সতৰ্ক আৰু পৰিশ্ৰমী হওঁক!
“এতেকে পৰ দি থাকা কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।”—মথি ২৫:১৩.
১. পাঁচনি যোহনে কিহৰ বাবে বাট চাই আছিল?
বাইবেলৰ অন্তিম পুস্তকত, যীচুৱে প্ৰতিজ্ঞা কৰিছিল: “মই বেগাই গৈছোঁ।” তেওঁ পাঁচনি যোহনে উত্তৰ দিছিল: “আমেন; হে প্ৰভু যীচু, আহক।” যীচুৰ অহাৰ বিষয়ে পাঁচনিসকলৰ কোনো সন্দেহ কৰা নাছিল; সেই পাঁচনিসকলৰ মাজত যোহনে যীচুক সূধিছিল: “এইবোৰ কেতিয়া হব? আৰু আপোনাৰ আগমন [গ্ৰীক, পাৰৌচিয়া ] আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?” হয়, যোহনে বিশ্বাসেৰে যীচুৰ ভৱিষ্যতৰ আগমনলৈ বাট চাই আছিল।—প্ৰকাশিত বাক্য ২২:২০; মথি ২৪:৩.
২. যীচুৰ উপস্থিতিৰ সমন্ধে, গীৰ্জাবোৰৰ পৰিস্থিতি কি?
২ তেনে বিশ্বাস আজিৰ দিনত বিৰল। বহুতো গীৰ্জাত যীচুৰ “উপস্থিতিৰ” বিষয়ে অনুমোদিত শিক্ষা আছে, কিন্তু তেওঁলোকৰ মাজত মাত্ৰ কম সংখ্যক সদস্যই বাস্তৱতে ইয়াৰ বাবে অপেক্ষা কৰে। তেওঁলোকে সেইমতে জীৱন-যাপন কৰে। দ্যা পাৰৌচিয়া ইন দ্যা নিউ টেষ্টামেন্ট কিতাপখনে কৈছে: “গীৰ্জাৰ জীৱন, চিন্তা-ধাৰা আৰু কাৰ্য্যত পাৰৌচিʼযা আশাৰ প্ৰতি কিছু পৰিমাণে যথাৰ্থ প্ৰতিক্ৰিয়া দেখুৱাই . . . গীৰ্জাত তেওঁলোকৰ কাৰ্য্য আৰু শুভবাৰ্ত্তা পুস্তকৰ কাৰ্য্যক যি একান্ত মনেৰে কাৰ্য্য কৰা উচিত, যদিও সেই গভীৰতা সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই, তথাপি দুৰ্বল পৰি গৈছে।” কিন্তু সকলোৰ ক্ষেত্ৰত সেইদৰে হোৱা নাই!
৩. (ক) সত্য খ্ৰীষ্টানসকলে পাৰৌচিয়া শব্দটোৰ বিষয়ে কেনে অনুভৱ কৰে? (খ) বিশেষকৈ আমি এতিয়া কি আলোচনা কৰিম?
৩ যীচুৰ শিষ্যসকলে এই দুষ্ট ৰীতি-ব্যৱস্থাৰ শেষৰ বাবে অতি আগ্ৰহৰে অপেক্ষা কৰি আছে। যেতিয়া আমি নিষ্ঠাৰে সেইদৰে কৰো, যীচুৰ উপস্থিতিত জড়িত্ব থকা সকলোবোৰৰ ব্যৱস্থাৰ প্ৰতি আমি সঠিক দৃষ্টিভঙ্গী ৰখা উচিত আৰু সেইমতে কাৰ্য্য কৰা আৱশ্যক। ইয়ে আমাক ‘শেষলৈকে সহি থাকি পৰিত্ৰাণ পাবলৈ’ সহায় কৰিব। (মথি ২৪:১৩) মথি ২৪ আৰু ২৫ অধ্যায়ত দিয়া ভৱিষ্যতবাণীত যীচুৱে জ্ঞানৰ উপদেশ দিছে যিবোৰক আমি নিজ জীৱনত প্ৰয়োগ কৰিব পাৰো আৰু চিৰকালৰ বাবে লাভ প্ৰাপ্ত কৰিব পাৰো। ২৫ অধ্যায়ত থকা যি বোৰ দৃষ্টান্ত আপুনি জানে, যʼত উল্লেখ কৰা আছে দহজনী কন্যা (নিৰ্ব্বুদ্ধি আৰু সুবুদ্ধি কন্যা) আৰু ধনৰ দৃষ্টান্ত। (মথি ২৫:১-৩০) সেই দৃষ্টান্তবোৰৰ পৰা আমি কেনেকৈ লাভৱান হব পাৰোঁ?
পাচঁজনী কন্যাৰ দৰে সৰ্তক হওঁক!
৪. কন্যা দৃষ্টান্তৰ সাৰাংশ কি?
৪ আপুনি মথি ২৫:১-১৩ পদত পোৱা দৃষ্টান্তক পুনৰ পঢ়িলে ভাল হব। এই দৃষ্টান্তত যিহূদীসকলৰ এখন বিবাহৰ সম্পৰ্কে উল্লেখ কৰা হৈছে যʼত দৰাই কন্যাক বিয়া কৰি নিজৰ ঘৰলৈ (বা তেওঁৰ পিতৃৰ ঘৰলৈ) আনিবলৈ তাইৰ পিতৃ ঘৰলৈ যায়। তেওঁৰ বিবাহৰ বৰ-যাত্ৰাত সঙ্গীতকাৰ আৰু গায়ক সন্মিলিত আছে আৰু এই বৰ-যাত্ৰী কেতিয়া পাবহি ইয়াৰ সময়ৰ বিষয়ে সঠিককৈ কোনোও কব নোৱাৰে। এই দৃষ্টান্তত, দহজনী কন্যা দৰা অহালৈকে গোটেই ৰাতিটো অপেক্ষা কৰি আছিল। পাচঁজনী নিৰ্ব্বুদ্ধি কন্যাই তেওঁলোকৰ লগত চাকিৰ বাবে অতিৰিক্ত তেল নিয়া নাছিল সেইবাবে তেওঁলোকে বেছিকৈ তেল কিনিবলৈ গুচি গʼল। অন্য পাঁচজনী সুবুদ্ধি কন্যাই তেওঁলোকৰ পাত্ৰত অতিৰিক্ত তেল আনিছিল যাতে অপেক্ষা কৰা সময়ত যদি আৱশ্যক হয় তেওঁলোকে চাকিত তেল পুনৰ ঢালিব পাৰে। দৰা আহি উপস্থিত হোৱাৰ সময়ত মাত্ৰ এই পাচঁগৰাকীয়ে তৈয়াৰ আছিল। সেইবাবে মাত্ৰ তেওঁলোকে ভোজত সুমাবলৈ অনুমতি পালে। যেতিয়া পাঁচজনী নিৰ্ব্বুদ্ধি কন্যা ঘুৰি আহে, তেওঁলোকৰ বাবে ভোজত প্ৰৱেশ কৰাত বহু পলম হৈ গʼল।
৫. কোন শাস্ত্ৰ পদে কন্যা দৃষ্টান্তৰ লাক্ষণিক অৰ্থ বুজি পাবলৈ আমাক সহায় কৰে?
৫ এই দৃষ্টান্তৰ বহুতো দিশ লাক্ষণিকৰূপে বুজিব পৰা যায়। উদাহৰণৰূপে, শাস্ত্ৰত যীচুক দৰা বুলি উল্লেখ কৰিছে। (যোহন ৩:২৮-৩০) যীচুৱে নিজকে ৰজাৰ পুত্ৰৰূপে তুলনা কৰিলে যিজনৰ বাবে বিবাহৰ ভোজ প্ৰস্তুত কৰা হʼল। (মথি ২২:১-১৪) বাইবেলত যীচুক স্বামীৰ সৈতে তুলনা কৰিছে। (ইফিচীয়া ৫:২৩) মন কৰিবলগীয়া কথা এইটো যে, যিহেতু অভিষিক্ত খ্ৰীষ্টানসকলক যীচুৰ “কন্যা” ৰূপে বৰ্ণনা কৰিছে, দৃষ্টান্তত এজনী কন্যা বুলি উল্লেখ কৰা নাই। (যোহন ৩:২৯; প্ৰকাশিত বাক্য ১৯:৭; ২১:২, ৯) সেইবাবে, ইয়াত দহজনী কন্যা বিষয়ে কোৱা হৈছে, আৰু অভিষিক্ত লোকক এজনী কন্যাৰ সৈতে তুলনা কৰা হৈছে যিজনী খ্ৰীষ্টৰ সৈতে বিবাহ হবলৈ প্ৰতিজ্ঞাবদ্ধ।—২ কৰিন্থীয়া ১১:২.a
৬. কন্যাবোৰৰ দৃষ্টান্তৰ শেষত যীচুৱে কি সাৱধানবাণী দিছিল?
৬ এনেধৰণৰ বৰ্ণনা আৰু যিকোনো ভৱিষ্যসূচক বাক্যৰ প্ৰয়োগৰ ওপৰিও এনে বহুতো ভাল উপদেশ ইয়াত আছে যিবোৰ আমি এই দৃষ্টান্তৰ পৰা শিকিব পাৰোঁ। উদাহৰণস্বৰূপে, যীচুৰ এই বাক্যক স্মৰণ কৰক: “এতেকে পৰ দি থাকা কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।” সেইবাবে এই দৃষ্টান্তই আমাৰ প্ৰত্যেককে পহৰা দিয়া আৰু যেনেকৈ এই দুষ্ট ব্যৱস্থাৰ শেষ ওচৰ চাপিছেহি সতৰ্ক হোৱা আৱশ্যকতাৰ প্ৰতি প্ৰেৰণা দিছে। যদিও আমি এটা তাৰিখক নিদ্ধাৰিত কৰিব নোৱাৰো তথাপি নিঃসন্দেহ এই শেষ ওচৰ চাপিছেহি। এই সমন্ধে, দুইভাগত থকা কন্যাবোৰৰ মনোভাৱক লক্ষ্য কৰক।
৭. দৃষ্টান্তত থকা পাচঁগৰাকী কন্যাই কিদৰে প্ৰমাণ কৰিলে যে তেওঁলোক নিৰ্ব্বুদ্ধি?
৭ যীচুৱে কৈছিল: “পাচঁজনী নিৰ্ব্বুদ্ধি কন্যা আছিল।” তেওঁলোক এইবাবে নিৰ্ব্বুদ্ধি আছিল নে কিয়নো তেওঁলোকে দৰা অহাৰ বিষয়ে বিশ্বাস কৰা নাছিল? তেওঁলোকে আনন্দ কৰাৰ পৰা আতঁৰি আছিলনে? বা তেওঁলোকক প্ৰতাৰণা কৰা হৈছিলনে? ইয়াৰ কোনোটোৱে নহয়। যীচুৱে কৈছিল যে তেওঁলোকে ‘দৰাক আগবঢ়াবলৈ ওলাই গʼল।’ তেওঁলোকে জানিছিল যে তেওঁ আহি আছে আৰু তেওঁৰ লগত থকিবলৈ আৰু ‘বিবাহৰ ভোজত’ ভাগ লবলৈ বিচাৰিছিল। তথাপি তেওঁলোকে সম্পূৰ্ণৰূপে প্ৰস্তুত আছিল নে? তেওঁলোকে এটা সময়ৰ বাবে অৰ্থাৎ ‘মাজনিশা ৰাতিলৈকে’ তেওঁ লৈ অপেক্ষা কৰি আছিল, কিন্তু তেওঁলোকে তেওঁৰ উপস্থিতিৰ বাবে প্ৰস্তুত নাছিল সেই উপস্থিতি যেতিয়াই নহওঁক কিয়—হয়তু আগতীয়াকৈ বা পলমকৈ যিটো তেওঁলোকে প্ৰথমে আশা কৰিছিল।
৮. দৃষ্টান্তত থকা পাঁচজনী কন্যাই কেনেকৈ প্ৰমাণ কৰিলে যে তেওঁলোক সুৰ্ব্বুদ্ধি কন্যা?
৮ অন্য পাঁচগৰাকী—যাক যীচুৱে সুৰ্ব্বুদ্ধি বুলি কৈছে—তেওঁলোকেও নিজ নিজ চাকি লগত লৈ দৰা উপস্থিত হোৱালৈকে অপেক্ষা কৰিবলৈ ওলাই গʼল। তেওঁলোকেও অপেক্ষা কৰিছিল, কিন্তু তেওঁলোক “সুৰ্ব্বুদ্ধি” আছিল। গ্ৰীক ভাষাত “সুৰ্ব্বুদ্ধি” শব্দটো “সতৰ্ক, বিবেচক, ব্যৱহাৰিক জ্ঞানসম্পন্ন” ৰূপে বৰ্ণনা কৰা হৈছে। এই পাঁচগৰাকীয়ে নিজৰ লগত নিয়া পাত্ৰত অতিৰিক্ত তেল আনিছিল যাতে আৱশ্যকীয় সময়ত চাকিত তেল ঢালিব পাৰে আৰু ইয়াৰ দ্বাৰা তেওঁলোকে নিজকে সুৰ্ব্বুদ্ধিৰূপে প্ৰমাণিত কৰিলে। ইয়াৰ ওপৰিও, তেওঁলোকে দৰাৰ বাবে ইমানে ইচ্ছুক আছিল যে তেওঁলোকৰ অতিৰিক্ত তেলো আনক নিদিলে। এনেধৰণৰ সতৰ্কতা অৱলম্বন কৰাৰ বাবে অযোগ্য পাত্ৰ নহল, যেতিয়া দৰা আহি পালে তেওঁলোকক তাত উপস্থিত আৰু সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ থকা পালে। তেওঁলোক সাজু হৈ থকাৰ বাবে “তেওঁৰ লগত বিয়াঘৰত সোমাল; আৰু দুৱাৰ বন্ধ কৰা হল।”
৯, ১০. কন্যাৰ দৃষ্টান্তৰ মূখ্য বিষয় কি আৰু আমি নিজকে কি প্ৰশ্ন সোধা উচিত?
৯ যীচুৱে বিবাহৰ শোভনীয়তা বিষয়ে কোনো শিক্ষা দিয়া নাছিল নাইবা আনৰ সৈতে ভাগ কৰাৰ বিষয়ে উপদেশ দিছিল। তেওঁ মূখ্য বিষয় আছিল: “এতেকে পৰ দি থাকা কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।” আপুনি নিজকে সুধক, ‘যীচুৰ উপস্থিতিৰ সম্পৰ্কে মই সচাঁকৈ সজাগ নে?’ আমি বিশ্বাস কৰো যে যীচুৱে এতিয়া স্বৰ্গত ৰাজত্ব কৰি আছে, কিন্তু আমি এই সত্যতাক কেনেকৈ কেন্দ্ৰীভূত কৰিব পাৰো যে ‘আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰক; পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিম’? (মথি ২৪:৩০) “মাজনিশা ৰাতি” যেতিয়া কন্যাসকলে দৰাক লগ কৰিবলৈ ওলাই গৈছিল নিশ্চয়ে তেওঁ আহি পোৱা সময় একেবাৰে ওচৰত আছিল। ঠিক একেইদৰে, যেতিয়া আমি মানুহৰ পুত্ৰ উপস্থিতিলৈ অপেক্ষা কৰিবলৈ আৰম্ভ কৰিলো। তেওঁ উপস্থিত হৈ বৰ্তমানৰ এই দুষ্ট ব্যৱস্থাক ধ্বংস কৰাৰ সয়ম একেবাৰে ওচৰত পালেহি। (ৰোমীয়া ১৩:১১-১৪) আমি সতৰ্কতাৰ প্ৰতি মনোযোগ দিছোনে, আনকি তাতকৈ অধিক সতৰ্কতা অৱলম্বন কৰিছোঁনে যেনেকৈ সেই সময় ওচৰ চাপিছেহি?
১০ “পৰ দি থাকা” এই আজ্ঞাক পালন কৰিবলৈ আৱশ্যক আছে একেৰাহে সতৰ্ক হৈ থকা। পাঁচজনী কন্যাই তেল শেষ হোৱাত তেল কিনিবলৈ বাহিৰলৈ গʼল। বৰ্তমান সময়ত এজন খ্ৰীষ্টানে সেইদৰে অন্যমনস্ক হব পাৰে যে যীচুৰ উপস্থিতিৰ সময়ত সম্পূৰ্ণৰূপে প্ৰস্তুত নহবও পাৰে। এইটো প্ৰথম শতাব্দীৰ কিছুমান খ্ৰীষ্টানৰ সৈতে হৈছিল। এইটো বৰ্তমান সময়ত কিছুমানৰ সৈতেও হব পাৰে। সেইবাবে আহঁক আমি নিজকে সোধো, ‘মোৰ ক্ষেত্ৰত সেইদৰে নে?’—১ থিচলনীকীয়া ৫:৬-৮; ইব্ৰী ২:১; ৩:১২; ১২:৩; প্ৰকাশিত বাক্য ১৬:১৫.
যেনেকৈ শেষ ওচৰ চাপিছেহি পৰিশ্ৰমী হওঁক
১১. যীচুৱে দিয়া দ্বিতীয় দৃষ্টান্তটো কি আৰু ইয়াত কি অনুৰূপ আছিল?
১১ তেওঁৰ আন এটা দৃষ্টান্তত, যীচুৱে তেওঁৰ অনুগামীসকলক অধিক সতৰ্ক হবলৈ আগ্ৰহ কৰিছিল। সুৰ্ব্বুদ্ধি আৰু নিৰ্ব্বুদ্ধি কন্যাৰ বিষয়ে কোৱাৰ পাছত, তেওঁ গাগৰিৰ উদাহৰণৰ বিষয়ে কৈছিল। (মথি ২৫:১৪-৩০, পঢ়ক।) যীচুৱে প্ৰথমে যি উদাহৰণ দিছিল, সেই উদাহৰণৰ বেছিভাগেই তেওঁ দিয়া মিনাৰ দৃষ্টান্ত সৈতে অনুৰূপ আছিল কিয়নো বহুতে “ঈশ্বৰৰ ৰাজ্য এতিয়াই প্ৰকাশিত হব বুলি” ভাৱিছিল।—লূক ১৯:১১-২৭.
১২. গাগৰি দৃষ্টান্তৰ সাৰাংশ কি?
১২ এই গাগৰি দৃষ্টান্তত, যীচুৱে এজন মানুহৰ বিষয়ে কৈছিল, যিজনে দূৰ দেশলৈ যাত্ৰা কৰাৰ আগতে তিনিজন দাসক তেওঁৰ সম্পত্তি গটাই যায়। এজন পাঁচটা মোহৰ আনজনক দুটা আৰু শেষৰজনক এটা—“প্ৰতিজনক তাৰ শক্তি অনুসাৰে” দিলে। সেইদৰে, এটা ৰূপ মোহৰৰ অৰ্থ হৈছে, এজন শ্ৰমিকে ১৪ বছৰত ভিতৰত যিমান ধন আৰ্জন কৰিব পাৰে সিমান ধন—সচাঁকৈ বহুত ধন! যেতিয়া মানুহজনে ঘুৰি আহে, তেওঁ আতঁৰি থকা এই “বহু দিনৰ” সময়ত দাসবিলাকে কি কি কৰিলে তাৰ হিচাপ লয়। প্ৰথম দুজন দাসে তেওঁলোক যি ধন দিছিল তাৰে দুগুণ বৃদ্ধি কৰিলে। তেওঁ কʼলে “চাবাইচ,” প্ৰত্যেককে আৰু অধিক দায়িত্ব দি শেষত কʼলে: “তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা।” এটা মোহৰ দিয়া দাসে জানিছিল যে তাৰ গৰাকীয়ে অতিৰিক্ত দাবী কৰিব, সেইবাবে তেওঁ সেই মোহৰৰ কোনো লাভৱানৰ বাবে প্ৰয়োগ নকৰিলে। তেওঁ মহাজনৰ হাতত সুত পাবলৈ নথয় লুকুৱাই ৰাখিলে। গৰাকী তাক “দুষ্ট দাস” বুলি আখ্যান দিলে কিয়নো সি তেওঁৰ গৰাকীৰ আগ্ৰহৰ বিৰুদ্ধে কাৰ্য্য কৰিলে। ফলস্বৰূপে, তাৰ পৰা মোহৰ লৈ লোৱা হল আৰু তাক বাহিৰত পেলোৱা হʼল যʼত “ক্ৰন্দন আৰু দাঁত কৰচনি হব।”
১৩. যীচুক কেনেকৈ দৃষ্টান্তত থকা গৰাকীৰ সৈতে তুলনা কৰা হৈছে, কিন্তু কি মুখ্য উপদেশ আমি বিবেচনা কৰা উচিত?
১৩ এই বৰ্ণনাৰ দ্বাৰাই আমি লাক্ষণিকৰূপে বুজিব পাৰো। উদাহৰণস্বৰূপে, যীচুক, বহু দূৰলৈ যাত্ৰা কৰা মানুহজনৰ সৈতে তুলনা কৰা হৈছে, যিজনে তেওঁৰ শিষ্যসকলক এৰি স্বৰ্গলৈ যায় আৰু ৰাজ্যই শক্তি পোৱালৈকে অৰ্থাৎ বহুত দিনলৈকে অপেক্ষা কৰিবলগীয়া হয়।b (গীতমালা ১১০:১-৪; পাঁচনিৰ কৰ্ম্ম ২:৩৪-৩৬; ৰোমীয়া ৮:৩৪; ইব্ৰী ১০:১২, ১৩) ইয়াৰ পৰাও আমি আন এটা ডাঙৰ পাঠ বা উপদেশ শিকিব পাৰোঁ যিটো আমাৰ সকলোৱে নিজ জীৱনত প্ৰয়োগ কৰা উচিত। সেইটো কি বাৰু?
১৪. মোহৰৰ দৃষ্টান্তই কি মূখ্য আৱশ্যকতাক উল্লেখ কৰিছে?
১৪ আমাৰ আশা স্বৰ্গত চিৰস্থায়ী জীৱন হওঁক বা পৰমদেশ পৃথিবীত অনন্ত জীৱন হওঁক, যীচুৰ দৃষ্টান্তই স্পষ্টৰূপে দেখুৱাইছে যে আমি নিজকে খ্ৰীষ্টান কাৰ্য্যবোৰত প্ৰয়োগ কৰা উচিত। আচলতে, এই দৃষ্টান্তৰ বাৰ্তাক এটা শব্দত সাৰাংশ দিব পাৰি: পৰিশ্ৰমী। পেন্টাকোষ্ট সা.যু. ৩৩ চনৰ পৰা পাঁচনিসকলে ভাল উদাহৰণ প্ৰস্তুত কৰিছে। আমি পঢ়ো: “ইয়াত বাজেও তেওঁ আন ভালেমান কথাৰে সাক্ষ্য দিলে, আৰু তেওঁ বিলাকক উদগাই কলে, এই কুটিল লোকৰ পৰা নিজক ৰক্ষা কৰা।” (পাঁচনিৰ কৰ্ম্ম ২:৪০-৪২) কিযে উত্তম পৰিণাম আছিল! যিহেতু অন্যলোকো পাঁচনিৰ সৈতে খ্ৰীষ্টান প্ৰচাৰ কাৰ্য্যত যোগ দিছিল, তেওঁলোকো শুভবাৰ্ত্তা ‘গোটেই জগততো . . . বৃদ্ধি’ কৰিবলৈ পৰিশ্ৰমী আছিল।—কলচীয়া ১:৩-৬, ২৩; ১ কৰিন্থীয়া ৩:৫-৯.
১৫. মোহৰৰ দৃষ্টান্ত থকা মূখ্য বিষয়টো আমি কি বিশেষ পদ্ধতিৰে প্ৰয়োগ কৰা উচিত?
১৫ যীচুৰ উপস্থিতিৰ বিষয়ে কৰা ভৱিষ্যতবাণী কথা মনত ৰাখক। আমাৰ ওচৰত যথেষ্ট প্ৰমাণ আছে যে যীচুৰ পাৰৌচিয়া আৰম্ভ হʼল আৰু অতি সোনকালে ই চৰম অৱস্থাত পৰিণত হʼব। যীচুৱে “শেষ” আৰু খ্ৰীষ্টানসকলে আৱশ্যকীয় কাৰ্য্যৰ মাজত থকা সমন্ধক স্মৰণ কৰক যিটো তেওঁলোকে কৰা অতি আৱশ্যক: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:১৪) এই কথা মনত ৰাখি, আমি কেনেধৰণ দাসৰ সৈতে আমি নিজকে অনুৰূপ কৰিম? নিজকে সোধক ‘এইটো সিদ্ধান্ত লোৱা যুক্তিসঙ্গত হবনে যে মই এজন সেই দাসৰ দৰে যিজনে তেওঁৰ দায়িত্ব যি আছিল তাকে নকৰি মোহৰটো লুকুৱাই ৰাখিলে, সম্ভৱতঃ নিজৰ ব্যক্তিগত চিন্তাক বেছিকৈ গুৰুত্ব দিলে? বা এইটো স্পষ্টনে যে মই সেই দাসসকলৰ দৰে যিসকলে ভাল আৰু বিশ্বাসী আছিল? গৰাকীৰ ইচ্ছাক সকলো সুযোগতে বৃদ্ধি কৰিবলৈ মই সম্পূৰ্ণৰূপে প্ৰকাশ কৰিছোঁনে?’
তেওঁৰ উপস্থিতিৰ সময়ত সতৰ্ক আৰু পৰিশ্ৰমী হওঁক
১৬. আমি আপোনাৰ সৈতে আলোচনা কৰা এই দুটা দৃষ্টান্তই কি বাৰ্তা বহন কৰিছে?
১৬ অৱশ্যে, সেই প্ৰতীকৰূপী আৰু ভৱিষ্যতবাণীৰ অৰ্থৰ ওপৰিও, যীচুৱে নিজেই প্ৰকাশ কৰা এই দুটা দৃষ্টান্তই আমাক নিশ্চিতৰূপে উৎসাহিত কৰে। তেওঁৰ বাৰ্তা হৈছে: যেতিয়া যীচুৰ পাৰৌচিয়া দেখা পোৱা যাব তেতিয়া সৰ্তক আৰু পৰিশ্ৰমী হোৱা আৱশ্যক। সেই সময়টো হৈছে আজিৰ এই বৰ্তমান সময়। সেইবাবে আমি সচাঁকৈ সতৰ্ক আৰু পৰিশ্ৰমী হোৱা উচিত নে?
১৭, ১৮. যীচুৰ উপস্থিতিৰ বিষয়ে শিষ্য যাকোবে কি উপদেশ দিছিল?
১৭ যীচুৱে জৈতুন পৰ্ব্বতত দিয়া ভৱিষ্যতবাণীক তেওঁৰ সতীয়া ভ্ৰাতৃ যাকোবে শুনা নাছিল; কিন্তু পাছলৈ তেওঁ ইয়াৰ বিষয়ে শিকিলে আৰু ইয়াৰ গুৰুত্ব স্পষ্টৰূপে বুজি পালে। তেওঁ লিখিলে: “চোৱা, খেতিয়কে খেতিৰ বহুমূল্য শস্যলৈ বাট চাই থাকে, আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপায়, তেতিয়ালৈকে সহন কৰি থাকে। তোমালোকেও সহন কৰা, নিজ নিজ হৃদয় থিৰে ৰাখা; কাৰণ প্ৰভুৰ আগমন ওচৰ পালেহি।”—যাকোব ৫:৭, ৮.
১৮ তেওঁলোকৰ ধন-সম্পত্তি অপব্যৱহাৰ কৰা সেই বিৰোধীসকলৰ ওপৰত ঈশ্বৰে যে ন্যায় কৰিব এই বিষয়ে সত্য খ্ৰীষ্টানসকলক প্ৰতিশ্ৰুতি দি, যাকোবে যিহোৱাৰ কাৰ্য্যত অপেক্ষা কৰাৰ সময়ত অধৈৰ্য্য নহবলৈ আগ্ৰহ কৰিছে। এজন অধৈৰ্য্যশীল খ্ৰীষ্টানে বিদ্বেষপূৰ্ণ হব পাৰে যদি তেওঁ নিজকে ভূলৰ প্ৰতি ন্যায় কৰিবলৈ অধিকাৰ আছে বুলি ভাবে। ন্যায় কৰা সময় নিশ্চয়ে আহি পাইছেহি, সেইবাবে সেইদৰে ভবাটো উচিত নহয়। কিয়নো যাকোবে বৰ্ণনা কৰা খেতিয়কৰ দৃষ্টান্তই আমাৰ বাবে এক উত্তম উদাহৰণ প্ৰস্তুত কৰিছে।
১৯. এজন ইহুদী খেতিয়কে কেনেধৰণৰ ধৈৰ্য্য প্ৰতিফলিত কৰিব লাগিছিল?
১৯ এজন ইহুদী খেতিয়কে যেতিয়া কঠীয়া সিচিছিল, প্ৰথমে পাত ওলোৱালৈকে তাৰ পাছত ডাঙৰ হোৱা লৈকে আৰু শেষত শস্য চপোৱালৈকে তেওঁলোকে অপেক্ষা কৰিবলৈ আছিল। (লূক ৮:৫-৮; যোহন ৪:৩৫) সেই সময়লৈকে তেওঁলোকৰ বাবে কেইবাটাও দুশ্চিন্তাগ্ৰস্ত কাৰণ আছিল। আগতীয়াকৈ যথেষ্ঠ পৰিমাণত বৰষুণ হবনে? পাছৰ বৰষুণত কি হব? পোক বা ধুমুহায়ে শস্যক নষ্ট কৰি পেলাবনে? (যোৱেল ১:৪; ২:২৩-২৫ তুলনা কৰক।) যিকি নহওঁক, এজন ইহুদী খেতিয়কে সকলো ক্ষেত্ৰতে আৰু যিহোৱাই পঠোৱা প্ৰাকৃতিক কাৰ্য্যচক্ৰৰ বাবে তেওঁত বিশ্বাস কৰিব পাৰে। (দ্বিতীয় বিবৰণ ১১:১৪; যিৰিমিয়া ৫:২৪) খেতিয়কৰ ধৈৰ্য্য বাস্তৱতে ফলৰ প্ৰতি দৃঢ়বিশ্বাসৰ আশা আছিল। তেওঁৰ বিশ্বাসৰ দ্বাৰা জানিছিল যে যাৰ বাবে তেওঁ অপেক্ষা কৰিছিল সেয়া হব। এইটো নিশ্চয়কৈ সেই আশা পূৰ্ণ হব!
২০. যাকোবৰ উপদেশৰ সৈতে সামাঞ্জস্য ৰাখি আমি কেনেকৈ আমাৰ ধৈৰ্য্য প্ৰদৰ্শন কৰিব পাৰোঁ?
২০ যদিও খেতিয়কে, হয়তো কেতিয়া শস্য চপোৱাৰ হব তাৰ বিষয়ে কিছু জ্ঞান আছিল, কিন্তু প্ৰথম শতাব্দীৰ খ্ৰীষ্টীনসকলৰ যীচুৰ উপস্থিতিৰ সম্পৰ্কে কোনো জ্ঞান নাছিল। যিহেতু এইটো নিশ্চিতৰূপে হবলৈ আছিল। যাকোবে লিখিলে: “প্ৰভুৰ [গ্ৰীক, পাৰৌচিয়া ] আগমন ওচৰ পালেহি।” যেতিয়া যাকোবে এই কথাষাৰ লিখিছিল, খ্ৰীষ্টৰ উপস্থিতিৰ চিহ্ন তেতিয়ালৈকে অধিকৰূপে বা গোটেই বিশ্বত প্ৰমাণিত হোৱা নাছিল। কিন্তু সেইটো বৰ্তমান সময়ত হৈছে! সেই এই কালক আমি কিদৰে অনুভৱ কৰা উচিত? সেই চিহ্ন প্ৰকৃততে এতিয়া দৃশ্যমান হৈছে। আমি সেইবোৰ দেখিবলৈ পাইছোঁ। আমি নিশ্চয়ে কব পাৰো, ‘মই চিহ্নৰ পূৰ্ণতা দেখিছো।’ যাকোবে কোৱা কথাষাৰতকৈ বেছি চিহ্ন আমি দেখিছো সেইকাৰণে আমি দৃঢ়বিশ্বাসৰে কব পাৰো: “প্ৰভুৰ আগমন ওচৰ পালেহি।”
২১. আমি কি কৰিবলৈ নিৰ্দ্ধাৰণ কৰা উচিত?
২১ যিহেতু সেইয়া হৈছে মুখ্য বিষয়, যীচুৱে দিয়া দুটা দৃষ্টান্ত, যিটো আমি আলোচনা কৰিলো, তাত দিয়া মৌলিক পাঠবোৰক নিজৰ হৃদয় গ্ৰহণ কৰি প্ৰয়োগ কৰিবলৈ আমাৰ ওচৰত শক্তিশালী কাৰণ আছে। তেওঁ কৈছিল: “পৰ দি থাকা কিয়নো সেই দিন বা সময় তোমালোকে নাজানা।” (মথি ২৫:১৩) আমাৰ খ্ৰীষ্টান কাৰ্য্যক উৎসাহৰূপে কৰিবলৈ এতিয়াই সেই সময়। আহঁক আমি আমাৰ দৈনিন্দৰ জীৱনত দেখুৱাওঁ যে আমি যীচুৰ কথাবোৰ বুজি পাইছোঁ। আহঁক আমি সতৰ্ক হওঁ! আহঁক আমি পৰিশ্ৰমী হওঁ!
[Footnotes]
a এই দৃষ্টান্তৰ লাক্ষণিক বৰ্ণনাক বুজিবলৈ, নিউ ৱাৰ্কত থকা ৱাচটাৱাৰ বাইবেল এনড্ ট্ৰেক্ট চোচাইটিয়ে প্ৰকাশ কৰা হাজাৰ বছৰীয়া ঈশ্বৰৰ ৰাজ্য কাষ চাপিলহি, (ইংৰাজী) নামৰ কিতাপখনৰ ১৬৯-২১১ পৃষ্ঠা চাওঁক।
b হাজাৰ বছৰীয়া ঈশ্বৰৰ ৰাজ্য কাষ চাপিলহি (ইংৰাজী) কিতাপখনৰ ২১২-২৫৬ পৃষ্ঠা চাওঁক।
আপুনি স্মৰণ কৰেনে?
▫ নিৰ্ব্বুদ্ধি আৰু সুৰ্ব্বুদ্ধি কন্যাৰ দৃষ্টান্তৰ পৰা আপুনি কি মুখ্য সংবাদ প্ৰাপ্ত কৰিলে?
▫ মোহৰৰ দৃষ্টান্তৰ দ্বাৰা, যীচুৱে কি মৌলিক উপদেশ আপোনালৈ আগবঢ়াইছে?
▫ ইহুদী খেতিয়কৰ দৰে পাৰৌচিয়া প্ৰতি আপোনাৰ ধৈৰ্য্য কিদৰে সমন্ধ আছে?
▫ যি সময়ত বাস কৰি আছো সেইটো কিয় এটা বিশেষকৈ উত্তেজনাজনক আৰু প্ৰত্যহ্বানজনক সময়?
[Picture on page 23]
কন্যা আৰু মোহৰৰ দৃষ্টান্তৰ পৰা আপুনি কি পাঠ শিকিলে?