পাঠ ৮৬
যীচুৱে লাজাৰক আকৌ জীয়াই তুলিলে
বৈথনিয়া নামৰ গাঁৱত যীচুৰ তিনিজন ঘনিষ্ঠ বন্ধু থাকিছিল। তেওঁলোক আছিল লাজাৰ আৰু তেওঁৰ দুজনী বায়েক মাৰ্থা আৰু মৰিয়ম। এদিনাখন যেতিয়া যীচু যৰ্দ্দনৰ সিপাৰে আছিল, তেতিয়া মাৰ্থা আৰু মৰিয়মে তেওঁলৈ এটা জৰুৰী খবৰ পঠিয়ালে: ‘লাজাৰৰ বহুত বেমাৰ হৈছে। আপুনি সোনকালে আহক।’ কিন্তু যীচু লগে লগে নগʼল। তেওঁ দুদিন তাতে থাকিলে, তাৰ পিছত তেওঁ নিজৰ শিষ্যসকলক কʼলে, ‘বʼলা বৈথনিয়ালৈ যাওঁ। লাজাৰ টোপনি গৈছে। মই তাক জগাবলৈ তালৈ গৈ আছোঁ।’ পাঁচনিসকলে তেওঁক কʼলে, ‘যদি লাজাৰ টোপনি গৈছে, তেনেহʼলে তেওঁ ঠিক হৈ যাব।’ তেতিয়া যীচুৱে তেওঁলোকক স্পষ্টকৈ কʼলে, “লাজাৰ মৰি গʼল।”
যেতিয়া যীচু বৈথনিয়ালৈ গৈ পালে, তেতিয়ালৈকে লাজাৰক কবৰ দিয়া চাৰি দিন হৈ গৈছিল। বহুতো লোকে মাৰ্থা আৰু মৰিয়মক শান্ত্বনা দিবলৈ আহিছিল। যীচু আহিছে বুলি যেতিয়া মাৰ্থাই গʼম পালে, তেতিয়া তেওঁ লগে লগে যীচুক লগ কৰিবলৈ গʼল। তেওঁ যীচুক কʼলে, “প্ৰভু আপুনি ইয়াত থকা হʼলে মোৰ ভাই নমৰিলেহেঁতেন।” যীচুৱে তেওঁক কʼলে, ‘তোমাৰ ভাই জীয়াই উঠিব। মাৰ্থা তুমি এই কথাৰ ওপৰত বিশ্বাস কৰা নে?’ মাৰ্থাই কʼলে, ‘মোৰ বিশ্বাস আছে যে মৃতবিলাকক যেতিয়া আকৌ জীয়াই তোলা হʼব, তেতিয়া তেৱোঁ জীয়াই উঠিব।’ যীচুৱে তেওঁক কʼলে, “মৃতবিলাকক জীয়াই তোলা আৰু তেওঁলোকক জীৱন দিওঁতাজন ময়েই হওঁ।”
তাৰ পাছত মাৰ্থাই গৈ মৰিয়মক কʼলে, ‘যীচু আহিছে।’ তেতিয়া মৰিয়মে দৌৰি যীচুৰ ওচৰলৈ গʼল আৰু তেওঁৰ পিছে পিছে ভিৰৰ লোকসকলেও গʼল। মৰিয়মে যীচুৰ ভৰিত পৰিলে আৰু কান্দি থাকিল। মৰিয়মে তেওঁক কʼলে, ‘প্ৰভু আপুনি ইয়াত থকা হʼলে আজি আমাৰ ভাই জীয়াই থাকিলেহেঁতেন।’ যেতিয়া যীচুৱে দেখিলে যে মৰিয়ম কিমান দুখত আছে, তেতিয়া তেৱোঁ কান্দিবলৈ ধৰিলে। যেতিয়া লোকসকলে যীচুক কান্দি থকা দেখিলে, তেতিয়া তেওঁলোকে কʼলে, ‘চোৱা, যীচুৱে লাজাৰক কিমান প্ৰেম কৰিছিল!’ কিন্তু কিছুমানে কʼলে, ‘তেওঁ নিজৰ বন্ধুক কিয় নবচালে?’ তাৰ পাছত যীচুৱে কি কৰিলে?
যীচুৱে কবৰৰ ওচৰলৈ গʼল আৰু সেই কবৰটোৰ মুখত এচটা ডাঙৰ শিল থোৱা আছিল। যীচুৱে আদেশ দিলে: “শিলচটা গুচাই দিয়া।” কিন্তু মাৰ্থাই কʼলে, ‘এতিয়ালৈকেতো তাৰ শৰীৰৰ পৰা হয়তো বেয়া গোন্ধ ওলাইছে, কিয়নো আজি চাৰি দিন হʼল।’ তথাপি তেওঁলোকে শিলচটা গুচাই দিলে আৰু যীচুৱে প্ৰাৰ্থনা কৰিলে: ‘পিতৃ, মই তোমাক ধন্যবাদ দিওঁ যে তুমি মোৰ প্ৰাৰ্থনা শুনিলা। মই জানোঁ যে তুমি সদায় মোৰ প্ৰাৰ্থনা শুনা। তথাপি মই সকলোৰে আগত এইদৰে কৈছোঁ যাতে তুমিয়ে মোক পঠাইছা বুলি এওঁলোকে জানিব পাৰে।’ তাৰ পাছত যীচুৱে জোৰেৰে চিঞৰি কʼলে, “লাজাৰ বাহিৰলৈ ওলাই আহা!” তাৰ পাছত এটা আচৰিত কৰি তোলা ঘটনা ঘটিল, লাজাৰ কবৰৰ পৰা বাহিৰলৈ আহিল। তেওঁৰ শৰীৰ এতিয়াও কাপোৰেৰে মেৰিয়াই বন্ধা আছিল। যীচুৱে কʼলে, “ইয়াক খুলি দিয়া আৰু যাবলৈ দিয়া।”
বহুতো লোকে এই ঘটনা দেখি যীচুৰ ওপৰত বিশ্বাস কৰিলে। কিন্তু কিছুমান লোকে ফৰীচীসকলৰ ওচৰলৈ গৈ যীচুৱে কি কৰিলে, তাৰ বিষয়ে তেওঁলোকক জনালে। তেতিয়াৰে পৰা ফৰীচীসকলে লাজাৰ আৰু যীচু দুয়োজনকে হত্যা কৰিবলৈ চেষ্টা কৰিলে। যীচুৰ ১২ জন পাঁচনিসকলৰ মাজৰ এজন যিহূদা ঈষ্কৰিয়োতীয়াই মনে মনে গৈ ফৰীচীসকলক সুধিলে: ‘যদি মই তেওঁক আপোনালোকৰ হাতত ধৰাই দিবলৈ সহায় কৰোঁ, তেনেহʼলে আপোনালোকে মোক কি দিব?’ তেতিয়া তেওঁক ৩০ টা ৰূপৰ মুদ্ৰা দিম বুলি কʼলে। তেতিয়াৰে পৰা যিহূদাই যীচুক ফৰীচীসকলৰ হাতত ধৰাই দিবলৈ সুযোগ বিচাৰি থাকিল।
“সত্য ঈশ্বৰ আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰ হয়, গোটেই বিশ্বৰ মালিক যিহোৱাই মৃত্যুৰ পৰা বচায়।”—গীতমালা ৬৮:২০ NW