‘মনুষ্যত উপহাৰৰ’ বাবে কৃতজ্ঞতা জনোৱা
“যিবিলাকে তোমালোকৰ মাজত পৰিশ্ৰম কৰে, . . . তেওঁবিলাকৰ কাৰ্য্যৰ কাৰণে, প্ৰেমেৰে অতিশয়ৰূপে তেওঁবিলাকক সমাদৰ কৰা।”—১ থিচলনীকীয়া ৫:১২, ১৩.
১. পাঁচনিৰ কৰ্ম্ম ২০:৩৫ পদৰ অনুসাৰে প্ৰেম অভিব্যক্তি কৰিলে কি হয়? বুজাওঁক।
“গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) আপোনাৰ মনত আছেনে যোৱাবাৰ যীচুৰ সেই শব্দবোৰৰ সত্যতাৰ অনুভৱৰ কথা? হয়তো আপুনি যেইকোনো আন্তৰিকতাৰে ভালপোৱাজনলৈ দিয়া এটা উপহাৰ আছিল। আপুনি বহুত ভাৱি-চিন্তি সেই উপহাৰক কিনিছিল, কিয়নো আপুনি বিচাৰিছিল যে যাক আপুনি উপহাৰ দিব, সেই ব্যক্তিজনে ইয়াক যাতে বহুত পছন্দ কৰে আৰু তাক সাৱধানে ৰাখে। আপোনাৰ অতি ভালপোৱা জনৰ প্ৰফুল্লিত মুখখন দেখি আপোনাৰ হৃদয় কিমান যে হৰ্ষিত হব! সেইবাবে, যেতিয়া আমি হৃদয়েৰে কোনো ব্যক্তিক কিবা দিওঁ, আৰু দিয়াত যদি প্ৰেমৰ অভিব্যক্তি থাকে আৰু এনেধৰণৰ প্ৰেমৰ অভিব্যক্তি কৰিলে আমি আনন্দ অনুভৱ কৰোঁ।
২, ৩. (ক) এইটো কিয় কব পাৰি যে যিহোৱাৰ বাহিৰে কোনো আনন্দিত নহয়, আৰু কেনেকৈ ‘মনুষ্যত উপহাৰে’ তেওঁৰ হৃদয় আনন্দিত কৰে? (খ) আমি ঈশ্বৰৰ পৰা অহা উপহাৰৰ সৈতে কি হোৱাটো নিবিচাৰো?
২ “সকলো উত্তম দান” দিওঁতা যিহোৱাতকৈ কোন, তেতিয়াহʼলে, আটাইতকৈ সূখী? (যাকোব ১:১৭; ১ তীমথিয় ১:১১) প্ৰতিটো উপহাৰত তেওঁ প্ৰেমৰ অভিপ্ৰায় জড়িত। (১ যোহন ৪:৮) বিশেষকৈ, ঈশ্বৰৰ প্ৰেম আমি এই ক্ষেত্ৰত দেখিবলৈ পাওঁ যে তেওঁ খ্ৰীষ্টৰ দ্বাৰা মণ্ডলীত ‘মনুষ্যত উপহাৰ’ দিছে। (ইফিচীয়া ৪:৮) জাকক প্ৰতিপালন কৰিবলৈ প্ৰাচীনসকলৰ যি প্ৰবন্ধ কৰিলে ইয়াৰ পৰা দেখা যায় ঈশ্বৰ তেওঁৰ লোকসকলক গভীৰভাৱে ভাল পায়। এই লোকসকলক সাৱধানে বাচঁনি কৰা হৈছে আৰু তেওঁলোক শাস্ত্ৰৰ সকলো যোগ্যতা পূৰ্ণ কৰে। (১ তীমথিয় ৩:১-৭; তীত ১:৫-৯) তেওঁলোকে “জাকলৈ কৰুণাৰে আচৰণ কৰে” যাতে মেৰবোৰে এনেধৰণৰ মৰমীয়াল ৰক্ষীয়াৰ বাবে কৃতজ্ঞতা অনুভৱ কৰিব পাৰে। (পাঁচনিৰ কৰ্ম্ম ২০:২৯, NW; গীতমালা ১০০:৩) যেতিয়া যিহোৱাই দেখে যে তেওঁৰ মেৰবোৰৰ হৃদয় কৃতজ্ঞতাৰে পূৰ্ণ হৈছে, সেই সময়ত তেওঁৰো হৃদয় আনন্দিত হয়!—হিতোপদেশ ২৭:১১.
৩ নিশ্চয়কৈ, আমি কেতিয়াও ঈশ্বৰৰ উপহাৰ মূল্য হ্ৰাস হোৱাটো নিবিচাৰো নাইবা আমি তেওঁৰ উপহাৰৰ প্ৰতি অপ্ৰশংসনীয় হোৱাটো নিবিচাৰো। সেইবাবে দুটা প্ৰশ্ন উদ্ভৱ হয়: মণ্ডলীত প্ৰাচীনসকলে তেওঁলোকৰ ভূমিকাৰ প্ৰতি কিদৰে দৃষ্টি ৰখা উচিত? আৰু জাকে কেনেকৈ তেওঁলোকৰ ‘মনুষ্যত উপহাৰৰ’ প্ৰতি মূল্যাঙ্কান দেখুৱায়?
‘আমি তোমালোকৰ সহকৰ্মী’
৪, ৫. (ক) পৌলে মণ্ডলীক কিহৰ সৈতে তুলনা কৰিছে আৰু এই উদাহৰণ কিয় ইমান উপযোগী? (খ) পৌলৰ উদাহৰণৰ অনুসৰি আমাৰ এজনে আনজনৰ প্ৰতি কিদৰে ব্যৱহাৰ কৰিব লাগে আৰু কি দৃষ্টিভঙ্গী ৰখা উচিত?
৪ যিহোৱাই ‘মনুষ্যত উপহাৰক’ মণ্ডলীত কিছুমান অধিকাৰ দিছে। নিঃসন্দেহ, প্ৰাচীনসকলে তেওঁলোকৰ অধিকাৰ অপব্যৱহাৰ কৰা উচিত নহয়, তেওঁলোকে জানে যে এনেদৰে কৰাটো অতি সহজ কিয়নো অসিদ্ধ মানুহেও এইদৰে কৰে। তেনেহʼলে, জাকৰ প্ৰতি প্ৰাচীনসকলৰ যি দায়ীত্ব আৰু সন্মান দিয়া হʼল, তাক তেওঁলোক কিদৰে দৃষ্টি কৰা উচিত? ইয়াৰ উত্তৰৰ বাবে পাঁচনি পৌলে দিয়া উদাহৰণ বিবেচনা কৰক। ‘মনুষ্যত উপহাৰ’ কিয় দিয়া হʼল, ইয়াৰ আলোচনাৰ পাছত পৌলে লিখিলে: “যি খ্ৰীষ্ট্ মূৰস্বৰূপ, তেওঁ উদ্দেশে সকলো বিষয়ত বৃদ্ধি পাওঁ; তেওঁৰ পৰা উৎপন্ন হোৱা পোহনৰ উপায়ৰ সকলো সংস্পৰ্শৰ দ্বাৰায়েই, গোটেই শৰীৰ সংলগ্ন আৰু সংযুক্ত হৈ, নিজ নিজ পৰিমাণ অনুসাৰে প্ৰত্যেক ভাগৰ কাৰ্য্য-সাধনৰ দৰে, প্ৰেমত শৰীৰৰ বৃদ্ধি সাধন কৰে।” (ইফিচীয়া ৪:১৫, ১৬) সেইবাবে, পৌলে ইয়াত সম্পূৰ্ণ মণ্ডলীৰ তুলনা, যʼত প্ৰাচীন আৰু অন্য সদস্যসকলো সন্মিলিত আছে, মানৱ দেহৰ সৈতে কৰিছে। কিন্তু এই উদাহৰণ কিয় ইমান উপযোগী?
৫ মানৱ দেহত বিভিন্ন প্ৰকাৰৰ অঙ্গ থাকে, কিন্তু মূৰ এটাহে থাকে। আৰু গোটেই শৰীৰত এনে কোনো এটা অঙ্গ নাই যিটো মূল্যহীন—আনকি সৰু সৰু মাংসপেশী, হাড় আৰু সিৰো কাৰ্য্যকাৰী। প্ৰত্যেক অঙ্গই মুল্যবান আৰু সকলোৱে গোটেই শৰীৰক সুস্থ আৰু সুন্দৰ কৰি ৰাখে। ঠিক সেইদৰে, মণ্ডলী বিভিন্ন সদস্যৰে গঠিত হয়, কিন্তু প্ৰত্যেক সদস্যই—ডেকাই হওঁক বা বৃদ্ধই হওঁক, দুৰ্বল হওঁক বা প্ৰবল হওঁক—মণ্ডলীক সুস্থ আৰু সুন্দৰ কৰি ৰাখিবলৈ কিছু নহয় কিছু বৰঙনি দিয়ে। (১ কৰিন্থীয়া ১২:১৪-২৬) কোনেও এইটো ভৱা উচিত নহয় যে তেওঁ এই ক্ষেত্ৰত একেবাৰে নগন্য। অন্যহাতে, কোনেও নিজকে উচ্চ ভৱাটো উচিত নহয়, কিয়নো আমি সকলোৱে—ৰক্ষীয়া আৰু মেৰসদৃশ—শৰীৰৰ অঙ্গ-পতঙ্গ হওঁ, কিন্তু এটাই মূৰ আৰু সেইজন হৈছে খ্ৰীষ্ট। সেইবাবে পৌলে প্ৰেম, প্ৰতিপালন আৰু সন্মানৰ এক সুন্দৰ চিত্ৰ অঙ্কিত কৰিছে যিটো আমাৰ এজনে আনজনৰ বাবে হোৱা উচিত। এনে সহায়ৰ স্বীকিতৃৰ বাবে প্ৰাচীনসকলে নম্ৰ নিদৰ্শনৰে মণ্ডলীত নিজ নিজ ভূমিকাত ভাৰসাম্য বজাই ৰখা উচিত।
৬. যদিও পৌল খ্ৰীষ্টৰ এজন পাঁচনি আছিল কিদৰে তেওঁ নম্ৰতাৰ আত্মা প্ৰদৰ্শিত কৰিলে?
৬ এই ‘মনুষ্যত উপহাৰে’ তেওঁলোকৰ সঙ্গী উপাসকসকলৰ জীৱন বা বিশ্বাস ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ পৌল যদিও অভিষিক্ত কতৃত্ব থকা লোক, কৰিন্থীয়া সদস্যসকলক নম্ৰতাৰে কৈছিল: “আমি যে তোমালোকৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব কৰিছোঁ, এনে নহয়, কিন্তু তোমালোকৰ আনন্দৰ সহকাৰী হৈছোঁ; কিয়নো তোমালোক বিশ্বাসত থিৰে আছা।” (২ কৰিন্থীয়া ১:২৪) পৌলে কেতিয়াও তেওঁৰ ভাইসকলৰ জীৱন প্ৰণালী আৰু বিশ্বাসৰ ওপৰত নিয়ন্ত্ৰণ ৰখা নাছিল। প্ৰকৃততে তেওঁ দেখুৱাইছিল যে সেইদৰে কৰাৰ কোনো প্ৰয়োজন নাছিল, কিয়নো তেওঁ নিৰ্ভৰতা প্ৰকাশ কৰিছিল যে যিসকল যিহোৱাৰ সংগঠনৰ লোক আছিল তেওঁলোক বিশ্বাসী পুৰুষ আৰু স্ত্ৰী আছিল কাৰণ তেওঁলোকে যিটো সঠিক তাকে কৰিবলৈ বিচাৰিছিল। সেইবাবে পৌলে নিজৰ আৰু ভ্ৰমণ সঙ্গী তীমথিৰ বিষয়ে প্ৰতিক্ৰিয়া দেখুৱাই কৈছিল যে ‘এইটো আমাৰ কৰ্ম্ম যে আমি তোমালোকৰ সৈতে আনন্দৰে ঈশ্বৰৰ সেৱা কৰোঁহঁক।’ (২ কৰিন্থীয়া ১:১) কিযে উত্তম নম্ৰতাৰ আত্মা!
৭. নম্ৰ প্ৰাচীনসকলে মণ্ডলীত তেওঁলোকৰ ভূমিকাৰ প্ৰতি কিদৰে অনুভৱ কৰে আৰু তেওঁলোকৰ সহকৰ্ম্মীৰ প্ৰতি কি দৃঢ় বিশ্বাস আছে?
৭ আজিৰ সময়তো ‘মনুষ্যত উপহাৰৰ’ বাবে সেই একে কাৰ্য্য হৈছে। তেওঁলোক ‘আমাৰ আনন্দৰ বাবে সহকৰ্মী।’ নম্ৰ প্ৰাচীনসকলে উপলব্ধি কৰে যে অন্যই ঈশ্বৰৰ কাৰ্য্য কিমান পৰিমাণে কৰিব পাৰে তাৰ সিদ্ধান্ত লোৱাটো তেওঁলোকৰ কাৰ্য্য নহয়। তেওঁলোকে জানে যে যেতিয়া তেওঁলোকে অন্যক পৰিচৰ্য্যা কাৰ্য্য বৃদ্ধি বা উন্নতি কৰিবলৈ উৎসাহিত কৰে, কিন্তু ঈশ্বৰৰ প্ৰতি সেৱা ব্যক্তিজনৰ হৃদয়ৰ পৰা হোৱা উচিত। (২ কৰিন্থীয়া ৯:৭ তুলনা কৰক।) প্ৰাচীনসকলৰ বিশ্বাস আছে যে যদি তেওঁলোকৰ সহকৰ্মী আনন্দিত, তেওঁলোকে কৰিব পৰা কাম কৰিবই। “আনন্দৰে যিহোৱাৰ সেৱা” কৰি যাবলৈ ভাইসকলক সহায় কৰাটোৱে তেওঁলোকৰ আন্তৰিক ইচ্ছা।—গীতমালা ১০০:২.
আনন্দৰে সেৱা কৰিবলৈ সকলোকে সহায় কৰক
৮. যিহোৱাৰ সেৱাত আনন্দৰে সেৱা কৰি যাবলৈ কিছুমান পদ্ধতি কি কি, যাৰ দ্বাৰা প্ৰাচীনসকলে ভাইসকলক সহায় কৰিব পাৰে?
৮ প্ৰাচীনসকল, আপোনালোকে ভাইসকলক কিদৰে আনন্দৰ সৈতে কাৰ্য্য কৰি যাবলৈ সহায় কৰিব? আৰ্হিৰ দ্বাৰা আপোনালোকে উৎসাহিত কৰিব পাৰে। (১ পিতৰ ৫:৩) পৰিচৰ্য্যাৰ প্ৰতি থকা আপোনাৰ উৎসাহ আৰু আনন্দ প্ৰকাশ কৰক যাৰ দ্বাৰা অন্যই স্বইচ্ছাৰে আপোনালোকৰ উদাহৰণ অনুকৰণ কৰিব পাৰে। অন্যই হৃদয়ৰে কৰা প্ৰচেষ্টাক প্ৰশংসা কৰক। (ইফিচীয়া ৪:২৯) হৃদয়পূৰ্ণ আৰু আন্তৰিক প্ৰশংসাই আন ভাইসকলো যে মণ্ডলীৰ বাবে কিমান প্ৰয়োজনীয় আৰু সাৰ্থক তাক বুজিবলৈ সহায় কৰে। ইয়ে মেৰবোৰক ঈশ্বৰৰ সেৱা সৰ্ব্বোত্তমৰূপে কৰিবলৈ উৎসাহিত কৰে। এজনৰ সেৱাৰ সৈতে আনৰ তুলনা কৰাৰ পৰা আতঁৰি থাকক। (গালাতীয়া ৬:৪) তেনেধৰণৰ তুলনাই অন্যই উন্নতিতকৈ বৰং নিৰুৎসাহৰ হেঙাৰ হব পাৰে। তদুপৰি, যিহোৱাৰ মেৰবোৰ ব্যক্তিকেন্দ্ৰিত বিভিন্ন পৰিস্থিতি আৰু সমৰ্থনৰ ক্ষেত্ৰত। পৌলৰ দৰে, ভাইবোৰৰ বাবে দৃঢ়তা প্ৰকাশ কৰক। প্ৰেমে “সকলো কথাতে সহন কৰে,” সেইবাবে আমি বিশ্বাস কৰাটো ভাল কাৰণ হব যে আমাৰ ভাইসকলে ঈশ্বৰক প্ৰেম কৰে আৰু তেওঁক সন্তোষ্ট কৰিবলৈ বিচাৰে। (১ কৰিন্থীয়া ১৩:৭) যেতিয়া এজনে আনজনক ‘সমাদৰ’ দেখুৱাই তেতিয়া আপোনালোকে তেওঁলোকক ঈশ্বৰৰ কাৰ্য্য অধিক কৰিবলৈ উৎসাহিত কৰিব পাৰিব। (ৰোমীয়া ১২:১০) যেতিয়া মেৰবোৰক উৎসাহিত কৰা হয় আৰু তেওঁলোকক সবল কৰা হয় তেতিয়া নিশ্চিত হওঁক যে বেছিভাগ মেৰে যাতে ঈশ্বৰৰ সেৱা কৰিবলৈ নিজৰ ফালৰ পৰা পূৰ্ণ চেষ্টা কৰে আৰু আনন্দ প্ৰাপ্ত কৰে।—মথি ১১:২৮-৩০.
৯. সঙ্গী প্ৰাচীনসকলৰ বাবে কি দৃষ্টিভঙ্গী ৰাখিলে প্ৰত্যেক প্ৰাচীনে যিহোৱাৰ সেৱা আনন্দৰে কৰিবলৈ সহায় পাব?
৯ সেইবাবে, যেতিয়া আপুনি নম্ৰতাৰে নিজকে এজন “সহকৰ্মী” বুলি ভাৱিব, তেনেহʼলে আপুনি আনন্দৰে সেৱা কৰিবলৈ আৰু অন্য প্ৰাচীনসকলৰ অদ্বিতীয় উপহাৰক প্ৰশংসা কৰিবলৈ আপোনাৰ বাবে সহায়ক হব। প্ৰত্যেক প্ৰাচীনৰ ভিন্ন-ভিন্ন প্ৰতিভা আৰু পটুতা আছে যিবোৰ মণ্ডলীৰ লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰে। (১ পিতৰ ৪:১০) উদাহৰণৰ বাবে, এজন প্ৰাচীন হয়তো শিক্ষা দিয়া কাৰ্য্যত নিৰ্পূণ হব পাৰে। অন্য কোনো লাভজনক সংগঠিত কৰাত নিৰ্পূণ হব পাৰে। আৰু আন এজন প্ৰাচীনৰ হৃদয় প্ৰেম আৰু কৰুণাৰে অফুৰন্ত হব পাৰে আৰু এইবাবে লোকসকলে তেওঁৰ ওচৰত যায় আৰু নিজৰ মনৰ কথা প্ৰকাশ কৰে। বাস্তৱিকতে সকলো প্ৰাচীনৰ সকলো অৱদান একে মূল্যৰ নহয়। সেইবাবে, যদি কোনো এজন প্ৰাচীনৰ ওচৰত কোনো বিশেষ গুণ আছে—যেনে, শিক্ষা দিয়া কাৰ্য্যত নিপূৰ্ণ—তেনে ক্ষেত্ৰত কি তেওঁ অন্য প্ৰাচীনতকৈ উচ্চ হয় যায়নে? কেতিয়াও নহয়! (১ কৰিন্থীয়া ৪:৭) অন্যহাতে, যদি কোনো প্ৰাচীনৰ ওচৰত এনে এক দক্ষতা আছে যিটো আপোনাৰ ওচৰত নাই, তেনেহʼলে সেই দক্ষতা দেখি বেজাৰ কৰা আৱশ্যক নাই, বা যেতিয়া কোনো প্ৰাচীনৰ দক্ষতাৰ বাবে লোকসকলে তেওঁৰ প্ৰশংসা কৰে, সেই সময়ত আপুনি এইটো অনুভৱ কৰাটো উচিত নহয় যে আপুনি অনুৰূপ। মনত ৰাখক যে আপোনাৰ প্ৰতিভাক যিহোৱাই দেখা পায়। আৰু সেই প্ৰতিভা উন্নতি কৰিবলৈ আৰু আপোনাৰ ভাইসকল লাভৱান হবলৈ আপোনাক যিহোৱাই সহায় কৰিব।—ফিলিপীয়া ৪:১৩.
‘আজ্ঞা পালন কৰক আৰু বশীভূত হওঁক’
১০. ‘মনুষ্যত উপহাৰক’ কৃতজ্ঞতা জনোৱাটো আমাৰ বাবে কিয় উপযোগী?
১০ আমি কোনো উপহাৰ পালে, নিয়াৰিকৈ তাৰ কাৰণে আমি তেওঁক কৃতজ্ঞতা জনাওঁ। কলচীয়া ৩:১৫ পদত কৈছে যে তোমালোক “কৃতজ্ঞ হোৱা।” তেনেহʼলে, ‘মনুষ্যত উপহাৰ’ কি, যিটো যিহোৱাৰ দ্বাৰা দিয়া এক বহুমূলীয়া উপহাৰ? নিঃসন্দেহ, সৰ্ব্বপ্ৰথমে আমি এই দানশীল উপহাৰ দিওঁতা যিহোৱাক ধন্যবাদ জনাওঁ। কিন্তু ‘মনুষ্যত উপহাৰ’ সকলকো কৃতজ্ঞতা জনোৱাৰ প্ৰশংসনীয় কাৰ্য্য নহবনে? আমি কেনেকৈ তেওঁলোকক কৃতজ্ঞতা জনাব পাৰোঁ?
১১. (ক) আমি ‘মনুষ্যত উপহাৰক’ কিদৰে কৃতজ্ঞতা জনাব পাৰোঁ? (খ) ‘পালন কৰা’ আৰু “বশীভূত” হোৱা, অৰ্থ কি?
১১ ‘মনুষ্যত উপহাৰৰ’ কৃতজ্ঞতা জনোৱা এটা পদ্ধতি হৈছে, যেতিয়াই তেওঁলোকে বাইবেলৰ পৰা উপদেশ দিয়ে বা কোনো সিধান্ত ঘোষণা কৰে, সেই সময়ত আমি তৎক্ষণাত স্বীকাৰ কৰা উচিত। বাইবেলে আমাক উপদেশ দিছে যে: “তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁ বিলাকৰ বশীভূত হোৱা; কিয়নো হিচাব দিব লগা মানুহবিলাকৰ দৰে তেওঁলোকে তোমালোকৰ প্ৰাণৰ নিমিত্তে প্ৰহৰী কাৰ্য্য কৰিছে; এতেকে তেওঁলোকে যেন কৰ্ম্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হোৱা; কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে, তোমালোকৰ একো হিত নহব।” (ইব্ৰী ১৩:১৭) ইয়াত লক্ষ্য কৰক যে আমি আমাৰ নায়কসকলৰ কেৱল আজ্ঞা ‘পালন কৰোটাই’ নহয় কিন্তু তেওঁলোকৰ “বশীভূত” হোৱাও আৱশ্যক। ইয়াত “বশীভূত” শব্দৰ বাবে ব্যৱহাৰ কৰা গ্ৰীক শব্দৰ প্ৰকৃত অৰ্থ হৈছে “তলতীয়া হোৱা।” ‘পালন কৰা’ আৰু “বশীভূত হোৱা”, এই দুয়ো শব্দক আলোচনা মন্তব্যৰে বাইবেল বিদ্ধান আৰ. চী. লেন্সকীয়ে কৈছে যে: “এজন ব্যক্তি কোনো কথা তেতিয়াহে ‘পালন’ কৰে যেতিয়া তেওঁ সেই কথাৰ সৈতে সন্মত হয়, বা তেওঁক সেই কাৰ্য্যৰ সত্যতা আৰু লাভৰ বাবে উদগোৱা হয়; . . . কিন্তু ব্যক্তিজনে তেতিয়াহে ‘তলতীয়া’ আৰু বশীভূত হয় যেতিয়া সেই কথাত সন্মত নহয়।” যেতিয়া আমি আমাৰ নায়কসকলৰ কথাবোৰক ভালদৰে বুজি তাত সন্মত হওঁ, তেনেহʼলে তেওঁলোকৰ কথাক পালন কৰা সহজ হৈ পৰে। কিন্তু এটা বিষয়ে সিধান্তৰ নেপথ্যত থকা যুক্তিক বুজি নাপালে কি কৰো??
১২. যদি আমি কোনো সিধান্তক ভালদৰে বুজি নাপাওঁ, তথাপি আমি কিয় বশীভূত আৰু তলতীয়া হোৱাৰ আৱশ্যক?
১২ ইয়াত হয়তো বা কʼত আমি বশীভূত হোৱা বা তলতীয়া হোৱা আৱশ্যক। কিয়? কিয়নো প্ৰথম কাৰণ হৈছে, আমি ভৰসা ৰখা উচিত যে এইবোৰ সিধান্ত আধ্যাত্মিক ৰূপে যোগ্য প্ৰাচীনসকলৰ দ্বাৰা লোৱা হৈছে, আৰু এই সিধান্ত এইবাবে লোৱা হৈছে কিয়নো তেওঁলোকে আমাৰ লাভ হোৱাটো বিচাৰে। আমি এইটো বিশ্বাস ৰখা আৱশ্যক যে এই প্ৰাচীনসকলে ভালদৰে জানে যে যিহোৱাই এই মেৰবোৰক তত্ত্বাৱধান লোৱা দায়ীত্ব তেওঁলোকক দিছে, যাৰ বাবে যিহোৱাৰ ওচৰত তেওঁলোকে জৱাবদিহী। (যাকোব ৩:১) ইয়াৰ ওপৰিও, আমি এইটো ভালদৰে মনত ৰখা উচিত যে এই সিধান্তৰ পাচফালে হয়তো এনে গোপনীয় কথা আছে যিবোৰ আমি নাজানো।—হিতোপদেশ ১৮:১৩.
১৩. প্ৰাচীনে লোৱা ন্যায়িক সিধান্তৰ সময়তে কিহে আমাক ইয়াৰ অধীনতা স্বীকাৰ কৰিবলৈ সহায় কৰিব পাৰে?
১৩ যেতিয়া ন্যায়িক সিদ্ধান্ত সমন্ধে প্ৰশ্ন উদয় হয় আমি কিদৰে বশীভূত হোৱা উচিত? কেতিয়াবা-কেতিয়াবা ইয়াক স্বীকাৰ কৰাটো কঠিন হয় পৰে, বিশেষকৈ, যেতিয়া ন্যায়িক কমিটিয়ে কোনো ব্যক্তিক বহিষ্কাৰ কৰে যিজন ব্যক্তি আমাৰ অতি প্ৰিয়—সেইজন ব্যক্তি আমাৰ সমন্ধীয় বা ঘনিষ্ঠ বন্ধু হব পাৰে। কিন্তু, ইয়াতো এইটো ভাল হব যদি আমি ‘মনুষ্যত উপহাৰৰ’ সিধান্তৰ বশীভূত হওঁ আৰু তাক পালন কৰোঁ। কিয়নো তেওঁলোক এইবোৰ বিষয়ত নিৰীক্ষণীয় আৰু কোনো সিধান্ত ভাবুকতাৰে নকৰে, আৰু হয়তো এই বিষয়ে তেওঁলোক আমাতকৈ অধিক জ্ঞান ৰাখিব পাৰে। এই ভাইসকলো এনেধৰণৰ সিধান্ত লবলৈ প্ৰায় দুখিত হয়; তেওঁলোকে অনুভৱ কৰে যে ‘যিহোৱাৰ নিমিত্তেহে বিচাৰ’ কৰিবলৈ এক গভীৰ দায়ীত্ব বহন কৰিবলগীয়া হয়। (২ বংশাৱলি ১৯:৬) তেওঁলোকে প্ৰায় দয়া দেখুৱাবলৈ চেষ্টা কৰে, কিয়নো তেওঁলোকে জানে যে যিহোৱা নিজেই “ক্ষমাৱান” ঈশ্বৰ। (গীতমালা ৮৬:৫) কিন্তু তেওঁলোকৰ ওপৰত মণ্ডলীক শুদ্ধ কৰি ৰখাও দায়ীত্ব আছে আৰু বাইবেলে কৈছে যে ভূল কৰি অনুতাপ নকৰা ব্যক্তিক মণ্ডলীৰ পৰা বহিষ্কাৰ কৰা উচিত। (১ কৰিন্থীয়া ৫:১১-১৩) কিছুমান ক্ষেত্ৰতত, ভূল কৰা ব্যক্তিৰ দ্বাৰা কৰা সিধান্তক স্বীকাৰ কৰা হয়। ব্যক্তিজনক নিজৰ অনুভূতিক অনুভৱ কৰিবলৈ অনুশাসন দিয়া হয়। যদিও আমি তেওঁৰ প্ৰিয়জন হওঁ আৰু সেই সিধান্তৰ অধীন হওঁ আৰু পালন কৰোঁ, তেনেহʼলে আমি সেই ব্যক্তিজনক সহায় কৰিম যাতে তেওঁ সেই অনুশাসনৰ পৰা লাভৱান হয়।—ইব্ৰী ১২:১১.
“অসাধাৰণ বিবেচনাতকৈ বেছি আদৰ তেওঁলোকক দিয়া”
১৪, ১৫. (ক) ১ থিচলনীকীয়া ৫:১২, ১৩ পদৰ অনুসাৰে, প্ৰাচীনসকল কিয় আমাৰ আদৰৰ উপযোগী? (খ) এইটো কিয় কব পাৰি যে প্ৰাচীনসকলে ‘আমাৰ বাবে কঠোৰ পৰিশ্ৰম কৰে’?
১৪ ‘মনুষ্যত উপহাৰৰ’ প্ৰতি বিবেচনা দেখুৱাই আমি আমাৰ প্ৰশংশাও দেখুৱাব পাৰোঁ। থিচলনীকীয়া মণ্ডলীলৈ লিখা পত্ৰত পৌলে ইয়াৰ সদ্যসকলক এইদৰে সতৰ্ক কৰিছিল: “যিবিলাকে তোমালোকৰ মাজত পৰিশ্ৰম কৰে, আৰু প্ৰভুত তোমালোকৰ ওপৰত নিযুক্ত আছে, আৰু . . . তেওঁবিলাকৰ কাৰ্য্যৰ কাৰণে, প্ৰেমেৰে অতিশয়ৰূপে তেওঁবিলাকক সমাদৰ কৰা।” (১ থিচলনীকীয়া ৫:২, ১৩) “পৰিশ্ৰম কৰে” এই শব্দটো সেই সমৰ্পিত প্ৰাচীনসকলৰ বাবে উপযুক্ত নহয়নে যিসকলে নিস্বাৰ্থভাৱে আমাৰ বাবে নিজকে দান কৰে? ক্ষন্তেক চিন্তা কৰক যে আমাৰ এই প্ৰিয় ভাইসকলে কিমান গধুৰ বোজা কঢ়িয়ায়।
১৫ বহুতো প্ৰাচীনৰ পৰিয়াল থকাৰ বাবে, তেওঁলোক চোৱা-চিতা কৰিবলৈ চাকৰি কৰিব পৰে। (১ তীমথিয় ৫:৮) যদি প্ৰাচীনৰ লৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোকৰ বাবেও আৱশ্যকীয় সময় আৰু মনোযোগ ৰাখিব লাগে। সম্ভৱতঃ তেওঁক লৰা-ছোৱালীৰ স্কুলৰ কাৰ্য্যৰ বাবে সহায় কৰিবলৈ আৰু লগতে সমুদায় মনোৰঞ্জনৰে লৰা-ছোৱালীৰ সুলভ শান্তি বঢ়াবলৈ সময় উলিয়াব লাগে। (উপদেশক ৩:১, ৪) সকলোতকৈ ডাঙৰ বিষয় এই যে তেওঁ নিজৰ পৰিয়ালৰ আধ্যাত্মিক আৱশ্যকতা সম্পূৰ্ণৰূপে মনোযোগ দিবলৈ তেওঁ নিয়মিতৰূপে পৰিয়ালৰ সৈতে পৰিবাৰিক বাইবেল অধ্যয়ন, প্ৰচাৰ কাৰ্য্যত তেওঁলোকৰ সৈতে কাৰ্য্য কৰে, আৰু তেওঁলোকক খ্ৰীষ্টান সভা লৈ নিয়া। (দ্বিতীয় বিবৰণ ৬:৪-৭; ইফিচীয়া ৬:৪) এইটো কথা মনত ৰখা উচিত যে আমাৰ দৰে এই প্ৰাচীনসকলৰো এইবোৰ দায়ীত্ব আছে, আনকি তাতোতকৈ বেছি। যেনে, সভাবোৰৰ বাবে ভাষণ তৈয়াৰ কৰা, মেৰবোৰক লগ কৰা, মণ্ডলীৰ আধ্যাত্মিক উন্নতিৰ বাবে মনোযোগ দিয়া আৰু আৱশ্যকীয় সময়ত ন্যায়িক কমিটিক চোৱাচিতা কৰা। কিছুমান প্ৰাচীনৰ ওপৰত আৰু বহুতো দায়ীত্ব থাকে, যেনে চাৰ্কিট সন্মিলন, জিলা অধিৱেশনসমূহ, ৰাজ্যগৃহৰ নিৰ্মাণ, চিকিৎসালয় লীয়্যাজঁ কমিটিৰ সৈতে সমন্ধ থকা কাৰ্য্যবোৰক চোৱাচিতা কৰা। সচাঁকৈ এই ভাইসকল কঠোৰ “পৰিশ্ৰম কৰে!”
১৬. প্ৰাচীনসকলক আদৰ দেখুৱা পদ্ধতিবোৰক বৰ্ণনা কৰক।
১৬ আমি তেওঁলোকক কেনেকৈ আদৰ দেখুৱাব পাৰোঁ? বাইবেলৰ প্ৰবচনে কৈছে: “উচিত সময়ত কোৱা বাক্য কেনে উত্তম!” (হিতোপদেশ ১৫:২৩; ২৫:১১) সেইবাবে, যেতিয়া আমি হৃদয়েৰে তেওঁলোকৰ প্ৰতি প্ৰেম প্ৰদৰ্শিত কৰোঁ আৰু উৎসাহিত কৰোঁ, তেতিয়া ইয়াৰ পৰা এইটো প্ৰকাশ হয় যে আমি তেওঁলোকৰ কাৰ্য্যক ব্যৰ্থৰূপে নলওঁ আৰু আমি তেওঁলোকৰ পৰিশ্ৰমক সন্মান কৰোঁ। কিন্তু আমি যুক্তিসঙ্গতৰূপে তেওঁলোকৰ পৰা আশা কৰা উচিত। অন্য হাতে, আমি বিনা কোনো সঙ্কোচৰে তেওঁলোকৰ সহায় বিচাৰি কাষ চপা উচিত। হয়তো কেতিয়াবা এনে সময় আহিব আমাৰ ‘হৃদয়ে আমাৰ অন্তৰত অত্যন্ত যন্ত্ৰণা দিয়ে’ আৰু আমাৰ বাবে আৱশ্যক হয় শাস্ত্ৰীয় উৎসাহিকতা, পথ-প্ৰদৰ্শন বা “শিক্ষা দিয়াত নিপুণ” প্ৰাচীনসকলৰ পৰা পৰামৰ্শ। (গীতমালা ৫৫:৪; ১ তীমথিয় ৩:২) সেই একে সময়তে, আমি এইটো মনত ৰখা উচিত যে এজন প্ৰাচীনে আমাক পূৰ্ণ সময় দিবলৈ গৈ নিজৰ পৰিয়াল আৰু মণ্ডলীৰ অন্য সদস্যসকলৰ আৱশ্যকতাবোৰক অৱহেলা কৰিব নোৱাৰিব। সেইবাবে, এই পৰিশ্ৰমী ভাইসকলৰ বাবে ‘ভ্ৰাতৃ প্ৰেম’ দেখুৱালে আমি পৰিমাণতকৈ অধিক দাবী কৰা অহেতুক। (১ পিতৰ ৩:৮) তাৰ পৰিবৰ্ত্তে, আহঁক আমি তেওঁলোকে আমাৰ বাবে দিয়া সময় আৰু মনোযোগ তাক যুক্তিপূৰ্ণতাৰে আদৰ দেখুৱাওঁহঁক।—ফিলিপীয়া ৪:৫.
১৭, ১৮. প্ৰাচীনসকলৰ স্ত্ৰীয়ে কি কি ত্যাগ কৰে, আৰু আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ যে আমি এই বিশ্বাসী খ্ৰীষ্টান ভনীসকলক আদৰ কৰোঁ?
১৭ প্ৰাচীনৰ স্ত্ৰীসকলৰ বিষয়ে কি? তেওঁলোকো আমাৰ কৃতজ্ঞতাৰ যোগ্য নহয়নে? মুঠৰ ওপৰত তেওঁলোকে তেওঁলোকৰ স্বামীসকলক মণ্ডলীক চোৱা-চিতা কৰাত অংশীদাৰ হয়। এই ক্ষেত্ৰত তেওঁলোকে প্ৰায়ে নিজকে উৎসগা কৰে। উদাহৰণস্বৰূপে, বহু বাৰ প্ৰাচীনসকলে গধুলি সময়ক মণ্ডলীৰ কাৰ্য্যৰ বাবে সময় ব্যয় কৰে, যি সময় তেওঁলোকে নিজ পৰিয়ালৰ সৈতে ব্যয় কৰিব পাৰিলেহেঁতেন। কিছুমান মণ্ডলীৰ বিশ্বাসী খ্ৰীষ্টান স্ত্ৰীসকলে ইচ্ছাকৃতভাৱে এনেবোৰ ত্যাগ কৰে, যাতে তেওঁলোকৰ স্বামীয়ে যিহোৱাৰ মেৰবোৰক চোৱাচিতা কৰিব পাৰে।—২ কৰিন্থীয়া ১২:১৫ তুলনা কৰক।
১৮ তেনেহʼলে আমি কেনেদৰে দেখাব পাৰোঁ যে আমি সেই বিশ্বাসী খ্ৰীষ্টান ভনীসকলক আদৰ দেখুৱাওঁনে? নিশ্চয়কৈ তেওঁলোক আদৰৰ কাৰণ, তেওঁলোকে স্বামীৰ পৰা অযুক্তিসঙ্গতভাৱে দাবী নকৰে। কিন্তু আমি এইটো কেতিয়াও পহৰা উচিত নহয় যে আমি আমাৰ ক্ষুদ্ৰ কথাৰে তেওঁলোকক আদৰ দেখুৱাব পাৰোঁ। হিতোপদেশ ১৬:২৪ পদত কৈছে যে: “সন্তোয়জনক কথা মৌৰ কোঁহস্বৰূপ; সেয়ে প্ৰাণত মিঠা লগায়, আৰু হাড়বোৰ আৰোগ্য কৰে।” এটা অনুভৱৰ ওপৰত মনোযোগ দিয়ক। খ্ৰীষ্টান সভাৰ পাছত, এহাল স্বামী-স্ত্ৰীয়ে প্ৰাচীনৰ ওচৰলৈ গʼল আৰু তেওঁলোকৰ সৰু লৰাটোৰ বিষয়ে কথা পাতিব বিচাৰিলে। যেতিয়া সেই প্ৰাচীনে তেওঁলোকৰ সৈতে কথা-বতৰা হৈ আছিল, তেওঁৰ স্ত্ৰীয়ে বাহিৰত তেওঁৰ বাবে অপেক্ষা কৰি আছিল। ইয়াৰ পাছত, সেই লৰাৰ মাতৃগৰাকীয়ে প্ৰাচীনৰ স্ত্ৰীৰ ওচৰলৈ আহি কʼলে: “মই আপোনাক ধন্যবাদ জনাবলৈ বিচাৰিছো কিয়নো আপোনাৰ স্বামীয়ে আমাৰ পৰিয়ালক সহায় কৰিব বাবে কিছু সময় দিলে।” কৃতজ্ঞতাৰ এই মধুৰ সৰল শব্দই প্ৰাচীনৰ স্ত্ৰীৰ হৃদয় স্পৰ্শ কৰিলে।
১৯. (ক) সমূহৰূপে, প্ৰাচীনসকলে নিষ্ঠাবানৰে কি পূৰ্ণ কৰে? (খ) আমি সকলোৱে কি কৰিবলৈ সঙ্কল্প কৰা উচিত?
১৯ মেৰবোৰক প্ৰতিপালন কৰিবলৈ প্ৰাচীনসকলৰ ব্যৱস্থা সচাঁকৈ যিহোৱাৰ এক ‘উত্তম দান।’ (যাকোব ১:১৭) আমি কোনেও সিদ্ধ নহওঁ, সেইবাবে আমাৰ দৰে তেওঁলোকেও ভূল কৰে। (১ ৰাজাৱলি ৮:৪৬) তথাপি, এক গোট হিচাপে, বিশ্বৰ সকলো মণ্ডলীৰ প্ৰাচীনসকলে নিষ্ঠাবানৰে সেই কাৰ্য্য পূৰ্ণ কৰিছে যিহোৱাই বিচৰাৰ দৰে—যেনে, মণ্ডলীক শুধৰোৱা, ইয়াক উন্নতি কৰা, একতা বজাই ৰখা আৰু জাকক সুৰক্ষা দিয়া। সেইবাবে প্ৰত্যেক প্ৰাচীনে কৰুণাৰে যিহোৱাৰ মেৰবোৰ প্ৰতিপালন কৰিবলৈ সঙ্কল্প লোৱা উচিত, আৰু এইদৰে নিজৰ ভাইসকলৰ বাবে এক উপহাৰ বা আৰ্শীব্বাদ প্ৰমাণিত হওঁক। সেইবাবে আহঁক আমি সকলোৱে ‘মনুষ্যত উপহাৰৰ’ আজ্ঞা পালন কৰি ইয়াৰ বশীভূত হওঁ, আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে তেওঁলোকক আদৰ দেখুৱাওঁ আৰু এইদৰে তেওঁলোকৰ কৃতজ্ঞতা জনাবলৈ সঙ্কল্প কৰোঁহঁক। সচাঁকৈ আমি যিহোৱাক কিমান যে ধন্যবাদ জনোৱা উচিত যিজনে এই মৰমীয়াল ব্যৱস্থাৰে, কাৰ্য্যকাৰী হোৱাকৈ, ‘আমি আনন্দৰে ঈশ্বৰৰ সেৱা কৰিবলৈ সহায় কৰাটোৱেই আমাৰ কাম’!
আপুনি কেনেকৈ উত্তৰ দিব?
◻ কিয় মণ্ডলীক এটা শৰীৰৰ তুলনা কৰাটো উপযুক্ত হৈছে?
◻ প্ৰাচীনসকলে নিজৰ ভাইসকলক যিহোৱাৰ সেৱা আনন্দৰে কৰিবলৈ কেনেদৰে সহায় কৰিব পাৰে?
◻ কিয় কেৱল আজ্ঞা পালন কৰোতা নহয় কিন্তু নায়কৰ প্ৰতি বশীভূত হোৱা উচিত?
◻ কি কি পদ্ধতিৰে আমি প্ৰাচীনসকলক কৃতজ্ঞতা দেখুৱাব পাৰোঁ?
[Picture on page 16]
প্ৰাচীনসকল, যেতিয়া অন্যই হৃদয়ৰে পৰিশ্ৰম কৰে, তেতিয়া তেওঁলোকৰ কৃতজ্ঞতা জনাওঁক
[Picture on page 17]
প্ৰাচীনসকলে প্ৰচাৰ কাৰ্য্যত উৎসাহেৰে ভাগ লৈ ভাল আৰ্হি ৰাখিব পাৰে আৰু এইদৰে আনন্দৰে সেৱা কৰিবলৈ পৰিয়ালৰ সদস্যক আৰু অন্যক সহায় কৰিব পাৰে
[Pictures on page 18]
আমি আমাৰ পৰিশ্ৰমী প্ৰাচীনসকলৰ কৃতজ্ঞতা জনাওঁ!