একেৰাহে যিহোৱাৰ পথত চলি থাকক
“যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলি থাকা; তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব।”—গীতমালা ৩৭:৩৪.
১, ২. ৰজা দায়ূদৰ বাবে যিহোৱাৰ পথত চলিবলৈ কি কি অন্তৰ্ভূক্ত আছিল, আৰু আজি আমাৰ বাবে কি কি কৰা আৱশ্যক আছে?
“মই চলিব লগীয়া পথ মোক জনোৱা, কিয়নো মই তোমালৈ হাবিয়াহ কৰিছোঁ।” (গীতমালা ১৪৩:৮) বৰ্তমান দিনৰ খ্ৰীষ্টানসকলে সম্পূৰ্ণ হৃদয়ৰে ৰজা দায়ূদৰ বাক্যক স্মৰণ কৰে। তেওঁলোকে অকপটভাৱে যিহোৱাক আনন্দিত কৰিব বিচাৰে আৰু তেওঁৰ পথত চলে। ইয়াত বাৰু কি অন্তৰ্ভূক্ত আছে? দায়ূদৰ কাৰণে ইয়াৰ অৰ্থ আছিল ঈশ্বৰৰ আজ্ঞা পালন কৰা। ইয়াত অন্তৰ্ভূক্ত হৈ আছে অন্য জাতিৰ দেৱতাবিলাকৰ পৰিৱৰ্ত্তে যিহোৱাক ভৰসা কৰা। হয়, ইয়াৰ অৰ্থ হৈছে চুবুৰীয়াৰ দেৱতাবিলাকৰ পৰিৱৰ্ত্তে একমাত্ৰ যিহোৱাৰ বিশ্বাসী হৈ তেওঁক উপাসনা কৰা। এজন খ্ৰীষ্টানৰ কাৰণে যিহোৱাৰ পথত চলাৰ বাবে ইয়াতকৈও আৰু বেছি অন্তৰ্ভূক্ত হৈ আছে।
২ বৰ্তমান সময়ত যিহোৱাৰ পথত চলাৰ অৰ্থ হৈছে যীচুৱে দিয়া মূক্তিৰূপী বলিদানত বিশ্বাস কৰা, তেওঁক সেই “বাট আৰু সত্য আৰু জীৱন” ৰূপে চিনাক্ত কৰা। (যোহন ৩:১৬; ১৪:৬; ইব্ৰী ৫:৯) ইয়াৰ অৰ্থ এইটোও হৈছে “খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰা,” যʼত অন্তৰ্ভূক্ত আছে এজনে আনজনৰ প্ৰতি প্ৰেম দেখুউৱা, বিশেষকৈ যীচুৰ অভিষিক্ত ভাইসকলৰ প্ৰতি প্ৰেম প্ৰকাশ কৰা। (গালাতীয়া ৬:২; মথি ২৫:৩৪-৪০) যিসকলে যিহোৱাৰ পথত চলে তেওঁলোকে তেওঁৰ সিদ্ধান্তক আৰু আজ্ঞাক প্ৰেম কৰে। (গীতমালা ১১৯:৯৭; হিতোপদেশ ৪:৫, ৬) খ্ৰীষ্টান পৰিচৰ্য্যাত অংশ গ্ৰহণ কৰাটোৱে হৈছে তেওঁলোকৰ বাবে বহুমূলীয়া সম্পদ। (কলচীয়া ৪:১৭; ২ তীমথিয় ৪:৫) প্ৰাৰ্থনা হৈছে তেওঁলোকৰ জীৱনৰ দৈনন্দিন কৰ্ম্ম। (ৰোমীয়া ১২:১২) আৰু তেওঁলোকে ‘যি দৰে চলে, তালৈ সাৱধানে দৃষ্টি কৰে; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলে।’ (ইফিচীয়া ৫:১৫) নিশ্চিতৰূপে তেওঁলোকে অস্থায়ী ভৌতিক বস্তু বা শাৰীৰিক অভিলাষৰ বাবে আধ্যাত্মিক ধনৰ অপচয় নকৰে। (মথি ৬:১৯, ২০; ১ যোহন ২:১৫-১৭) তাৰ উপৰিও যিহোৱাৰ প্ৰতি আনুগত্য হোৱা আৰু তেওঁক ভৰসা কৰাটো এটা অতি আৱশ্যকীয় কাৰ্য্য। (২ কৰিন্থীয়া ১:৯; ১০:৫; ইফিচীয়া ৪:২৪) কিয় এইটো অতি আৱশ্যকীয় কাৰ্য্য? কিয়নো আমাৰ পৰিস্থিতি সেই প্ৰাচীন ইস্ৰায়েলসকলৰ দৰে প্ৰায় একেই।
আনুগত্য আৰু ভৰসাৰ বাবে আৱশ্যকতাসমূহ
৩. বিশ্বাসনীয়, বিশ্বাস আৰু ভৰসাই আমাক যিহোৱাৰ পথত চলিবলৈ কিয় সহায় কৰিব?
৩ ইস্ৰায়েলসকল এটা সৰু জাতি আছিল, এনে চুবুৰীয়াই ইয়াক আগুৰি আছিল যে সেই সকলৰ বন্ধুত্বভাৱ নাছিল আৰু তেওঁলোকে মূৰ্ত্তিৰে বনোৱা দেব-দেবীক উপাসনা কৰা অনৈতিক অনুষ্ঠানবিলাকত অংশ গ্ৰহণ কৰিছিল। (১ বংশাৱলি ১৬:২৬) অকলমাত্ৰ ইস্ৰায়েলসকলে অদৃশ্য সত্য ঈশ্বৰ যিহোৱাক উপাসনা কৰিছিল, আৰু তেওঁ তেওঁলোকৰ পৰা উচ্চ নৈতিকতা বজাই ৰখাৰ বাবে দাবী কৰিছিল। (দ্বিতীয় বিবৰণ ৬:৪) ঠিক একেইদৰে আজিও কিছু লাখ সংখ্যক লোকে একমাত্ৰ যিহোৱাক উপাসনা কৰে, আৰু পৃথিৱীত প্ৰায় ৬০ হাজাৰ নিযুত লোকে তেওঁলোকৰ নৈতিকতা আৰু ধৰ্ম্মক বজাই ৰাখিছে তেওঁলোকে আনসকলতকৈ সম্পূৰ্ণ ভিন্ন। আমিও যদি সেই কিছু হাজাৰ নিযুত লোকৰ মাজৰ এজন হওঁ, আমি নিশ্চয়ে বেয়া পথৰ পৰা অহা প্ৰভাৱক বাধা দিয়া উচিত। কেনেকৈ দিব পাৰি? যিহোৱা ঈশ্বৰৰ প্ৰতি বিশ্বাসী হোৱা, তেওঁক বিশ্বাস কৰা আৰু তেওঁ প্ৰতিজ্ঞা কৰা নিজ উদ্দেশ্যক নিশ্চয়ে পূৰ্ণ কৰিব তাৰ বাবে দৃঢ় ভৰসা ৰখাৰ দ্বাৰা। (ইব্ৰী ১১:৬) ইয়ে আমাক আমাৰ ভৰসা এই জগতৰ বস্তুবিলাকৰ ওপৰত নাৰাখিবলৈ সহায় কৰিব।—হিতোপদেশ ২০:২২; ১ তীমথিয় ৬:১৭.
৪. কিয় জাতিবিলাকৰ “চিত্ত আন্ধাৰময়”?
৪ পাঁচনী পৌলে, খ্ৰীষ্টানসকলে এই জগতৰ পৰা কিমান ভিন্ন থকা উচিত এই বিষয়ে তেওঁ এইদৰে লিখিছিল: “এতেকে মই ইয়াকে কৈছোঁ, আৰু প্ৰভুত এই সাক্ষ্য দিছোঁ যে, পৰজাতি লোকে তেওঁ বিলাকৰ মনৰ অসাৰতাৰে যেনে আচৰণ কৰে, তোমালোকে তেনে আচৰণ আৰু নকৰিবা; কিয়নো তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হল; আৰু তেওঁবিলাক, নিজ নিজ হৃদয়ৰ কঠিনতাৰ দ্বাৰাই হোৱা তেওঁবিলাকৰ আন্তৰিক অজ্ঞানতাৰ কাৰণে, ঈশ্বৰে দিয়া জীৱনৰ ভাগী নহল।” (ইফিচীয়া ৪:১৭, ১৮) যীচুৱে হৈছে “পোহৰ দিওঁতা।” (যোহন ১:৯) যিসকলে তেওঁক অগ্ৰাহ্য কৰে বা যিসকলে তেওঁক বিশ্বাস কৰোঁ বুলি দাবী কৰে কিন্তু প্ৰকৃততে “খ্ৰীষ্টৰ বিধান” পালন নকৰে, দৰাচলতে তেওঁবিলাকৰ “চিত্ত আন্ধাৰময়।” তেওঁলোকে যিহোৱাৰ পথৰ পৰা বহু আতঁৰত, তেওঁলোকে “আন্তৰিক অজ্ঞানতাৰ কাৰণে, ঈশ্বৰে দিয়া জীৱনৰ ভাগী নহল।” যিহেতু জ্ঞানীসকলে জাগতিকভাৱে ভাৱিব পাৰে যে তেওঁলোকে ‘তেওঁবিলাকত অজ্ঞান’ কিয়নো তেওঁলোকৰ ওচৰত জীৱনলৈ পৰিচালিত কৰিবলৈ মাত্ৰ যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ সঠিক জ্ঞান আছে।—যোহন ১৭:৩; ১ কৰিন্থীয়া ৩:১৯.
৫. যিহেতু জগতত সত্যৰ পোহৰ দীপ্তিময়ৰূপে প্ৰকাশ পাইছে, তথাপিও তাৰ প্ৰতি বহুতৰ হৃদয় কিয় অনুভূতিহীন হৈ পৰিছে?
৫ এতিয়ালৈকে সত্যৰ পোহৰ জগতত দীপ্তিময় হৈ প্ৰকাশ হৈছে! (গীতমালা ৪৩:৩; ফিলিপীয়া ২:১৫) “প্ৰজ্ঞাই আলিত ৰিঙিয়াই কয়, চকবোৰত নিজ মাত শুনায়।” (হিতোপদেশ ১:২০) যোৱা বছৰ যিহোৱাৰ সাক্ষীসকলে নিজৰ চুবুৰীয়াক যিহোৱা আৰু যীচু খ্ৰীষ্টৰ বিষয়ে বাৰ্ত্তা দিবলৈ এক শতকোটিতকৈ অধিক ঘন্টা অতিবাহিত কৰে। হাজাৰ হাজাৰ লোকে ইয়াৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া দেখুৱায়। বহুতে সঠিক প্ৰতিক্ৰিয়া দেখুৱাবলৈ বিফল হʼল এই কথা ভাৱি আমি আচৰিত হোৱা উচিতনে? নহয়, কিয়নো পৌলে তেনে লোকৰ “হৃদয় কঠিনতাৰ” বিষয়ে কৈছিল। কিছুমানে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই কিয়নো তেওঁলোকৰ হৃদয় স্বাৰ্থপৰ আৰু অৰ্থ লোভী। কিছুমানে মিছা ধৰ্ম্মৰ দ্বাৰা বা বিস্তৃতৰূপে বিয়পি থকা সংসাৰিক দৃষ্টিভঙ্গীৰ দ্বাৰা প্ৰভাৱিত হয়। জীৱনত কষ্টকৰ পৰিস্থিতিৰ সন্মূখীন হোৱাৰ বাবে বহুত লোক ঈশ্বৰৰ পৰা দূৰলৈ আতঁৰি যায়। আনসকলে যিহোৱাৰ উচ্চ নৈতিকতাক পালন কৰিবলৈ অস্বীকাৰ কৰে। (যোহন ৩:২০) যিহোৱাৰ পথত চলা এজন ব্যক্তিৰ হৃদয় এই সক্ৰান্তত কঠিন হব পাৰেনে?
৬, ৭. যদিও তেওঁলোক যিহোৱা ঈশ্বৰৰ উপাসক আছিল, কি উৎসৱত তেওঁলোক ঈশ্বৰৰ পৰা আঁতৰি গʼল আৰু কিয়?
৬ পৌলে প্ৰকাশ কৰিছিল যে ঠিক তেনেদৰে প্ৰাচীন ইস্ৰায়েলসকলৰ ক্ষেত্ৰত হৈছিল। তেওঁ লিখিছিল: “তেওঁবিলাকে যেনেকৈ কামনা কৰিছিল আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ, এই কাৰণে সেই ঘটনাই আমালৈ আৰ্হি হল। আৰু তেওঁবিলাকৰ মাজৰ কিছুমান যেনেকৈ দেৱপূজক হৈছিল, তোমালোক তেনে নহবা; সেই বিষয়ে এনে লিখা আছে; মানুহবিলাকে ভোজন-পান কৰিবলৈ বহিল, পাছে ধেমালি কৰিবলৈ উঠিল। আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ ব্যভিচাৰ কৰাত; একে দিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহঁক।”—১ কৰিন্থীয়া ১০:৬-৮.
৭ পৌলে প্ৰথমতে ইস্ৰায়েলসকলৰ সেই সময়ক নিৰ্দেশিত কৰিছিল যেতিয়া তেওঁলোকে চীনয় পৰ্ব্বতত সোণৰ দামুৰী সাজি উপাসনা কৰিছিল। (যাত্ৰাপুস্তক ৩২:৫, ৬) তেনে কৰাৰ দ্বাৰা তেওঁলোকে পোনপটীয়াকৈ ঈশ্বৰীয় আজ্ঞাৰ উলঙ্ঘন কৰিলে, যিটো কিছু সপ্তাহৰ আগতে তেওঁলোকে পালন কৰিব বুলি স্বীকাৰ কৰিছিল। (যাত্ৰাপুস্তক ২০:৪-৬; ২৪:৩) তাৰ পাছত পৌলে সেই সময়ৰ কথা উল্লেখ কৰিছিল যেতিয়া যিহূদীসকলে মোৱাবৰ জীয়াৰীবিলাকৰ সৈতে বাল দেৱতাৰ আগত প্ৰণিপাত কৰিছিল। (গণনা পুস্তক ২৫:১-৯) দামুৰীৰ উপাসনাই বৃহতভাৱে নিজ স্বাৰ্থৰ বিষয়ে চিন্তা কৰা অৰ্থাৎ ‘ৰং-ধেমালি কৰাক’ চিত্ৰিত কৰে।a বাল দেৱতাৰ উপাসনাত বৃহতৰূপে যৌন অনৈতিকতা অন্তৰ্ভূক্ত হৈ আছিল। (প্ৰকাশিত বাক্য ২:১৪) ইস্ৰায়েলসকলে কিয় এই পাপ কৰিলে? কিয়নো তেওঁলোকে তেওঁলোকৰ হৃদয়ক ‘মন্দ বিষয়ৰ কামনা’ কৰিবলৈ অনুমতি দিছিল—মূৰ্ত্তিপূজা বা তাৰ সৈতে সন্মিলিত থকা লম্পট কাৰ্য্য।
৮. ইস্ৰায়েলসকলৰ অনুভৱৰ পৰা আমি কি শিকিব পাৰোঁ?
৮ পৌলে উল্লেখ কৰিছে যে আমি এই ঘটনাৰ পৰা শিক্ষা আহৰণ কৰোঁ। কি শিক্ষা শিকিব পাৰোঁ? খ্ৰীষ্টানসকলে সোণৰ দামুৰী বা প্ৰাচীন মোৱাবৰ দেৱতাক প্ৰণিপাত কৰাৰ সম্পৰ্কে ভাৱিব নোৱাৰে। কিন্তু অনৈতিকতা বা নিজ স্বাৰ্থৰ হকে চিন্তা কৰাৰ বিষয় কি? আজি এইবিলাক অতি সাধাৰণ, যদি আমি আমাৰ হৃদয়ত সেইবিলাকৰ প্ৰতি স্থান দিওঁ, সেইবিলাক আমাৰ আৰু যিহোৱা ঈশ্বৰৰ মাজত এক বাধা সৃষ্টি কৰিব। ইয়াৰ ফল একেই হʼব, যেনে আমি মূৰ্ত্তিপূজা কৰিছোঁ অৰ্থাৎ ঈশ্বৰৰ পৰা বিচ্ছেদ হৈছোঁ। (কলচীয়া ৩:৫; ফিলিপীয়া ৩:১৯ সৈতে তুলনা কৰক।) দৰাচলতে, পৌলে সেই ঘটনা দ্বাৰা সাৱধান কৰি তেওঁৰ আলোচনাৰ অন্তত তেওঁ সঙ্গী বিশ্বাসীসকলক কৈছিল: “দেৱপূজাৰ পৰা পলোৱা।”—১ কৰিন্থীয়া ১০:১৪.
ঈশ্বৰৰ পথত চলিবলৈ সহায়
৯. (ক) যিহোৱাৰ অনুসাৰে তেওঁৰ পথত চলিবলৈ আমি কি সহায় লাভ কৰোঁ? (খ) আমাৰ ‘কাণৰ পাছৰ পৰা অহা বাক্য শুনিবলৈ’ এক প্ৰকাৰৰ পথ কি?
৯ আমি যদি যিহোৱাৰ পথত চলিবলৈ থিৰাং কৰি লওঁ, আমি সহায়কক প্ৰত্যাখ্যান নকৰিম। যিচয়াই ভৱিষ্যতবাণী কৰিছিল: “তোমালোকে সোঁফালে কি বাওঁফালে ঘূৰিবৰ সময়ত, তোমালোকৰ কাণে পাছৰ পৰা এই বাক্য শুনিবলৈ পাব, এয়ে পথ, এয়েদি চলা।” (যিচয়া ৩০:২১) ‘আমাৰ নিজ কাণে আমাৰ পাছৰ পৰা অহা বাক্যক কেনেকৈ শুনি পাম’? যিহেতু আজি কোনেও প্ৰকৃততে কণ্ঠধ্বনি বা ব্যক্তিগতভাৱে ঈশ্বৰৰ পৰা অহা বাৰ্ত্তা শুনিব নাপায়। আমাৰ সকলোৱে শুনা তেওঁৰ “বাক্য” সেই একেই ধৰণে আমালৈ আহে। প্ৰথম আৰু মুখ্যৰূপে সেই বাক্য তেওঁৰ নিশ্বসিত শাস্ত্ৰ বাইবেলৰ পৰা শুনিব পাৰি, যʼত ঈশ্বৰে মানুহৰ সৈতে কেনে আচৰণ কৰিছিল তাৰ বৰ্ণিত কৰা আছে। যিহেতু আমি নিতৌ “ঈশ্বৰে দিয়া জীৱনৰ ভাগী” নিমিত্তে বিশেষ মত প্ৰকাশ কৰোঁ, আমি আধ্যাত্মিকত সুস্থ হৈ থাকিবলৈ নিয়মিতৰূপে বাইবেল পঢ়া আৰু তাক বিবেচনা কৰা আৱশ্যক। ইয়ে আমাক “অসাৰ্থক” বস্তুৰ পৰা আতঁৰি “সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত” হবলৈ সহায় কৰিব। (পাঁচনিৰ কৰ্ম্ম ১৪:১৪, ১৭; ২ তীমথিয় ৩:১৬, ১৭) ইয়ে ‘আমাক কৃতকাৰ্য্য’ হবলৈ আমাক শক্তি আৰু প্ৰতিৰক্ষাৰ প্ৰদান কৰিব। (যিহোচূৱা ১:৭, ৮) এইবাবে যিহোৱাৰ বাক্যই কৈছে: “এই হেতুকে হে মোৰ বোপাহঁত, তোমালোকে এতিয়া মোৰ কথা শুনা; কিয়নো যিবিলাকে মোৰ পথত চলে, তেওঁ বিলাক ধন্য। তোমালোকে শিক্ষা মানি জ্ঞানৱান হোৱা, তাক অগ্ৰাহ্য নকৰিবা।”—হিতোপদেশ ৮:৩২, ৩৩.
১০. আমাৰ ‘কাণৰ পাছৰ পৰা অহা বাক্য শুনিবলৈ’ আন এটা পথ কি?
১০ ‘কাণৰ পাছৰ পৰা অহা বাক্য’ “বিশ্বাসী বুদ্ধিমান দাস” সকলৰ পৰা আহে, যি সকলে “উচিত সময়ত আহাৰ” প্ৰস্তুত কৰে। (মথি ২৪:৪৫-৪৭) এফালেদি বাইবেল আধাৰত ছপোৱা আলোচনীসমূহ আৰু যোৱা কেইবা বছৰত প্ৰচুৰ মাত্ৰাত কৰা যোগদানৰে ইয়াক উপলব্ধ কৰা হয়। উদাহৰণস্বৰূপে, প্ৰহৰীদূৰ্গ আলোচনীয়ে ভৱিষ্যতবাণীৰ প্ৰতি থকা আমাৰ বুজ শক্তিক পৰিশোধন কৰে। এই পত্ৰিকাত আমাক প্ৰচাৰ কাৰ্য্য আৰু শিষ্য বনোৱা কাৰ্য্যত বিৰোধ হোৱা সত্বেও একেৰাহে লাগি থাকিবলৈ উৎসাহিত কৰে, আমাক ফান্দত নপৰিবলৈ সহায় কৰে আৰু খ্ৰীষ্টানৰ গুণসমূহক বৃদ্ধি কৰিবলৈ জোৰ দিয়ে। উচিত সময়ত এই আহাৰ পোৱাৰ আমাৰ কাৰণে কিমান যে মূল্যবান!
১১. আমাৰ ‘কাণৰ পাছৰ পৰা অহা বাক্য শুনিবলৈ’ পোৱা তৃতীয় পথটো কি?
১১ আমাৰ সভাসমূহত বিশ্বাসী বুদ্ধিমান দাসসকলে আহাৰ যোগান ধৰে। এইবিলাক স্থানীয় মণ্ডলীৰ সভা, চাৰ্কিট সন্মিলন হোৱা ছয়মহীয়া সভা আৰু বৃহত বছৰেকীয়া অধিবেশন অন্তৰ্ভূক্ত হৈ আছে। বিশ্বাসী খ্ৰীষ্টানসকলে এইধৰণৰ সমাবেশত মূল্যঙ্কান নকৰেনে? তেওঁলোকে যিহোৱাৰ পথত চলিবলৈ অতি আৱশ্যকীয় সহায় আগবঢ়ায়। যিহেতু বহুতে কৰ্ম্মস্থলত বা স্কুলত অখ্ৰীষ্টান লোকৰ সৈতে যথেষ্ট সময় অতিবাহিত কৰিবলগীয়া হয়, কিন্তু খ্ৰীষ্টানৰ নিতৌ সঙ্গতিয়ে বাস্তৱতে সকলোৰে জীৱন ৰক্ষা কৰে। সভাসমূহে আমাক “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ” সুযোগ দিয়ে। (ইব্ৰী ১০:২৪) আমি আমাৰ ভাইসকলক প্ৰেম কৰোঁ আৰু তেওঁলোকৰ সংগী হবলৈ ভালপাওঁ।—গীতমালা ১৩৩:১.
১২. যিহোৱাৰ সাক্ষীসকলে কি কৰিবলৈ থিৰাং কৰে আৰু অলপতে তাক কেনেকৈ প্ৰকাশ কৰে?
১২ এই আধ্যাত্মিক আহাৰৰ পৰা শক্তি প্ৰাপ্ত কৰি বৰ্তমান প্ৰায় ষাঠি লাখ লোক যিহোৱাৰ পথত চলি আছে আৰু দহ লাখতকৈও অধিক লোকে কেনেকৈ তেওঁৰ পথত চলিব পাৰে তাৰ বাবে শিকিবলৈ গৃহ বাইবেল অধ্যয়ন কৰি আছে। এই পৃথিৱী মূল জনসংখ্যাৰ লক্ষ-লক্ষ সংখ্যাতকৈ তেওঁলোকৰ সংখ্যা তাকৰ হোৱাৰ বাবে তেওঁলোকে নিৰুৎসাহী বা দুৰ্বল অনুভৱ কৰেনে? অৱশ্যে নকৰে! তেওঁলোকে যিহোৱাৰ বিশ্বাসী পথত চলিবলৈ ‘কাণৰ পাছৰ অহা বাক্যক শুনিবলৈ’ থিৰাং সিদ্ধান্ত কৰি লৈছে। এই থিৰাং সিদ্ধান্তক ৰাজহুৱাভাৱে প্ৰকাশ কৰিবলৈ, ১৯৯৮/৯৯ চনৰ “ঈশ্বৰীয় জীৱনৰ পথ” নামৰ জিলা আৰু অন্তঃৰাষ্ট্ৰীয় অধিবেশনত প্ৰতিনিধিসকলে আন্তৰিকতাৰে পদক্ষেপ লৈছিল। প্ৰস্তাৱৰ বিষয়বস্তুসমূহক তলত বৰ্ণনা কৰা হʼল।
এক সিদ্ধান্ত
১৩, ১৪. এই জগতৰ পৰিস্থিতিৰ ওপৰত যিহোৱাৰ সাক্ষীসকলৰ স্বাভাৱিক দৃষ্টি কি?
১৩ “আমি, যিহোৱাৰ সাক্ষী হিচাবে ‘ঈশ্বৰীয় জীৱনৰ পথ’ নামৰ অধিবেশনত একত্ৰিত হৈ, সম্পূৰ্ণ হৃদয়ৰে ঈশ্বৰীয় জীৱন পথেই আমাৰ জীৱনৰ উত্তম পথ বুলি স্বীকাৰ কৰিছোঁ। আমি স্বীকৃতি দিছোঁ যে, যিহেতু বেছিভাগ মানুহে ভিন্নভাৱে অনুভৱ কৰিছে। জীৱনৰ পথক উত্তম কৰি তুলিবলৈ মানৱ সমাজে বহুতো ধাৰণা, দৰ্শনশাস্ত্ৰ, আৰু ধৰ্ম্মীয় অভিমত পৰ্য্যৱেক্ষণ কৰিছে। সূক্ষ্মভাৱে মানৱ ইতিহাস আৰু আজিৰ পৃথিৱীৰ অৱস্থাত দৃষ্টি কৰি ঈশ্বৰীয় ঘোষণাৰ সত্যতাক যিৰিমিয়া ১০:২৩ পদত বৰ্ণনা কৰা ফল এনেধৰণৰ: ‘মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।’
১৪ “আমি প্ৰত্যেক দিনাই সেই বাক্যবোৰৰ সত্যতা পূৰ্ণ হোৱা বহুতো ঘটনা দেখিবলৈ পাওঁ। বেছিভাগ ক্ষেত্ৰত মানৱ সমাজে ঈশ্বৰীয় জীৱনৰ পথৰ প্ৰতি অৱেহেলা কৰে। মানুহে সেই বস্তুবিলাকৰ পাছত চলে যিবিলাক তেওঁলোকৰ দৃষ্টিত ভাল বুলি ভাৱে। তাৰ ফলাফল শোকাৱহ হয়—পৰিয়াল ভাঙি যোৱা, কোনো অভিভাৱক নোহোৱাকৈ লৰা-ছোৱালীয়ে বাস কৰা; ব্যাপকৰূপে ভৌতিক বস্তুৰ পিছত যোৱা, যাৰ ফলস্বৰূপে অসাৰতা আৰু নিৰাশ হবলগীয়া হয়; বোধহীন অপৰাধ আৰু হিংসা, বহুজনে অপৰাধত বলি হোৱা; জাতিগত বিবাদ আৰু যুদ্ধ, মাৰাত্মকৰূপে মানুহৰ জীৱন ধ্বংস কৰা; অনৈতিকতাৰ কোনো প্ৰতিবন্ধক নোহোৱা, ব্যপকভাৱে যৌনগত ৰোগ বিয়পি পৰা। অসংখ্যা জটিল সমস্যাৰ ভিতৰত কিছু সমস্যাই সুখ, শান্তি আৰু নিৰাপত্তাত বাধা উৎপন্ন কৰে।
১৫, ১৬. ঈশ্বৰীয় জীৱন পথৰ বিষয়ে সঙ্কল্পত কি কৰিবলৈ থিৰাং কৰিলোঁ?
১৫ “মানুহৰ এই বেদনাদায়ক অৱস্থা আৰু ‘সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধ’ কাষ চপাৰ বাবে (প্ৰকাশিত বাক্য ১৬:১৪, ১৬), যিহোৱাৰ সাক্ষীৰূপে নিৰ্দ্ধাৰণ কৰিছোঁ যে:
১৬ “প্ৰথমতে: আমি নিজকে যিহোৱা ঈশ্বৰৰ হওঁ বুলি দৃষ্টি কৰা আৱশ্যক, কোনো চুক্তি নোহোৱাকৈ আমি ব্যক্তিগতৰূপে নিজকে তেওঁ লৈ সমৰ্পণ কৰা উচিত আৰু আমি যিহোৱাই প্ৰবন্ধ কৰা তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ দ্বাৰা মুক্তিপণত দৃঢ় বিশ্বাস বজাই ৰখা উচিত। ঈশ্বৰীয় জীৱনৰ পথত চলিবলৈ, তেওঁৰ সাৰ্ব্বভৌমত্বক যীচু খ্ৰীষ্টৰ শাসনৰ দ্বাৰা অধীনস্থ প্ৰকাশ কৰিবলৈ আৰু আমি তেওঁৰ সাক্ষীৰূপে সেৱা কৰিবলৈ থিৰাং কৰিছোঁ।
১৭, ১৮. নৈতিক স্তৰ আৰু খ্ৰীষ্টান ভাতৃত্বক বজাই ৰাখিবলৈ যিহোৱাৰ সাক্ষীসকলে কি স্থিতি একেৰাহে অৱলম্বন কৰিব?
১৭ “দ্বিতীয়তে: বাইবেলৰ অনুসাৰে আমি নিতৌ উচ্চ নৈতিক আৰু আধ্যাত্মিক স্তৰ বজাই ৰাখিম। আমি, জাতিবিলাকে তেওঁলোকৰ অসাৰ মনৰে চলাৰ দৰে নচলি আমাৰ নিজ পথক পৃথক কৰিবলৈ থিৰাং কৰিলোঁ। (ইফিচীয়া ৪:১৭-১৯) যিহোৱাৰ সন্মূখত আৰু এই জগতৰ পৰা নিষ্কলঙ্কৰূপে থকাটো আমাৰ সঙ্কল্প।—যাকোব ১:২৭.
১৮ “তৃতীয়তে: আমি বিশ্বজুৰি ভাতৃ সমাজৰূপে আধ্যাত্মিক স্থান বজাই ৰাখিম। জাতিগত, ৰাষ্ট্ৰীয় বা জাতীয়তা ঘৃণা বা ভিন্নতাত নিজকে অন্তৰ্ভূক্ত নকৰি, জাতিবিলাকৰ ভিতৰত আমি খ্ৰীষ্টান নিৰপেক্ষতা বজাই ৰাখিম।
১৯, ২০. (ক) খ্ৰীষ্টান পিতৃ-মাতৃ কি কৰিব? (খ) সত্য খ্ৰীষ্টানসকলে নিজকে কেনেকৈ একেৰাহে খ্ৰীষ্টৰ শিষ্য বুলি চিনাকি দিব?
১৯ “চতুৰ্থ: আমাৰ যিসকলে পিতৃ-মাতৃ তেওঁলোকে ঈশ্বৰৰ পথৰে নিজ লৰা-ছোৱালীক উপদেশ দিয়া আৱশ্যক। আমি আমাৰ খ্ৰীষ্টান জীৱনত এক উত্তম উদাহৰণ ৰখা উচিত, যʼত অন্তৰ্ভূক্ত হৈ আছে নিতৌ বাইবেল পাঠ কৰা, পৰিবাৰিক অধ্যয়ন আৰু সম্পূৰ্ণ হৃদয়ৰে খ্ৰীষ্টান মণ্ডলী আৰু ক্ষেত্ৰ পৰিচৰ্য্যাত অংশ গ্ৰহণ কৰা।
২০ “পঞ্চম: সকলোৱে আমাৰ সৃষ্টিকৰ্ত্তাই প্ৰদৰ্শন কৰা ঈশ্বৰীয় গুণসমূহক প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব লাগিব, আমি যীচুৱে কৰাৰ দৰে ঈশ্বৰৰ ব্যক্তিত্বক অনুকৰণ কৰিব আৰু তেওঁৰ পথত চলিব লাগে। (ইফিচীয়া ৫:১) আহঁক আমি সকলোৱে নিজৰ কাৰ্য্যত প্ৰেম প্ৰদৰ্শন কৰোঁ, তাৰ দ্বাৰাই আমি নিজকে খ্ৰীষ্টৰ শিষ্য বুলি চিনাকি দিবলৈ নিৰ্দ্ধাৰণ কৰোঁহঁক।—যোহন ১৩:৩৫.
২১-২৩. যিহোৱাৰ সাক্ষীসকলে একেৰাহে কি কৰিব আৰু তেওঁলোকে কি প্ৰমাণ কৰিছে?
২১ “ষষ্ঠ: আমি একেৰাহে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰা, শিষ্য বনোৱা, তেওঁলোকক ঈশ্বৰীয় জীৱনৰ পথত চলিবলৈ শিক্ষা আৰু বেছি প্ৰশিক্ষণ প্ৰাপ্ত কৰিব বাবে মণ্ডলীৰ সভাসমূহত উপস্থিত হবলৈ উৎসাহিত কৰা কাৰ্য্যত লাগি থাকিম।—মথি ২৪:১৪; ২৮:১৯, ২০; ইব্ৰী ১০:২৪, ২৫.
২২ “সপ্তম: ব্যক্তিগতৰূপে আৰু এজন ধৰ্ম্মীয় সংগঠনৰ সদস্য হোৱাৰ বাবে আমি আমাৰ জীৱনত একেৰাহে ঈশ্বৰক প্ৰথম স্থান দিম। ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেল, আমাৰ পথ-প্ৰদৰ্শক হিচাবে গ্ৰহণ কৰি, আমি সোঁ বা বাওঁফালে নুঘূৰিম, এইদৰে আমি জাগতিক পথৰ পৰিৱৰ্ত্তে ঈশ্বৰীয় পথক শক্তিশালী কৰি তুলিম। আমি দৃঢ়ভাৱে আৰু বিশ্বাসী হৈ এতিয়া আৰু অনন্তকালৰ বাবে—ঈশ্বৰীয় জীৱনৰ পথত চলিবলৈ থিৰাং কৰিম!
২৩ “যিহোৱাৰ প্ৰেমময়ৰূপে কৰা প্ৰতিজ্ঞা যে, যিসকলে তেওঁৰ ইচ্ছা পালন কৰিব তেওঁ চিৰকালৰ বাবে থাকিব ইয়াক সম্পূৰ্ণৰূপে বিশ্বাস কৰাৰ বাবে আমি এই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি এই প্ৰস্তাৱ এই কাৰণে লৈছোঁ, কিয়নো আমি জানিব পাৰিছোঁ যে শাস্ত্ৰীয় সিদ্ধান্তসমূহ, পৰামৰ্শ, সাৱধানবাণীয়ে আমাৰ জীৱন-যাপনৰ প্ৰণালীক বৰ্তমান আৰু ভৱিষ্যতৰ বাবে উত্তমৰূপে গঢ়ি তুলিব যাতে আমি সত্য জীৱন নিৰ্বাহ কৰিবলৈ দৃঢ়ৰূপে থিৰাং কৰিব পাৰোঁ। (১ তীমথিয় ৬:১৯; ২ তীমথিয় ৪:৭, ৮) ইয়াৰ ওপৰিও এই সঙ্কল্পৰ বাক্যবোৰ এইকাৰণে গ্ৰহণ কৰিছোঁ কিয়নো আমি আমাৰ যিহোৱা ঈশ্বৰক সম্পূৰ্ণ হৃদয়, প্ৰাণ আৰু শক্তিৰে প্ৰেম কৰোঁ!
২৪, ২৫. প্ৰস্তাৱটো আগবঢ়োৱাত কেনেদৰে প্ৰতিক্ৰিয়া পোৱা যায় আৰু যিসকলে যিহোৱাৰ পথত চলিব ইচ্ছুক তেওঁলোকে কি থিৰাং কৰে?
২৪ “অধিবেশনত উপস্থিত থকা সকলো ব্যক্তি যিসকলে এই সঙ্কল্পত থকা বাক্যবোৰ সমৰ্থন কৰে, অনুগ্ৰহ কৰি তেওঁলোকে কওঁক হয় আমি কৰিম!”
২৫ গোটেই বিশ্বত ষ্টেডিয়ামসমূহ আৰু অধিবেশন গৃহত উপস্থিত থকা সকলোৱে বজ্ৰপাত সদৃশ ধ্বনিৰে উচ্চিৰিত কৰি কলে “হয় আমি কৰিম!” যিহোৱাৰ সাক্ষীসকলে যে একেৰাহে যিহোৱাৰ পথত চলি থাকিব তাত কোনো সন্দেহ নাই। যিহোৱাই তেওঁৰ প্ৰতিজ্ঞাসমূহক নিশ্চয়ে পূৰ্ণ কৰিব বুলি তেওঁলোকে সম্পূৰ্ণ হৃদয়ৰে ভৰসা কৰে। যিয়ে পৰিস্থিতি নহওঁক কিয় তেওঁলোকে তেওঁৰ প্ৰতি বিশ্বাসী হৈ থাকে। তেওঁলোকে তেওঁৰ ইচ্ছা পূৰণ কৰিবলৈ থিৰাং কৰিছে।
“ঈশ্বৰ আমাৰ বাবে”
২৬. যি সকলে যিহোৱাৰ পথত চলে তেওঁলোকৰ বাবে কি আনন্দদায়ক পৰিস্থিতি হʼব?
২৬ যিহোৱাৰ সাক্ষীসকলে গীতমালাৰ লিখকৰ পৰামৰ্শক স্মৰণ কৰে: “যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলি থাকা; তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব।” (গীতমালা ৩৭:৩৪) তেওঁলোকে পৌলে দিয়া উৎসাহদায়ক বাক্যক কেতিয়াও পাহৰিব নোৱাৰে: “যদি ঈশ্বৰ আমাৰ সপক্ষে হয়, তেন্তে আমাৰ বিপক্ষে কোন হব পাৰে? যি জনাই নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটায়েৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনাই আমাক অনুগ্ৰহ কৰি তেৱেঁ সৈতে সকলো নিদিব নে?” (ৰোমীয়া ৮:৩১, ৩২) হয়, যদি আমি একেৰাহে যিহোৱাৰ পথত চলি থাকোঁ, তেওঁ আমাক “ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে” দিব। (১ তীমথিয় ৬:১৭) কিমান যে সুন্দৰ স্থান হয় যʼত আমি যিহোৱাৰ পথত, আমাৰ মৰমৰ ভাই-ভনীৰ সৈতে খোজ কাঢ়ি আছোঁ। যিহোৱা আমাৰ সৈতে আছে, গতিকে আহঁক আমি তাত থাকিবলৈ, শেষলৈকে সহন কৰিবলৈ, তেওঁৰ নিৰ্দ্ধাৰিত সময়ৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰোঁহঁক তেতিয়াহে আমি তেওঁৰ শেষৰ প্ৰতিজ্ঞাৰ পূৰ্ণতা দেখিবলৈ পাম।—তীত ১:২. (WT May 15, 1999)
[Footnotes]
a গ্ৰীক বাক্যত অনুবাদত ‘ধেমালি কৰা’ অৰ্থক নিৰ্দ্দে শিত কৰি এজন বিবৃতিদাতাই এইদৰে কয় যে সাধাৰণতে ইয়াক মূৰ্ত্তিপূজাৰ উৎসৱত নাচ-গান কৰাক বুজাই, তেওঁ আৰু কয়: “বহুতো পৰিচিত নাচ-গান আটাইতকৈ বেছি আৱেগিক উত্তেজনা অনৈতিকতাৰে পূৰ্ণতাৰ পৰোক্ষ্যভাৱে চিত্ৰিত।”
আপুনি স্মৰণ কৰেনে?
◻ এজন খ্ৰীষ্টান ব্যক্তিক যিহোৱাৰ পথত চলিবলৈ কিহৰ আৱশ্যক?
◻ যিহোৱাৰ প্ৰতি কিয় ভৰসা আৰু বিশ্বসনীয়তা গঢ়ি তোলা আৱশ্যক?
◻ যিহোৱাৰ পথত চলিবলৈ আমাৰ বাবে কি সহায়ৰ উপলব্ধ কৰা হৈছে?
◻ “ঈশ্বৰীয় জীৱনৰ পথ” জিলা অধিবেশনত কৰা সঙ্কল্প কিছুমান বিষয়ক দাঙি ধৰক।
[Pictures on page 18]
“ঈশ্বৰীয় জীৱনৰ পথ” অন্তঃৰাষ্ট্ৰীয় জিলা অধিবেশনত এক বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা হয়