পাঠ ৯৮
খ্ৰীষ্টান ধৰ্ম বহুতো দেশত বিয়পি গʼল
গোটেই পৃথিৱীত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ যীচুৱে পাঁচনিসকলক আজ্ঞা দিছিল আৰু এই আজ্ঞা পাঁচনিসকলে মানিলে। ৪৭ খ্ৰীষ্টাব্দত আন্তিয়খিয়াৰ ভাইসকলে পৌল আৰু বাৰ্ণব্বাক এই যাত্ৰাত পঠিয়ালে যাতে তেওঁলোকে বেলেগ বেলেগ ঠাইত গৈ শুভবাৰ্তা প্ৰচাৰ কৰে। তেওঁলোক দুয়োজন উৎসাহী প্ৰচাৰক আছিল আৰু তেওঁলোকে গোটেই এছিয়া মাইনৰ ঠাইবোৰত যেনে: দৰ্বী, লুস্ত্ৰা আৰু ইকনিয়ত প্ৰচাৰ কৰিলে।
পৌল আৰু বাৰ্ণব্বাই ধনী বা দুখীয়া, ডেকা বা বয়সস্থ সকলোকে প্ৰচাৰ কৰিলে। সেইবাবে, বহুতো লোকে খ্ৰীষ্টৰ বিষয়ে সত্যতা স্বীকাৰ কৰিলে। যেতিয়া পৌল আৰু বাৰ্ণব্বাই কুপ্ৰ দ্বীপৰ ৰাজ্যপাল চৰ্জিয় পৌলক প্ৰচাৰ কৰিলে, তেতিয়া এজন যাদুকৰে তেওঁলোকক ৰখাবলৈ চেষ্টা কৰিলে। পৌলে যাদুকৰক কʼলে, ‘যিহোৱাই তোমাক শাস্তি দিব।’ সেই সময়তে যাদুকৰ অন্ধ হৈ গʼল। সেয়া দেখি ৰাজ্যপাল পৌলে যীচুৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে।
পৌল আৰু বাৰ্ণব্বাই সকলো ঠাইত প্ৰচাৰ কৰিলে। তেওঁলোকে ঘৰে ঘৰে গৈ, বজাৰত, ৰাস্তা-পদূলিত আৰু সভাঘৰত প্ৰচাৰ কৰিলে। যেতিয়া তেওঁলোকে লুস্ত্ৰাত এজন লেঙেৰা ব্যক্তিক ঠিক কৰিলে, তেতিয়া সেই চমৎকাৰ দেখা লোকসকলে ভাবিলে যে পৌল আৰু বাৰ্ণব্বা দেৱতা হয়। সেইবাবে, লোকসকলে তেওঁলোকক পূজা কৰিবলৈ চেষ্টা কৰিলে। কিন্তু পৌল আৰু বাৰ্ণব্বাই তেওঁলোকক এয়া কৈ ৰখালে, ‘কেৱল ঈশ্বৰৰ উপাসনা কৰা, কিয়নো আমি সাধাৰণ মানুহ হয়।’ তেতিয়া কিছুমান যিহূদী আহি ভিৰক পৌলৰ বিৰুদ্ধে কৰিলে। তেতিয়া ভিৰে পৌলক শিল দলিয়াই মাৰিলে আৰু পৌল মৰি গʼল বুলি ভাবি চহৰৰ বাহিৰলৈ চোঁচৰাই লৈ গʼল। কিন্তু পৌল জীয়াই আছিল। সেই ঠাইৰ ভাইসকলে পৌলৰ ওচৰলৈ আহিল আৰু তেওঁক আকৌ চহৰলৈ লৈ গʼল। পাছত পৌল আন্তিয়খিয়ালৈ উভতি গʼল।
পৌলে ৪৯ খ্ৰীষ্টাব্দত দ্বিতীয় যাত্ৰাত গʼল। প্ৰথমতে তেওঁ আকৌ এছিয়া মাইনৰলৈ গʼল যাতে তাত থকা ভাইসকলক লগ কৰিব পাৰে। তাৰ পাছত তেওঁ দূৰত থকা ইউৰোপৰ এলেকাবোৰলৈ গʼল আৰু তাত শুভবাৰ্তা প্ৰচাৰ কৰিলে। ইফিচ, আথিনী, থিচলনীকী, ফিলিপী আৰু আন ঠাইবোৰলৈ গʼল। এই যাত্ৰাত পৌলৰ লগত চীল, লূক আৰু তীমথিয় নামৰ এজন ডেকা খ্ৰীষ্টানো আছিল। তেওঁলোক সকলোৱে মিলি ঠায়ে ঠায়ে মণ্ডলীবোৰ বনালে আৰু সেই মণ্ডলীবোৰক মজবুত কৰিবলৈ সহায় কৰিলে। পৌল ডেৰ বছৰ কৰিন্থত থাকি তাত থকা ভাইসকলক মজবুত কৰিলে। তেওঁ লোকসকলক প্ৰচাৰ কৰিলে, শিকালে আৰু বহুতো মণ্ডলীক চিঠি লিখিলে। তেওঁ তম্বু বনোৱা কামো কৰিছিল। পাছত তেওঁ আন্তিয়খিয়ালৈ উভতি গʼল।
পৌলে ৫২ খ্ৰীষ্টাব্দত তৃতীয় যাত্ৰাত গʼল। তেওঁ এই যাত্ৰা এছিয়া মাইনৰ পৰা আৰম্ভ কৰিলে। তেওঁ বহুত দূৰলৈকে যাত্ৰা কৰি উত্তৰ দিশত ফিলিপীলৈ গʼল আৰু তাৰ পিছত কৰিন্থলৈ গʼল। পৌল বহু বছৰলৈকে ইফিচত থাকিল। তাত তেওঁ লোকসকলক শিকালে, বেমাৰী লোকসকলক সুস্থ কৰিলে আৰু মণ্ডলীবোৰক সহায় কৰিলে। তেওঁ এখন স্কুলৰ সভা ভৱনত সদায় ভাষণ দিছিল। বহুতো লোকে তেওঁৰ ভাষণ শুনিলে আৰু নিজৰ জীৱনত সাল-সলনি কৰিলে। এইদৰে বহুতো দেশত প্ৰচাৰ কৰাৰ পাছত পৌল অৱশেষত যিৰূচালেমলৈ গুচি গʼল।
“সেইবাবে যোৱা আৰু সকলো ৰাষ্ট্ৰৰ লোকসকলক মোৰ শিষ্য হʼবলৈ শিকোৱা।”—মথি ২৮:১৯