যিহোৱাৰ পথত চলিবলৈ—আমাৰ সঙ্কল্প
১ “ঈশ্বৰীয় জীৱনৰ পথ,” এই অধিবেশনৰ এটা বৈশিষ্ট্য আছিল সমাপ্তিৰ ভাষণত লোৱা এটা সঙ্কল্প। এইটো এই ঘোষণাৰ সৈতে আৰম্ভ হৈছিল: “আমি . . . সম্পূৰ্ণ হৃদয়েৰে স্বীকাৰ কৰিছোঁ যে ঈশ্বৰীয় পথেই জীৱনৰ সকলোতকৈ উত্তম পথ।” এই সঙ্কল্পৰ কিছুমান মুখ্য বিষয়বস্তুক পুনৰ স্মৰণ কৰক যাৰ বাবে আমি সকলোৱে কৈছিলোঁ, “হয়!”
২ সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখি যিহোৱাৰ আগত শুদ্ধ থকাটো আমাৰ সঙ্কল্প। আমাৰ জীৱনত ঈশ্বৰৰ ইচ্ছাক প্ৰথম স্থান দিবলৈ একেৰাহে আমি লাগি থাকিম। তেওঁৰ বাক্য, বাইবেলক আমাৰ পথ-প্ৰদৰ্শক হিচাপে কৰি, আমি সোঁ ফালে বা বাওঁ ফালে নুঘুৰিম আৰু ইয়াৰ দ্বাৰা সমৰ্থন কৰিম যে ঈশ্বৰৰ পথ জগতৰ পথকৈ বহু শ্ৰেষ্ঠ।
৩ সাধাৰণতে জগতে ঈশ্বৰীয় জীৱনৰ পথক অস্বীকাৰ কৰে যাৰ বাবে তেওঁলোকে ইয়াৰ পৰিণাম ভোগ কৰে। (যিৰি. ১০:২৩) সেইবাবে, আমি আমাৰ মহান পথ-প্ৰদৰ্শক, যিহোৱাৰ শিক্ষাত একেৰাহে লাগি থকা উচিত, যিজনে কৈছে: “এয়ে পথ, এয়েদি চলা।” (যিচ. ৩০:২১) শাস্ত্ৰত নিৰ্দ্ধাৰিত কৰা যিহোৱাৰ পথ, সকলো দিশৰ পৰাই শ্ৰেষ্ঠ। সেই পথক অনুসৰণ কৰিবলৈ যিহোৱাই আমাক দিয়া সকলোবোৰ শিক্ষাক পূৰ্ণৰূপে লাভ প্ৰাপ্ত কৰা আৱশ্যক।
৪ যিহোৱাৰ দ্বাৰা শ্ৰেষ্ঠ শিক্ষাৰ কাৰ্য্যক্ৰম: যিহোৱাই আমাক জীৱনৰ প্ৰকৃত উদ্দেশ্য কি আৰু কিদৰে উত্তম প্ৰণালীৰে জীৱন-যাপন কৰিব পাৰি তাৰ বাবে শিক্ষা দিয়ে। তেওঁ আমাক মানসিক, নৈতিক আৰু আধ্যাত্মিক দিশত কেনেকৈ উন্নতি কৰিব পাৰি তাৰ জ্ঞান দিয়ে। কেনেকৈ আমাৰ ভাইসকল, পৰিয়াল আৰু আমাৰ সঙ্গীসকলৰ সৈতে শান্তিত জীয়াই থাকিব পাৰি তাৰো শিক্ষা দিয়ে। তেওঁ এইটো তেওঁৰ পুস্তক বাইবেল আৰু তেওঁৰ সংস্থাৰ যোগেদি দিয়ে।
৫ এই সমন্ধে আমাৰ মণ্ডলীৰ সভাবোৰে অতি গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পন্ন কৰে। পাচঁখন সভাত নিয়মিতৰূপে উপস্থিত হোৱা আৰু তাত ভাগ লোৱাৰ দ্বাৰা আমি শুভবাৰ্ত্তাৰ প্ৰচাৰক হিচাবে আৰু খ্ৰীষ্টান জীৱন প্ৰণালীত সঠিক ভাৰসাম্যতাৰ জ্ঞান বজাই ৰাখিবলৈ বিস্তৃতভাৱে শিক্ষা পাওঁ। (২ তীম. ৩:১৬, ১৭) তদুপৰি আমাৰ মহান প্ৰথ-প্ৰদৰ্শকে সন্মিলন আৰু অধিবেশনবোৰৰ যোগেদি ঈশ্বৰ-শাসিত প্ৰশিক্ষন দিয়ে। যদি আমাৰ স্বাস্থ্য আৰু পৰিস্থিতিয়ে সেইবোৰত উপস্থিত হবলৈ অনুমতি দিয়ে তেনেহʼলে এখনো সভা বা অধিবেশনক বাদ নিদিবলৈ আমাৰ লক্ষ্য হোৱা উচিত।
৬ আহঁক আমি সম্পূৰ্ণ কৰ্তব্যনিষ্ঠাৰে ঈশ্বৰীয় জীৱনৰ পথত চলি থাকোহঁক। ইয়াৰ দ্বাৰা যিহোৱাৰ মহিমা হব আৰু আমি অনন্ত জীৱন পাম!—যিচ. ৪৮:১৭.