ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ১১০
  • পৌলৰ নতুন সহযোগী—তীমথিয়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৌলৰ নতুন সহযোগী—তীমথিয়
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • পৌল আৰু তীমথিয়
    বাইবেলৰ পৰা শিকোঁ আহা
  • খ্ৰীষ্টান ধৰ্ম বহুতো দেশত বিয়পি গʼল
    বাইবেলৰ পৰা শিকোঁ আহা
  • তীমথিয়ে লোকসকলক সহায় কৰিব বিচাৰিছিল
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
বাইবেলৰ কাহিনী
my কাহিনী ১১০
পৌল আৰু তীমথিয়

কাহিনী ১১০

পৌলৰ নতুন সহযোগী—তীমথিয়

পৌলৰ লগত থকা ডেকা লʼৰাজন হৈছে তীমথিয়। তীমথিয়ৰ ঘৰ লুস্ত্ৰা নামৰ নগৰখনত। তেওঁৰ মাকৰ নাম উনীকী আৰু আইতাৰ নাম লোয়ী।

পৌলে তৃতীয়বাৰৰ বাবে লুস্ত্ৰা নগৰলৈ আহিছে। প্ৰায় এবছৰমানৰ আগত, পৌল আৰু বাৰ্ণব্বাই এই ঠাইখনলৈ প্ৰথমবাৰৰ বাবে শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ আহিছিল। এতিয়া পৌলে চীল নামৰ এজন শিষ্যৰ লগত আকৌ লুস্ত্ৰালৈ আহিছে।

পৌলে তীমথিয়ক কি কৈছে তোমালোকে জানানে? পৌলে তীমথিয়ক সুধিছে: ‘চীল আৰু মোৰ লগত তুমি যোগ দিব বিচাৰা নেকি? দূৰ দূৰ দেশবোৰত শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যত তোমাক আমি ব্যৱহাৰ কৰিব পাৰিম।’

তীমথিয়ে উত্তৰ দিয়ে: ‘হয়, মই আপোনালোকৰ লগত যোগ দিব বিচাৰোঁ।’ তীমথিয়ে নিজৰ পৰিয়ালৰ লোকসকলৰপৰা বিদায় লৈ পৌল আৰু চীলৰ লগত যোগ দিয়ে। কিন্তু তেওঁলোকৰ যাত্ৰাৰ বিষয়ে শিকাৰ আগতে, আহাঁ আমি পৌলৰ লগত কি কি ঘটনা ঘটিছিল তাৰ বিষয়ে শিকোঁ। যীচুয়ে পৌলক দম্মেচকলৈ যোৱা বাটত দৰ্শন দিয়া প্ৰায় ১৭ বছৰেই হʼল।

তোমালোকৰ নিশ্চয় মনত আছে যে পৌলে দম্মেচকলৈ যীচুৰ শিষ্যসকলক তাড়না দিবলৈ আহিছিল। কিন্তু এতিয়া তেওঁ নিজেই যীচুৰ শিষ্য হৈ পৰিল। পৌলে যীচুৰ বিষয়ে শিক্ষা দিয়া কাৰ্য্যক কিছুমান লোকে ভাল পোৱা নাছিল। সেইবাবে শত্ৰুবিলাকে তেওঁক বধ কৰিবলৈ ষড়যন্ত্ৰ কৰিলে। কিন্তু শিষ্যসকলে পৌলক তাৰপৰা পলাই যাবলৈ সহায় কৰিলে। তেওঁলোকে পৌলক এটা পাচিত ভৰাই নগৰৰ গড়েদি পাৰ কৰিলে।

ইয়াৰ পাছত পৌলে আন্তিয়খিয়াত শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ যায়। এই ঠাইখনতেই যীচুৰ শিষ্যসকলে প্ৰথমবাৰৰ বাবে খ্ৰীষ্টান বুলি ­জনাজাত হয়। পৌল আৰু বাৰ্ণব্বাক আন্তিয়খিয়াৰপৰা দূৰ দেশবোৰলৈ শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ নিযুক্ত কৰা হয়। তেওঁলোকে যাত্ৰা কৰা নগৰবোৰৰ ভিতৰত লুস্ত্ৰাও আছিল। এই লুস্ত্ৰা নগৰতেই তীমথিয়ৰ ঘৰ।

প্ৰায় এবছৰৰ পাছত পৌলে আকৌ লুস্ত্ৰা নগৰলৈ আহিছে। এয়া তেওঁৰ শুভবাৰ্ত্তা ঘোষণা কৰাৰ দ্বিতীয় যাত্ৰা। পৌল আৰু চীলৰ লগত তীমথিয়ে কোন ঠাইবোৰলৈ যায় তোমালোকে জানানে? আহাঁ আমি মানচিত্ৰখনৰপৰা তেওঁলোকে যাত্ৰা কৰা কিছুমান ঠাইৰ বিষয়ে শিকোঁ।

পৌল আৰু তীমথিয়ই যাত্ৰা কৰা ঠাইবোৰৰ মানচিত্ৰ

প্ৰথমতে, তেওঁলোকে ওচৰতে থকা ইকনিয় নামৰ নগৰখনলৈ যায়। ইয়াৰ পাছত তেওঁলোকে আন্তিয়খিয়া নগৰলৈ যাত্ৰা কৰে। আন্তিয়খিয়াৰপৰা তেওঁলোকে ত্ৰোৱা, ফিলিপী, থিচলনীকী আৰু বিৰয়া নগৰলৈ যায়। মানচিত্ৰখনত তোমালোকে আথিনী নামটো দেখিছানে? পৌলে এই নগৰখনতো শুভবাৰ্ত্তা ঘোষণা কৰিছিল। ইয়াৰ পাছত তেওঁলোকে কৰিন্থ নামৰ নগৰখনত প্ৰায় ডেৰ বছৰমান থাকে আৰু তাত শুভবাৰ্ত্তা ঘোষণা কৰে। কৰিন্থ ত্যাগ কৰি তেওঁলোকে ইফিচ নামৰ ঠাইখনত কিছুসময় থাকে। ইয়াৰ পাছত তেওঁলোকে জাহাজেৰে কৈচৰিয়া নামৰ নগৰলৈ যায় আৰু তাৰপৰা আন্তিয়খিয়ালৈ যাত্ৰা কৰে। ইয়াতে পৌলে তেওঁৰ যাত্ৰা সমাপ্ত কৰে।

তীমথিয়ে শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ পৌলৰ লগত শ শ মাইল যাত্ৰা কৰিছিল। এই যাত্ৰাৰ সময়ছোৱাত তেওঁলোকে বহুতো খ্ৰীষ্টান মণ্ডলী স্থাপন কৰে। তোমালোকে ডাঙৰ হৈ তীমথিয়ৰ দৰে ঈশ্বৰৰ বিশ্বাসী সেৱক হিচাপে কাম কৰিবানে?

পাঁচনিৰ কৰ্ম্ম ৯:১৯-৩০; ১১:১৯-২৬; ১৩-ৰপৰা ১৭ অধ্যায়; ১৮:১-২২.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক