পাঠ ৩৬
যিপ্তহৰ প্ৰতিজ্ঞা
ইস্ৰায়েলীসকলে যিহোৱাক এৰি আকৌ মিছা দেৱতাবিলাকক পূজা কৰিবলৈ ধৰিলে। যেতিয়া অম্মোনীয়াবিলাকে ইস্ৰায়েলীসকলৰ লগত যুদ্ধ কৰিলে, তেতিয়া সেই দেৱতাবোৰে ইস্ৰায়েলীসকলক কোনো সহায় নকৰিলে। বহু বছৰলৈকে ইস্ৰায়েলীসকলে কষ্ট সহন কৰি থাকিল। অৱশেষত তেওঁলোকে যিহোৱাক কʼলে, ‘আমি পাপ কৰিলোঁ। দয়া কৰি আমাক শত্ৰুবিলাকৰ পৰা বচাওক।’ তেওঁলোকে মিছা দেৱতাবোৰৰ মূৰ্তি ভাঙিলে আৰু আকৌ যিহোৱাৰ সেৱা কৰিবলৈ ধৰিলে। তেওঁলোকে কষ্ট ভুগি থকাটো যিহোৱাই বিচৰা নাছিল।
যিপ্তহ নামৰ এজন সৈনিকক বাছনি কৰা হʼল যাতে তেওঁ অম্মোনীয়াবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ইস্ৰায়েলীসকলক লৈ যায়। যিপ্তহই যিহোৱাক কʼলে, ‘মই তোমাক প্ৰতিজ্ঞা কৰিছোঁ, যদি তুমি মোক যুদ্ধত জিকিবলৈ সহায় কৰা, তেনেহʼলে মই ঘৰলৈ ঘূৰি আহোঁতে যিজন ব্যক্তিয়ে প্ৰথমে মোক লগ কৰিবলৈ মোৰ ঘৰৰ পৰা আহিব, মই তেওঁক তোমাক দি দিম।’ যিহোৱাই যিপ্তহৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁক যুদ্ধত জিকিবলৈ সহায় কৰিলে।
যেতিয়া যিপ্তহ ঘৰলৈ উভতি আহিলে, তেতিয়া তেওঁক লগ কৰিবলৈ সকলোতকৈ প্ৰথমে তেওঁৰ ছোৱালীজনী আহিল। তাই যিপ্তহৰ একমাত্ৰ ছোৱালী আছিল। তাই খঞ্জৰি বজাই নাচি আছিল। তেতিয়া যিপ্তহই কি কৰিলে? নিজৰ প্ৰতিজ্ঞা তেওঁৰ মনত আছিল আৰু তেওঁ কʼলে, ‘হায় মোৰ ছোৱালীজনী! তুমি মোক বৰ দুখত পেলালা। মই যিহোৱাক প্ৰতিজ্ঞা কৰিছিলোঁ আৰু এতিয়া তাক পূৰ কৰিবলৈ মই তোমাক চীলোলৈ পঠিয়াব লাগিব যাতে তুমি তাত সেৱা কৰিব পাৰা।’ তেওঁৰ ছোৱালীজনীয়ে কʼলে, ‘মোৰ দেউতা, যদি তুমি প্ৰতিজ্ঞা কৰিছা, তেনেহʼলে তাক পূৰ কৰা। মই নিশ্চয় তালৈ যাম। মাত্ৰ মোৰ এটা অনুৰোধ আছে। প্ৰথমে মই দুমাহৰ কাৰণে নিজৰ লগৰ ছোৱালীবিলাকৰ লগত পাহাৰলৈ যাব বিচাৰিছোঁ।’ যিপ্তহৰ ছোৱালীয়ে গোটেই জীৱন পবিত্ৰ তম্বুত বিশ্বাসেৰে সেৱা কৰিলে। প্ৰতিবছৰে তাইৰ লগৰ ছোৱালীবিলাকে তাইক লগ কৰিবলৈ চীলোলৈ গৈছিল।
“যিজনে নিজৰ লʼৰা বা ছোৱালীক মোতকৈ বেছি প্ৰেম কৰে, তেওঁ মোৰ যোগ্য নহয়।”—মথি ১০:৩৭