আনন্দৰ বিষয় এই যে যিহোৱাই আমাক তেওঁৰ পথ প্ৰদান কৰিছে
“ঈশ্বৰৰ পথ হলে সিদ্ধ; যিহোৱাৰ বাক্য নিভাঁজ।”—২ চমূৱেল ২২:৩১.
১, ২. (ক) কিহৰ বাবে মানৱজাতিক মূল আধাৰশিলাৰ আৱশ্যক? (খ) আমি কাৰ উদাহৰণক অনুকৰণ কৰাটো উত্তম হʼব?
সকলো মানুহৰ পথ-প্ৰদৰ্শনৰ বাবে মূল আধাৰশিলাৰ আৱশ্যক। অৱশ্যে, জীৱনত সঠিক পথত চলি থাকিবলৈ আমাক সহায়ৰ আৱশ্যকতা আছে। প্ৰকৃততে, যিহোৱাই আমাক পৰিমিতৰূপে জ্ঞানৰূপী ধন প্ৰদান কৰিছে আৰু বেয়াৰ পৰা ভালক বাচি লবলৈ মগজুৰ লগত এক বিবেক দিছে। কিন্তু যদি আমি আমাৰ বিবেকৰ ওপৰত ভৰসা কৰিব বিচাৰোঁ তেনেহʼলে বিবেকক এক নিৰ্ভৰযোগ্যৰ পথ-প্ৰদৰ্শনৰ দ্বাৰা প্ৰশিক্ষণ কৰা আৱশ্যক। (ইব্ৰী ৫:১৪) আৰু আমি উত্তম সিদ্ধান্ত লবলৈ আমাৰ স্মৃতিপটত সঠিক সংবাদৰ আৱশ্যক আৰু সেই সংবাদবোৰক কিদৰে কাৰ্য্যত নিৰ্দ্ধাৰণ কৰিব পাৰি তাৰ বাবে প্ৰশিক্ষণৰ আৱশ্যক। (হিতোপদেশ ২:১-৫) আমাৰ জীৱন কচুপাতৰ পানীৰ দৰে হোৱাৰ বাবে, আমাৰ সিদ্ধান্ত বিফল হব পাৰে। (উপদেশক ৯:১১) আমাৰ নিজৰ ভৱিষ্যত কি হʼব তাক জানিবলৈ আমি নিজে কোনো নিৰ্ভৰযোগ্য পথ উলিয়াই লব নোৱাৰো।
২ এই কাৰণে আৰু আন বহুতো কাৰণসমূহৰ বাবে, যিৰিমিয়া ভৱিষ্যতবক্তাই লিখিছিল: “হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।” (যিৰিমিয়া ১০:২৩) যীচু খ্ৰীষ্ট যিজন সৰ্বশ্ৰেষ্ঠ মানৱ আছিল, তেওঁৰো সেই পথ-প্ৰদৰ্শনৰ আৱশ্যক আছিল। তেওঁ কৈছিল: “পুত্ৰই পিতৃক যি যি কৰ্ম্ম কৰা দেখে, তাত বাজে, তেওঁ নিজে একো কৰ্ম্ম কৰিব নোৱাৰে; কিয়নো সেই জনাই যিহকে কৰে, পুত্ৰয়ো একে দৰে তাকেহে কৰে।” (যোহন ৫:১৯) যীচুৰ পদ চিহ্নত চলিবলৈ যিহোৱাৰ সহায় বিচৰাটো কিমান যে বুদ্ধিমানৰ কাৰ্য্য হʼব! ৰজা দায়ূদে এইদৰে গাইছিল: “ঈশ্বৰৰ পথ হলে সিদ্ধ; যিহোৱাৰ বাক্য নিভাঁজ, তেওঁ নিজত আশ্ৰয় লোৱা লোকৰ ঢালস্বৰূপ।” (২ চমূৱেল ২২:৩১) আমি যদি নিজৰ জ্ঞানৰ অনুসাৰে নচলি যিহোৱাৰ অনুসাৰে চলোঁ, তেতিয়া আমি সঠিক পথ-প্ৰদৰ্শন লাভ কৰিব পাৰিম। ঈশ্বৰৰ পথক অস্বীকাৰ কৰা মানেই হৈছে ধ্বংসক আমন্ত্ৰণ কৰা।
যিহোৱাই পথ প্ৰদৰ্শন কৰে
৩. যিহোৱাই কেনেকৈ আদম আৰু হৱাক পৰিচলনা কৰিছিল আৰু কি ভৱিষ্যত প্ৰদান কৰিছিল?
৩ আদম আৰু হৱাৰ কথা বিবেচনা কৰক। যদিও তেওঁলোক শুদ্ধ আছিল, তেওঁলোকক পথ প্ৰদৰ্শনৰ আৱশ্যক আছিল। যিহোৱাই আদমক নিজৰ বাবে আঁচনি তৈয়াৰ কৰিবলৈ সুন্দৰ এদন বাগিছাত এৰি দিয়া নাছিল। তাৰ পৰিৱৰ্ত্তে, ঈশ্বৰে তেওঁক কাৰ্য্য কৰিবলৈ কাম দিছিল। প্ৰথমতে আদমে জীৱ-জন্তুবিলাকৰ নামকৰণ কৰিছিল। তাৰ পাছত যিহোৱাই আদম আৰু হৱাক দীৰ্ঘকালৰ বাবে কৰিবলৈ কাৰ্য্য প্ৰদান কৰিছিল। তেওঁলোকক গোটেই পৃথিৱীত অধিকাৰ কৰিবলৈ, তেওঁলোকৰ সতি-সন্তানৰে গোটেই পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু পৃথিৱীৰ জীৱ-জন্তুবিলাকক যত্ন লোৱাৰ দায়ীত্ব আছিল। (আদিপুস্তক ১:২৮) এইটো এক বৃহত কাৰ্য্যৰ আঁচনি, কিন্তু ইয়াৰ শেষ ফলাফল, পৰমদেশলৈ ৰূপান্তৰিত হোৱা গোটেই পৃথিৱীখনত শুদ্ধ মানৱজাতি জীৱ-জন্তুৰ সৈতে মিলি একেলগে বাস কৰিবলৈ আছিল। কিযে সুন্দৰ উন্নতি! তাৰ উপৰিও যদি আদম আৰু হৱা বিশ্বাসী হৈ যিহোৱাৰ পথত চলি থকা হলে, তেওঁলোকৰ সৈতে ঈশ্বৰৰ পোনপটীয়াকৈ সম্বন্ধ থাকিলহেঁতেঁন। (আদিপুস্তক ৩:৮ পদৰ সৈতে তুলনা কৰক।) এজন প্ৰভাৱশালী সৃষ্টিকৰ্ত্তাৰ সৈতে ব্যক্তিগতভাৱে সম্বন্ধ ৰাখাতোঁ কিযে আচৰিত বিশেষ অধিকাৰ আছিল!
৪. আদম আৰু হৱাই কেনেকৈ অবিশ্বাসী প্ৰমাণিত হʼল আৰু তাৰ ফলাফল কি হʼল?
৪ যিহোৱাই প্ৰথম মানৱ দম্পতীক এদন বাগিছাত থকা ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল খাবলৈ নিষেধ কৰিছিল আৰু ইয়াৰ দ্বাৰা তেওঁলোকক আজ্ঞাকাৰী হৈ যিহোৱাৰ পথত চলি থাকিবলৈ এক সুযোগ প্ৰদান কৰিছিল। (আদিপুস্তক ২:১৭) তাৰ অলপ পাছতেই তেওঁলোকৰ আজ্ঞাকাৰীতাক পৰীক্ষা কৰা হʼল। যেতিয়া চয়তান ছলাহী কথাৰে ভ্ৰান্তি জন্মাবলৈ তেওঁলোকৰ ওচৰত আহিছিল তেতিয়া আদম আৰু হৱাই যিহোৱালৈ বিশ্বাসী হৈ তেওঁৰ প্ৰতিজ্ঞাক বিশ্বাস কৰি আজ্ঞাকাৰী হৈ থাকিব লাগিছিল। দুখৰ বিষয় এই যে তেওঁলোক বিশ্বাসী হৈ থাকিব নোৱাৰিলে। যেতিয়া চয়তানে হৱাক স্বাধীন ইচ্ছা প্ৰকাশ কৰিবলৈ উৎসাহিত কৰি আৰু যিহোৱাক মিছা কোৱা বুলি জগৰীয়া কৰিলে, তেতিয়া তাই চয়তানৰ ছলাহী কথাত পতিয়ন গৈ অৱজ্ঞাকাৰী হʼল। আদমো তাইৰ পাপৰ সহভাগী হʼল। (আদিপুস্তক ৩:১-৬; ১ তীমথিয় ২:১৪) পৰিণামস্বৰূপে তেওঁলোক গভীৰ পাপত পৰিল। যিহোৱাৰ পথত চলি থকা হলে তেওঁলোকে চিৰকালৰ বাবে আনন্দত থাকি তেওঁৰ ইচ্ছাক পূৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু তাৰ পৰিৱৰ্ত্তে মৃত্যু নোহোৱা পৰ্য্যন্ত তেওঁলোকৰ জীৱন নিৰাশা আৰু বেদনাৰে ভৰি পৰিল।—আদিপুস্তক ৩:১৬-১৯; ৫:১-৫.
৫. চিৰকালৰ বাবে যিহোৱাৰ উদ্দেশ্য কি, আৰু কেনেকৈ বিশ্বাসী ব্যক্তিসকলক তাৰ পূৰ্ণতাক চাবলৈ সহায় কৰে?
৫ যিয়ে নহওঁক কিয়, পৃথিৱীৰ প্ৰতি থকা পৰমদেশত সিদ্ধ মানৱৰ পৰিপূৰ্ণ হোৱা যিহোৱাৰ উদ্দেশ্য কেতিয়াও সলনি নহল যিটো এদিন নহয় এদিন নিশ্চয়ে পূৰ্ণ হʼব। (গীতমালা ৩৭:১১, ২৯) আৰু যিসকলে তেওঁৰ অনুসাৰে চলে আৰু তেওঁৰ প্ৰতিজ্ঞা পূৰ্ণ হোৱালৈ আশাৰে বাট চাই আছে তেওঁলোকক শুদ্ধৰূপে পথ প্ৰদৰ্শন কৰিবলৈ ঈশ্বৰে কেতিয়াও বিফল নহয়। সেইবাবে যিসকলৰ কাণ আছে, পিছফালৰ পৰা অহা যিহোৱাৰ বাক্যক শুনিবলৈ পাব, যিজনে কৈছে: “এয়ে পথ, এয়েদি চলা।”—যিচয়া ৩০:২১.
কিছুমান ব্যক্তিয়ে যিহোৱাৰ পথত চলিছিল
৬. কোন দুজন মানুহে যিহোৱাৰ পথত চলিছিল আৰু তাৰ কি পৰিণাম হৈছিল?
৬ বাইবেলত বৰ্ণনা কৰা অনুসাৰে আদম আৰু হৱাৰ বংশধৰ হোৱা তাকৰ সংখ্যক লোকহে যিহোৱাৰ পথত চলিছিল। তেওঁলোকৰ ভিতৰত প্ৰথম আছিল হেবল। যদিও তেওঁ অকালতে মৃত্যু বৰণ কৰিছিল, তেওঁ যিহোৱাৰ সন্মূখত অনুগ্ৰহ পাইছিল আৰু যিহোৱাৰ নিজ সময়ত কৰা ‘ধাৰ্ম্মিক . . . লোকৰ পুনৰুত্থানত’ তেওঁৰ আশা আছে। (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) অৱশেষত মানৱজাতিৰ প্ৰতি থকা যিহোৱাৰ মহৎ উদ্দেশ্য পূৰ্ণ হোৱা তেওঁ দেখিবলৈ পাব। (ইব্ৰী ১১:৪) আন এজন আছিল হনোক, যিজনে এই জগতৰ শেষৰ সম্পৰ্কে ভৱিষ্যতবাণী কৰিছিল, তেওঁৰ কথা যিহূদাৰ পত্ৰত লিপিবদ্ধ কৰি ৰাখা হৈছে। (যিহূদা ১৪, ১৫) হনোক বেছিদিন জীয়াই থাকিব নোৱাৰিলে। (আদিপুস্তক ৫:২১-২৪) তেতিয়াও, “তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে, ইয়াৰ সাক্ষ্য পালে।” (ইব্ৰী ১১:৫) যেতিয়া তেওঁৰ মৃত্যু হʼল, তেওঁৰো হেবলৰ দৰে পুনৰুত্থানৰ আশা থাকিল আৰু তেৱোঁ সেইসকলৰ মাজৰ এজন হব যিসকলে ঈশ্বৰৰ উদ্দেশ্যক পূৰ্ণ হোৱা দেখিব।
৭. নোহ আৰু তেওঁৰ পৰিয়ালবৰ্গই যিহোৱাৰ প্ৰতি কেনেদৰে বিশ্বাস আৰু ভৰসা প্ৰকাশ কৰিলে?
৭ জল প্লাৱনৰ আগতে এই জগতখন দুষ্টাতাৰে ভৰি আছিল, সেইবাবে যিহোৱালৈ বিশ্বাসী হৈ থকাতো বহুত কঠিন হৈ পৰিছিল। সেই জগতৰ শেষৰ সময়ত মাত্ৰ এটা সৰু দলে যিহোৱাৰ পথত চলি থকাটো দেখা পোৱা গৈছিল। নোহ আৰু তেওঁৰ পৰিয়ালে ঈশ্বৰৰ কথা শুনিছিল আৰু তেওঁ যি কৈছিল তাক বিশ্বাস কৰিছিল। তেওঁলোকে বিশ্বাসী হৈ ঈশ্বৰৰ আঁচনি অনুসাৰে কাৰ্য্য কৰিছিল আৰু সেই সময়ৰ জগতৰ দুষ্ট কাৰ্য্যত ভাগ লোৱাৰ পৰা আতঁৰি আছিল। (আদিপুস্তক ৬:৫-৭, ১৩-১৬; ইব্ৰী ১১:৭; ২ পিতৰ ২:৫) আমি তেওঁলোকৰ বিশ্বাস আৰু আজ্ঞাকাৰীতা দেখি কৃতজ্ঞ হব পাৰোঁ। জল প্লাবনত ৰক্ষা পোৱাৰ বাবে তেওঁলোকে আজি আমাৰ পূৰ্বজ হৈ পৰিল।—আদিপুস্তক ৬:২২; ১ পিতৰ ৩:২০.
৮. যিহোৱাৰ পথত চলিবৰ বাবে ইস্ৰায়েলসকলৰ বাবে কি অন্তভূৰ্ক্ত হৈ আছিল?
৮ কালক্ৰমে যিহোৱাই বিশ্বাসী যাকোবৰ বংশধৰৰ সৈতে নিয়ম স্থাপন কৰিলে আৰু তেওঁলোক তেওঁৰ বিশেষ জাতি হৈ পৰিল। (যাত্ৰাপুস্তক ১৯:৫, ৬) যিহোৱাই তেওঁৰ নিয়মৰ লোকসকলক নিজৰ লিখিত নিয়ম, পুৰোহিতবৰ্গ আৰু হবলগা ভৱিষ্যতবাণীৰ দ্বাৰা পথ-প্ৰদৰ্শন প্ৰদান কৰিলে। কিন্তু সেই পথ-দৰ্শনৰ অনুকৰণ কৰি চলাটো ইস্ৰায়েলসকলৰ উপৰত নিৰ্ভৰ কৰিছিল। যিহোৱাৰ নিজ ভৱিষ্যতবক্তাই ইস্ৰায়েলসকলক কৈছিল: “চোৱা, আজি মই তোমালোকৰ আগত আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ। আজি মই তোমালোকক যিবোৰ আজ্ঞা দিছোঁ, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ সেই সকলো আজ্ঞালৈ যদি কাণ দিয়া, তেন্তে তোমালোকে সেই আশীৰ্ব্বাদ পাবা; আৰু যদি নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাবোৰলৈ কাণ নিদি, মই আজি তোমালোকক যি পথত চলিবলৈ আজ্ঞা দিছোঁ, তোমালোকে নজনা আন দেৱতাৰ পাছত চলিবলৈ সেই পথ এৰা, তেন্তে সেই শাও পাবা।”—দ্বিতীয় বিবৰণ ১১:২৬-২৮.
কিয় কিছুমানে যিহোৱাৰ পথক ত্যাগ কৰিলে
৯, ১০. কি কাৰণসমূহৰ বাবে ইস্ৰায়েলসকলে যিহোৱাক বিশ্বাস আৰু ভৰসা কৰিব লাগিছিল?
৯ আদম আৰু হৱাক দিয়া আজ্ঞাৰ দৰে ইস্ৰায়েলসকলেও যিহোৱাক বিশ্বাস কৰিব লাগিছিল আৰু তেওঁ লৈ আজ্ঞাকাৰী হৈ থাকিব লাগিছিল। ইস্ৰায়েলসকলে এক সৰু জাতি আছিল, তেওঁলোকৰ চাৰিওফালে কন্দলপ্ৰিয় চুবুৰীয়াই আগুৰি আছিল। দক্ষিণ-পশ্চিমে আছিল মিচৰ আৰু ইথিয়ʼপিয়া। উত্তৰ-পূবত আছিল অৰামীয়া আৰু অচূৰ। একেবাৰে কাষৰ চুবুৰীয়াত আছিল পলেষ্টিয়া, অম্মোনীয়া আৰু ইদোম। একসময়ত সেই সকলোবোৰে ইস্ৰায়েলসকলৰ শত্ৰু হৈছিল। তদুপৰি তেওঁলোকে মিছা ধৰ্ম্ম পালন কৰিছিল, তেওঁলোকৰ উপাসনাত মূৰ্ত্তি, গণক, বৃহৎ পৰিমাণে অনৈতিকতা আৰু নিষ্ঠুৰভাৱে কৰা শিশু বলি অন্তৰ্ভূক্ত আছিল। ইস্ৰায়েলসকলৰ চুবুৰীয়াই তেওঁলোকৰ দেৱতাবিলাকক তেওঁলোকৰ বংশ বৃদ্ধি, খেতি-বাতি ভাল হোৱা আৰু যুদ্ধত বিজয় প্ৰাপ্ত কৰাবলৈ নিবেদন কৰিছিল।
১০ একমাত্ৰ ইস্ৰায়েলসকলে যিহোৱা ঈশ্বৰক উপাসনা কৰিছিল। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল যে যদিহে ইস্ৰায়েলসকলে যিহোৱাৰ ব্যৱস্থা পালন কৰে তেতিয়াহে ঈশ্বৰে তেওঁলোকৰ বংশ বৃদ্ধি হবলৈ, ভাল খেতি-বাতিৰ বাবে আশীৰ্ব্বাদ দিব আৰু তেওঁলোকক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিব। (দ্বিতীয় বিবৰণ ২৮:১-১৪) দুখৰ বিষয় এই যে বহুতো ইস্ৰায়েল ব্যক্তিয়ে সেইদৰে কৰিবলৈ বিফল হʼল। যিসকলে যিহোৱাৰ পথত চলিছিল তেওঁলোকৰ বহুতে তেওঁলোকৰ বিশ্বাসৰ বাবে কষ্ট ভুগিবলগীয়া হৈছিল। কিছুমানে শাস্তি, ঠাট্টা, চাবুকৰ প্ৰহাৰ, জেইলত যোৱা, তেওঁলোকলৈ শিল দলিওৱা আৰু নানা যাতনা ভুগিবলগীয়া হৈছিল আৰু তেওঁলোকক সঙ্গী ইস্ৰায়লৰ দ্বাৰা বধ কৰা হৈছিল। (পাঁচনিৰ কৰ্ম্ম ৭:৫১, ৫২; ইব্ৰী ১১:৩৫-৩৮) বিশ্বাসীসকলৰ বাবে কিযে যাতনাদায়ক পৰীক্ষা আছিল! কিয় কিছুমানে যিহোৱাৰ পথৰ পৰা বিচলিত হৈ গৈছিল? যিহুদী ইতিহাসৰ পৰা পোৱা দুটা উদাহৰণে আমাক তেওঁলোকৰ ভুলধাৰণাক বুজিবলৈ সহায় কৰিব।
আহজৰ বেয়া আৰ্হি
১১, ১২. (ক) কেতিয়া অৰামীয়াৰ দ্বাৰা বিপদৰ আশঙ্কা কৰা হʼল, আৰু আহজে কি অস্বীকাৰ কৰিলে? (খ) কোন দুটা দিশলৈ আহজে সুৰক্ষাৰ বাবে বাট চাইছিল?
১১ সা.যূ.পূ. অষ্টম চনত, যিহূদা ৰাজ্যৰ উত্তৰভাগত ৰজা আহজে ৰাজত্ব কৰিছিল। তেওঁৰ ৰাজ্যৰ শাসন শান্তিপূৰ্ণ নাছিল। সেই সময়ত ইস্ৰায়েল দেশৰ উত্তৰফালে থকা ৰাজ্য আৰু অৰামীয়াসকলে ইস্ৰায়েলসকলৰ বিৰুদ্ধে আক্ৰমণ কৰে আৰু তাৰ বাবে “তেওঁৰ মন আৰু তেওঁৰ প্ৰজাবিলাকৰো মন লৰিল।” (যিচয়া ৭:১, ২) যিহেতু যেতিয়া যিহোৱাই আহজক সহায়ৰ বাবে ঈশ্বৰক পৰীক্ষা কৰি চাবলৈ আমন্ত্ৰণ কৰিছিল কিহৰ বাবে তেওঁ ইচ্ছাকৃত্ব অস্বীকাৰ কৰিলে! (যিচয়া ৭:১০-১২) ফলস্বৰূপে যিহূদা যুদ্ধত পৰাস্ত হʼল আৰু বহুতো লোকৰ প্ৰাণ হানি হʼল।—২ বংশাৱলি ২৮:১-৮.
১২ যেতিয়া আহজে যিহোৱাক পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিলে, তাৰ উপৰিও তেওঁ অহঙ্কাৰী হোৱাৰ বাবে অৰামীয়া ৰজাৰ পৰা সহায় বিচাৰিবলৈ যোগ্য নহল। তেতিয়াও যিহূদাই একেৰাহে তেওঁলোকৰ চুবুৰীয়াৰ পৰা যাতনা ভুগিবলগীয়া হৈছিল। যেতিয়া অৰামীয়াই আহজৰ বিৰুদ্ধে থিয় হʼল, তেতিয়া এই কথাই “তেওঁক দুখহে দিলে,” তেতিয়া ৰজাই “দেৱতাবোৰৰ উদ্দেশে বলিদান কৰিছিল আৰু কৈছিল, অৰামীয়া ৰজাবিলাকৰ দেৱতাবিলাকেই অৰামীয়াবিলাকক সহায় কৰিলে; এই হেতুকে মইও তেওঁবিলাকৰ উদ্দেশে বলিদান কৰিম; তাতে তেওঁবিলাকে মোকো সহায় কৰিব।”—২ বংশাৱলি ২৮:২০, ২৩.
১৩. আহজে অৰামীয়াসকলৰ ঈশ্বৰলৈ ৰক্ষাৰ বাবে সহায় বিচাৰি কি প্ৰদৰ্শন কৰিলে?
১৩ পাছৰ সময়ত যিহোৱাই ইস্ৰায়েলসকলক কৈছিল: “তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই। অহ, তুমি মোৰ আজ্ঞাত মন দিয়া হলে, কেনে ভাল আছিল! দিয়া তোমাৰ শান্তি নদীৰ নিচিনা, আৰু তোমাৰ ধাৰ্ম্মিকতা সমুদ্ৰৰ ঢৌৰ নিচিনা হলহেঁতেন।” (যিচয়া ৪৮:১৭, ১৮) আহজে অৰামীয়াৰ ঈশ্বৰক উপাসনা কৰাৰ দ্বাৰা প্ৰদৰ্শন কৰিলে যে তেওঁ ‘সেই পথৰ পৰা কিমান আতঁৰত আছিল যি পথত তেওঁ চলা উচিত আছিল।’ তেওঁ সম্পূৰ্ণৰূপে জাতিবিলাকৰ ভাৱধাৰাৰ দ্বাৰা ভুল পথত পৰিচালিত হʼল, যিহোৱাৰ পৰিৱৰ্ত্তে তেওঁবিলাকৰ মিছা দেৱতাবিলাকক ৰক্ষাৰ বাবে সহায় বিচাৰিলে।
১৪. আহজে মিছা দেৱতাবিলাকৰ প্ৰতি সহায়ৰ বাবে দৃষ্টি দিয়াৰ বাবে কিয় ক্ষমা নাপালে?
১৪ অৰামীয়া আৰু আন জাতিবিলাকৰ দেৱতাবোৰক বহু আগৰে পৰা “মূল্যহীন দেৱতা” বুলি প্ৰকাশ কৰা হৈছে। (যিচয়া ২:৮, NW) ৰজা দায়ূদৰ ৰাজত্বৰ সময়ত যেতিয়া অৰামীয়াসকল তেওঁৰ তলতীয়া আছিল তেতিয়া যিহোৱাৰ স্থান অৰামীয়াসকলৰ দেৱতাতকৈ উচ্চ স্থানৰূপে প্ৰকাশ পাইছিল। (১ বংশাৱলি ১৮:৫, ৬) যিহোৱাই একমাত্ৰ, “ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, কাৰো মুখ নোচোৱা, ভেঁটী নোখোৱা, মহান, পৰাক্ৰমী, আৰু ভয়ানক ঈশ্বৰ,” তেওঁ আমাক প্ৰকৃততে নিৰাপত্তা দিব পাৰে। (দ্বিতীয় বিবৰণ ১০:১৭) যিহেতু আহজে যিহোৱালৈ পিঠি দি আন জাতিবিলাকৰ দেৱতাবিলাকৰ ওচৰত উদ্ধাৰৰ বাবে দৃষ্টি দিলে। তাৰ ফলস্বৰূপে যিহূদা বিনাশত পৰিণত হʼল।—২ বংশাৱলি ২৮:২৪, ২৫.
মিচৰ দেশত ইস্ৰায়েলসকলৰ সৈতে যিৰিমিয়া
১৫. কি প্ৰকাৰে যিৰিমিয়াৰ দিনত মিচৰত থকা যিহূদীসকলে পাপ কৰিছিল?
১৫ তেওঁৰ লোকসকলৰ অত্যাধিক অৱজ্ঞাকাৰীৰ বাবে সা.যু.পূ. ৬০৭ চনত বাবিলীয়াসকলৰ দ্বাৰা যিৰূচালেম ধ্বংস কৰে। ইস্ৰায়েলসকলৰ বহুতকে বাবিল দেশলৈ বন্দী কৰি নিয়া হʼল। কিছুমানক এৰি দিয়া হয়, তেওঁলোকৰ ভিতৰত ভৱিষ্যতবক্তা যিৰিমিয়াও আছিল। যেতিয়া ৰাজ্যৰ শাসনকৰ্ত্তা গদলিয়াক হত্যা কৰিলে, এই দলটোৱে মিচৰলৈ পলাই যায় আৰু যিৰিমিয়াকো তেওঁলোকৰ লগত নিয়ে। (২ ৰাজাৱলি ২৫:২২-২৬; যিৰিমিয়া ৪৩:৫-৭) তাত তেওঁলোকে মিছা দেৱতাবিলাকলৈ বলি উৎসৰ্গ কৰিব ধৰিলে। যিৰিমিয়া ভৱিষ্যতবক্তাই অবিশ্বাসী ইস্ৰায়েলসকলক অহিতে গৰিহণা দিছিল, কিন্তু তেওঁলোকৰ মন কঠোৰ আছিল সেইবাবে তেওঁৰ বাক্যৰ প্ৰতি কোনো কাণ নিদিলে। তেওঁলোকে যিহোৱাৰ পৰিৱৰ্ত্তে “আকাশৰ ৰাণীৰ উদ্দেশে” ধূপ জ্বলাইছিল আৰু বলি দিছিল। কিয় তেওঁলোকে তেনে কৰিছিল? কিয়নো তেওঁলোকৰ উপৰি পুৰুষে ‘যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত যেতিয়া তেওঁৰ উদ্দেশে উৎসৰ্গ কৰিছিল, তেতিয়া তেওঁলোকৰ আহাৰ অধিক আছিল আৰু কুশলে আছিল, কোনো অমঙ্গল নেদেখিছিল।’ (যিৰিমিয়া ৪৪:১৬, ১৭) যিহূদীসকলেও তৰ্ক কৰি কৈছিল: “কিন্তু যেতিয়াৰে পৰা আমি আকাশৰ ৰাণীৰ উদ্দেশে ধূপ জ্বলাবলৈ আৰু পেয় নৈবেদ্য ঢালিবলৈ এৰিলোঁ, তেতিয়াৰে পৰা আমাৰ আটাই বস্তুৰ অভাৱ হল, আৰু তৰোৱাল ও দুৰ্ভিক্ষৰ দ্বাৰাই আমাৰ সৰ্ব্বনাশ হল।”—যিৰিমিয়া ৪৪:১৮.
১৬. মিচৰত থকা কালছোৱাত যিহূদীসকলে কৰা তেওঁলোকৰ বিবেচনা কিয় ভুল আছিল?
১৬ কিমান যে মনত ৰাখিব লগীয়া কথা! প্ৰকৃততে কি হৈছিল? যিহূদীসকলে যিহোৱাৰ দ্বাৰা প্ৰাপ্ত হোৱা ভূমিত মিছা দেৱতাৰ উপাসনা কৰিছিল। যাৰবাবে, আহজৰ সময়ত তেওঁলোকে ধৰ্ম-নিন্দাৰ বাবে শাস্তি ভুগিছিল। যিহেতু যিহোৱাই তেওঁৰ নিয়মৰ লোকসকলৰ প্ৰতি “ক্ৰোধত ধীৰ।” (যাত্ৰাপুস্তক ৩৪:৬; গীতমালা ৮৬:১৫) তেওঁ নিজ ভৱিষ্যতবক্তাক তেওঁলোকৰ নিজ মন পৰিৱৰ্তন কৰাৰ সম্পৰ্কে কবলৈ পঠাইছিল। একসময়ত যেতিয়া ৰজাই যিহোৱাৰ প্ৰতি বিশ্বাসী আছিল ঈশ্বৰে তেওঁক আশীৰ্ব্বাদ কৰিছিল আৰু যদিও তেওঁলোকৰ কিছুমান বিশ্বাসী নাছিল তথাপি তেওঁৰ লোকসকলৰ মঙ্গলৰ অৰ্থে আশীৰ্ব্বাদ দিছিল। (২ বংশাৱলি ২০:২৯-৩৩; ২৭:১-৬) যিহূদীসকল কিমান যে ভূল কৰিছিল যেতিয়া মিচৰত তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকৰ মাতৃভূমিত তেওঁলোকে আনন্দ মিছা দেৱতাবিলাকে কঢ়িয়াই আনিছে!
১৭. যিহূদাবাসীয়ে কিয় তেওঁলোকৰ সম্পত্তি আৰু ভূমি হেৰুৱাব লগীয়া হʼল?
১৭ সা.যু.পূ. ৬০৭ চনৰ আগতে, যিহোৱাই যিহূদাত থকা তেওঁৰ লোকসকলক কৈছিল: “তোমালোকে মোৰ বাক্য শুনা, তাতে মই তোমালোকৰ ঈশ্বৰ হম, আৰু তোমালোক মোৰ প্ৰজা হবা; আৰু যি পথত চলিবলৈ মই তোমালোকক আজ্ঞা কৰোঁ, তোমালোকৰ ভালৰ অৰ্থে তোমালোকে সেই পথত চলা।” (যিৰিমিয়া ৭:২৩) যিহূদীসকলে ‘আজ্ঞাৰ অনুসাৰে নচলাৰ’ বাবে তেওঁলোকৰ মুল্যৱান ভূমি আৰু মন্দিৰ হেৰুৱালে। আহঁক আমি সেইধৰণৰ মাৰাত্মক ভুলৰ পৰা আতঁৰি থাকোঁহঁক।
যি সকলে তেওঁৰ পথত চলে যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ দিয়ে
১৮. যিসকলে যিহোৱাৰ পথত চলিবলৈ বিচাৰে তেওঁলোকলৈ কি কৰিবলৈ দাবী কৰা হৈছে?
১৮ বৰ্তমান দিনত অতীতৰ দৰে যিহোৱাৰ অনুকৰণত বিশ্বাসী হৈ—মাত্ৰ তেওঁকে উপাসনা কৰিবলৈ দাবী কৰা হৈছে। ই যিহোৱাৰ প্ৰতিজ্ঞাসমূহ নিশ্চয় পূৰ্ণতা উপৰত সম্পূৰ্ণ বিশ্বাস আৰু ভৰসা দাবী কৰে। যিহোৱাৰ পথত চলিবলৈ আজ্ঞাকাৰী আৰু তেওঁৰ নিয়মসমূহক আন্তৰিকতাৰে পালন কৰি উচ্চ নৈতিকতা বজাই ৰাখিবলৈ দাবী কৰা হৈছে। “কিয়নো যিহোৱা ধৰ্ম্মময়; তেওঁ ধাৰ্ম্মিকতা ভাল পায়; সৰল লোকে তেওঁৰ মুখ দেখিব।”—গীতমালা ১১:৭.
১৯. কোন কোন দেৱতাক বেছিভাগেই উপাসনা কৰা হয় আৰু তাৰ কি পৰিণাম হয়?
১৯ আহজে উদ্ধাৰৰ বাবে অৰামীয়াসকলৰ দেৱতাবিলাকৰ ওচৰত সহায় বিচাৰিছিল। মিচৰত বাস কৰা ইস্ৰায়েলসকলে বিশ্বাস কৰিছিল যে ‘আকাশৰ ৰাণী’ যাৰ দ্বাৰা তেওঁলোকৰ আৰ্থিক উন্নতি হʼব। যাক প্ৰাচীন মধ্য পূবত বিস্তৃতভাৱে উপাসনা কৰা হৈছিল। বৰ্তমান দিনত বহুতো দেৱতা আছে যি প্ৰকৃততে মূৰ্ত্তি নহয়। যিহোৱাৰ পৰিৱৰ্ত্তে তেওঁলোকে অধিক ‘ধনক’ সেৱা নকৰিবলৈ যীচুৱে সাৱধানবাণী দিছিল। (মথি ৬:২৪) পাঁচনি পৌলে ‘লোভ, অৰ্থাৎ দেৱপূজা হয়’ সম্পৰ্কে কৈছিল। (কলচীয়া ৩:৫) তেওঁ এইদৰেও কৈছিল যে “পেটেই তেওঁবিলাকৰ ঈশ্বৰ।” (ফিলিপীয়া ৩:১৯) হয়, ধন আৰু ভৌতিক বস্তুসমূহে আজিৰ সময়ত প্ৰধান ঈশ্বৰ যাক উপাসনা কৰা হয়। বাস্তৱতে যিসকলে ধৰ্ম্মৰ অনুষ্ঠানৰ সৈতে সম্বন্ধ ৰাখে, তেওঁলোকে “ধনৰ অনিশ্চয়তাত ভাৰসা” কৰে। (১ তীমথিয় ৬:১৭) বহুতে এই দেৱতাবিলাকক উপাসনা কৰিবলৈ কঠিন পৰিশ্ৰম কৰে আৰু কিছুমানহে তাৰ ফল প্ৰাপ্ত কৰে—বহুতে নানা সুবিধাৰে পূৰ্ণ থকা ঘৰত জীৱন নিৰ্বাহ কৰে, দামী বস্তুৰ আনন্দ প্ৰাপ্ত কৰে আৰু নবাবী আহাৰ গ্ৰহণ কৰে। যিহেতু সকলোৱে তেনে সম্পদ উপভোগ নকৰে। আৰু যিসকলে তেনে কৰে কালক্ৰমে তেওঁলোকে নিজেই এই বস্তুবিলাকৰ পৰা অসন্তোষ হয়। কিয়নো সেইবিলাক অনিশ্চয় অস্থায়ী আৰু সেইবিলাকে আধ্যাত্মিক সন্তুষ্টি দিব নোৱাৰে।—মথি ৫:৩.
২০. আমি কি ভাৰসাম্যতা বজাই ৰখা উচিত?
২০ এইটো সত্য যে আমি এই জগতৰ শেষ-কালত জীয়াই আছোঁ, সেইবাবে আমি ব্যৱহাৰিক হোৱা আৱশ্যক। আমি আমাৰ পৰিয়ালৰ ভৌতিক চাহিদা পূৰণ কৰিবলৈ যুক্তিসঙ্গত ব্যৱস্থা লোৱা উচিত। কিন্তু যদি আমি অতি লাহ-বিলাহৰ জীৱন যাপন কৰোঁ, ধন একত্ৰিত কৰোঁ বা সেই একেই ধৰণৰ বস্তু ঈশ্বৰৰ সেৱাত ব্যৱহাৰ কৰোঁ, তেনেহʼলে আমি এক প্ৰকাৰৰ মূৰ্ত্তি উপাসনাত ভাগ লম আৰু যিহোৱাৰ পথত দীৰ্ঘসময় ধৰি চলিবলৈ নোৱাৰিম। (১ তীমথিয় ৬:৯, ১০) যেতিয়া আমি বেমাৰত পৰোঁ বা আন সমস্যাত পৰোঁ আৰু আমাৰ ওচৰত আৰ্থিক নাটনি হয় তেতিয়াহʼলে কি হব? মিচৰত থকা যিহূদীসকলে যেনেকৈ তেওঁলোকৰ সমস্যাৰ কাৰণে যিহোৱাৰ সেৱাক জগৰীয়া কৰিছিল আমি তেনে নকৰোহঁক। তাৰ পৰিৱৰ্ত্তে আমি যিহোৱাক পৰীক্ষা কৰোঁহঁক, যিটো কৰিবলৈ আহজে বিফল হৈছিল। একনিষ্ঠাৰে যিহোৱাক পথ-প্ৰদৰ্শনৰ বাবে সহায় বিচৰা আৱশ্যক। বিশ্বস্ততাৰে তেওঁৰ পৰামৰ্শক প্ৰয়োগ কৰা আৰু সকলো পৰিস্থিতিত সঠিকৈ সন্মূখীন হবলৈ শক্তি আৰু জ্ঞানৰ বাবে প্ৰাৰ্থনা কৰা আৱশ্যক। তাৰ পাছত সম্পূৰ্ণ বিশ্বাসৰে যিহোৱাৰ আশীৰ্ব্বাদৰ বাবে অপেক্ষা কৰা উচিত।
২১. যিহোৱাৰ পথত চলিলে কি আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰি?
২১ ইস্ৰায়েলসকল জীৱন-যাপনৰ ওপৰত আধাৰিত ইতিহাসৰ অনুসাৰে, যিসকলে যিহোৱাৰ পথত চলিছিল তেওঁলোকক ঈশ্বৰে প্ৰচুৰ মাত্ৰাত আশীৰ্ব্বাদ কৰিছিল। ৰজা দায়ূদে গাইছিল: “হে যিহোৱা, তুমি মোৰ শত্ৰুবোৰৰ কাৰণে নিজ ধাৰ্ম্মিকতাৰ গুণেৰে মোক চলোৱা।” (গীতমালা ৫:৮) যিহোৱাই দায়ূদক তেওঁৰ চুবুৰীয়া ৰাজ্যৰ ওপৰত বিজয় কৰাইছিল যি চুবুৰীয়াই পাছলৈ ৰজা আহজক হাৰাশাস্তি কৰিছিল। ৰজা চলোমনৰ সময়ত ইস্ৰায়েলসকলে শান্তি আৰু তেওঁলোকৰ সা-সম্পত্তিৰ বৃদ্ধিৰ বাবে আশীৰ্ব্বাদ পাইছিল, যি আশীৰ্ব্বাদসমূহৰ বাবে পাছলৈ মিচৰত থকা যিহূদীসকলে হাবাথুৰী খাইছিল। আহজৰ পুত্ৰ হিষ্কিয়াক শক্তিশালী অৰামীয়াসকলৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ যিহোৱাই সহায় কৰিছিল। (যিচয়া ৫৯:১) হয়, যিসকল বিশ্বাসী যিহোৱাই তেওঁলোকক ৰক্ষা কৰে আৰু তেওঁলোক “পাপীবোৰৰ পথত থিয় নহয়” কিন্তু যিহোৱা ব্যৱস্থাত তেওঁলোক আনন্দিত হয়। (গীতমালা ১:১, ২) আজিও ই একেইদৰে সত্য। বৰ্তমান সময়ত আমি কেনেকৈ নিশ্চিত হব পাৰোঁ যে আমি যিহোৱাৰ পথত চলিছো? এই বিষয়ে পৰৱৰ্তী অধ্যায়ত আলোচনা কৰা হʼব। (WT May 15, 1999)
আপুনি স্মৰণ কৰেনে?
◻ যিহোৱাৰ পথত চলিবলৈ কি গুণসমূহৰ আৱশ্যক আছে?
◻ আহজৰ ভাৱধাৰা কিয় ভুল আছিল?
◻ মিচৰত থকা যিহূদীসকলৰ বিবেচনা কিয় ভুল আছিল?
◻ যিহোৱাৰ পথত চলা আমাৰ সঙ্কল্পক কেনেকৈ শক্তিশালী কৰিব পাৰোঁ?
[Picture on page 13]
আহজে যিহোৱাৰ পৰিৱৰ্ত্তে অৰামীয়া দেৱতাবিলাকৰ ওচৰত সহায়ৰ বাবে বাট চাইছিল