ভাগ ১-ত কি শিকিম
বাইবেলত প্ৰথমে এয়া কোৱা হৈছে যে যিহোৱাই কেনেকৈ আকাশ, পৃথিৱী আৰু তাত পোৱা বহুতো ধুনীয়া বস্তু বনাইছে। যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে সিহঁতক কওক যে সৃষ্টিত গণিব নোৱাৰা কিমান ধুনীয়া বস্তুবোৰ আছে। সিহঁতক বুজাওক যে ঈশ্বৰে কেনেকৈ মানুহক জীৱ-জন্তুতকৈ একেবাৰে বেলেগ বনাইছে। তেওঁলোকক কথা কʼবলৈ, চিন্তা কৰিবলৈ, নতুন নতুন বস্তু বনাবলৈ, গান গাবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ দক্ষতা দিছে, যি তেওঁ জীৱ-জন্তুক দিয়া নাই। সিহঁতক এয়াও বুজিবলৈ সহায় কৰক যে যিহোৱাৰ কিমান শক্তি আৰু বুদ্ধি আছে। সিহঁতক বিশেষকৈ এয়াও কওক যে তেওঁ কেনেকৈ নিজৰ সকলো সৃষ্টি আৰু আমাক প্ৰতিজনকে প্ৰেম কৰে।