অধ্যয়নৰ লেখ ১২
গীত নং ১১৯ আমাৰ বিশ্বাস দৃঢ় হওক
বিশ্বাসেৰে চলি থাকক
“আমি চকুৱে দেখা বস্তুৰে নহয়, কিন্তু বিশ্বাসেৰে চলোঁ।”—২ কৰি. ৫:৭.
কি শিকিম?
জীৱনৰ গুৰুত্বপূৰ্ণ নিৰ্ণয়বোৰ লোৱাৰ সময়ত আমি কেনেকৈ বিশ্বাসেৰে চলিব পাৰোঁ?
১. পৌলে নিজৰ জীৱনৰ পৰা কিয় আনন্দিত আছিল?
পাঁচনি পৌলক অলপতে মাৰি পেলোৱা হʼব বুলি তেওঁ জানিছিল। তথাপিও তেওঁ যিদৰে জীৱন-যাপন কৰিলে, তাৰ বিষয়ে মনত পেলাই তেওঁ আনন্দিত আছে। তেওঁ এইদৰে কৈছে, “মই নিজৰ দৌৰ সম্পূৰ্ণ কৰিলোঁ, মই বিশ্বাসক ধৰি ৰাখিছোঁ।” (২ তীম. ৪:৬-৮) পৌলে যিহোৱাৰ সেৱা কৰাৰ ভাল নিৰ্ণয় লʼলে। তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁৰ এই নিৰ্ণয়ৰ পৰা যিহোৱা আনন্দিত আছে। আমিও ভাল নিৰ্ণয় লʼব বিচাৰোঁ যাতে যিহোৱা আমাৰ পৰা আনন্দিত হয়। কিন্তু আমি এয়া কেনেকৈ কৰিব পাৰোঁ?
২. বিশ্বাসেৰে চলাৰ অৰ্থ কি?
২ পৌলে নিজৰ বিষয়ে আৰু আন বিশ্বাসী খ্ৰীষ্টানসকলৰ বিষয়ে এইদৰে কৈছিল, “আমি চকুৱে দেখা বস্তুৰে নহয়, কিন্তু বিশ্বাসেৰে চলোঁ।” (২ কৰি. ৫:৭) পৌলে কোৱাৰ অৰ্থ কি আছিল? বাইবেলত বহু বাৰ যেতিয়া ‘চলাৰ’ কথা আহে, তেতিয়া সাধাৰণতে এজন ব্যক্তিয়ে কেনেধৰণৰ জীৱন-যাপন কৰে, তাক বুজোৱা হয়। চকুৱে দেখা বস্তুৰে চলা ব্যক্তিয়ে নিজৰ ওপৰত ভৰসা কৰে অৰ্থাৎ তেওঁ যি দেখিছে, শুনিছে আৰু তেওঁ যি সঠিক বুলি ভাবে, তাৰ আধাৰত তেওঁ নিৰ্ণয় লয়। কিন্তু বিশ্বাসেৰে চলা ব্যক্তিয়ে যিহোৱাৰ ওপৰত ভৰসা কৰে আৰু যিকোনো নিৰ্ণয় লোৱাৰ আগতে সেই বিষয়ে যিহোৱাই কি ভাবে, তালৈ মন কৰে। তেওঁৰ সম্পূৰ্ণ বিশ্বাস থাকে যে বাইবেলত যিহোৱাই যি কৈছে, সেইবোৰ পালন কৰিলে তেওঁৰেই লাভ হʼব। ইয়াৰ উপৰিও আগলৈ গৈ যিহোৱাই তেওঁক পুৰস্কাৰো দিব।—গীত. ১১৯:৬৬; ইব্ৰী ১১:৬.
৩. যদি আমি বিশ্বাসেৰে চলোঁ, তেনেহʼলে আমাৰ কি কি লাভ হʼব? (২ কৰিন্থীয়া ৪:১৮)
৩ এয়া সঁচা যে আমি কি দেখিছোঁ, শুনিছোঁ আৰু আমাক কি সঠিক যেন লাগে, তাৰ আধাৰত আমি নিৰ্ণয় লওঁ। কিন্তু আমি যদি কেৱল এই কথাবোৰ মনত ৰাখি জীৱনৰ গুৰুত্বপূৰ্ণ নিৰ্ণয়বোৰ লওঁ, তেনেহʼলে সমস্যা হʼব পাৰে। কিয় বাৰু? কিয়নো বহু বাৰ আমি যি শুনোঁ আৰু দেখোঁ, সেয়া সদায় সঠিক নহʼবও পাৰে। যদি সঠিক হয়, তথাপিও আমি কেৱল চকুৰে দেখা বস্তুৰ অনুসৰি চলা উচিত নহয়, নহʼলে আমি এনে কাম কৰিম যি যিহোৱাৰ দৃষ্টিত ভুল হয়। (উপ. ১১:৯; মথি ২৪:৩৭-৩৯) কিন্তু আমি যদি বিশ্বাসেৰে চলি থাকোঁ, তেনেহʼলে আমি এনে নিৰ্ণয় লʼব পাৰোঁ যি ‘প্ৰভুৱে গ্ৰহণ কৰে।’ (ইফি. ৫:১০) ঈশ্বৰৰ পৰামৰ্শ পালন কৰিলে আমি মনৰ শান্তি আৰু প্ৰকৃত আনন্দ পাওঁ। (গীত. ১৬:৮, ৯; যিচ. ৪৮:১৭, ১৮) ইয়াৰ উপৰিও যদি আমি বিশ্বাসেৰে চলি থাকোঁ, তেনেহʼলে ঈশ্বৰে আগলৈ গৈ আমাক অনন্ত জীৱনো দিব।—২ কৰিন্থীয়া ৪:১৮ পঢ়ক।
৪. এজন ব্যক্তিয়ে কেনেকৈ জানিব পাৰে যে তেওঁ বিশ্বাসেৰে চলি আছে নে চকুৱে দেখা বস্তুৰে?
৪ আমি বিশ্বাসেৰে চলি আছোঁ নে চকুৱে দেখা বস্তুৰে, তাৰ বিষয়ে কেনেকৈ গʼম পাব পাৰোঁ? এয়া জানিবলৈ নিজকে সোধক, ‘মই কিহৰ আধাৰত নিৰ্ণয় লওঁ? মই কেৱল সেই বস্তুবোৰৰ প্ৰতি ধ্যান দিওঁ নে, যিবোৰ চকুৰে দেখা পোৱা যায়? অথবা মই যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ আৰু তেওঁৰ পৰামৰ্শ পালন কৰোঁ?’ এতিয়া আহক তিনিটা বিষয়ৰ ওপৰত মন কৰোঁ আৰু চাওঁ যে আমি কেনেকৈ বিশ্বাসেৰে চলিব পাৰোঁ: (১) যেতিয়া আমি কোনো চাকৰি বাছনি কৰিবলগীয়া হয়, (২) যেতিয়া আমি জীৱন-সংগী বাছনি কৰিবলগীয়া হয় আৰু (৩) যেতিয়া আমি সংগঠনৰ পৰা কিবা নিৰ্দেশনা পাওঁ। প্ৰতিটো বিষয় আলোচনা কৰাৰ সময়ত আমি জানিব পাৰিম যে ভাল নিৰ্ণয় লʼবলৈ আমি কি কি কথাৰ ওপৰত ধ্যান দিয়া উচিত।
যেতিয়া চাকৰি বাছনি কৰাৰ কথা আহে
৫. চাকৰি বাছনি কৰাৰ সময়ত আমি কি কি কথা মনত ৰখা উচিত?
৫ আমি সকলোৱে নিজৰ আৰু নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিব বিচাৰোঁ। (উপ. ৭:১২; ১ তীম. ৫:৮) কিছুমান চাকৰিত বহুত দৰমহা পোৱা যায়, যাৰ বাবে এজন ব্যক্তিয়ে নিজৰ দৈনন্দিন প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰে আৰু অলপ টকা সাঁচিও ৰাখিব পাৰে। কিন্তু কিছুমান চাকৰিত কম দৰমহা পোৱা যায়, যাৰ বাবে এজন ব্যক্তিয়ে কেৱল নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তাহে পূৰ কৰিব পাৰে। কোনো এটা চাকৰি কৰাৰ নিৰ্ণয় লোৱাৰ সময়ত আমি এয়া চাম যে সেই চাকৰিত কিমান দৰমহা পাম। কিন্তু আমি যদি কেৱল এই কথাটো মনত ৰাখিয়েই সেই চাকৰি কৰাৰ নিৰ্ণয় লওঁ, তেনেহʼলে এয়া এনে হʼব যেন আমি চকুৱে দেখা বস্তুৰে চলি আছোঁ।
৬. চাকৰি বাছনি কৰাৰ সময়ত আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি বিশ্বাসেৰে চলা ব্যক্তি হওঁ? (ইব্ৰী ১৩:৫)
৬ যদি আমি বিশ্বাসেৰে চলা ব্যক্তি হওঁ, তেনেহʼলে যিকোনো চাকৰি লোৱাৰ আগতে আমি এয়াও ভাবিম যে এই চাকৰিয়ে যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্বৰ ওপৰত কি প্ৰভাৱ পেলাব। আমি নিজকে এই প্ৰশ্নবোৰ সুধিব পাৰোঁ, ‘যদি মই এই চাকৰি কৰোঁ, তেনেহʼলে মই এনে কিবা কাম কৰিবলগীয়া হʼবনে, যিবোৰ যিহোৱাই ঘিণ কৰে?’ (হিতো. ৬:১৬-১৯) ‘মই প্ৰতিখন সভালৈ যাব পাৰিম নে? মই বাইবেল পঢ়িবলৈ আৰু প্ৰচাৰলৈ যাবলৈ সময় পাম নে? মই বহু সময়লৈকে নিজৰ পৰিয়ালৰ পৰা দূৰত থাকিবলগীয়া হʼব নেকি?’ (ফিলি. ১:১০) যদি এই প্ৰশ্নবোৰৰ উত্তৰ আমি “হয়” বুলি দিওঁ, তেনেহʼলে সেই চাকৰিটো নকৰাই ভাল, যদিও আন এটা চাকৰি বিচাৰি পাবলৈ কঠিন নহওক কিয়। যদি আমি বিশ্বাসেৰে চলোঁ, তেনেহʼলে আমাৰ নিৰ্ণয়ৰ পৰা গʼম পোৱা যাব যে আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰোঁ। আমাৰ বিশ্বাস আছে যে তেওঁ যিকোনো উপায়েৰে আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব।—মথি ৬:৩৩; ইব্ৰী ১৩:৫ পঢ়ক।
৭-৮. হাবিয়েৰে বিশ্বাসেৰে চলে বুলি কেনেকৈ দেখুৱালে? (ছবিখনো চাওক।)
৭ দক্ষিণ আমেৰিকাত থকা ভাই হাবিয়েৰৰa উদাহৰণলৈ মন কৰক। তেওঁ জানিছিল যে বিশ্বাসেৰে চলাটো কিমান গুৰুত্বপূৰ্ণ। তেওঁ কৈছে, “মই যিখন কোম্পানীত কাম কৰিছিলোঁ, তাতে এনে এটা চাকৰিৰ বাবে ফৰ্ম পূৰ কৰিছিলোঁ, যি মই বহুত ভাল পাইছিলোঁ আৰু যাৰ বাবে মই দুগুণ দৰমহা পালোঁহেঁতেন।” কিন্তু তেওঁ অগ্ৰগামী সেৱাও কৰিব বিচাৰিছিল। তেওঁ এইদৰে কৈছে, “কোম্পানীৰ মেনেজাৰৰ লগত মোৰ ইন্টাৰভিউ আছিল। ইন্টাৰভিউৰ আগতে মই যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ। মোৰ বিশ্বাস আছিল যে মোৰ বাবে কি ভাল, সেয়া যিহোৱাই জানে। মই এই চাকৰি কৰিব বিচাৰিছিলোঁ, কিন্তু এই চাকৰিৰ বাবে যদি মই যিহোৱাৰ সেৱা বেছিকৈ কৰিব নোৱাৰোঁ, তেনেহʼলে মই এই চাকৰি নকৰোঁ।”
৮ হাবিয়েৰে এইদৰে কৈছে, “ইন্টাৰভিউত মেনেজাৰে মোক জনালে যে মই প্ৰায়ে দেৰিলৈকে কাম কৰিব লাগিব। তেতিয়া মই তেওঁক মৰমেৰে কʼলোঁ যে মই প্ৰচাৰলৈ যাবলগীয়া হয়, সেইবাবে মই এইদৰে কৰিব নোৱাৰোঁ।” হাবিয়েৰে সেই চাকৰি নকৰিলে। ইয়াৰ দুসপ্তাহৰ পাছত তেওঁ অগ্ৰগামী সেৱা আৰম্ভ কৰিলে। তাৰ কিছু মাহৰ পাছত তেওঁ এটা পাৰ্ট টাইম চাকৰি বিচাৰি পালে। তেওঁ এইদৰে কৈছে, “যিহোৱাই মোৰ প্ৰাৰ্থনা শুনিলে আৰু মোক এনে এটা চাকৰি বিচাৰি পাবলৈ সহায় কৰিলে যাৰ বাবে মই অগ্ৰগামী সেৱাও কৰিব পাৰিলোঁ। এটা ভাল নিৰ্ণয় লোৱাৰ বাবে মই বহুত আনন্দিত। এতিয়া মই যিহোৱা আৰু ভাই-ভনীসকলৰ বাবে আৰু সময় উলিয়াব পাৰোঁ।”
যদি আপুনি কামৰ ঠাইত প্ৰমোচন পোৱাৰ সুযোগ পায়, তেনেহʼলে আপুনি কি কৰিব? আপোনাৰ নিৰ্ণয়ৰ পৰা গʼম পোৱা যাব নে যে যিহোৱাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে? (অনুচ্ছেদ ৭-৮ চাওক)
৯. ট্ৰেজʼৰৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?
৯ আপুনি যদি এনে এটা চাকৰি কৰি আছে, যাৰ বাবে বিশ্বাসেৰে চলিবলৈ আপোনাৰ বাবে কঠিন হৈছে, তেনেহʼলে আপুনি কি কৰিব পাৰে? কংগোত থকা ভাই ট্ৰেজʼৰৰ উদাহৰণলৈ মন কৰক। তেওঁ কৈছে, “মই এনে এটা চাকৰি কৰিছিলোঁ, যাক পাবলৈ লোকসকলে বহুত ইচ্ছা কৰে। মই তাত তিনিগুণ দৰমহা পাইছিলোঁ আৰু লোকসকলে মোক বহুত সন্মান কৰিছিল।” কিন্তু ইয়াৰ বাবে তেওঁ বহু দেৰিলৈকে কাম কৰিবলগীয়া হৈছিল, যাৰ বাবে বহু বাৰ তেওঁ সভালৈ যাব নোৱাৰিছিল। তেওঁৰ কামৰ ঠাইত ঠগবাজ চলি আছিল আৰু তেওঁৰ লগত কাম কৰা লোকসকলে সেই কথাবোৰ লুকুৱাবলৈ তেওঁক মিছা কথা কʼবলৈ কৈছিল। ভায়ে সেই কাম এৰিব বিচাৰিছিল, কিন্তু তেওঁ আন এটা চাকৰি বিচাৰি পাব নে নাই, সেই বিষয়ে ভাবি চিন্তিত হৈছিল। তেনেহʼলে তেওঁ কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰিলে? তেওঁ কৈছে, “মই হবক্কুক ৩:১৭-১৯ পদৰ পৰা বুজি পালোঁ যে যদিও মই কম টকা-পইচাৰে চলিবলগীয়া হয়, তথাপি যিহোৱাই মোৰ যত্ন লʼব।” তেওঁ এয়াও কʼলে, “কিছুমান মালিকে ভাবে যে বেছিকৈ টকা-পইচা দিলে লোকসকলে যিকোনো কৰিবলৈ সাজু থাকিব। তেওঁ নিজৰ পৰিয়াল আৰু ঈশ্বৰকো এৰি দিব। কিন্তু মই এইদৰে নকৰাৰ বাবে বহুত আনন্দিত। এবছৰৰ পাছত মই এনে এটা চাকৰি বিচাৰি পালোঁ, যাৰ সহায়ত মই নিজৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিলোঁ আৰু যিহোৱাৰ সেৱাত বেছিকৈ সময় দিব পাৰিলোঁ।” যেতিয়া আমি যিহোৱাৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ, তেতিয়া আমাৰ টকা-পইচাৰ অলপ সমস্যা হʼব পাৰে। কিন্তু সেই সময়ত যিহোৱাই আমাৰ যত্ন লʼব। সঁচাকৈ, যদি আমি যিহোৱাৰ পৰামৰ্শ পালন কৰোঁ আৰু তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত ভৰসা ৰাখোঁ, তেনেহʼলে আমি বিশ্বাসেৰে চলিব পাৰিম আৰু আমি বহুতো আশীৰ্বাদ পাম।
যেতিয়া জীৱন-সংগী বাছনি কৰিবলগীয়া হয়
১০. জীৱন-সংগী বিচৰাৰ সময়ত আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি চকুৱে দেখা বস্তুৰে চলা নাই?
১০ বিয়া যিহোৱাৰ ফালৰ পৰা পোৱা উপহাৰ হয়। যদি এজন লʼৰা আৰু ছোৱালীয়ে বিয়া পাতিব বিচাৰিছে, তেনেহʼলে এয়া ভাল কথা। ধৰি লওক, এজনী ভনীয়ে বিয়া পাতিব বিচাৰিছে। তাই হয়তো মন কৰিব পাৰে যে সেই লʼৰাজনৰ স্বভাৱ কেনেকুৱা, তেওঁ দেখাত কেনেকুৱা, লোকসকলে তেওঁৰ বিষয়ে কি কয়, টকা-পইচাৰ বিষয়ে তেওঁৰ চিন্তাধাৰা কি বা তেওঁৰ ওপৰত পৰিয়ালৰ কি দায়িত্ব আছে। তাই হয়তো এয়াও ভাবিব পাৰে যে তাই যেতিয়া তেওঁৰ লগত থাকে, তেতিয়া তাইক কেনেকুৱা লাগে।b এই কথাবোৰৰ বিষয়ে ভবাত কোনো ভুল নাই। কিন্তু ভনীয়ে যদি কেৱল সেই কথাবোৰ মনত ৰাখি নিৰ্ণয় লয়, তেনেহʼলে তাই চকুৱে দেখা বস্তুৰে চলাৰ দৰে হʼব।
১১. জীৱন-সংগী বাছনি কৰাৰ সময়ত আমি বিশ্বাসেৰে চলি আছোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (১ কৰিন্থীয়া ৭:৩৯)
১১ কিন্তু ঈশ্বৰৰ যিসকল সেৱকে বিশ্বাসেৰে চলে, তেওঁলোকে জীৱন-সংগী বাছনি কৰাৰ সময়ত বাইবেলৰ পৰামৰ্শ মনত ৰাখে। যেনে, তেওঁলোকে “যৌৱনৰ কোমল বয়স পাৰ” কৰাৰ পাছতহে বিয়া পতাৰ উদ্দেশ্যেৰে কাৰোবাক লগ (ডেটিং) কৰে। (১ কৰি. ৭:৩৬) তেওঁলোকে এই কথাৰ প্ৰতিও ধ্যান দিয়ে যে যাক বিয়া পাতিব বিচাৰিছে, তেওঁৰ সেই গুণবোৰ থকা উচিত, যিবোৰ যিহোৱাৰ অনুসৰি এজন ভাল স্বামী বা পত্নীৰ থকা উচিত। (হিতো. ৩১:১০-১৩, ২৬-২৮; ইফি. ৫:৩৩; ১ তীম. ৫:৮) যদি এনে এজন ব্যক্তিয়ে তেওঁক পছন্দ কৰে, যিজন যিহোৱাৰ সাক্ষী নহয়, তেনেহʼলে তেওঁ ১ কৰিন্থীয়া ৭:৩৯ পদত দিয়া পৰামৰ্শ পালন কৰে, যʼত কোৱা হৈছে যে তেওঁলোকে “কেৱল প্ৰভুত” বিয়া পতা উচিত। (পঢ়ক।) তেওঁলোকে এই সকলো কৰে, কাৰণ তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিহোৱা তেওঁলোকৰ লগত আছে আৰু তেওঁ সকলো সময়তে তেওঁলোকক চম্ভালিব। (গীত. ৫৫:২২) চিন্তা কৰক, যেতিয়া যিহোৱাই এনে সেৱকসকলক চাই, তেতিয়া তেওঁ কিমান গৌৰৱ অনুভৱ কৰে!
১২. ৰʼছাৰ অনুভৱৰ পৰা আপুনি কি শিকিলে?
১২ খন্তেকৰ বাবে ভনী ৰʼছাৰ অনুভৱলৈ মন কৰক, তাই কলম্বিয়াত অগ্ৰগামী সেৱা কৰে। তাই যʼত চাকৰি কৰিছিল, তাত তাই এনে এজন ব্যক্তিক লগ পালে, যিজনে তাইক পছন্দ কৰিবলৈ ধৰিলে আৰু তাইয়ো তেওঁক ভাল পাবলৈ ধৰিলে। ভনীয়ে এইদৰে কৈছে, “তেওঁ এজন ভাল ব্যক্তি আছিল। তেওঁৰ একো বেয়া অভ্যাস নাছিল, তেওঁ লোকসকলক সহায় কৰিছিল আৰু মোৰ লগতো ভালদৰে ব্যৱহাৰ কৰিছিল। মই মোৰ জীৱন-সংগীত যিবোৰ গুণ চাব বিচাৰিছিলোঁ, সেই সকলো গুণ তেওঁৰ আছিল। কিন্তু তেওঁ কেৱল যিহোৱাৰ সাক্ষী নাছিল।” ভনীয়ে কৈছে, “মই তেওঁৰ লগত ডেটিং কৰিব বিচাৰিছিলোঁ, সেইবাবে তেওঁক মানা কৰিবলৈ মোৰ বাবে কঠিন হৈছিল। সেই সময়ত মই বহুত অকলশৰীয়া অনুভৱ কৰি আছিলোঁ। মই বিয়া পাতিব বিচাৰিছিলোঁ, কিন্তু এজন ভাল ভাই বিচাৰি পোৱা নাছিলোঁ।” কিন্তু ৰʼছাই কেৱল চকুৱে দেখা বস্তুৰ ওপৰত ধ্যান নিদিলে। তাই এয়াও চালে যে তাই যি নিৰ্ণয় লʼব, তাৰ পৰা তাইৰ যিহোৱাৰ লগত যি বন্ধুত্ব আছে, তাৰ ওপৰত কি প্ৰভাৱ পৰিব। ৰʼছাই সেই ব্যক্তিজনৰ লগত কথা পাতিবলৈ একেবাৰে বন্ধ কৰি দিলে আৰু যিহোৱাৰ সেৱাত সম্পূৰ্ণ ধ্যান দিবলৈ ধৰিলে। ইয়াৰ কিছু সময়ৰ পাছত তাই ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত উপস্থিত হোৱাৰ নিমন্ত্ৰণ পালে। এতিয়া তাই বিশেষ অগ্ৰগামী সেৱা কৰি আছে। তাই এইদৰে কৈছে, “যিহোৱাই মোৰ জীৱনত বহুতো আশীৰ্বাদ দিলে, যাৰ বাবে মই বহুত আনন্দিত।” যেতিয়া আপুনি কাৰোবাক পছন্দ কৰিবলৈ ধৰে, তেতিয়া বিশ্বাসেৰে চলাটো ইমান সহজ নহয়। কিন্তু আপুনি যদি যিহোৱাৰ পৰামৰ্শ পালন কৰে, তেনেহʼলে সদায় আপোনাৰে লাভ হʼব।
যেতিয়া সংগঠনৰ পৰা কিবা নিৰ্দেশনা পাওঁ
১৩. যেতিয়া আমি সংগঠনৰ পৰা নিৰ্দেশনা পাওঁ, তেতিয়া আমি কেনেকৈ চকুৱে দেখা বস্তুৰ অনুসৰি চলিবলৈ ধৰিব পাৰোঁ?
১৩ আমি প্ৰায়ে যিহোৱাৰ সংগঠনৰ পৰা নিৰ্দেশনা পাওঁ, যেনে: প্ৰাচীনৰ পৰা, চাৰ্কিট ওভাৰচিয়াৰৰ পৰা, শাখা কাৰ্য্যালয়ৰ পৰা বা প্ৰশাসন গোষ্ঠীৰ পৰা। আমি সেই নিৰ্দেশনাবোৰ পালন কৰিলে যিহোৱাৰ সেৱা আৰু ভালদৰে কৰিব পাৰোঁ। কিন্তু আমাক যি নিৰ্দেশনা দিয়া হয়, তাৰ প্ৰকৃত কাৰণ কি সেয়া আমি কেতিয়াবা কেতিয়াবা বুজি নাপাবও পাৰোঁ। বা আমাক লাগিব পাৰে যে আমাক যি নিৰ্দেশনা দিয়া হৈছে, সেয়া পালন কৰিলে হানি হʼব। অথবা আমাক যিসকল ভায়ে নিৰ্দেশনা দিয়ে, আমি হয়তো তেওঁলোকৰ দুৰ্বলতাৰ প্ৰতি ধ্যান দিবলৈ ধৰোঁ।
১৪. যেতিয়া আমি সংগঠনৰ পৰা কিবা নিৰ্দেশনা পাওঁ, তেতিয়া আমি কেনেকৈ বিশ্বাসেৰে চলিব পাৰোঁ? (ইব্ৰী ১৩:১৭)
১৪ যেতিয়া আমি বিশ্বাসেৰে চলোঁ, তেতিয়া আমি ভৰসা ৰাখোঁ যে যিহোৱাইহে সংগঠনক চলাই আছে আৰু কি কৰিলে আমাৰ ভাল হʼব, সেয়া তেওঁ ভালদৰে জানে। সেইবাবে, যেতিয়া আমি কোনো নিৰ্দেশনা পাওঁ, তেতিয়া সেয়া আমি লগে লগে পালন কৰোঁ আৰু আনন্দেৰে এইদৰে কৰোঁ। (ইব্ৰী ১৩:১৭ পঢ়ক।) আমি এয়াও মনত ৰাখোঁ যে এইদৰে কৰিলে মণ্ডলীত একতা থাকিব। (ইফি. ৪:২, ৩) এয়া সঁচা যে নেতৃত্ব লোৱা ভাইসকল অসিদ্ধ হয়। কিন্তু আমি যদি তেওঁলোকৰ কথা পালন কৰোঁ, তেনেহʼলে আমি ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক নিশ্চয় আশীৰ্বাদ দিব। (১ চমূ. ১৫:২২) যদি কিবা সাল-সলনি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে যিহোৱাই নিশ্চয় কৰিব।—মীখা ৭:৭.
১৫-১৬. যেতিয়া নিৰ্দেশনা মানিবলৈ কঠিন হৈছিল, তেতিয়াও এজন ভায়ে কেনেকৈ বিশ্বাসেৰে চলি থাকিল? (ছবিখনো চাওক।)
১৫ খন্তেকৰ বাবে এটা উদাহৰণলৈ মন কৰক, যাৰ পৰা জানিব পাৰি যে বিশ্বাসেৰে চলিলে লাভ হয়। পেৰু দেশৰ সকলো ঠাইতে স্পেনিচ ভাষা কোৱা হয়। কিন্তু তাত কিছুমান লোকে নিজৰ ভাষাও কয়। তাৰে মাজৰ এটা ভাষা হৈছে কেচুয়া। বহু বছৰলৈকে কেচুয়া ভাষা কোৱা ভাই-ভনীসকলে তেওঁলোকৰ প্ৰচাৰ এলেকাত কেচুয়া ভাষা কোৱা লোকসকলক বিচাৰিছিল। কিন্তু পাছত লোকসকলক বিচৰাৰ উপায়ত কিছুমান সাল-সলনি কৰা হʼল যাতে চৰকাৰী নিয়মবোৰ ভালদৰে পালন কৰিব পাৰি। (ৰোম. ১৩:১) তেতিয়া কিছুমান ভাই-ভনীয়ে ভাবিছিল যে এতিয়া কেচুয়া ভাষা কোৱা লোকসকলক বিচাৰিবলৈ কঠিন হʼব। কিন্তু ভাইসকলে সংগঠনৰ নিৰ্দেশনা পালন কৰিলে, সেইবাবে যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমৰ ওপৰত আশীৰ্বাদ দিলে আৰু তেওঁলোকে বহুতো লোকক বিচাৰি পালে।
১৬ কেচুয়া ভাষা কোৱা মণ্ডলীৰ এজন প্ৰাচীন ভাই কেবিনেও ইয়াৰ বিষয়ে ভাবি চিন্তিত হৈছিল। তেওঁ এইদৰে কৈছে, “মোৰ মনলৈ বাৰে বাৰে এটাই প্ৰশ্ন আহিছিল, এতিয়া আমি কেচুয়া ভাষা কোৱা লোকসকলক কেনেকৈ বিচাৰিম?” তেতিয়া তেওঁ কি কৰিলে? তেওঁ এইদৰে কৈছে, “মই হিতোপদেশ ৩:৫ পদৰ বিষয়ে মনন কৰিলোঁ। মই মোচিৰ বিষয়েও চিন্তা কৰিলোঁ। যিহোৱাই তেওঁক ইস্ৰায়েলীসকলক মিচৰৰ পৰা উলিয়াই চূপ সাগৰৰ ফালে লৈ যাবলৈ কৈছিল। তেওঁ ভাবিব পাৰিলেহেঁতেন যে যদি তেওঁ যিহোৱাৰ কথা পালন কৰে, তেনেহʼলে তেওঁলোকে ফচি যাব আৰু মিচৰীয়াসকলে তেওঁলোকক সহজতে বন্দী বনাব। তথাপিও মোচিয়ে যিহোৱাৰ কথা পালন কৰিলে আৰু যিহোৱাই তেওঁক আশীৰ্বাদ দিলে। যিহোৱাই আচৰিত ধৰণে ইস্ৰায়েলীসকলক বচালে।” (যাত্ৰা. ১৪:১, ২, ৯-১১, ২১, ২২) ভাই কেবিনে প্ৰচাৰ কৰাৰ পদ্ধতি সলনি কৰিলে। ইয়াৰ পৰিণাম কি হʼল? তেওঁ এইদৰে কৈছে, “যিহোৱাই আমাক যিদৰে আশীৰ্বাদ দিলে, সেয়া চাই মই আচৰিত হʼলোঁ। আগতে আমি যেতিয়া প্ৰচাৰলৈ গৈছিলোঁ, তেতিয়া বহু দূৰ খোজকাঢ়িবলগীয়া হৈছিল আৰু আমি কেৱল এজন বা দুজন কেচুয়া ভাষা কোৱা লোকক লগ পাইছিলোঁ। কিন্তু এতিয়া আমি এনে এলেকাত প্ৰচাৰ কৰোঁ, যʼত কেচুয়া ভাষা কোৱা বহুতো লোক থাকে। সেইবাবে, এতিয়া আমি বহুতো লোকৰ লগত কথা পাতিব পাৰোঁ, এতিয়া আমাৰ ওচৰত আগতকৈ বেছি পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন আছে। ইয়াৰ লগতে সভালৈও বহুতো লোকে আহিবলৈ ধৰিছে।” সঁচাকৈ, যেতিয়া আমি বিশ্বাসেৰে চলোঁ, তেতিয়া যিহোৱাই সদায় আমাক আশীৰ্বাদ দিয়ে।
বহুতো লোকে ভাই-ভনীসকলক জনালে যে কেচুয়া ভাষা কোৱা লোকসকল কʼত থাকে (অনুচ্ছেদ ১৫-১৬ চাওক)
১৭. এই লেখৰ পৰা আপুনি কি শিকিলে?
১৭ এই লেখত আমি তিনিটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন কৰিলোঁ, যʼত আমি বিশ্বাসেৰে চলা উচিত। কিন্তু আমি জীৱনৰ আন বিষয়বোৰতো বিশ্বাসেৰে চলা উচিত। যেনে, যেতিয়া আমি নিৰ্ণয় লʼবলগীয়া হয় যে আমি কেনেধৰণৰ মনোৰঞ্জন কৰিম, আজৰি সময়ত কি কৰিম, কিমান পঢ়া-শুনা কৰিম বা নিজৰ লʼৰা-ছোৱালীক কেনেকৈ ডাঙৰ-দীঘল কৰিম। আমি যিয়েই বিষয়ত নিৰ্ণয় লʼবলগীয়া নহওক কিয় আহক আমি চকুৱে দেখা বস্তুৰে নহয়, বিশ্বাসেৰে চলোঁ অৰ্থাৎ যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কৰ বিষয়ে চিন্তা কৰোঁ, তেওঁৰ পৰামৰ্শ পালন কৰোঁ আৰু তেওঁৰ এই প্ৰতিজ্ঞাৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰোঁ যে তেওঁ আমাৰ যত্ন লʼব। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে ‘আমি যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম।’—মীখা ৪:৫.
গীত নং ১৫৬ বিশ্বাসেৰে
a কিছুমান নাম সলনি কৰা হৈছে।
b অনুচ্ছেদত কোৱা হৈছে যে এজনী ভনীয়ে জীৱন-সংগী বিচাৰি আছে। কিন্তু ইয়াত দিয়া পৰামৰ্শ ভাইসকলৰ বাবেও হয়।