পাঠ ৪৪
যিহোৱাৰ কাৰণে এখন মন্দিৰ
চলোমন যেতিয়া ইস্ৰায়েলৰ ৰজা হʼল, তেতিয়া যিহোৱাই তেওঁক সুধিলে, ‘কোৱা তোমাক কি লাগে?’ চলোমনে কʼলে, ‘মই কেৱল এজন ডেকা হওঁ, মই বেছি একো নাজানোঁ। সেইবাবে, মোক বুদ্ধি দিয়া যাতে মই তোমাৰ লোকসকলৰ ভালদৰে চোৱা-চিতা কৰিব পাৰোঁ।’ যিহোৱাই কʼলে, ‘তুমি মোক বুদ্ধি খুজিছা, গতিকে মই তোমাক পৃথিৱীৰ সকলোতকৈ বুদ্ধিমান ব্যক্তি বনাম। আৰু বহুতো ধন-সম্পত্তিও দিম। যদি তুমি মোৰ আজ্ঞা মানি চলা, তেনেহʼলে তুমি বহু বছৰলৈকে জীয়াই থাকিবা।’
চলোমনে মন্দিৰ বনাবলৈ আৰম্ভ কৰিলে। তেওঁ বহুতো ভাল সোণ, ৰূপ, কাঠ আৰু পাথৰেৰে মন্দিৰ বনালে। হাজাৰ হাজাৰ পুৰুষ আৰু তিৰোতাই এই কামত সহায় কৰিলে। সাত বছৰৰ পাছত এই মন্দিৰ সম্পূৰ্ণ হʼল। এতিয়া এয়া যিহোৱালৈ সমৰ্পণ কৰাৰ কাৰণে ৰেডি আছিল। মন্দিৰত এখন বেদী আছিল, যʼত বলিদান ৰখা হৈছিল। চলোমনে বেদীৰ ওচৰত আঁঠুকাঢ়ি যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, ‘হে যিহোৱা, এই মন্দিৰটো একোৱেই নহয়। এয়া ইমান ডাঙৰো নহয় আৰু ইমান ধুনীয়াও নহয়। তথাপিও ইয়ালৈ আহি আমি যেতিয়া তোমাৰ উপাসনা কৰিম আৰু তোমালৈ প্ৰাৰ্থনা কৰিম, তেতিয়া দয়া কৰি আমাৰ প্ৰাৰ্থনা শুনিবা।’ যিহোৱাই সেই মন্দিৰ আৰু চলোমনৰ প্ৰাৰ্থনাৰ বিষয়ে কি ভাবিলে? চলোমনে প্ৰাৰ্থনা শেষ কৰাৰ লগে লগে আকাশৰ পৰা জুই পৰিল আৰু বেদীত ৰখা বলিদানটো জ্বলি গʼল। এইদৰে যিহোৱাই দেখুৱালে যে সেই মন্দিৰ পৰা তেওঁ বহুত আনন্দিত। যেতিয়া ইস্ৰায়েলীসকলে এয়া দেখিলে, তেতিয়া তেওঁলোক বহুত আনন্দিত হʼল।
গোটেই ইস্ৰায়েল আৰু দূৰ-দূৰণিত থকা দেশৰ লোকসকলে জানিছিল যে চলোমন কিমান বুদ্ধিমান। সেইবাবে, লোকসকলে নিজৰ সমস্যা লৈ তেওঁৰ ওচৰলৈ আহিছিল। এবাৰ চিবা দেশৰ ৰাণীয়ে চলোমনৰ বুদ্ধিৰ পৰীক্ষা লʼবলৈ আহিলে। তেওঁ চলোমনক টান টান প্ৰশ্ন সুধিছিল। যেতিয়া তেওঁ চলোমনৰ উত্তৰ শুনিলে, তেতিয়া তেওঁ কʼলে, ‘যেতিয়া লোকসকলে আপোনাৰ বিষয়ে কৈছিল, তেতিয়া মোৰ বিশ্বাস হোৱা নাছিল। কিন্তু এতিয়া মই জানিব পাৰিলোঁ যে তেওঁলোকে আপোনাৰ বিষয়ে যি কৈছিল, তাতকৈ বহু বেছি আপুনি বুদ্ধিমান হয়। আপোনাৰ ঈশ্বৰ যিহোৱাই আপোনাক আশীৰ্বাদ দিছে।’ ইস্ৰায়েলত সকলো ভালেই চলি আছিল আৰু সকলোৱে আনন্দত আছিল। কিন্তু অতি সোনকালে এই সকলো সলনি হʼবলগীয়া আছিল।
“চোৱা! ইয়াত চলোমনতকৈও মহান এজন আছে।”—মথি ১২:৪২