পাঠ ৫০
যিহোৱাই যিহোচাফটক বচালে
যিহূদাৰ ৰজা যিহোচাফটে নিজৰ দেশৰ বালৰ বেদী আৰু মূৰ্তিবোৰ ভাঙি দিলে। লোকসকলে যিহোৱাৰ নিয়ম জনাটো তেওঁ বিচাৰিছিল। সেইবাবে, তেওঁ অধ্যক্ষ আৰু লেবীসকলক গোটেই যিহূদা দেশলৈ পঠিয়ালে যাতে তেওঁলোকে লোকসকলক যিহোৱাৰ নিয়ম শিকাব পাৰে।
আশে-পাশে থকা দেশৰ লোকসকলে যিহূদা দেশৰ লগত যুদ্ধ কৰিবলৈ ভয় কৰিছিল, কিয়নো তেওঁলোকে জানিছিল যে যিহোৱা তেওঁলোকৰ লগত আছে। সেইবাবে, তেওঁলোকে যিহোচাফটক উপহাৰো দিছিল। কিন্তু কিছু সময়ৰ পাছত মোৱাবীয়া, অম্মোনীয়া আৰু চেয়ীৰ লোকসকলে যিহূদাৰ লগত যুদ্ধ কৰিবলৈ আহিলে। যিহোচাফটে জানিছিল যে তেওঁক যিহোৱাৰ সহায়ৰ প্ৰয়োজন আছে। সেইবাবে, তেওঁ সকলো পুৰুষ, তিৰোতা আৰু লʼৰা-ছোৱালীক যিৰূচালেমত একগোট কৰিলে। তাৰ পাছত তেওঁ সকলোৰে আগত যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, ‘হে যিহোৱা, তোমাৰ সহায় নোহোৱাকৈ আমি জিকিব নোৱাৰোঁ। দয়া কৰি আমাক কোৱা যে আমি কি কৰিব লাগিব।’
যিহোৱাই উত্তৰ দিলে, ‘ভয় নকৰিবা। মই তোমালোকক সহায় কৰিম। তোমালোকে কেৱল নিজৰ ঠাইত থিয় হৈ থাকিবা আৰু চাবা যে মই তোমালোকক কেনেকৈ বচাম।’ যিহোৱাই তেওঁলোকক কেনেকৈ বচালে?
পাছ দিনাখন ৰাতিপুৱা যিহোচাফটে কিছুমান গান গোৱা লোকক বাছনি কৰিলে আৰু তেওঁলোকক সেনাবিলাকৰ আগে আগে খোজকাঢ়িবলৈ কʼলে। তেওঁলোকে যিৰূচালেমৰ পৰা খোজকাঢ়ি তকোৱা নামৰ যুদ্ধ কৰা ঠাইলৈকে গʼল।
যেতিয়া গান গোৱা লোকসকলে ডাঙৰ মাতেৰে যিহোৱাৰ প্ৰশংসাত গীত গাবলৈ ধৰিলে, তেতিয়া যিহোৱাই তেওঁলোকৰ ফালৰ পৰা যুদ্ধ কৰিলে আৰু যিহোৱাই মোৱাবীয়া আৰু অম্মোনীয়াবিলাকৰ মাজত খেলি-মেলি কৰি দিয়াৰ কাৰণে তেওঁলোকে এজনে-আনজনক হত্যা কৰিবলৈ ধৰিলে। তেওঁলোকৰ মাজৰ এজনো নাবাচিল। কিন্তু যিহোৱাই যিহূদাৰ লোক, সৈনিক আৰু পুৰোহিতসকলক বচালে। আশে-পাশে থকা দেশৰ সকলো লোকে যেতিয়া গʼম পালে যে যিহোৱাই নিজৰ লোকসকলৰ কাৰণে কি কৰিলে, তেতিয়া তেওঁলোকে জানিব পাৰিলে যে যিহোৱাই এতিয়াও নিজৰ লোকসকলক বচায়। যিহোৱাই নিজৰ লোকসকলক কেনেকৈ বচায়? বহুতো উপায়েৰে। তেওঁক মানুহৰ সহায়ৰ প্ৰয়োজন নহয়।
“এই যুদ্ধত তোমালোকে যুদ্ধ কৰিব নালাগিব; তোমালোকে শাৰী হৈ থিয় দি থাকি, তোমালোকৰ লগত থকা যিহোৱাই কৰা নিস্তাৰ দেখিবা।”—২ বংশাৱলি ২০:১৭