কাহিনী ৬৩
জ্ঞানী ৰজা চলোমন
ডেকা বয়সত চলোমন ৰজা হয়। তেওঁ যিহোৱা ঈশ্বৰক বৰ ভাল পায়। পিতৃ দায়ূদে দিয়া পৰামৰ্শবোৰ চলোমনে পালন কৰে। চলোমনৰ কাৰ্য্যবোৰত যিহোৱা ঈশ্বৰেও সন্তুষ্ট। এদিনাখন যিহোৱা ঈশ্বৰে চলোমনক সপোনত সুধিলে: ‘মই তোমাক কি দিম, তাক খোজা।’
চলোমনে কʼলে: ‘হে মোৰ ঈশ্বৰ যিহোৱা, মই সৰু লʼৰা মাথোন। আপোনাৰ প্ৰজাবিলাকক কেনেকৈ শাসন কৰিব লাগে তাক মই নাজানো। গতিকে, আপোনাৰ প্ৰজাবিলাকৰ বিচাৰ কৰিবলৈ এই দাসক জ্ঞানযুক্ত মন দিয়ক।’
চলোমনৰ এই অনুৰোধত যিহোৱা বৰ আনন্দিত হʼল। তেওঁ চলোমনক কʼলে: ‘তুমি তোমাৰ নিমিত্তে দীঘল আয়ুস নুখুজিলা, তোমাৰ নিমিত্তে ঐশ্বৰ্য্য নুখুজিলা, কিন্তু গোচৰ শুনিবলৈ তোমাৰ নিমিত্তে জ্ঞান খুজিলা। এই কাৰণে চোৱা, তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিম যে তোমাৰ আগেয়ে, তোমাৰ তুল্য কোনো হোৱা নাই আৰু তোমাৰ পাছতো কোনো নহʼব। তাৰ বাহিৰে, তুমি যি খোজা নাই, এনে ঐশ্বৰ্য্য আৰু মৰ্য্যদাও তোমাক দিম।’
কিছুদিনৰ পাছত দুজনী তিৰোতাই এটা ডাঙৰ সমস্যা লৈ চলোমনৰ ওচৰলৈ আহিল। তাৰে এজনী তিৰোতাই কʼলে: ‘হে মোৰ প্ৰভু, মই আৰু এইজনী তিৰোতা দুয়ো একে ঘৰতে থাকোঁ। মই এটি লʼৰা প্ৰসৱ কৰিলো। মই প্ৰসৱ কৰাৰ তৃতীয়দিনা এইজনী তিৰোতায়ো এটি লʼৰা প্ৰসৱ কৰিলে। কিন্তু ৰাতি তাইৰ লʼৰাটি মৰিল। মই টোপনিত থাকোঁতে, এইজনীয়ে মোৰ লʼৰাটি মোৰ কাষৰপৰা নি, নিজৰ মৰা লʼৰাটি আনি মোৰ কাষত থʼলে। পাছে ৰাতিপুৱা মই মোৰ লʼৰাটিক দেখিলো, সি মৰা। কিন্তু মই ভালকৈ চাই দেখিলো যে সি মই জন্মোৱা লʼৰা নহয়।’
তেতিয়া আনজনীয়ে কʼলে: ‘নহয়। জীয়া লʼৰাটি মোৰ, মৰা লʼৰাটি তোৰ।’ তাতে প্ৰথম জনীয়ে কʼলে: ‘নহয় নহয়। মৰাটো তোৰ, জীয়াটো মোৰ।’ এইদৰে দুয়োজনী তিৰোতাই ৰজাৰ আগত যুক্তি দৰ্শালে। এতিয়া ৰজা চলোমনে কি কৰিব?
চলোমনে এখন তৰোৱাল আনিবলৈ আদেশ দিলে। তৰোৱাল অনাৰ পাছত তেওঁ কʼলে: ‘এই জীয়া লʼৰাটি দুডোখৰ কৰি, এজনীক এফাল আৰু আনজনীক এফাল দিয়া।’
ইয়াকে শুনি জীয়া লʼৰাটোৰ প্ৰকৃত মাকজনীয়ে কʼলে: ‘হে মোৰ প্ৰভু, বিনয় কৰোঁ জীয়া লʼৰাটি তাইক দি দিয়ক, লʼৰাটিক বধ নকৰিব।’ কিন্তু আনজনীয়ে কʼলে: ‘সি মোৰো নহওক, তাইৰো নহওক। লʼৰাটিক দুডোখৰ কৰক।’
এই সকলোৰে অন্তত ৰজা চলোমনে নিজৰ ৰায় দিয়ে: ‘লʼৰাটিক বধ নকৰিবা। প্ৰথম তিৰোতাজনীক লʼৰাটো দিয়া। তাই হৈছে প্ৰকৃত মাক।’ চলোমনে জানে যে নিজৰ সন্তানৰ প্ৰতি থকা প্ৰেমৰ বাবে, এজনী মাকে নিজৰ সন্তানক কেতিয়াও বধ কৰিবলৈ নিদিয়ে। সেইবাবে এই তিৰোতাগৰাকীয়ে নিজৰ লʼৰাটোক আনক দিবলৈ মান্তি হʼল। চলোমনে এইদৰে এটা ডাঙৰ সমস্যা সমাধান কৰিলে। তেওঁলোকৰ মাজত চলোমনৰ দৰে এজন জ্ঞানী ৰজা থকাৰ বাবে লোকসকলে আনন্দ কৰিলে।
চলোমনৰ শাসন কালত ঈশ্বৰে লোকসকলক আশীৰ্ব্বাদ কৰিছিল। সেইসময়ত ঘেঁহু, যৱ, আঙুৰ, ডিমৰু আদি বিভিন্ন ধৰণৰ শস্য আৰু ফল-মূল প্ৰচুৰ মাত্ৰাত উৎপন্ন হৈছিল। তেওঁলোকে ধুনীয়া ঘৰত বাস কৰিছিল আৰু ভাল কাপোৰ পিন্ধিছিল। সকলোৰে বাবে প্ৰচুৰ পৰিমাণে ভাল বস্তু আছিল।
১ ৰাজাৱলি ৩:৩-২৮; ৪:২৫-৩৪.