ভাগ ১-ত আপুনি কি শিকিলে?
নিজৰ শিক্ষকৰ লগত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
১. বাইবেলত ভৱিষ্যতৰ বিষয়ে যি উল্লেখ আছে, তাৰ ভিতৰত আপোনাক কোনটো কথা ভাল লাগিল?
(পাঠ ০২ চাওক।)
২. বাইবেলখন ঈশ্বৰৰ ফালৰপৰা হয় বুলি আপুনি কিয় বিশ্বাস কৰে?
৩. আমি যিহোৱাৰ নাম কিয় ব্যৱহাৰ কৰা উচিত?
(পাঠ ০৪ চাওক।)
৪. বাইবেলত এইদৰে লিখা আছে, ‘ঈশ্বৰে সকলোকে স্ৰজিলে।’ (প্ৰকাশিত বাক্য ৪:১১) এই কথা আপুনি বিশ্বাস কৰেনে?
(পাঠ ০৬ চাওক।)
৫. হিতোপদেশ ৩:৩২ পঢ়ক।
যিহোৱাই কিয় আমাৰ সকলোতকৈ ভাল বন্ধু হʼব পাৰে?
যিহোৱাই নিজৰ বন্ধুসকলৰপৰা কি আশা কৰে? যিহোৱাই আমাৰপৰা বেছিকৈ আশা কৰেনে?
৬. গীতমালা ৬২:৮ পঢ়ক।
আপুনি কি কি কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছে? আপুনি আৰু কি কথাৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে?
যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?
(পাঠ ০৯ চাওক।)
৭. ইব্ৰী ১০:২৪, ২৫ পঢ়ক।
যিহোৱাৰ সাক্ষীসকলৰ সভালৈ গʼলে আপোনাৰ কি লাভ হʼব?
সভালৈ যাবলৈ কঠিন হʼলেও তাত উপস্থিত হোৱাটো আপুনি উচিত বুলি ভাবেনে?
(পাঠ ১০ চাওক।)
৮. আমি প্ৰতিদিনে কিয় বাইবেল পঢ়া উচিত? আপুনি কোনটো সময়ত বাইবেল পঢ়ে?
(পাঠ ১১ চাওক।)
৯. এতিয়ালৈকে আপুনি বাইবেলৰপৰা যি শিকিলে, তাৰ ভিতৰত কোনটো কথা আপোনাক বেছিকৈ ভাল লাগিল?
১০. আপুনি বাইবেল অধ্যয়ন আৰম্ভ কৰাৰপৰা এতিয়ালৈকে কি কি বাধাৰ সন্মুখীন হৈছে? অধ্যয়ন কৰি থাকিবলৈ আপোনাক কি কথাই সহায় কৰিব?
(পাঠ ১২ চাওক।)