ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ১৩ পৃষ্ঠা ২৮-২৯
  • তীমথিয়ে লোকসকলক সহায় কৰিব বিচাৰিছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তীমথিয়ে লোকসকলক সহায় কৰিব বিচাৰিছিল
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • পৌল আৰু তীমথিয়
    বাইবেলৰ পৰা শিকোঁ আহা
  • আপোনাক দিয়া কামটো মনে-প্ৰাণে কৰক!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • পৌলৰ নতুন সহযোগী—তীমথিয়
    বাইবেলৰ কাহিনী
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ১৩ পৃষ্ঠা ২৮-২৯
তীমথিয়ে মাতৃ উনীকী আৰু আইতা লোয়ীৰপৰা যিহোৱা ঈশ্বৰৰ বিষয়ে শিকিছ

১৩

তীমথিয়ে লোকসকলক সহায় কৰিব বিচাৰিছিল

তীমথিয় এজন ডেকা লʼৰা আছিল আৰু তেওঁ লোকসকলক সহায় কৰি ভাল পাইছিল। লোকসকলক সহায় কৰিবলৈ তেওঁ বিভিন্ন ঠাইলৈ যাত্ৰা কৰিছিল। সেইবাবে, তেওঁৰ জীৱন ৰোমাঞ্চকৰ আছিল। তুমি ইয়াৰ বিষয়ে জানিব বিচাৰানে?—

তীমথিয়ৰ মাক আৰু আইতাকে তেওঁক যিহোৱা ঈশ্বৰৰ বিষয়ে শিক্ষা দিছিল

তীমথিয়ে লুস্ত্ৰা নামৰ নগৰখনত ডাঙৰ-দীঘল হৈছিল। আইতা লোয়ী আৰু মাতৃ উনীকীয়ে তেওঁক সৰুৰেপৰা যিহোৱা ঈশ্বৰৰ বিষয়ে শিক্ষা দিছিল। ডাঙৰ হোৱাৰ লগে লগে তীমথিয়ে লোকসকলক যিহোৱা ঈশ্বৰৰ বিষয়ে জানিবলৈ সহায় কৰিব বিচাৰিছিল।

তীমথিয়ৰ ডেকা বয়সতে, পৌলে তেওঁৰ লগত বিভিন্ন ঠাইত ঘোষণা কাৰ্য্য কৰিবলৈ লগ ধৰিছিল। তীমথিয়ে লোকসকলক সহায় কৰিবলৈ পৌলৰ লগত যাবলৈ সন্মত হৈছিল।

তীমথিয়ে মাকিদনীয়া দেশৰ থিচলনীকী নামৰ নগৰখনত পৌলৰ লগত ঘোষণা কাৰ্য্য কৰিবলৈ গৈছিল। থিচলনীকী নগৰখন পাবলৈ প্ৰথমে তেওঁলোকে বহুদূৰ খোজকাঢ়ি যাবলগীয়া হৈছিল। ইয়াৰ পাছত তেওঁলোকে এখন জাহাজেৰে যাত্ৰা আৰম্ভ কৰিছিল। অৱশেষত তেওঁলোকে থিচলনীকীত উপস্থিত হৈছিল আৰু লোকসকলক যিহোৱা ঈশ্বৰৰ বিষয়ে জানিবলৈ সহায় কৰিছিল। কিন্তু কিছুমান লোকে পৌল আৰু তীমথিয়ৰ কাৰ্য্যক ভাল নাপাইছিল আৰু তেওঁলোকক ক্ষতি কৰিব বিচাৰিছিল। সেইবাবে, পৌল আৰু তীমথিয়ে সেই নগৰখন ত্যাগ কৰি অন্য ঠাইলৈ ঘোষণা কাৰ্য্য কৰিবলৈ গুচি গৈছিল।

তীমথিয়ে পৌলৰ লগত এখন জাহাজত যাত্ৰা কৰিছ

তীমথিয়ৰ জীৱন আনন্দপূৰ্ণ আছিল

কেইমাহমানৰ পাছত, পৌলে থিচলনীকীত থকা ভাই-ভনীসকলৰ পৰিস্থিতিৰ বিষয়ে খবৰ লʼবলৈ তীমথিয়ক পঠিয়াইছিল। সেই ভয়ানক নগৰখনলৈ পুনৰ যোৱাৰ বাবে সাহসৰ প্ৰয়োজন আছিল। কিন্তু তীমথিয়ে তালৈ গৈছিল, কাৰণ তেওঁ ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰিছিল। তাৰপৰা উভতি আহি তীমথিয়ে পৌলক জনাইছিল যে থিচলনীকীৰ ভাই-ভনীসকলে ভালে-কুশলে আছে।

বহুবছৰ ধৰি তীমথিয় আৰু পৌলে একেলগে ঘোষণা কাৰ্য্য কৰিছিল। পৌলে এবাৰ লিখিছিল যে তীমথিয়েই হৈছে এজন যোগ্য ব্যক্তি, যিয়ে মণ্ডলীৰ লোকসকলক সহায় কৰিব পাৰে। তীমথিয়ে যিহোৱা ঈশ্বৰ আৰু লোকসকলক ভাল পাইছিল।

তুমিও লোকসকলক ভালপোৱা নে? তুমি তেওঁলোকক যিহোৱা ঈশ্বৰৰ বিষয়ে শিকাব বিচাৰানে?— যদি এইদৰে কৰা, তেনেহʼলে তীমথিয়ৰ দৰে তুমিও এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব পাৰিবা।

তোমাৰ বাইবেলৰপৰা পঢ়া

  • ২ তীমথিয় ১:৩; ৩:১৫

  • পাঁচনিৰ কৰ্ম্ম ১৬:১-৫; ১৭:১-১০

  • ১ থিচলনীকীয়া ৩:২-৭

  • ফিলিপীয়া ২:১৯-২২

প্ৰশ্ন:

  • তীমথিয়ে কʼত ডাঙৰ-দীঘল হৈছিল?

  • তীমথিয়ে পৌলৰ লগত যাত্ৰা কৰিবলৈ সন্মত হৈছিলনে? কিয় বাৰু?

  • তীমথিয়ে কিয় থিচলনীকীলৈ পুনৰ গৈছিল?

  • তীমথিয়ৰ দৰে তুমিও কেনেকৈ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব পাৰিবা?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক