ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৭ ভাগ ১-৭
  • যিহোৱা কেনেধৰণৰ ঈশ্বৰ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱা কেনেধৰণৰ ঈশ্বৰ?
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • যীচুৰ কি কি গুণ আছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • বাপ্তিষ্মাৰ পাছতো ‘নতুন পুৰুষক’ পিন্ধি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • ঈশ্বৰ কোন?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • ঈশ্বৰ কোন হয়?
    বাইবেলে আমাক কি শিকায়?
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৭ ভাগ ১-৭
পাঠ ৭. এজন ব্যক্তি সন্ধ্যা সময়ত সাগৰৰ কাষত শিলৰ ওপৰত থিয় হৈ আছে আৰু সাগৰৰ ফালে চাই আছে।

পাঠ ০৭

যিহোৱা কেনেধৰণৰ ঈশ্বৰ?

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

যেতিয়া আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে চিন্তা কৰে, তেতিয়া আপোনাৰ মনলৈ কি আহে? আপুনি হয়তো ভাবে যে তেওঁ সৰ্বশক্তিমান ঈশ্বৰ। তেওঁৰ আৰু আমাৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে। অথবা ঈশ্বৰক কেৱল এক নিৰাকাৰ শক্তি বুলি ভাবে? বাইবেলত উল্লেখ আছে যে যিহোৱাৰ বহুতো গুণ আছে আৰু তেওঁ আমাৰ বিষয়ে চিন্তা কৰে।

১. আমি ঈশ্বৰক কিয় দেখা নাপাওঁ?

বাইবেলত এইদৰে উল্লেখ আছে, “ঈশ্বৰেই আত্মা।” (যোহন ৪:২৪) যিহোৱা ঈশ্বৰৰ আমাৰ দৰে শৰীৰ নাই আৰু সেইবাবে আমি তেওঁক দেখা নাপাওঁ। তেওঁ স্বৰ্গত থাকে আৰু সেই ঠাই আমি দেখা নাপাওঁ।

২. যিহোৱাৰ কি কি গুণ আছে?

এয়া সঁচা যে আমি যিহোৱাক দেখা নাপাওঁ। কিন্তু তেওঁ অস্তিত্বত আছে। তেওঁৰ বহুতো গুণ আছে। আমি যিমানেই তেওঁক জানিম, সিমানেই তেওঁৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িব। বাইবেলত এইদৰে লিখা আছে, “যিহোৱাই ন্যায়-বিচাৰ ভাল পায়, আৰু নিজ সাধুবিলাকক পৰিত্যাগ নকৰে।” (গীতমালা ৩৭:২৮) যিহোৱা “অতি স্নেহৱান আৰু দয়ালু” ঈশ্বৰ হয়। তেওঁ বিশেষকৈ সেই লোকসকলক দয়া দেখুৱায়, যিসকলে দুখ-কষ্টৰ সন্মুখীন হৈছে। (যাকোব ৫:১১) “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।” (গীতমালা ৩৪:১৮) আমাৰ কামে যিহোৱাক প্ৰভাৱিত কৰে। যদি আমি বেয়া কাম কৰোঁ, তেনেহʼলে যিহোৱাক দুখ লাগে। (গীতমালা ৭৮:৪০, ৪১) কিন্তু ভাল কাম কৰিলে তেওঁৰ হৃদয় আনন্দিত হয়।—হিতোপদেশ ২৭:১১ পঢ়ক।

৩. যিহোৱাই আমাক প্ৰেম কৰে বুলি আমি কিয় কʼব পাৰোঁ?

যিহোৱাৰ মুখ্য গুণ হৈছে প্ৰেম। সেইবাবে, ঈশ্বৰৰ কেৱল প্ৰেম গুণ আছে বুলি বাইবেলে কোৱা নাই, কিন্তু “ঈশ্বৰ প্ৰেম” হয় বুলি কৈছে। (১ যোহন ৪:৮) বাইবেল পঢ়াৰ লগতে যিহোৱাই সৃষ্টি কৰা বস্তুবোৰৰপৰাও জানিব পাৰি যে তেওঁ আমাক কিমান প্ৰেম কৰে। (পাঁচনিৰ কৰ্ম্ম ১৪:১৭ পঢ়ক।) মন কৰক যে তেওঁ আমাক কেনেকৈ সৃষ্টি কৰিছে। আমি ধুনীয়া ৰং চাব পাৰোঁ, গান শুনিব পাৰোঁ আৰু সোৱাদ লগা আহাৰৰ আনন্দ লʼব পাৰোঁ। ইয়াৰপৰা বুজিব পাৰি যে আমি আনন্দত থকাটো যিহোৱাই বিচাৰে।

গভীৰভাৱে ধ্যান কৰক

যিহোৱাই কেনেকৈ ডাঙৰ ডাঙৰ কাম কৰিছে? যিহোৱাই কেনেকৈ নিজৰ আকৰ্ষণীয় গুণবোৰ দেখুৱাইছে? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. পবিত্ৰ আত্মা বা পবিত্ৰ শক্তি ঈশ্বৰৰ এক সক্ৰিয় শক্তি

ছবি: ঈশ্বৰে পবিত্ৰ আত্মাৰ দ্বাৰা সম্পন্ন কৰা কাম। ১. বিশ্বব্ৰহ্মাণ্ড আৰু গ্ৰহবোৰ। ২. বাইবেলৰ এজন লেখকে ঈশ্বৰৰ ভাবধাৰা এখন নুৰাত লিখিছে।

আমি যিদৰে নিজৰ হাতেৰে কাম কৰোঁ, ঠিক সেইদৰে যিহোৱাই নিজৰ পবিত্ৰ আত্মা অৰ্থাৎ পবিত্ৰ শক্তিৰ দ্বাৰা কাম কৰে। বাইবেলে উল্লেখ কৰিছে যে পবিত্ৰ আত্মা কোনো ঈশ্বৰ নহয়। কিন্তু ঈশ্বৰৰ এক সক্ৰিয় শক্তি হয়। ইয়াৰ যোগেদি তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰে। লূক ১১:১৩ আৰু পাঁচনিৰ কৰ্ম্ম ২:১৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিসকলে ঈশ্বৰৰপৰা পবিত্ৰ শক্তি বিচাৰে, তেওঁলোকক ঈশ্বৰে পবিত্ৰ শক্তি ‘বাকি দিয়ে।’ তেনেহʼলে আপুনি কি ভাবে, পবিত্ৰ শক্তি ঈশ্বৰ নে ঈশ্বৰৰ এক সক্ৰিয় শক্তি হয়? আপুনি এইদৰে কিয় ভাবে?

যিহোৱাই নিজৰ পবিত্ৰ আত্মা অৰ্থাৎ পবিত্ৰ শক্তিৰ যোগেদি ডাঙৰ ডাঙৰ কাম কৰে। গীতমালা ১০৪:৩০ আৰু ২ পিতৰ ১:২০, ২১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱা ঈশ্বৰে নিজৰ পবিত্ৰ শক্তিৰ যোগেদি কি কি কাম কৰে?

ছবি: ঈশ্বৰে পবিত্ৰ আত্মাৰ দ্বাৰা সম্পন্ন কৰা কাম। ১. বিশ্বব্ৰহ্মাণ্ড আৰু গ্ৰহবোৰ। ২. বাইবেলৰ এজন লেখকে ঈশ্বৰৰ ভাবধাৰা এখন নুৰাত লিখিছে।

৫. যিহোৱাৰ বহুতো আকৰ্ষণীয় গুণ আছে

প্ৰাচীন সময়ত মোচি নামৰ এজন ব্যক্তি আছিল। তেওঁ ঈশ্বৰৰ এজন বিশ্বাসী সেৱক আছিল। তেওঁ যিহোৱাক ভালদৰে জানিছিল, তথাপি তেওঁ ঈশ্বৰক এইদৰে কৈছিল, “মই যেন তোমাক জানি তোমাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, এই নিমিত্তে মোক তোমাৰ পথ জনোৱা।” (যাত্ৰাপুস্তক ৩৩:১৩) যিহোৱাই নিজৰ কিছুমান গুণৰ বিষয়ে মোচিক জনালে। যাত্ৰাপুস্তক ৩৪:৪-৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাই নিজৰ বিষয়ে মোচিক কি কৈছিল?

  • যিহোৱাৰ কোনটো কথা আপোনাক ভাল লাগে?

৬. যিহোৱাই লোকসকলৰ বিষয়ে চিন্তা কৰে

এগৰাকী তিৰোতাই প্ৰাৰ্থনা কৰিছে।

প্ৰাচীন সময়ত ঈশ্বৰৰ লোক অৰ্থাৎ ইস্ৰায়েলীসকলে মিচৰত দাস হৈ আছিল। তেওঁলোকক দুখ-কষ্টত থকা দেখি ঈশ্বৰৰ কেনে লাগিছিল? অডিঅʼখন চলাওক আৰু ইয়াৰ লগতে নিজৰ বাইবেলত যাত্ৰাপুস্তক ৩:১-১০ চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

অডিঅʼ: যিহোৱাই তেওঁলোকৰ বিষয়ে চিন্তা কৰিছিল (২:৪৫)

  • লোকসকলক দুখ-কষ্টত দেখি যিহোৱাৰ কেনে লাগে?—৭ আৰু ৮ পদ চাওক।

  • যিহোৱাই লোকসকলক সহায় কৰিব বিচাৰেনে? তেওঁ এইদৰে কৰিব পাৰেনে? আপুনি এইদৰে কিয় ভাবে?

৭. সৃষ্টিৰপৰা আমি যিহোৱাৰ গুণৰ বিষয়ে শিকিব পাৰোঁ

ছবি: এটা তিমি মাছ আৰু তাৰ পোৱালি, ফুল আৰু হামিংবাৰ্ড।

যিহোৱাই যিবোৰ সৃষ্টি কৰিছে, তাৰপৰা আমি তেওঁৰ বিষয়ে বহুতো কথা শিকিব পাৰোঁ। ভিডিঅʼখন চাওক। তাৰ পাছত ৰোমীয়া ১:২০ পঢ়ক আৰু নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: সৃষ্টিয়ে যিহোৱাৰ প্ৰেম প্ৰকাশ কৰে—মানৱ শৰীৰ (১:৫৭)

  • যিহোৱাই আমাক যিদৰে সৃষ্টি কৰিছে, তাৰপৰা তেওঁৰ কোনটো গুণ প্ৰকাশ পায়?

কিছুমান লোকে কয়: “ঈশ্বৰ কোনো ব্যক্তি নহয়, তেওঁ আমাৰ হৃদয়ত থাকে।”

  • আপুনি কি ভাবে?

  • আপুনি এইদৰে কিয় ভাবে?

আমি কি শিকিলোঁ

যিহোৱাক আমি দেখা নাপাওঁ। তেওঁৰ বহুতো গুণ আছে, কিন্তু তেওঁৰ সকলোতকৈ উত্তম গুণ হৈছে প্ৰেম।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি যিহোৱাক কিয় দেখা নাপাওঁ?

  • পবিত্ৰ আত্মা বা পবিত্ৰ শক্তি কি হয়?

  • যিহোৱাৰ কি কি গুণ আছে?

লক্ষ্য

বেছিকৈ জানক

যিহোৱাৰ সকলো গুণৰ ভিতৰত চাৰিটা প্ৰধান গুণ কি কি, তাৰ বিষয়ে জানক।

“ঈশ্বৰৰ কি কি গুণ আছে?” (প্ৰহৰীদুৰ্গ-হিন্দী, নং ১ ২০১৯)

ঈশ্বৰ সকলো ঠাইতে নাথাকে বুলি কিয় কʼব পাৰি, তাৰ বিষয়ে জানক।

“ঈশ্বৰ সকলো ঠাইতে থাকেনে?” (ৱেবছাইটত দিয়া লেখ)

বাইবেলত পবিত্ৰ আত্মা বা পবিত্ৰ শক্তিক ঈশ্বৰৰ আঙুলিৰ লগত কিয় তুলনা কৰা হৈছে, তাৰ বিষয়ে জানক।

“পবিত্ৰ আত্মা কি হয়?” (ৱেবছাইটত দিয়া লেখ)

এজন ব্যক্তিৰ চকুৰ ৰশ্মি নাইকিয়া হৈছিল। তেওঁ ভাবিছিল যে ঈশ্বৰে তেওঁৰ বিষয়ে চিন্তা নকৰে। তেওঁৰ এই চিন্তাধাৰা কেনেকৈ সলনি হʼল, তাৰ বিষয়ে জানক।

“এতিয়া মই আনক সহায় কৰিব পাৰোঁ” (প্ৰহৰীদুৰ্গ-হিন্দী, নং ১ ২০১৬)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক