ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ১০/১ পৃষ্ঠা ১২-১৬
  • আমি দেখাৰ দ্বাৰাই নহয়, কিন্তু বিশ্বাসৰ দ্বাৰা চলা উচিত!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি দেখাৰ দ্বাৰাই নহয়, কিন্তু বিশ্বাসৰ দ্বাৰা চলা উচিত!
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • “পাপৰ অলপদিনীয়া সুখ ভোগ” কৰাৰ পৰা আঁতৰি থকা
  • ভৌতিকতাৰ ফান্দৰ পৰা আঁতৰি থাকক
  • ধ্বংসৰ বিষয়ে মনত ৰাখক
  • দেখাৰ দ্বাৰা চলাটো কেনে বিপদময়?
  • বিশ্বাসৰ দ্বাৰা চলিবলৈ সঙ্কল্প লওক
  • বিশ্বাসেৰে চলি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • একেৰাহে যিহোৱাৰ পথত চলি থাকক
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • আপুনি সঁচাকৈ শুভবাৰ্ত্তাত বিশ্বাস কৰেনে?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ১০/১ পৃষ্ঠা ১২-১৬

আমি দেখাৰ দ্বাৰাই নহয়, কিন্তু বিশ্বাসৰ দ্বাৰা চলা উচিত!

“কিয়নো আমি দেখাৰ দ্বাৰাই নচলি, বিশ্বাসৰ দ্বাৰাই চলিছোঁ।”—২ কৰিন্থীয়া ৫:৭.

১. পাঁচনি পৌলে দেখাৰ দ্বাৰাই নহয়, কিন্তু বিশ্বাসৰ দ্বাৰা চলিছিল বুলি কিহে প্ৰকাশ কৰিছে?

সেইয়া আছিল সা.যু. ৫৫ চন। খ্ৰীষ্টানসকলক তাড়না দি ফুৰা চৌল নামৰ ব্যক্তিজনে সত্যতাক গ্ৰহণ কৰা প্ৰায় ২০ বছৰ অতিক্ৰম হৈছিল। অতিক্ৰম কৰা সময়বোৰৰ সৈতে তেওঁ ঈশ্বৰৰ প্ৰতি থকা নিজৰ বিশ্বাস দুৰ্ব্বল হʼবলৈ দিয়া নাছিল। তেওঁ যদিও নিজ চকুৰে স্বৰ্গীয় সম্বন্ধীয় বিষয়বোৰৰ পূৰ্ণতা হোৱা দেখা নাছিল, তথাপিও বিশ্বাসত থিৰে থাকিল। তেওঁ স্বৰ্গীয় আশা ৰাখা অভিষিক্ত খ্ৰীষ্টানসকললৈ লিখাৰ সময়ত এইদৰে কৈছিল: “আমি দেখাৰ দ্বাৰাই নচলি, বিশ্বাসৰ দ্বাৰাই চলিছোঁ।”—২ কৰিন্থীয়া ৫:৭.

২, ৩. (ক) আমি বিশ্বাসৰ দ্বাৰা চলিছোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (খ) দেখাৰ দ্বাৰা চলাৰ অৰ্থ কি?

২ বিশ্বাসৰ দ্বাৰা চলাৰ অৰ্থ হৈছে ঈশ্বৰৰ ক্ষমতাৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰাখা যি আমাৰ জীৱনটোক সঠিকৰূপে মাৰ্গদৰ্শিত কৰিব পাৰে। তদুপৰি আমি বিশ্বাস কৰা উচিত যে তেওঁ আমাৰ বাবে উত্তম কি, সেই বিষয়ে সকলোতকৈ ভালদৰে জানে। (গীত ১১৯:৬৬) আমি জীৱনত সৰু বা বৰ নিৰ্ণয় লোৱাৰ সময়ত ঈশ্বৰৰ ৰাজ্যৰ সম্বন্ধে থকা ‘অদৃশ্য বিষয়বোৰ’ যেন মনত ৰাখোঁ। (ইব্ৰী ১১:১) ইয়াৰ সৈতে ঈশ্বৰে “নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী” সম্বন্ধে কৰা প্ৰতিজ্ঞা সন্মিলিত আছে। (২ পিতৰ ৩:১৩) আনহাতে, দেখাৰ দ্বাৰা চলাৰ অৰ্থ হৈছে, দৃশ্যমান বস্তু বা বিষয়বোৰৰ অনুসাৰে জীৱন-যাপন কৰা। বিশেষকৈ তেনে ধৰণৰ জীৱন-যাপনে ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি আওকাণ কৰাই বিপথলৈ পৰিচালিত কৰিব পাৰে।—গীত ৮১:১২; উপদেশক ১১:৯.

৩ আমি স্বৰ্গীয় বা পাৰ্থিৱ আশা ৰখা সকলো খ্ৰীষ্টানে দেখাৰ দ্বাৰাই নহয়, কিন্তু বিশ্বাসৰ দ্বাৰা চলা উচিত। (লূক ১২:৩২; যোহন ১০:১৬) এতেকে আঁহক আমি এই ঈশ্বৰীয় আজ্ঞাক পালন কৰি পাপৰ “অলপদিনীয়া সুখ ভোগ,” অৰ্থাৎ ভৌতিক বস্তুৰ প্ৰতি স্নেহ আৰু বৰ্তমানে ধ্বংস হʼবলগীয়া পৰিস্থিতিৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰোঁ, সেই বিষয়ে বিবেচনা কৰোঁহঁক। তদুপৰি ইয়াৰ সৈতে আৰু কেনে বিপদসমূহ সন্মিলিত আছে, সেই বিষয়েও আলোচনা কৰিম।—ইব্ৰী ১১:২৫.

“পাপৰ অলপদিনীয়া সুখ ভোগ” কৰাৰ পৰা আঁতৰি থকা

৪. মোচিয়ে কি কৰিবলৈ নিৰ্ণয় লʼলে আৰু কিয়?

৪ অম্ৰমৰ পুত্ৰ মোচিৰ জীৱনৰ বিষয়ে কল্পনা কৰক। মিচৰৰ ৰাজকীয় পৰিয়ালত ডাঙৰ-দীঘল হোৱাৰ বাবে তেওঁৰ ওচৰত ক্ষমতা আৰু ঐশ্বৰ্য্য আছিল। তেওঁ হয়তো মনতে এইদৰে ভাবিব পাৰিলেহেঁতেন: ‘মই মিচৰীয়া উচ্চ শিক্ষাৰ দ্বাৰা শিক্ষিত আৰু মোৰ বাক্য আৰু কাৰ্য্যও শক্তিশালী। তদুপৰি মই যদি এই ৰাজকীয় পৰিয়ালৰ সৈতে থাকোঁ, তেন্তে মোৰ পীড়িত হীব্ৰু ভাই-ভনীসকলৰ বাবে অনেক হিতজনক কাৰ্য্য কৰিব পাৰিম!’ (পাঁচনিৰ কৰ্ম্ম ৭:২২) কিন্তু তাৰ পৰিৱৰ্তে তেওঁ “ঈশ্বৰৰ লোকৰ লগত দুখভোগ” কৰিবলৈ বাছি লৈছিল। তেওঁ কিয় তেনে পদক্ষেপ লৈছিল? কিহে তেওঁক মিচৰৰ সকলো ধৰণৰ সুখ ভোগ ত্যাগ কৰিবলৈ প্ৰেৰিত কৰিলে? এই সম্পৰ্কে বাইবেলে এইদৰে কৈছে: “বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনাক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।” (ইব্ৰী ১১:২৪-২৭) মোচিয়ে ধাৰ্ম্মিকতাৰ সম্বন্ধে ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ ওপৰত সম্পূৰ্ণ মনেৰে ভাৰসা ৰাখিছিল আৰু ইয়াৰ বাবে তেওঁ পাপৰ অলপদিনীয়া সুখ ভোগ কৰাৰ পৰা আঁতৰি থাকিব পাৰিলে।

৫. মোচিৰ আৰ্হিয়ে আমাক কেনেকৈ উৎসাহিত কৰে?

৫ ঠিক সেইদৰে আমি সঘনাই সম্মুখীন হোৱা এনেবোৰ বিষয়ৰ সম্বন্ধে নিৰ্ণয় লʼবলৈ আমাৰ বাবে কঠিন হয়, যেনে, ‘মই বাইবেলৰ সামঞ্জস্যত নোহোৱা অভ্যাসবোৰ সম্পূৰ্ণকৈ ত্যাগ দিব পাৰিমনে? মই আধ্যাত্মিক উন্নতিত বাধা প্ৰদান কৰা উত্তম দৰমহা পোৱা চাকৰি কৰিমনে?’ এই জগতৰ অলপদিনীয়া সুখ ভোগৰ দ্বাৰা প্ৰলোভিত হোৱাৰ পৰিৱৰ্তে “অদৃশ্য জনা” অৰ্থাৎ যিহোৱাৰ দূৰদৰ্শী জ্ঞানৰ ওপৰত ভাৰসা ৰাখিবলৈ মোচিৰ আৰ্হিয়ে আমাক সহায় কৰে। এতেকে আঁহক আমি যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা কৰোঁহঁক।

৬, ৭. (ক) এচৌৱে কেনেকৈ দেখাৰ দ্বাৰা চলাৰ প্ৰমাণ দিলে? (খ) এচৌৰ উদাহৰণে কেনেকৈ আমাৰ বাবে সতৰ্কবাণী প্ৰমাণিত হৈছে?

৬ এতিয়া মোচি আৰু কুল-পিতৃ ইচহাকৰ পুত্ৰ এচৌৰ মাজত থকা ভিন্নতাৰ বিষয়ে বিবেচনা কৰক। এচৌৱে নিজৰ ইচ্ছাক প্ৰথম স্থান দিয়াটো সকলোতকৈ গুৰুত্বপূৰ্ণ বুলি ভাবিছিল। (আদিপুস্তক ২৫:৩০-৩৪) তেওঁ “এসাঁজ আহাৰৰ নিমিত্তে নিজ জ্যেষ্ঠাধিকাৰ” সাধাৰণ বুলি তুচ্ছ জ্ঞান কৰিছিল। (ইব্ৰী ১২:১৬) তেওঁ ইয়াকো নাভাবিলে যে এনে পদক্ষেপে যিহোৱাৰ সৈতে থকা তেওঁৰ সম্বন্ধ আৰু সন্তান-সন্ততিৰ ওপৰত কেনে প্ৰভাৱ পেলাব। আধ্যাত্মিক দৃষ্টি ম্লান হোৱাৰ বাবে তেওঁ ঈশ্বৰৰ অত্যুত্তম প্ৰতিজ্ঞাবোৰৰ প্ৰতি মূল্যাঙ্কন দেখুৱালৈ বিফল হʼল। ইয়ে প্ৰমাণ কৰিলে যে তেওঁ বিশ্বাসৰ দৰে নহয়, কিন্তু দেখাৰ দ্বাৰা চলিছিল।

৭ এচৌৰ উদাহৰণে আজি আমাৰ বাবে এক সতৰ্কবাণী প্ৰদান কৰিছে। (১ কৰিন্থীয়া ১০:১১) আমি জীৱনত সৰু বা বৰ নিৰ্ণয় লোৱাৰ সময়ত চয়তানৰ এই জগতে প্ৰচাৰ কৰা কথাবোৰৰ দ্বাৰা প্ৰলোভিত হোৱা উচিত নহয়। কিয়নো এনে ধৰণৰ প্ৰচাৰৰ যোগেদি ঈশ্বৰতকৈ অধিক নিজৰ বিবেকৰ ওপৰত ভাৰসা ৰাখাটো উত্তম বুলি কোৱা হয়। সেইবাবে আমি নিজকে এইদৰে সোধা উচিত: ‘মই লোৱা নিৰ্ণয়বোৰত এচৌৰ দৰে ভুল মনোবৃত্তি দেখিবলৈ পোৱা গৈছেনে? মোৰ জীৱনধাৰাই এইটো প্ৰকাশ কৰিছেনে যে মই আধ্যাত্মিক বিষয়বোৰক দ্বিতীয় স্থান দিছোঁ? মই বাছনি কৰা বিষয়বোৰে যিহোৱাৰ সৈতে থকা মোৰ সম্বন্ধ আৰু ভৱিষ্যত জীৱন বিপদপন্ন কৰি তুলিছেনে? মই আনৰ বাবে কেনে ধৰণৰ আৰ্হি প্ৰস্তুত কৰিছোঁ? যদি আমি কৰা বাছনিয়ে আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি মূল্যাঙ্কন প্ৰকাশ কৰে, তেন্তে যিহোৱাৰ আশীৰ্ব্বাদ আমাৰ ওপৰত থাকিব।—হিতোপদেশ ১০:২২.

ভৌতিকতাৰ ফান্দৰ পৰা আঁতৰি থাকক

৮. লায়দেকিয়াত থকা খ্ৰীষ্টানসকলে কেনে সতৰ্কবাণী পাইছিল আৰু ই আমাৰ বাবে কিয় এক গুৰুত্বপূৰ্ণ বিষয়?

৮ প্ৰথম শতিকাৰ শেষভাগত পাঁচনি যোহনে দৰ্শনত মহিমান্বিত যীচুক এছিয়া মাইনৰত থকা লায়দিকেয়াৰ মণ্ডলীক পৰামৰ্শ দিয়া দেখিছিল। দৰাচলতে, সেই পৰামৰ্শ ভৌতিকতাৰ সম্বন্ধে এক সতৰ্কবাণী দিয়া হৈছিল। কিয়নো তাত থকা খ্ৰীষ্টানসকলে আধ্যাত্মিকতাত নহয়, ভৌতিকতাত বৃদ্ধি হৈছিল। তেওঁলোকে বিশ্বাসৰ দ্বাৰা চলাৰ সলনি ভৌতিক বস্তুবোৰক জীৱনত প্ৰথম স্থান দি আধ্যাত্মিকভাৱে দৃষ্টিহীন হৈ পৰিছিল। (প্ৰকাশিত বাক্য ৩:১৪-১৮) সেই একেই প্ৰভাৱ আজিৰ সময়তো দেখিবলৈ পোৱা গৈছে। ই আমাৰ বিশ্বাস দুৰ্ব্বল আৰু ‘দৌৰৰ পথত ধৈৰ্য্যৰে দৌৰি থাকিবলৈ’ বাধা উৎপন্ন কৰে। (ইব্ৰী ১২:১) যদি আমি এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন নকৰোঁ, তেন্তে “জীৱনৰ চিন্তাই” আমাৰ আধ্যাত্মিক কাৰ্য্যকলাপক ‘সম্পূৰ্ণকৈ ধ্বংস’ কৰিব পাৰে।—লূক ৮:১৪.

৯. আত্মসন্তুষ্টি আৰু আধ্যাত্মিক আহাৰৰ প্ৰতি দেখুওৱা মূল্যাঙ্কনে কেনেকৈ আমাক সুৰক্ষা প্ৰদান কৰিব পাৰে?

৯ আধ্যাত্মিক সুৰক্ষা বজাই ৰাখাৰ প্ৰমুখ কাৰণটো হৈছে, আমি এই জগতৰ ভৌতিকবস্তুত ধনী হʼবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে আত্মসন্তুষ্টি গুণ বিকশিত কৰা। (১ কৰিন্থীয়া ৭:৩১; ১ তীমথিয় ৬:৬-৮) আমি যেতিয়া বিশ্বাসৰ দ্বাৰা চলোঁ, তেতিয়া বৰ্তমান আধ্যাত্মিক পৰমদেশত আনন্দ উপভোগ কৰা অনুভৱ কৰোঁ। আমি আধ্যাত্মিক আহাৰৰ দ্বাৰা তৃপ্ত হৈ যি “মনৰ সুখ” অনুভৱ কৰোঁ, তাৰ বাবে “আনন্দ-গান” নকৰোঁনে? (যিচয়া ৬৫:১৩, ১৪) তদুপৰি আমি পবিত্ৰ আত্মাৰ ফল প্ৰতিফলিত কৰা সকলৰ সৈতে সঙ্গতি কৰিবলৈ পাই আনন্দিত হওঁ। (গালাতীয়া ৫:২২, ২৩) গতিকে যিহোৱাই আধ্যাত্মিকভাৱে প্ৰবন্ধ কৰা বিষয়বোৰৰ পৰা তৃপ্ত আৰু সতেজ হোৱাটো কিমান যে এক উত্তম বিষয়!

১০. আমি নিজকে কেনে প্ৰশ্নবোৰ সোধা আৱশ্যক?

১০ আমি নিজকে এই প্ৰশ্নবোৰ সোধা উচিত: মোৰ জীৱনত ভৌতিক বস্তুবোৰে কেনে স্থান গ্ৰহণ কৰিছে? মই ভৌতিক বস্তুবোৰ আৰামদায়ক জীৱন কটাবলৈনে বা সত্য উপাসনাৰ বাবে ব্যৱহাৰ কৰিছোঁ? কিহে মোক অধিক সন্তুষ্টি প্ৰদান কৰে? মই বাইবেল অধ্যয়ন আৰু খ্ৰীষ্টান সভাবোৰত সঙ্গতি কৰিবলৈ পাইনে বা শনিবাৰ আৰু দেওবাৰে বন্ধু-বান্ধৱৰ সৈতে সময় অতিবাহিত কৰি আনন্দিত হওঁ? মই বেচিভাগ শনিবাৰ আৰু দেওবাৰ প্ৰচাৰ কাৰ্য্য বা অন্য আধ্যাত্মিক কাৰ্য্যকলাপৰ পৰিৱৰ্ত্তে আমোদ-প্ৰমোদ কৰিবলৈ অতিবাহিত কৰোঁনে? বিশ্বাসৰ দ্বাৰা চলাৰ অৰ্থ হৈছে ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰত সম্পূৰ্ণকৈ ভাৰসা ৰাখি প্ৰচাৰ কাৰ্য্যত নিজকে ব্যস্ত ৰাখা।—১ কৰিন্থীয়া ১৫:৫৮.

ধ্বংসৰ বিষয়ে মনত ৰাখক

১১. বিশ্বাসৰ দ্বাৰা চলি আমি এই জগতৰ শেষৰ বিষয়ে কেনেকৈ মনত ৰাখিব পাৰোঁ?

১১ বিশ্বাসৰ দ্বাৰা চলি আমি ধ্বংসৰ দিন পলমকৈ আহিব বুলি ৰাখা মানৱ দৃষ্টিভঙ্গী বিকশিত কৰাৰ পৰা আঁতৰি থাকিব পাৰিম। আমি সন্দেহবাদী লোকৰ বিপৰীতে বৰ্তমানে দেখা ঘটনাবোৰৰ বিষয়ে ঈশ্বৰৰ বাক্যই কোৱা ভৱিষ্যতবাণীৰ অৰ্থ বুজিবলৈ চেষ্টা কৰোঁ। (২ পিতৰ ৩:৩, ৪) সাধৰণতে আমি লোকসকলৰ মনোবৃত্তি আৰু আচাৰ-ব্যৱহাৰ দেখি “শেষ-কালত” জীয়াই থকাৰ প্ৰমাণ দেখিবলৈ নাপাওঁনে? (২ তীমথিয় ৩:১-৫) আমি বিশ্বাসৰ চকুৰে দৃষ্টি কৰি জানিব পাৰিছোঁ যে বৰ্তমানে ঘটা ঘটনাবোৰ ইতিহাসৰ পুনৰাম্ভ নহয়, কিন্তু ‘যীচুৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিনক’ বুজাইছে।—মথি ২৪:১-১৪.

১২. প্ৰথম শতিকাত লূক ২১:২০, ২১ পদত উল্লেখ কৰা যীচুৰ বাক্যবোৰৰ পূৰ্ণতা কেনেকৈ হʼল?

১২ প্ৰথম শতিকাৰ এনে এক ঘটনাৰ বিষয়ে বিবেচনা কৰক যি আমাৰ সময়ৰ পৰিস্থিতিৰ সৈতে মিল খায়। পৃথিৱীত থকা সময়ত যীচুৱে নিজৰ শিষ্যবিলাকক সতৰ্ক কৰি এইদৰে কৈছিল: “যেতিয়া যিৰূচালেমক সৈন্যবিলাকেৰে বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিলহি বুলি জানিবা। তেতিয়া যিহূদিয়াত থকা মানুহবিলাক পৰ্ব্বতলৈ পলাই যাওক; আৰু নগৰখনত থকাবিলাক ওলাই যাওক; আৰু গাৱেঁ ভূঁয়ে থকা মানুহ তাৰ ভিতৰলৈ নোসোমাওক।” (লূক ২১:২০, ২১) এই ভৱিষ্যতবাণীৰ অনুসাৰে সা.যু. ৬৬ চনত চেছটিয়াচ গেলচ্‌ৰ অধীনত ৰোমান সৈন-বাহিনীয়ে আহি যিৰূচালেমক চাৰিওফালৰ পৰা ঘেৰি ধৰে। কিন্তু হঠাতে কোনো কাৰণ নোহোৱাকৈ তেওঁলোকৰ সৈন্য-বাহিনী উভটি যায় আৰু এই সুযোগতে বিশ্বাসী খ্ৰীষ্টানসকলে “পৰ্ব্বতলৈ পলাই” গʼল। পুনৰাই সা.যু. ৭০ চনত ৰোমান সৈন্য-বাহিনীয়ে আহি যিৰূচালেমৰ ওপৰত আক্ৰমণ কৰি ইয়াৰ মন্দিৰ সম্পূৰ্ণকৈ ধ্বংস কৰে। বুৰঞ্জীবিদ যোচেফাচৰ মতে, সেই সময়ত ইহুদীসকলৰ মৃত্যুৰ সংখ্যা দহ লাখতকৈও অধিক আছিল আৰু ৯৭,০০০ জন লোকক বন্দী কৰি নিয়া হয়। এইদৰে ইহুদীসকলৰ সম্পূৰ্ণ সমাজখনৰ ওপৰত ঈশ্বৰে সোধ-বিচাৰ কৰিলে। যিসকলে যীচুৰ আজ্ঞা মানি অৰ্থাৎ বিশ্বাসৰ দ্বাৰা চলিলে, তেওঁলোকে মৃত্যুৰ পৰা ৰক্ষা পালে।

১৩, ১৪. (ক) ভৱিষ্যতে কেনে ঘটনাবোৰ ঘটিবলগীয়া আছে? (খ) আমি কিয় বাইবেলৰ ভৱিষ্যতবাণী পূৰ্ণ হোৱা দেখি সতৰ্ক হোৱা উচিত?

১৩ সেই একেই পৰিস্থিতি আমাৰ সময়তো হʼবলগীয়া আছে। যিদৰে প্ৰথম শতিকাৰ ৰোমান সৈন্য-বাহিনী পেক্স ৰোমানা অৰ্থাৎ শান্তি স্থাপন কৰিবলৈ ৰাখা হৈছিল, তেনেদৰে সংযুক্ত ৰাষ্ট্ৰকো শান্তি স্থাপন কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। কিন্তু ৰোমান সৈন্য-বাহিনীৰ দৰে সংযুক্ত ৰাষ্ট্ৰই ঈশ্বৰৰ ন্যায়-বিচাৰৰ সামঞ্জস্যত কাৰ্য্য কৰিব। যদিও সেই সময়ৰ জগতখনত ৰোমান সৈন্য-বাহিনীক আপেক্ষিকভাৱে শান্তি স্থাপন কৰা বুলি জনা গৈছিল, তথাপিও তেওঁলোকে যিৰূচালেম নগৰখনক সম্পূৰ্ণকৈ ধ্বংস কৰিলে। বাইবেলৰ ভৱিষ্যতবাণীৰ অনুসাৰে দেখুৱাইছে যে সংযুক্ত ৰাষ্ট্ৰত থকা সন্ত্ৰাসবাদ বিৰোধী বিভাগে ধৰ্ম্মক শান্তি ভঙ্গ কৰাৰ কাৰণ বুলি দৃষ্টি কৰিছে আৰু অতি শীঘ্ৰেই আধুনিক যিৰূচালেম অৰ্থাৎ খ্ৰীষ্টীয়জগত আৰু সেই মহা বাবিলৰ সকলো মিছা ধৰ্ম্মৰ ওপৰত আক্ৰমণ কৰি সম্পূৰ্ণকৈ ধ্বংস কৰিব। (প্ৰকাশিত বাক্য ১৭:১২-১৭) বৰ্তমান সময়ত মিছা ধৰ্ম্মৰ বিশ্ব সাম্ৰাজ্যৰ ধ্বংসৰ সময় কাষ চাপি আহিল।

১৪ মিছা ধৰ্ম্মৰ পতনেই হৈছে মহা-ক্লেশৰ আৰম্ভণ। মহা-ক্লেশৰ চূড়ান্ত সময়ত দুষ্ট জগতখনৰ অৱশিষ্টবোৰ ধ্বংস কৰা হʼব। (মথি ২৪:২৯, ৩০; প্ৰকাশিত বাক্য ১৬:১৪, ১৬) বিশ্বাসৰ দ্বাৰা চলি আমি বাইবেলৰ পূৰ্ণ হোৱা ভৱিষ্যতবাণীক নিজ চকুৰে লক্ষ্য কৰি সতৰ্ক হʼব পাৰিম। তদুপৰি শান্তি আৰু সুৰক্ষা স্থাপন কৰিবলৈ ঈশ্বৰে সংযুক্ত ৰাষ্ট্ৰৰ দৰে মানৱ সংগঠনক ব্যৱহাৰ কৰা বুলি, এনে মিছা বিচাৰধাৰাৰ দ্বাৰা বিচলিত নহʼম। এতেকে “যিহোৱাৰ মহাদিন ওচৰ” চাপি আহিল বুলি আমি আমাৰ জীৱন-প্ৰণালীৰ দ্বাৰা প্ৰকাশ কৰাটো উচিত নহʼবনে?—চফনিয়া ১:১৪.

দেখাৰ দ্বাৰা চলাটো কেনে বিপদময়?

১৫. যিহোৱাৰ অনুগ্ৰহৰ দ্বাৰা লাভৱান হোৱাৰ স্বত্বেও ইস্ৰায়েলসকলে কেনে ফান্দত পৰিছিল?

১৫ প্ৰাচীন সময়ৰ ইস্ৰায়েলসকলৰ উদাহৰণে দেখুৱাইছে যে দেখাৰ দ্বাৰা চলি এজন ব্যক্তিৰ বিশ্বাস কেনেকৈ দুৰ্ব্বল হʼব পাৰে। ইস্ৰায়েলসকলে নিজ চকুৰে মিচৰৰ ওপৰত অহা দহটা ক্লেশ দেখা আৰু চূফ সাগৰৰ মাজেদি যোৱাৰ অভিজ্ঞতা থকাৰ স্বত্বেও সোণৰ দামুৰি বনাই তাক প্ৰণিপাত কৰিছিল। তেওঁলোকে “পৰ্ব্বতৰ পৰা নামিবলৈ মোচিৰ পলম হোৱা দেখি” ব্যাকুল আৰু চিন্তিত হৈ পৰিছিল। (যাত্ৰাপুস্তক ৩২:১-৪) তেনে ব্যাকুলতাই তেওঁলোকক দৃশ্যমান বস্তুৰ আগত প্ৰণিপাত কৰিবলৈ প্ৰেৰিত কৰিলে। পৰিণামস্বৰূপে, যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হোৱাত তিনি হাজাৰ লোক মৰা পৰিল। (যাত্ৰাপুস্তক ৩২:২৫-২৯) যদি এজন যিহোৱাৰ উপাসকে লোৱা নিৰ্ণয়ে ঈশ্বৰৰ ওপৰত সন্দেহ আৰু প্ৰতিজ্ঞা সম্পন্ন কৰা তেওঁৰ ক্ষমতাৰ প্ৰতি অনিশ্চয়তা প্ৰকাশ কৰে, তেন্তে সেইয়া এক দুখৰ বিষয় নহʼবনে বাৰু!

১৬. ইস্ৰায়েলসকলে কেনেকৈ বাহ্যিক ৰূপৰ দ্বাৰা প্ৰভাৱিত হৈছিল?

১৬ আনহাতে বাহ্যিক ৰূপৰ দ্বাৰা ইস্ৰায়েলসকলে অধিককৈ প্ৰভাৱিত হৈছিল। তেওঁলোকে দেখাৰ দ্বাৰা চলাৰ বাবে শত্ৰুবিলাকৰ পৰা ভয়ভিত হৈছিল। (গণনা পুস্তক ১৩:২৮, ৩২; দ্বিতীয় বিবৰণ ১:২৮) ইয়াৰ বাবে তেওঁলোকে ঈশ্বৰৰ মনোনীত দাস মোচিক আৰু তেওঁলোকে জীৱন-নিৰ্বাহ কৰা পদ্ধতিক লৈ আপত্তি কৰিছিল। তেওঁলোকৰ অল্প বিশ্বাসৰ বাবে ঈশ্বৰৰ প্ৰতিজ্ঞাত দেশৰ পৰিৱৰ্তে মিছা দেৱ-দেৱীৰ উপাসনা কৰা মিচৰ দেশৰ ওপৰত ভাৰসা কৰিছিল। (গণনা পুস্তক ১৪:১-৪; গীত ১০৬:২৪) তেওঁলোকৰ এনে মনোবৃত্তি দেখি যিহোৱাৰ মনত কিমান যে আঘাত লাগিছিল!

১৭. চমূৱেলৰ সময়ত ইস্ৰায়েলসকলে যিহোৱাৰ মাৰ্গদৰ্শনৰ অনুসাৰে চলিবলৈ কিয় বিফল হʼল?

১৭ চমূৱেলৰ সময়তো ইস্ৰায়েলসকলে বিশ্বাসৰ দ্বাৰাই নহয়, কিন্তু দেখাৰ দ্বাৰা চলিছিল। যদিও যিহোৱাই তেওঁলোকৰ ৰজা হোৱাৰ অনেক প্ৰমাণ দিছিল, তথাপিও তেওঁলোকে দৃশ্যমান ৰজা নোহোৱাৰ নিমিত্তে আপত্তি কৰিছিল। (১ চমূৱেল ৮:৪-৯) তেওঁলোকে যিহোৱাৰ মাৰ্গদৰ্শনৰ অনুসাৰে নচলি ওচৰে-পাজৰে থকা জাতিবিলাকৰ নিচিনা আচাৰ-ব্যৱহাৰ কৰিছিল।—১ চমূৱেল ৮:১৯, ২০.

১৮. আমি দেখাৰ দ্বাৰা চলাৰ সম্বন্ধে কেনে শিক্ষামূলক পাঠ শিকিব পাৰোঁ?

১৮ যিহোৱাৰ সেৱক হোৱাৰ বাবে আমি তেওঁৰ সৈতে থকা সম্বন্ধক সকলোতকৈ মূল্যৱান বুলি দৃষ্টি কৰোঁ। আমি অতীতৰ শিক্ষামূলক ঘটনাবোৰৰ পৰা শিকি সেই অনুসাৰে চলিবলৈ ইচ্ছুক। (ৰোমীয়া ১৫:৪) দৰাচলতে, ইস্ৰায়েলসকলে দেখাৰ দ্বাৰা চলাৰ বাবে বুজিবলৈ বিফল হʼল যে ঈশ্বৰে মোচিৰ দ্বাৰা মাৰ্গদৰ্শন প্ৰদান কৰিছে। ঠিক সেইদৰে আমি যদি সুবিবেচক নহওঁ, তেন্তে যিহোৱা ঈশ্বৰ আৰু মোচিতকৈ মহান যীচুৱে খ্ৰীষ্টান মণ্ডলীৰ দ্বাৰা আজি আমাক মাৰ্গদৰ্শন প্ৰদান কৰিছে বুলি বুজিবলৈ বিফল হʼম। (প্ৰকাশিত বাক্য ১:১২-১৬) সেইবাবে আমি যিহোৱাই ব্যৱহাৰ কৰা তেওঁৰ পাৰ্থিৱ সংগঠনক মানৱ দৃষ্টিভঙ্গীৰে চোৱাৰ পৰা আঁতৰি থকা উচিত। যদি আমি এই বিষয়ে সতৰ্কতা অৱলম্বন নকৰোঁ, তেন্তে সময় অতিক্ৰম কৰাৰ লগে লগে আপত্তিজনক মনোবৃত্তি, ঈশ্বৰৰ প্ৰতিনিধিবিলাকৰ প্ৰতি অনাদৰ আৰু ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ দ্বাৰা অহা আধ্যাত্মিক আহাৰৰ প্ৰতি অকৃতজ্ঞতা হোৱাৰ প্ৰমাণ দিম।—মথি ২৪:৪৫.

বিশ্বাসৰ দ্বাৰা চলিবলৈ সঙ্কল্প লওক

১৯, ২০. আপুনি কি কৰিবলৈ সঙ্কল্প লৈছে আৰু কিয়?

১৯ বাইবেলে কৈছে যে, “তেজ আৰু মাংসেৰে সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি, আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে।” (ইফিচীয়া ৬:১২) আমাৰ প্ৰমুখ শত্ৰু হৈছে চয়তান যি সদায়ে আমাৰ বিশ্বাসক দুৰ্ব্বল কৰিবলৈ প্ৰচেষ্টা কৰে। সি আমাক যিহোৱাৰ সেৱাৰ পৰা বঞ্চিত কৰিবলৈ সকলো ধৰণৰ প্ৰবঞ্চনা ব্যৱহাৰ কৰে। (১ পিতৰ ৫:৮) গতিকে দেখাত উত্তম যেন লগা চয়তানৰ এই জগতৰ পৰা ৰক্ষা পাবলৈ কিহে আমাক সহায় কৰিব? এই বিষয়ে বিশ্বাসৰ দ্বাৰা চলা মনোবৃত্তিয়ে আমাক সহায় কৰিব পাৰে। যিহোৱাৰ প্ৰতিজ্ঞাবোৰত ৰাখা ভাৰসাই আমাক ‘বিশ্বাসৰ নৌকা ভগ্ন হোৱাৰ’ পৰা ৰক্ষা কৰিব। (১ তীমথিয় ১:১৯) এতেকে আঁহক আমি সম্পূৰ্ণ মনেৰে যিহোৱাত ভাৰসা ৰাখোঁহঁক। তদুপৰি ভৱিষ্যতে আহিবলগীয়া পৰীক্ষাৰ নিমিত্তে সতৰ্ক হৈ থাকিবলৈ আমি সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকোঁহঁক।—লূক ২১:৩৬.

২০ আমাৰ ওচৰত বিশ্বাসৰ দ্বাৰা চলাৰ সম্বন্ধে এক উত্তম আৰ্হি আছে। যাৰ সম্বন্ধে বাইবেলে এইদৰে কৈছে যে, “তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গল।” (১ পিতৰ ২:২১) আমি কেনেকৈ খ্ৰীষ্টৰ খোজৰ অনুগামী হʼব পাৰোঁ, এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰিম। (w05 9/15)

আপোনাৰ মনত আছেনে?

• দেখাৰ দ্বাৰাই নহয়, কিন্তু বিশ্বাসৰ দ্বাৰা চলাৰ সম্বন্ধে থকা মোচি আৰু এচৌৰ উদাহৰণৰ পৰা আপুনি কি শিকিব পাৰিলে?

• কেনে প্ৰমুখ কাৰণে আমাক ভৌতিক বস্তুৰ পিছত যোৱাৰ পৰা ৰক্ষা কৰিব পাৰে?

• আমি কেনেকৈ বিশ্বাসৰ দ্বাৰা চলি এই জগতৰ ওপৰত আহিবলগীয়া ধ্বংসৰ প্ৰতি সতৰ্ক হৈ থাকিব পাৰিম?

• দেখাৰ দ্বাৰা চলাটো কিয় এক বিপদজনক বিষয়?

[১৩ পৃষ্ঠাৰ ছবি]

মোচিয়ে বিশ্বাসৰ দ্বাৰা চলিলে

[১৪ পৃষ্ঠাৰ ছবি]

আপুনি কেতিয়াবা মনোৰঞ্জনৰ বাবে আধ্যাত্মিক বিষয়বোৰক অৱহেলা কৰেনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক