱাৰ দুখ লাগে। আমি ‘নম্ৰভাবে নিজ ঈশ্বৰৰ সৈতে চলিব বিচাৰোঁ।’—মীখা ৬:৮.

যিহোৱাই কোনো ইস্ৰায়েলীৰ লগত পক্ষপাত কৰা নাছিল

১০-১১. যিহোৱাই ইস্ৰায়েলীসকলৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল, তাৰ পৰা কেনেকৈ জানিব পাৰি যে তেওঁ কাৰো লগত পক্ষপাত নকৰে?

১০ যিহোৱাই নিজৰ সকলো আলহীৰ লগত একেদৰে ব্যৱহাৰ কৰে, তেওঁ কাৰোঁ লগত পক্ষপাত নকৰে। (ৰোম. ২:১১) ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ চীনয় অৰণ্যত যিহোৱাই ইস্ৰায়েলীসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল, আহক তাৰ বিষয়ে চাওঁ।

১১ যিহোৱাই নিজৰ লোকসকলক মিচৰ দেশৰ পৰা মুকলি কৰাৰ পাছত পবিত্ৰ তম্বুত সেৱা কৰিবলৈ পুৰোহিতসকলক নিযুক্ত কৰিছিল। ইয়াৰ উপৰিও, যিহোৱাই লেবীসকলক পবিত্ৰ তম্বুৰ লগত জড়িত আৰু কিছুমান দায়িত্ব দিছিল। কিন্তু যিসকল লোকে পবিত্ৰ তম্বুত সেৱা কৰিছিল বা তাৰ ওচৰত থাকিছিল, যিহোৱাই তেওঁলোকক আন লোকতকৈ বেছি যত্ন লৈছিল নে? নহয়। তেওঁ সকলোৰে যত্ন লৈছিল আৰু কাৰো লগত পক্ষপাত কৰা নাছিল।

১২. যিহোৱাই কোনো ইস্ৰায়েলীৰ লগত পক্ষপাত কৰা নাছিল বুলি কি কি কথাৰ পৰা জানিব পাৰি? (যাত্ৰাপুস্তক ৪০:৩৮) (ছবিখনো চাওক।)

১২ কোনো এজন ইস্ৰায়েলী পবিত্ৰ তম্বুত সেৱা কৰিছিল বা কৰা নাছিল অথবা তম্বুৰ ওচৰতে থাকিছিল বা দূৰত, যিহোৱাই সকলোকে তেওঁৰ লগত বন্ধুত্ব কৰিবলৈ সুযোগ দিছিল। উদাহৰণস্বৰূপে, প্ৰতিজন ইস্ৰায়েলীয়ে যʼতে নাথাকক কিয়, পবিত্ৰ তম্বুৰ ওপৰত থকা অগ্নি আৰু মেঘ স্তম্ভক সকলোৱে যেন দেখা পায়, তাৰ প্ৰতি যিহোৱাই ধ্যান ৰাখিলে। (যাত্ৰাপুস্তক ৪০:৩৮ পঢ়ক।) যেতিয়া মেঘ স্তম্ভ পবিত্ৰ তম্বুৰ পৰা আঁতৰিছিল, তেতিয়া আটাইতকৈ দূৰত থকা ইস্ৰায়েলীও সেই স্তম্ভক দেখা পাইছিল আৰু নিজৰ পৰিয়ালৰ তম্বু আৰু বস্তু-বাহিনী বান্ধি বাকী ইস্ৰায়েলীসকলৰ লগত গৈছিল। (গণ. ৯:১৫-২৩) ইয়াৰ উপৰিও যেতিয়া দুটা ৰূপৰ তুৰী বজোৱা হৈছিল, তেতিয়া সকলো ইস্ৰায়েলীয়ে তাৰ মাত শুনি পাইছিল আৰু গম পাইছিল যে এতিয়া তেওঁলোকৰ যোৱাৰ সময় হৈছে। (গণ. ১০:২) ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাই কাৰো লগত পক্ষপাত কৰা নাছিল। পবিত্ৰ তম্বুৰ ওচৰতে থাকক বা দূৰত প্ৰতিজন ইস্ৰায়েলী যিহোৱাৰ বাবে বিশেষ আছিল। প্ৰতিজন ইস্ৰায়েলীয়ে যিহোৱাৰ আলহী আৰু বন্ধু হʼব পাৰিলেহেঁতেন আৰু তেওঁলোকে সম্পূৰ্ণ ভৰসা ৰাখিব পাৰিলেহেঁতেন যে যিহোৱাই তেওঁলোকৰ ৰক্ষা কৰিব আৰু সঠিক পথ দেখুৱাব। ঠিক সেইদৰে আমি যʼতে নাথাকোঁ কিয়, আমি ভৰসা ৰাখিব পাৰোঁ যিহোৱাই আমাক প্ৰেম কৰে, যত্ন লয় আৰু সদায় আমাক ৰক্ষা কৰিব।

ইস্ৰায়েলীসকলৰ ছাউনিৰ ফটো, যি ওপৰৰ পৰা লোৱা হৈছে। ইস্ৰায়েলীসকলে অৰণ্যত পবিত্ৰ তম্বুৰ চাৰিওফালে তম্বু তৰিছে। পবিত্ৰ তম্বুৰ ওপৰত মেঘ স্তম্ভ আছে। কিছুমান সৰু সৰু ছবি: ১. এজন পুৰোহিতে পবিত্ৰ তম্বুৰ ওচৰত থকা পিতলৰ পাত্ৰত পানী ভৰাই আছে। পবিত্ৰ তম্বুৰ ওপৰত মেঘ স্তম্ভ আছে। এডাল কাঁড় চিনেৰে দেখুৱা হৈছে যে এই বস্তুবোৰ ছাউনিৰ কʼত আছিল। ২. এটা পৰিয়ালে নিজৰ তম্বুৰ বাহিৰত থিয় হৈ আছে আৰু দূৰৰ পৰা মেঘ স্তম্ভ চাই আছে। এডাল কাঁড় চিনেৰে দেখুৱা হৈছে যে তেওঁলোকৰ তম্বু ছাউনিৰ একেবাৰে দূৰত আছিল।

যিহোৱাই ছাউনিত থকা কোনো ইস্ৰায়েলীৰ লগত পক্ষপাত কৰা নাছিল (অনুচ্ছেদ ১২ চাওক)


আজিও যিহোৱাই কাৰো লগত পক্ষপাত নকৰে

১৩. যিহোৱাই আজিও কাৰো লগত পক্ষপাত নকৰে বুলি আমি কিয় কʼব পাৰোঁ?

১৩ আজিও কিছুমান ভাই-ভনী মূখ্য কাৰ্য্যালয় বা শাখা কাৰ্য্যালয়ৰ ওচৰতে থাকে আৰু কিছুমানে তাত সেৱা কৰে। সেইবাবে, তেওঁলোকে বেথেলত হোৱা কামবোৰত ভাগ লʼব পাৰে আৰু নেতৃত্ব লোৱা ভাইসকলক ভালদৰে চিনি পায়। কিছুমান ভাই চাৰ্কিট ওভাৰচিয়াৰ হিচাপে সেৱা কৰে বা আন ভাই-ভনীসকলে বেলেগ উপায়েৰে পূৰ্ণসময়ৰ সেৱা কৰে। কিন্তু বেছিভাগ ভাই-ভনী শাখা কাৰ্য্যালয়ৰ ওচৰত নাথাকে বা বিশেষ পূৰ্ণসময়ৰ সেৱা নকৰে। আপুনিও যদি তেওঁলোকৰ মাজৰ এজন হয়, তেনেহʼলে আপুনি বিশ্বাস ৰাখক যে আপুনিও যিহোৱাৰ আলহী বা বন্ধু হয়, তেওঁ আপোনাক বহুত প্ৰেম কৰে। যিহোৱাই আমাক সকলোকে ভালদৰে জানে আৰু যত্ন লয়। (১ পিত. ৫:৭) যিহোৱাই নিজৰ সকলো সেৱকক সঠিক সময়ত আহাৰ দিয়ে, তেওঁলোকক সঠিক পথ দেখুৱাই আৰু ৰক্ষা কৰে।

১৪. যিহোৱাই পক্ষপাত নকৰে বুলি আৰু কি কথাৰ পৰা জানিব পাৰি?

১৪ আন এটা কথাৰ পৰা জানিব পাৰি যে যিহোৱাই পক্ষপাত নকৰে। যিহোৱাই পৃথিৱীৰ সকলো ঠাইৰ লোকৰ বাবে বাইবেল উপলব্ধ কৰাইছে। আৰম্ভণিতে বাইবেল ইব্ৰী, অৰামী আৰু গ্ৰীক ভাষাত লিখা হৈছিল। কিন্তু বৰ্তমান সময়ত বহুত কম লোকে এই ভাষা জানে। ইয়াৰ অৰ্থ এয়া নে যে যিসকল লোকে এই ভাষা জানে, যিহোৱাৰ লগত তেওঁলোকৰ আটাইতকৈ ভাল সম্পৰ্ক আছে? এনে নহয়।—মথি ১১:২৫.

১৫. বাইবেলৰ বিষয়ে কি কথাৰ পৰা জানিব পাৰি যে যিহোৱাই পক্ষপাত নকৰে? (ছবিখনো চাওক।)

১৫ আমি পঢ়া-লিখা বা ইব্ৰী, অৰামী আৰু গ্ৰীক ভাষা জানিলেহে যিহোৱাৰ বন্ধু হʼব পাৰিম, এনে নহয়। বাইবেলত লিখা ভাল পৰামৰ্শৰ পৰা সকলোৱে অৰ্থাৎ কম পঢ়া-লিখা লোকসকলেও লাভৱান হোৱাটো যিহোৱাই বিচাৰে। সেইবাবে, তেওঁ হাজাৰতকৈ বেছি ভাষাত বাইবেলৰ অনুবাদ কৰালে। আজি পৃথিৱীৰ সকলোৱে বাইবেল পঢ়িব পাৰে আৰু ইয়াৰ পৰা লাভৱান হʼব পাৰে। লগতে এয়াও জানিব পাৰে যে তেওঁলোকে কেনেকৈ যিহোৱাৰ বন্ধু হʼব পাৰে।—২ তীম. ৩:১৬, ১৭.

ছবি: ১. এজন বক্তিয়ে নিজৰ টেবলেটত সাংকেতিক ভাষাত বাইবেল চাই আছে। ২. এগৰাকী বৃদ্ধ তিৰোতাৰই নিজৰ গাওঁৰ এখন সৰু ঘৰত বহি আছে আৰু তাই নিজৰ ভাষাত বাইবল পঢ়ি আছে।

বৰ্তমান সময়ত বাইবেল যিমান ভাষাত আছে, তাৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই কাৰো লগত পক্ষপাত নকৰে? (অনুচ্ছেদ ১৫ চাওক)


যিহোৱাৰ তম্বু কেতিয়াও এৰি নাযাব

১৬. পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫ পদৰ অনুসৰি যিহোৱাৰ তম্বুত থাকিবলৈ আমি কি কৰিব লাগিব?

১৬ যিহোৱাই নিজৰ তম্বুত আমাক মাতিছে, এয়া এক সন্মানৰ কথা। তেওঁ আমাক যিমান প্ৰেম কৰে আৰু যত্ন লয়, সিমান আন কোনেও কৰিব নোৱাৰে। যিহোৱাই কাৰো লগত পক্ষপাত নকৰে। এজন ব্যক্তি কম পঢ়া-লিখা হওক বা বেছি, তেওঁ যি কোনো জাতি, দেশ, বয়সৰ নহওক কিয় বা পুৰুষ হওক বা মহিলাই হওক, সকলোকে তেওঁ নিজৰ বন্ধু বনাব বিচাৰে। কিন্তু যিসকলে যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰে, কেৱল তেওঁলোককহে তেওঁ “গ্ৰাহ্য” অৰ্থাৎ স্বীকাৰ কৰে আৰু তেওঁৰ তম্বুত থাকিবলৈ দিয়ে।—পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫ পঢ়ক।

১৭. পৰৱৰ্তী লেখত আমি কি শিকিম?

১৭ গীতমালা ১৫:১ পদত দায়ূদে এইদৰে কৈছে, “হে যিহোৱা, তোমাৰ তম্বুত কোনে প্ৰবাস কৰিব? তোমাৰ পবিত্ৰ পৰ্ব্বতত কোনে বসতি কৰিব?” পাছত যিহোৱাই এই প্ৰশ্নবোৰৰ উত্তৰ দায়ূদৰ যোগেদি এই গীতত লিখোৱালে। পৰৱৰ্তী লেখত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম আৰু চাম যে আমি কেনেকৈ যিহোৱাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিম আৰু তেওঁক আনন্দিত কৰিব পাৰিম।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাই সঁচাকৈ আমাৰ লগত বন্ধুত্ব কৰিব বিচাৰে বুলি আমি কিয় কʼব পাৰোঁ?

  • যিসকলে যিহোৱাৰ তম্বুত থাকিব বিচাৰে, তেওঁলোকৰ পৰা তেওঁ কি আশা কৰে?

  • যিহোৱাই পক্ষপাত নকৰাৰ বাবে আমাৰ কি লাভ হয়?

গীত নং ৩২ যিহোৱাৰ ফলীয়া হওক!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক