ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ৯০ পৃষ্ঠা ২১০
  • গলগথাত যীচুৰ মৃত্যু

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • গলগথাত যীচুৰ মৃত্যু
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • যীচুৰ মৃত্যু
    বাইবেলৰ কাহিনী
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ৯০ পৃষ্ঠা ২১০
যেতিয়া যীচুক কাঠত আঁৰি থোৱা হৈছিল, তেতিয়া এজন সেনা অধিকাৰী আৰু যীচুৰ কিছুমান শিষ্য, লগতে মৰিয়ম আৰু যোহনো কাঠৰ ওচৰত থিয় হৈ আছিল

পাঠ ৯০

গলগথাত যীচুৰ মৃত্যু

প্ৰধান পুৰোহিতে যীচুক ৰাজ্যপালৰ ঘৰলৈ লৈ গʼল, তেতিয়া পীলাতে তেওঁলোকক সুধিলে, “এই মানুহজনে কি ভুল কৰাৰ কাৰণে তোমালোকে মোৰ ওচৰলৈ লৈ আহিলা?” তেওঁলোকে কʼলে, ‘ই কয়, ই হেনো ৰজা হয়!’ পীলাতে যীচুক সুধিলে, “তুমি যিহূদীসকলৰ ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়।”

তেতিয়া পীলাতে যীচুক গালীলৰ ৰজা হেৰোদৰ ওচৰলৈ পঠালে যাতে তেওঁ জানিব পাৰে যে যীচুৱে কিবা ভুল কৰিছে নে নাই, কিন্তু হেৰোদে একো ভুল বিচাৰি নাপালে, সেইবাবে তেওঁ যীচুক আকৌ পীলাতৰ ওচৰলৈ পঠিয়াই দিলে। তেতিয়া পীলাতে লোকসকলক কʼলে, ‘মই আৰু হেৰোদে এই মানুহজনত কোনো ভুল বিচাৰি নাপালোঁ, সেইবাবে মই ইয়াক এৰি দিম।’ কিন্তু ভিৰৰ লোকসকলে চিঞৰি কʼলে, ‘ইয়াক মাৰি পেলোৱা! মাৰি পেলোৱা!’ সৈনিকসকলে যীচুক চাবুকেৰে কোবালে, তেওঁৰ ওপৰত থু পেলালে আৰু মাৰিলে। তাৰ পাছত তেওঁলোকে কাঁইটেৰে বনোৱা কিৰীটি তেওঁৰ মূৰত দিলে আৰু ঠাট্টা কৰি কʼলে, “হে যিহূদীসকলৰ ৰজা প্ৰণাম!” পীলাতে আকৌ ভিৰক কʼলে, ‘মই এই মানুহজনত দোষ বিচাৰি নাপালোঁ।’ কিন্তু লোকসকলে চিঞৰিবলৈ ধৰিলে, “ইয়াক কাঠত আঁৰি দিয়ক!” সেইবাবে, পীলাতে তেওঁক মাৰি পেলাবলৈ সৈনিকসকলৰ হাতত গতাই দিলে।

সৈনিকসকলে তেওঁক গলগথা নামৰ ঠাইলৈ লৈ গʼল। তেওঁক এডাল কাঠত গজাল মাৰিলে আৰু সেয়া থিয় কৰালে। তেতিয়া যীচুৱে প্ৰাৰ্থনা কৰিলে, “পিতৃ, এওঁলোকক ক্ষমা কৰি দিয়া কিয়নো এওঁলোকে নাজানে যে এওঁলোকে কি কৰি আছে।” তাৰ পাছত লোকসকলে এইদৰে কৈ যীচুক ঠাট্টা কৰিবলৈ ধৰিলে, ‘তই যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহʼলে যাতনাৰ কাঠৰ পৰা নামি আহ আৰু নিজক বচা।’

যীচুৰ দুয়োফালে এজন এজন অপৰাধীক আঁৰি দিয়া হৈছিল, তেওঁলোকৰ মাজৰ এজনে যীচুক কʼলে, “যীচু, যেতিয়া আপুনি ৰজা হʼব, তেতিয়া মোকো মনত পেলাব।” যীচুৱে তেওঁক প্ৰতিজ্ঞা কৰিলে, “তুমি মোৰ লগত প্ৰমোদবনত থাকিবা।” সেই দিনা দুপৰীয়া গোটেই দেশত তিনি ঘণ্টালৈকে অন্ধকাৰ হৈ আছিল। কিছুমান শিষ্যই কাঠৰ ওচৰত থিয় হৈ আছিল, তাত যীচুৰ মা মৰিয়মো আছিল। তেতিয়া যীচুৱে যোহনক কʼলে যে তেওঁ যেন মৰিয়মক নিজৰ মাৰ দৰে চোৱা-চিতা কৰে।

শেষত যীচুৱে কʼলে, “পূৰ হʼল” আৰু মূৰ দোৱাই নিজৰ প্ৰাণ ত্যাগ কৰিলে। তেতিয়া এক ডাঙৰ ভূমিকম্প হʼল, যাৰ ফলত মন্দিৰৰ পবিত্ৰ ভাগ আৰু অতি পবিত্ৰ ভাগৰ মাজত থকা পৰ্দাখন ফাটি দুভাগ হৈ গʼল। তাৰ পাছত এজন সেনাপতিয়ে কʼলে, “সঁচাকৈ, এই মানুহজন ঈশ্বৰৰ পুত্ৰ আছিল।”

“ঈশ্বৰৰ যিমানেই প্ৰতিজ্ঞা আছে, সেই সকলো তেওঁৰ যোগেদিয়েই ‘হয়’ হৈছে।”—২ কৰিন্থীয়া ১:২০

প্ৰশ্ন: পীলাতে যীচুক মাৰি পেলাবলৈ কিয় অনুমতি দিলে? যীচুৱে নিজতকৈ বেছি আনৰ বিষয়ে চিন্তা কৰে বুলি কেনেকৈ দেখুৱালে?

মথি ২৭:১১-১৪, ২২-৩১, ৩৮-৫৬; মাৰ্ক ১৫:২-৫, ১২-১৮, ২৫, ২৯-৩৩, ৩৭-৩৯; লূক ২৩:১-২৫, ৩২-৪৯; যোহন ১৮:২৮–১৯:৩০

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক