ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৪৫
  • নিৰপেক্ষ হৈ থকাৰ অৰ্থ কি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিৰপেক্ষ হৈ থকাৰ অৰ্থ কি?
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • প্ৰকৃত খ্ৰীষ্টানসকলে এই শেষ কালত নিৰপেক্ষতা বজাই ৰাখে
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • নিৰপেক্ষ হৈ থকাটো কিয় ইমান গুৰুত্বপূৰ্ণ? (মীখা ৪:২)
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • সত্য খ্ৰীষ্টানসকলক কেনেকৈ চিনাক্ত কৰিব পাৰি?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ভাগ ৩-ৰ মিডিয়া
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৪৫
পাঠ ৪৫. ৰাষ্ট্ৰীয় সংগীত বাজি আছে আৰু এজনী ভনী মনে মনে থিয় হৈ আছে। তাই ৰাষ্ট্ৰীয় সংগীত গোৱা নাই আৰু বাকী লʼৰা-ছোৱালীৰ দৰে তাই নিজৰ হাত হৃদয়তো ৰখা নাই।

পাঠ ৪৫

নিৰপেক্ষ হৈ থকাৰ অৰ্থ কি?

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল, “তোমালোক জগতৰ নোহোৱা।” (যোহন ১৫:১৯) নিৰপেক্ষ হৈ আমি জগতৰপৰা আঁতৰি থাকিব পাৰোঁ। অৰ্থাৎ আমি ৰাজনীতি আৰু যুদ্ধত কাৰো পক্ষ নলওঁ। কিন্তু এইদৰে কৰিবলৈ কেতিয়াবা কেতিয়াবা আমাৰ বাবে কঠিন হʼব পাৰে। ৰাজনীতি আৰু যুদ্ধত ভাগ নোলোৱাৰ বাবে লোকসকলে আমাক ঠাট্টা বা বিৰোধ কৰিব পাৰে। এনে পৰিস্থিতিতো আমি কেনেকৈ নিৰপেক্ষ হৈ থাকিব পাৰোঁ আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ? আহক চাওঁ।

১. মানুহৰ চৰকাৰৰ বিষয়ে ঈশ্বৰৰ লোকসকলে কি ভাবে?

আমি খ্ৰীষ্টানসকলে চৰকাৰক সন্মান কৰোঁ আৰু যীচুৱে কোৱা এই কথাষাৰ পালন কৰোঁ, “যি কৈচৰৰ, তাক কৈচৰক দিয়া।” (মাৰ্ক ১২:১৭) ইয়াৰ অৰ্থ হৈছে আমি দেশৰ আইন মানি চলোঁ। যেনে, আমি কৰ বা টেক্স দিওঁ। বাইবেলত উল্লেখ আছে যে মানুহৰ চৰকাৰক যিহোৱাই অনুমতি দিয়াৰ বাবে তেওঁলোকে এই পৃথিৱীত শাসন কৰি আছে। (ৰোমীয়া ১৩:১) ইয়াৰপৰা বুজিব পাৰি যে তেওঁলোকতকৈ যিহোৱাৰ বেছি অধিকাৰ আছে। কেৱল তেৱেঁই নিজৰ ৰাজ্যৰ যোগেদি মানুহৰ সকলো সমস্যা দূৰ কৰিব পাৰিব।

২. আমি কেনেকৈ নিৰপেক্ষ হৈ থাকিব পাৰোঁ?

যীচুৱে ৰাজনীতিত ভাগ লোৱা নাছিল। তেওঁৰ দৰে আমিও ৰাজনীতিত ভাগ নলওঁ। এবাৰ যীচুক আচৰিত কৰ্ম কৰা দেখি লোকসকলে তেওঁক ৰজা বনাব বিচাৰিছিল। কিন্তু তেওঁ মান্তি নহʼল আৰু তাৰপৰা গুচি গʼল। (যোহন ৬:১৫) পাছত তেওঁ এইদৰে কৈছিল, “মোৰ ৰাজ্য এই জগতৰ নহয়।” (যোহন ১৮:৩৬) আমি বহুতো উপায়েৰে দেখুৱাব পাৰোঁ যে আমি নিৰপেক্ষ হৈ আছোঁ। যেনে, আমি যুদ্ধত ভাগ নলওঁ। (মীখা ৪:৩ পঢ়ক।) আমি ৰাষ্ট্ৰীয় পতাকা বা চিনবোৰক সন্মান কৰোঁ, কিন্তু ভক্তি নকৰোঁ। (১ যোহন ৫:২১) আমি কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীক সমৰ্থন নকৰোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কথাও নকওঁ। এনে বহুতো পৰিস্থিতিত আমি নিৰপেক্ষ হৈ থাকিব পাৰোঁ। এইদৰে আমি ঈশ্বৰৰ চৰকাৰ বা ৰাজ্যক সমৰ্থন কৰিব পাৰোঁ।

গভীৰভাৱে ধ্যান কৰক

কেনে পৰিস্থিতিত নিৰপেক্ষ হৈ থাকিবলৈ কঠিন হʼব পাৰে? এই পৰিস্থিতিবোৰত আমি যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় কেনেকৈ লʼব পাৰোঁ? আহক এই বিষয়ে আলোচনা কৰোঁ।

এজন ব্যক্তিৰ সোঁফালে আৰু বাওঁফালে দুটা বেলেগ ৰাজনৈতিক প্ৰাৰ্থী আছে। তেওঁলোকে ভাষণ দি আছে, কিন্তু সেই ব্যক্তিজনে তেওঁলোকৰ কথালৈ মন দিয়া নাই আৰু কাৰো পক্ষ লোৱা নাই।

৩. সত্য খ্ৰীষ্টানসকলে নিৰপেক্ষ হৈ থাকে

যীচু আৰু তেওঁৰ শিষ্যসকলে নিৰপেক্ষ হৈ এক ভাল উদাহৰণ ৰাখিলে। তেওঁলোকৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ। ৰোমীয়া ১৩:১, ৫-৭ আৰু ১ পিতৰ ২:১৩, ১৪ পঢ়ক, তাৰ পাছত ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

ভিডিঅʼ: সত্য খ্ৰীষ্টানসকলে নিৰপেক্ষ হৈ থাকে—ভাগ ১ (৪:২৮)

  • আমি কিয় চৰকাৰক সন্মান কৰা উচিত?

  • আমি চৰকাৰৰ অধীনত আছোঁ বুলি কি কি উপায়েৰে দেখুৱাব পাৰোঁ?

দুখন দেশৰ মাজত যুদ্ধ হৈ থকাৰ সময়ত আন দেশবোৰে নিৰপেক্ষ হৈ আছোঁ বুলি হয়তো দাবী কৰিব পাৰে। কিন্তু তেওঁলোকে কিবা নহয় কিবা প্ৰকাৰে দুয়োখন দেশক সমৰ্থন কৰে। তেনেহʼলে নিৰপেক্ষ হৈ থকাৰ প্ৰকৃত অৰ্থ কি? যোহন ১৭:১৬ পঢ়ক, তাৰ পাছত ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: সত্য খ্ৰীষ্টানসকলে নিৰপেক্ষ হৈ থাকে—ভাগ ২ (৩:১১)

  • নিৰপেক্ষ হৈ থকাৰ অৰ্থ কি?

যদি চৰকাৰে আমাক ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে কিবা কৰিবলৈ কয়, তেনেহʼলে আমি কি কৰা উচিত? পাঁচনিৰ কৰ্ম্ম ৫:২৮, ২৯ পঢ়ক, তাৰ পাছত ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

ভিডিঅʼ: সত্য খ্ৰীষ্টানসকলে নিৰপেক্ষ হৈ থাকে—ভাগ ৩ (১:১৮)

  • যদি মানুহৰ কিবা নিয়ম বা আইন ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে হয়, তেনেহʼলে আমি কাৰ নিয়ম পালন কৰা উচিত?

  • এই বিষয়ে চিন্তা কৰক, কেনে পৰিস্থিতিত এজন সত্য খ্ৰীষ্টানে চৰকাৰৰ নিয়ম পালন নকৰিব?

৪. নিজৰ কাম আৰু চিন্তাধাৰাত নিৰপেক্ষ হৈ থাকক

প্ৰথম যোহন ৫:২১ পঢ়ক, তাৰ পাছত ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

ভিডিঅʼ: সত্য খ্ৰীষ্টানসকলক সাহসৰ কিয় প্ৰয়োজন?—নিৰপেক্ষতা বজাই ৰাখিবলৈ (২:৪৯)

  • ভাই আয়েঙ্গে ৰাজনৈতিক দলৰ সদস্য হʼবলৈ আৰু পতাকা চালামী কৰিবলৈ কিয় অস্বীকাৰ কৰিলে?

  • ভাইজনে বুদ্ধিমতাৰে কাম কৰিলে বুলি আপুনি ভাবেনে?

আমি কেনে পৰিস্থিতিত হয়তো আনৰ পক্ষ লʼব পাৰোঁ? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

ভিডিঅʼ: প্ৰহৰীদুৰ্গৰপৰা লাভ কৰা শিক্ষা—এই জগতত নিৰপেক্ষ হৈ থাকক (৫:১৬)

  • দুখন দেশৰ মাজত খেল হৈ থকাৰ সময়ত আমি কেনেকৈ নিৰপেক্ষ হৈ থাকিব পাৰোঁ?

  • নেতাসকলে লোৱা নিৰ্ণয় বা নিয়মৰপৰা আমাৰ লাভ বা লোকচান হʼব পাৰে। এনে পৰিস্থিতিত আমি কেনেকৈ নিৰপেক্ষ হৈ থাকিব পাৰোঁ?

  • বাতৰি বা সংগতিয়ে আমাৰ নিৰপেক্ষতাৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাব পাৰে?

ছবি: ১. খঙত থকা মানুহৰ এটা সমূহে হাতত পʼষ্টাৰ লৈ ধৰ্ণা দি আছে। ২. এখন খেল চলি আছে আৰু এজন ব্যক্তিয়ে নিজৰ দেশৰ পতাকা উৰুৱাই তেওঁলোকৰ জয়ৰ বাবে চিঞৰি আছে। ৩. এজন বিদ্যাৰ্থীয়ে নিজৰ হৃদয়ত হাত ৰাখি ৰাষ্ট্ৰীয় সংগীত গাইছে। ৪. এজন সৈনিকে হাতত মেচিন-গান লৈ থিয় হৈ আছে। ৫. দুজন ৰাজনৈতিক প্ৰাৰ্থীয়ে ষ্টেজত ভোট বিচাৰি আছে। ৬. নিৰ্বাচনৰ সময়ত এগৰাকী তিৰোতাই ভোট দি আছে।

এজন খ্ৰীষ্টানে কেনে পৰিস্থিতিত নিজৰ চিন্তাধাৰা আৰু কামৰ যোগেদি নিৰপেক্ষ হৈ থকা উচিত?

কোনোবাই সুধিব পাৰে: “আপুনি পতাকা চালামী বা ৰাষ্ট্ৰীয় সংগীত কিয় নাগায়?”

  • আপুনি কি উত্তৰ দিব?

আমি কি শিকিলোঁ

সত্য খ্ৰীষ্টানসকলে ৰাজনৈতিক বিষয়বোৰত নিৰপেক্ষ হৈ থাকে। তেওঁলোকে নিজৰ চিন্তাধাৰা, কথা আৰু কামৰ যোগেদি নিৰপেক্ষ হৈ থাকিবলৈ চেষ্টা কৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • চৰকাৰে আমাৰপৰা কি পোৱাৰ অধিকাৰ আছে?

  • আমি ৰাজনৈতিক বিষয়বোৰত কিয় নিৰপেক্ষ হৈ থাকোঁ?

  • নিৰপেক্ষ হৈ থাকিবলৈ কেনে পৰিস্থিতিত কঠিন হʼব পাৰে?

লক্ষ্য

বেছিকৈ জানক

নিৰপেক্ষ হৈ থাকিবলৈ আমি হয়তো কি কি ত্যাগ কৰিবলগীয়া হʼব পাৰে?

যিহোৱাই সদায় আমাৰ যত্ন লʼলে (৩:১৪)

কোনো এটা পৰিস্থিতিত নিৰপেক্ষ হৈ থাকিবলৈ পৰিয়ালৰ লোকসকলে আগতীয়াকৈ কি কৰিব পাৰে?

ৰাজহুৱা কাৰ্য্যক্ৰমত নিৰপেক্ষতা বজাই ৰাখক (৪:২৫)

এজন ব্যক্তি ডাঙৰ অফিচাৰ আছিল আৰু তেওঁৰ ওপৰত দেশৰ সুৰক্ষাৰ দায়িত্ব আছিল। কিন্তু তেওঁ ইয়াতকৈয়ো এটা ডাঙৰ সন্মান লাভ কৰিলে। সেয়া কি হয়? আহক চাওঁ।

“ঈশ্বৰৰ বাবে সকলো সম্ভৱ” (৫:১৯)

সত্য খ্ৰীষ্টানসকল এই জগতৰ ভাগ নহয়। চাকৰিৰ ক্ষেত্ৰতো এয়া সঁচানে? আহক চাওঁ।

“প্ৰতিজনে নিজে নিজৰ ভাৰ বব” (প্ৰহৰীদুৰ্গ-হিন্দী, মাৰ্চ ১৫, ২০০৬)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক