ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lmd পাঠ ১১
  • সহজ-সৰলভাৱে শিকাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সহজ-সৰলভাৱে শিকাওক
  • লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৱে কি কৰিলে?
  • যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?
  • যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
  • আপোনাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিব পাৰি
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ২
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
আৰু চাওক
লোকসকলক প্ৰেম কৰক আৰু শিকাওক
lmd পাঠ ১১

বাইবেল অধ্যয়ন কৰাৰ সময়ত

যীচুৱে নদীৰ কাষত লোকসকলৰ এটা সমূহক শিকাই আছে, তাৰ কাষতে বনৰীয়া ফুলবোৰ ফুলিছে আৰু আকাশত চৰাই উৰি-ফুৰিছে।

মথি ৬:২৫-২৭

পাঠ ১১

সহজ-সৰলভাৱে শিকাওক

সিদ্ধান্ত: ‘সহজে বুজিব পৰাকৈ কথা কওক।’—১ কৰি. ১৪:৯.

যীচুৱে কি কৰিলে?

যীচুৱে নদীৰ কাষত লোকসকলৰ এটা সমূহক শিকাই আছে, তাৰ কাষতে বনৰীয়া ফুলবোৰ ফুলিছে আৰু আকাশত চৰাই উৰি-ফুৰিছে।

ভিডিঅʼ: যিহোৱাই আমাৰ বিষয়ে চিন্তা কৰে বুলি যীচুৱে শিকালে

১. ভিডিঅʼখন চাওক বা মথি ৬:২৫-২৭ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1. ক. যিহোৱাই আমাৰ বিষয়ে চিন্তা কৰে বুলি যীচুৱে উদাহৰণৰ যোগেদি কেনেকৈ বুজালে?

  2. খ. যীচুৱে চৰাইৰ বিষয়ে বহুতো কথা জানিছিল, কিন্তু তেওঁ সকলো কথা জনালে নে? শিক্ষা দিয়াৰ এয়া কিয় প্ৰভাৱশালী উপায় আছিল?

যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?

২. যদি আমি সহজ-সৰলভাৱে শিকাও, তেনেহʼলে লোকসকলে আমাৰ কথা মনত ৰাখিব পাৰিব আৰু ইয়ে তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিব।

যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. বেছিকৈ কথা নাপাতিব। বহুতো তথ্য জনোৱাৰ পৰিৱৰ্তে যিমান কথা কিতাপত লিখা আছে, সিমানে আলোচনা কৰক। প্ৰশ্ন সোধাৰ পাছত বিদ্যাৰ্থীয়ে উত্তৰ দিয়ালৈকে অপেক্ষা কৰক। যদি বিদ্যাৰ্থীজনে উত্তৰ নাজানে বা ভুলকৈ উত্তৰ দিয়ে, তেনেহʼলে সেই বিষয়ে সৰু সৰু প্ৰশ্ন সোধক। যদি তেওঁ বিষয়টো বুজি পাইছে, তেনেহʼলে আগ বাঢ়ি যাওক।

৪. নতুন শিক্ষাৰ লগত আগতে শিকা কথাবোৰ জড়িত কৰক। নতুন শিক্ষা শিকোৱাৰ আগতে বিদ্যাৰ্থীক মনত পেলাই দিয়ক যে আগতে তেওঁ এই বিষয়ে কি শিকিছিল। উদাহৰণস্বৰূপে, যদি আপুনি মৃত লোকসকলক আকৌ জীয়াই তোলাৰ বিষয়ে শিকাব, তেনেহʼলে আপুনি তেওঁক সুধিব পাৰে যে মৃত্যুৰ পাছত আমাৰ কি হয়।

৫. সাৱধানেৰে উদাহৰণ ব্যৱহাৰ কৰক। উদাহৰণ দিয়াৰ আগতে নিজকে সোধক:

  1. ক. ‘এই উদাহৰণটো সহজ-সৰল নে?’

  2. খ. ‘মোৰ বিদ্যাৰ্থীজনে এই উদাহৰণটো ভালদৰে বুজি পাবনে?’

  3. গ. ‘এই উদাহৰণটো ব্যৱহাৰ কৰাৰ যোগেদি মই যি কথা বুজাব বিচাৰিছোঁ, সেই কথাটো তেওঁ মনত ৰাখিব নে উদাহৰণটো?’

এয়াও চাওক

মথি ১১:২৫; যোহ. ১৬:১২; ১ কৰি. ২:১

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক