পাঠ ১০০
পৌল আৰু তীমথিয়
তীমথিয় লুস্ত্ৰা মণ্ডলীৰ এজন ডেকা ভাই আছিল। তেওঁৰ দেউতা গ্ৰীক আৰু মাক যিহূদী আছিল। তীমথিয়ক সৰুৰে পৰা তেওঁৰ মাক উনীকী আৰু আইতাক লোয়ীয়ে যিহোৱাৰ বিষয়ে শিকাইছিল।
যেতিয়া পৌলে নিজৰ দ্বিতীয় যাত্ৰাত লুস্ত্ৰালৈ গʼল, তেতিয়া তেওঁ লক্ষ্য কৰিলে যে তীমথিয়ই ভাইসকলক বহুত প্ৰেম কৰে আৰু তেওঁলোকক সহায় কৰিবলৈ সদায় সাজু থাকে। সেইবাবে, পৌলে তীমথিয়ক তেওঁৰ লগত যাত্ৰা কৰিবলৈ কʼলে। যেতিয়া তেওঁলোকে একেলগে যাত্ৰা কৰি আছিল, তেতিয়া পৌলে তীমথিয়ক কেনেকৈ ভালদৰে শুভবাৰ্তা শুনাব পাৰি আৰু আনক সহায় কৰিব পাৰি, তাৰ বিষয়ে শিকালে।
পৌল আৰু তীমথিয় যʼলৈকে গৈছিল, পবিত্ৰ শক্তিয়ে তেওঁলোকক ৰাস্তা দেখুৱাইছিল। এদিনাখন ৰাতি পৌলে এটা দৰ্শনত এজন ব্যক্তিক দেখে, যিজনে তেওঁক মাকিদনিয়ালৈ আহি তেওঁলোকক সহায় কৰিবলৈ মিনতি কৰিছে। সেইবাবে, পৌল, তীমথিয়, চীল আৰু লূক তালৈ গʼল যাতে প্ৰচাৰ আৰু মণ্ডলী গঠন কৰিব পাৰে।
মাকিদনিয়াৰ থিচলনীকী চহৰত বহুতো লোকে খ্ৰীষ্টান হʼল। কিন্তু কিছুমান যিহূদীয়ে পৌল আৰু তেওঁৰ লগৰবোৰক ঈৰ্ষা কৰিছিল। তেওঁলোকে এটা ভিৰক একগোট কৰিলে আৰু ভাইসকলক চোঁচৰাই নগৰ অধিকাৰীসকলৰ ওচৰলৈ লৈ গʼল। তেওঁলোকে চিঞৰিবলৈ ধৰিলে, ‘এই মানুহবিলাক ৰোমান চৰকাৰৰ শত্ৰু হয়!’ পৌল আৰু তীমথিয়ৰ জীৱন বিপদত আছিল। সেইবাবে, তেওঁলোকে সেই ৰাতিয়েই বিৰয়ালৈ পলাই গʼল।
বিৰয়াৰ লোকসকলে শুভবাৰ্তা শুনিবলৈ বহুত আগ্ৰহ দেখুৱাইছিল। সেই ঠাইৰ বহুতো গ্ৰীক আৰু যিহূদী লোক খ্ৰীষ্টান হʼল। কিন্তু থিচলনীকীৰ কিছুমান যিহূদীয়ে তাত আহি কাজিয়া কৰিবলৈ ধৰিলে। সেইবাবে, পৌল আথীনীলৈ গুচি গʼল। কিন্তু তীমথিয় আৰু চীল বিৰয়াতে থাকিল যাতে তাত থকা ভাইসকলক মজবুত কৰিব পাৰে। কিছু সময়ৰ পাছত পৌলে তীমথিয়ক আকৌ থিচলীকীলৈ পঠিয়ালে যাতে সেই ঠাইৰ ভাইসকলৰ সাহস বঢ়াব পাৰে, কিয়নো তেওঁলোকক বহুত তাড়না দিয়া হৈছিল। পাছলৈ পৌলে তীমথিয়ক আৰু বহুতো মণ্ডলীলৈ পঠিয়ালে যাতে তেওঁলোকৰ সাহস বঢ়াব পাৰে।
পৌলে তীমথিয়ক কʼলে, ‘যি লোকসকলে যিহোৱাৰ সেৱা কৰিব বিচাৰে, তেওঁলোকক অত্যাচাৰ কৰা হʼবই।’ তীমথিয়ক নিজৰ বিশ্বাসৰ বাবে অত্যাচাৰ কৰা হʼল আৰু জেলত বন্দী কৰা হʼল। তথাপি তেওঁ আনন্দিত আছিল, কিয়নো তেওঁ যিহোৱাৰ বিশ্বাসী হয় বুলি প্ৰমাণ কৰিব পাৰিলে।
পৌলে ফিলিপীৰ খ্ৰীষ্টানসকলক কʼলে, ‘মই তীমথিয়ক তোমালোকৰ ওচৰলৈ পঠিয়াইছোঁ, তেওঁ তোমালোকক শিকাব যে সত্যতাৰে চলাৰ অৰ্থ কি। তেওঁ তোমালোকক প্ৰচাৰ কৰিবলৈও শিকাব।’ তীমথিয়ৰ ওপৰত পৌলৰ সম্পূৰ্ণ ভৰসা আছিল। তেওঁলোক দুয়োজন ভাল বন্ধু আছিল আৰু বহু বছৰ ধৰি একেলগে সেৱা কৰিছিল।
“তোমালোকৰ ওচৰলৈ পঠিয়াবলৈ তীমথিয়ৰ নিচিনা আৰু কোনো নাই, যিজনে প্ৰকৃততে তোমালোকৰ বিষয়ে চিন্তা কৰিব। কিয়নো বাকী সকলোৱে নিজৰ বিষয়ে চিন্তা কৰে, কোনেও যীচু খ্ৰীষ্টৰ কামৰ বিষয়ে চিন্তা নকৰে।”—ফিলিপীয়া ২:২০, ২১