পাঠ ০৫
বাইবেল—ঈশ্বৰৰ ফালৰপৰা এখন কিতাপ
যিহোৱা ঈশ্বৰে আমাক এটা ভাল উপহাৰ দিছে আৰু সেয়া হৈছে বাইবেল। ইয়াত ৬৬ খন সৰু সৰু কিতাপ আছে। কিন্তু প্ৰশ্ন হয় যে লোকসকলে বাইবেলখন কেনেকৈ পালে? যদি বাইবেলখন মানুহে লিখিছে, তেনেহʼলে ইয়াক ঈশ্বৰৰ ফালৰপৰা হয় বুলি কিয় কোৱা হয়? আহক চাওঁ।
১. বাইবেলখন ঈশ্বৰৰ ফালৰপৰা হয় বুলি আমি কিয় কʼব পাৰোঁ?
প্ৰায় ৪০ জন লোকে বাইবেলখন লিখিছিল। ইয়াৰ প্ৰথম কিতাপখন আজিৰপৰা প্ৰায় ৩,৫০০ বছৰ আগতে আৰু শেষৰ কিতাপখন প্ৰায় ১,৯০০ বছৰৰ আগতে লিখা হৈছিল। যিসকলে বাইবেলখন লিখিছিল, তেওঁলোকৰ মাজৰ কিছুমান ভেড়াৰখীয়া, মাছমৰীয়া আৰু ৰজা আছিল। তথাপিও তেওঁলোকে লিখা কথাবোৰ এজনে-আনজনৰ লগত মিল আছিল। এয়া কেনেকৈ সম্ভৱ? কিয়নো গোটেই বাইবেলখন ঈশ্বৰে লিখাইছে। (১ থিচলনীকীয়া ২:১৩ পঢ়ক।) তেওঁলোকে বাইবেলত নিজৰ চিন্তাধাৰা উল্লেখ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে পবিত্ৰ আত্মা অৰ্থাৎ পবিত্ৰ শক্তিৰ যোগেদি “ঈশ্বৰৰ পৰা কথা পাই” লিখিলে।a (২ পিতৰ ১:২১) ঈশ্বৰে নিজৰ পবিত্ৰ শক্তিৰ যোগেদি তেওঁলোকক নিজৰ চিন্তাধাৰা জনাইছিল। তাৰ পাছত তেওঁলোকে সেইবোৰ লিখিলে।—২ তীমথিয় ৩:১৬.
২. বাইবেলৰপৰা কোনে লাভৱান হʼব পাৰে?
ঈশ্বৰে কৈছিল যে ‘সকলো জাতি, ফৈদ আৰু ভাষাৰ’ লোকসকলে বাইবেলখন পঢ়িব আৰু তাৰপৰা লাভৱান হʼব। (প্ৰকাশিত বাক্য ১৪:৬ পঢ়ক।) সঁচাকৈ, আজি আমি এই কথা পূৰ হোৱা দেখিবলৈ পাইছোঁ। আজি বাইবেলখন বহুতো ভাষাত আছে, ইমান বেছি ভাষাত আৰু কোনো কিতাপ নাই। লোকসকলে যʼতেই নাথাকক কিয় বা যিয়েই ভাষা নকওক কিয়, প্ৰায় সকলোৱে বাইবেলখন পঢ়িব পাৰে।
৩. যিহোৱাই কেনেকৈ বাইবেলখন লুপ্ত হʼবলৈ নিদিলে?
আৰম্ভণিতে বাইবেলখন চামৰাৰ দৰে সহজে নষ্ট হোৱা বস্তুবোৰত লিখা হৈছিল। কিন্তু কিছুমান লোকে বাইবেলখনক ইমানেই ভাল পাইছিল যে তেওঁলোকে সাৱধানেৰে ইয়াৰ নকল প্ৰস্তুত কৰিছিল। আনহাতে, কিছুমান ডাঙৰ ডাঙৰ অধিকাৰীয়ে বাইবেলখন নষ্ট কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু কিছুমান লোকে নিজৰ জীৱন বিপদত পেলাই ইয়াক সুৰক্ষিত ৰাখিলে। যিহোৱাৰ বাৰ্তা আমাৰ ওচৰলৈ লৈ অনাত তেওঁক কোনেও বাধা দিব নোৱাৰিলে। বাইবেলত এইদৰে উল্লেখ আছে, “ঈশ্বৰৰ বাক্য অনন্ত কাললৈকে থাকে।”—যিচয়া ৪০:৮.
গভীৰভাৱে ধ্যান কৰক
যিহোৱাই বাইবেলখন লিখিবলৈ লোকসকলক কেনেকৈ অনুপ্ৰাণিত কৰিলে? বাইবেলখন কেনেকৈ সুৰক্ষিত ৰাখিলে? গোটেই পৃথিৱীৰ লোকসকলে যাতে বাইবেলখন পঢ়িব পাৰে, তাৰ বাবে যিহোৱাই কি কৰিলে? আহক এই বিষয়ে আলোচনা কৰোঁ।
৪. বাইবেলে উল্লেখ কৰিছে ইয়াৰ লেখক কোন
ভিডিঅʼখন চাওক, তাৰ পাছত ২ তীমথিয় ৩:১৬ পঢ়ক আৰু নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
যদি বাইবেলখন মানুহে লিখিছে, তেনেহʼলে ইয়াক ঈশ্বৰৰ বাক্য বুলি কিয় কোৱা হয়?
ঈশ্বৰে নিজৰ চিন্তাধাৰা মানুহক জনোৱাটো সম্ভৱনে?
যদিও চিঠিখন চেক্ৰেটেৰীয়ে লিখিছে, কিন্তু সেয়া ব্যৱসায়ীজনৰহে হয়। ঠিক সেইদৰে বাইবেলখন মানুহে লিখিছে, কিন্তু ইয়াৰ প্ৰকৃত লেখক হৈছে ঈশ্বৰ
৫. বাইবেলখন নষ্ট কৰিবলৈ চেষ্টা কৰাৰ সত্ত্বেও এতিয়াও আছে
বাইবেলখন ঈশ্বৰৰ ফালৰপৰা হয়। সেইবাবে, তেওঁ ইয়াক আজিলৈকে যত্নেৰে ৰাখিছে। প্ৰাচীন সময়ত ধৰ্মগুৰুসকলে লোকসকলক বাইবেল পঢ়িবলৈ বাধা দিছিল। ডাঙৰ ডাঙৰ অধিকাৰীয়ে বাইবেলখন একেবাৰে নাইকিয়া কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু কিছুমান লোকে নিজৰ জীৱন বিপদত পেলাই বাইবেলখন সুৰক্ষিত ৰাখিলে। এনে এজন ব্যক্তিৰ বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
বাইবেলখন সুৰক্ষিত ৰাখিবলৈ লোকসকলে কিয় নিজৰ জীৱন বিপদত পেলাইছিল? এই বিষয়ে জানি আপোনাক বাইবেলৰ বিষয়ে জানিবলৈ মন নাযায় নে?
গীতমালা ১১৯:৯৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
বাইবেলখন অনুবাদ কৰিবলৈ আৰু বিতৰণ কৰিবলৈ কিছুমান লোকে কিয় নিজৰ জীৱন বিপদত পেলাইছিল?
৬. সকলো লোকৰ বাবে এখন কিতাপ
গোটেই পৃথিৱীত বাইবেলখন হৈছে আটাইতকৈ বেছি অনুবাদ কৰা কিতাপ। এই কিতাপখন পৃথিৱীৰ প্ৰায় সকলো দেশতে পোৱা যায়। পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
বাইবেলখন পৃথিৱীৰ সকলো মানুহে লাভ কৰা আৰু বেছি ভাষাত হোৱাটো ঈশ্বৰে কিয় বিচাৰে?
বাইবেলৰ বিষয়ে আপোনাক কি কথা ভাল লাগে?
পৃথিৱীৰ প্ৰায়
১০০%
লোকে
নিজৰ ভাষাত বাইবেলখন পঢ়িব পাৰে
গোটেই বাইবেলখন বা ইয়াৰ কিছুমান কিতাপ
৩,০০০
তকৈ বেছি ভাষাত উপলব্ধ আছে
এতিয়ালৈকে প্ৰায়
৫০০ কোটি
বাইবেল ছপা কৰা হৈছে।
আন কিতাপতকৈ বহু বেছি
কিছুমান লোকে কয়: “বাইবেলখন মানুহে লিখিছে।”
আপুনি কি ভাবে?
বাইবেলখন ঈশ্বৰৰ বাক্য হয় বুলি আমি কিয় কʼব পাৰোঁ?
আমি কি শিকিলোঁ
বাইবেলখন ঈশ্বৰৰ বাক্য হয় আৰু সকলোৱে পাব পৰাকৈ তেওঁ ইয়াক ব্যৱস্থা কৰিছে।
আপুনি কেনেকৈ উত্তৰ দিব?
যদি বাইবেলখন মানুহে লিখিছে, তেনেহʼলে ইয়াৰ প্ৰকৃত লেখক ঈশ্বৰ কেনেকৈ হʼব পাৰে?
এই পাঠত আপুনি বাইবেলৰ বিষয়ে যি শিকিলে, তাৰ ভিতৰত কোনটো কথা আপোনাক ভাল লাগিল?
ঈশ্বৰে নিজৰ বাৰ্তা আপোনাক জনাবলৈ যি যি ব্যৱস্থা কৰিলে, সেয়া জানি আপোনাক কেনেকুৱা লাগে?
বেছিকৈ জানক
পুৰণি সময়ৰ হস্তলিপিৰপৰা বৰ্তমান সময়ৰ বাইবেলৰ ইতিহাসৰ বিষয়ে পঢ়ক।
কি তিনিটা সমস্যাৰ সত্ত্বেও আজিলৈকে বাইবেলখন সুৰক্ষিত আছে, তাৰ বিষয়ে জানক।
বাইবেলখন অনুবাদ কৰিবলৈ লোকসকলে কেনেকৈ নিজৰ জীৱন বিপদত পেলাইছিল, তাৰ বিষয়ে জানক।
বাইবেলখনৰ বহুতো নকল প্ৰস্তুত কৰা হৈছিল আৰু অনুবাদ কৰা হৈছিল। আৰম্ভণিতে ঈশ্বৰে যি বাৰ্তা লিখাইছিল, সেই বাৰ্তা ইয়াতো আছে বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ?