পাঠ ১০১
পৌলক ৰোমলৈ পঠিওৱা হʼল
পৌলে প্ৰচাৰ কৰাৰ তৃতীয় যাত্ৰা যিৰূচালেমত শেষ হʼল। তাত তেওঁক গ্ৰেপ্তাৰ কৰা হʼল আৰু জেলত বন্দী কৰা হʼল। এদিনাখন ৰাতি দৰ্শনত যীচুৱে পৌলক কʼলে, ‘তুমি ৰোমলৈ যাবা আৰু তাত প্ৰচাৰ কৰিবা।’ পৌলক যিৰূচালেমৰ পৰা কৈচৰিয়ালৈ লৈ যোৱা হʼল। তাত তেওঁ জেলত দুবছৰ আছিল। যেতিয়া তেওঁৰ বিষয়টো ৰাজ্যপাল ফীষ্টৰ ওচৰলৈ লৈ যোৱা হʼল, তেতিয়া পৌলে তেওঁক কʼলে, ‘মই বিচাৰোঁ যে মোৰ ন্যায় সম্ৰাটে কৰক।’ ফীষ্টে কʼলে, “তুমি সম্ৰাটক আপিল কৰিলা, সেইবাবে তুমি সম্ৰাটৰ ওচৰলৈ যাবা।” পৌলক ৰোমলৈ যোৱা জাহাজত উঠাই দিয়া হʼল আৰু তেওঁৰ লগত দুজন খ্ৰীষ্টান ভাই লূক আৰু আৰিষ্টাৰ্খও গʼল।
যেতিয়া জাহাজখন সমুদ্ৰৰ মাজত আছিল, তেতিয়া ডাঙৰ ধুমুহা বতাহ বলিল আৰু বহু দিনলৈকে চলি থাকিল। তেতিয়া সকলোৱে ভাবিলে যে আমি চাগে নাবাচিম। কিন্তু পৌলে কʼলে, ‘লোকসকল, এজন স্বৰ্গদূতে মোক সপোনত কʼলে, “পৌল, ভয় নকৰিবা। তুমি নিশ্চয় ৰোমলৈ যাবা আৰু তোমাৰ লগত যিসকল জাহাজত আছে, তেওঁলোকেও বাচিব।” সেইবাবে, লোকসকল, ভয় নকৰিবা আমি নমৰিম।’
ধুমুহা ১৪ দিনলৈকে হৈ থাকিল। অৱশেষত তেওঁলোকে শুকান ঠাই দেখা পালে, সেয়া মিলিতা দ্বীপ আছিল। জাহাজখন বালিত লাগি ধৰিলে আৰু টুকুৰা-টুকুৰ হৈ গʼল। কিন্তু জাহাজত থকা সকলো ২৭৬ জন লোক বাচিলে। কিছুমান লোক সাঁতুৰি আৰু কিছুমান লোকে জাহাজৰ টুকুৰাৰ সহায়ত সাগৰৰ পাৰ পালে। মিলিতাৰ লোকসকলে তেওঁলোকৰ চোৱা-চিতা কৰিলে আৰু তেওঁলোকৰ বাবে জুই জ্বলালে যাতে তেওঁলোকে জুই সেকিব পাৰে।
তিনি মাহৰ পাছত সৈনিকসকলে পৌলক এখন জাহাজেৰে ৰোমলৈ লৈ গʼল। যেতিয়া তেওঁ ৰোম পালে, তেতিয়া তাত থকা ভাইসকলে তেওঁক লগ কৰিবলৈ আহিল। তেওঁলোকক দেখাৰ লগে লগে পৌলে যিহোৱাক ধন্যবাদ জনালে আৰু সাহস পালে। পৌল এজন কয়দী আছিল, তথাপিও তেওঁক ৰোমৰ এখন ভাড়া ঘৰত থাকিবলৈ দিয়া হʼল। তাত এজন সৈনিকে তেওঁক পহৰা দিছিল। পৌল ৰোমত দুই বছৰলৈকে থাকিল। যেতিয়া লোকসকলে তেওঁক লগ কৰিবলৈ আহিছিল, তেতিয়া পৌলে তেওঁলোকক ঈশ্বৰৰ ৰাজ্য আৰু যীচুৰ বিষয়ে শিকাইছিল। তাত থকাৰ সময়ত পৌলে এছিয়া মাইনৰ আৰু যিহূদিয়া মণ্ডলীবোৰলৈ চিঠি লিখিলে। সঁচাকৈ, যিহোৱাই পৌলৰ জৰিয়তে বহুতো দেশত শুভবাৰ্তা শুনালে।
“সকলো ধৰণে আমি ঈশ্বৰৰ সেৱক হোৱাৰ প্ৰমাণ দিওঁ, ধৈৰ্যেৰে বহুতো পৰীক্ষা সহন কৰি, দুখ-কষ্ট, অভাৱ আৰু সমস্যাবোৰৰ সন্মুখীন হৈ।”—২ কৰিন্থীয়া ৬:৪