ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৬/১ পৃষ্ঠা ৯-১৪
  • যিহোৱাৰ মেৰবোৰক তত্ত্বাৱধান লবলৈ ‘মনুষ্যত উপহাৰ’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ মেৰবোৰক তত্ত্বাৱধান লবলৈ ‘মনুষ্যত উপহাৰ’
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ‘মনুষ্যত উপহাৰ’—কʼৰ পৰা আহে?
  • যেতিয়া কোনো ‘শুধৰণিৰ’ আৱশ্যক হয়
  • জাকত ‘বৃদ্ধি কৰা’
  • ঐক্যতা বৃদ্ধি কৰা লোকসকল
  • জাকক সুৰক্ষা দিয়া
  • ‘মনুষ্যত উপহাৰৰ’ বাবে কৃতজ্ঞতা জনোৱা
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • যিহোৱাই মণ্ডলীৰ চোৱা-চিতা কেনেকৈ কৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • “প্ৰাচীনসকলক মাতক”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • প্ৰাচীনসকলে কেনেকৈ মণ্ডলীক সহায় কৰে?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৬/১ পৃষ্ঠা ৯-১৪

যিহোৱাৰ মেৰবোৰক তত্ত্বাৱধান লবলৈ ‘মনুষ্যত উপহাৰ’

‘তেওঁ ওপৰলৈ উঠি, বন্দীয়াৰবিলাকক বন্দী কৰি নিলে, আৰু মনুষ্যত উপহাৰ দিলে।’—ইফিচীয়া ৪:৮.

১. এজনী ভনীয়ে তাইৰ মণ্ডলীৰ প্ৰাচীনৰ বিষয়ে কি অনুভূতি প্ৰকাশ কৰিলে?

আপুনি আমাৰ ইমান তত্ত্বাৱধান লোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ মিচিকীয়া হাঁহিত মৰম দেখা পোৱা যায়। আপোনাৰ হৃদয়ৰে আমাৰ প্ৰতি আগ্ৰহ লয় আৰু আমাৰ প্ৰতি চিন্তা কৰে। আমাৰ কথাবোৰ শুনিবলৈ আৰু বাইবেলৰ পৰা উপদেশ দি আমাক উৎসাহিত কৰিবলৈ আপুনি সদায়েই প্ৰস্তুত থাকে। মই প্ৰাৰ্থনা কৰোঁ যে মই আপোনাৰ প্ৰতি সদায় ঋণী।” এগৰাকী খ্ৰীষ্টান ভনীয়ে তাইৰ মণ্ডলীত থকা প্ৰাচীনসকলৰ প্ৰতি কৃতজ্ঞতা জনাই এইদৰে লিখে। সচাঁকৈ খ্ৰীষ্টান জাকৰ প্ৰতি থকা প্ৰতিপালনৰ প্ৰেমে তাই হৃদয়ক অভিভূত কৰিলে।—১ পিতৰ ৫:২, ৩.

২, ৩. (ক) যিচয়া ৩২:১, ২ পদৰ অনুসৰি যিহোৱাৰ মেৰবোৰৰ প্ৰতি প্ৰাচীনসকলে কেনেকৈ কৰুণাৰে প্ৰতিপালন লয়? (খ) কেতিয়া এজন প্ৰাচীনৰ এক বৰৰূপে বিবেচনা কৰা হয়?

২ যিহোৱাৰ মেৰবোৰক তত্ত্বাৱধান লবলৈ প্ৰাচীনসকল এটা আয়োজন। (লূক ১২:৩২; যোহন ১০:১৬) যিহোৱাৰ মেৰবোৰ হৈছে তেওঁৰ বাবে অতি প্ৰিয়—ইমানে প্ৰিয় যে তেওঁ সিবিলাকক যীচুৰ মূল্যৱান তেজৰে কিনি ললে। কিঞ্চিত আচৰিত লাগিলেও প্ৰাচীনসকলে তেওঁৰ জাকক স্নেহৰে প্ৰতিপালন কৰিলে তেতিয়া যিহোৱা আনন্দিত হয়। (পাঁচনিৰ কৰ্ম্ম ২০:২৮, ২৯) এই প্ৰাচীনসকল বা ‘শাসনকৰ্ত্তাবিলাকৰ’ বিষয়ে এইদৰে ভৱিষ্যতবাণী বৰ্ণনা কৰিছে: “তেওঁবিলাক প্ৰতিজনে বতাহৰ পৰা লুকুৱা ঠাই, ধুমুহাৰ পৰা আশ্ৰয় লোৱা ঠাই, খৰাং ঠাইৰ পানীৰ সোঁত, আৰু মৰুভূমিৰ বৃহৎ শিলৰ ছাঁ যেন হব।” (যিচয়া ৩২:১, ২) হয়, তেওঁলোক তেওঁৰ মেৰবোৰৰ বাবে ৰক্ষক, শীতল দিওঁতা আৰু সান্ত্বনা দিওঁতা। যেতিয়া তেওঁলোকে জাকবোৰৰ দয়া আৰু কৰুণাৰে প্ৰতিপালন কৰে, তেতিয়া তেওঁলোকে সেইদৰে কৰে যিদৰে ঈশ্বৰে তেওঁলোকে কৰাটো বিচাৰে।

৩ এনেধৰণৰ প্ৰাচীনক বাইবেলত ‘মনুষ্যত উপহাৰ’ বুলি উল্লেখ কৰিছে। (ইফিচীয়া ৪:৮) যেতিয়া আপুনি এটা উপহাৰ দিয়ে, তেতিয়া আপুনি এনে এক আৱশ্যকতাক পূৰ্ণ কৰে যিজনে ইয়াক গ্ৰহণ কৰি সূখী হয়। এজন প্ৰাচীনক এক বৰৰূপে বিবেচনা কৰা হয় যেতিয়া তেওঁ নিজৰ দক্ষতাক জাকক আৱশ্যকীয় সহায় দিবলৈ আৰু আনন্দিত কৰিবলৈ ব্যৱহাৰ কৰে। তেওঁ এইটো কেনেকৈ কৰিব পাৰে? যিহোৱাই নিজৰ মেৰবোৰৰ বিষয়ে থকা চিন্তাক পৌলে লিখা ইফিচীয়া ৪:৭-১৬ পদত ইয়াৰ উত্তৰ পোৱা যায়।

‘মনুষ্যত উপহাৰ’—কʼৰ পৰা আহে?

৪. গীতমালা ৬৮:১৮ পদৰ ভৱিষ্যতবাণীৰ অনুসৰি, কি অৰ্থত যিহোৱাই “ওপৰলৈ উঠিল” আৰু ‘মনুষ্যত উপহাৰ’ কোনসকল আছিল?

৪ যেতিয়া পৌলে ‘মনুষ্যত উপহাৰ’ অভিব্যক্তিটো ব্যৱহাৰ কৰিছিল তেওঁ ৰজা দায়ুদৰ বাক্য উদ্ধৃত কৰিছিল যিজনে যিহোৱালৈ কৈছিল: “তুমি ওপৰলৈ উঠিলা, তুমি বন্দী কৰাবিলাকক বন্দী কৰি লৈ গলা; প্ৰভু যিহোৱাই মনুষ্যৰ . . . উপহাৰ গ্ৰহণ কৰিলা।” (গীতমালা ৬৮:১৮) ইস্ৰায়েলসকলে প্ৰতিজ্ঞা কৰা দেশত বাস কৰাৰ কিছু বছৰৰ পাছত যিহোৱাই লাক্ষণিক অৰ্থত চিয়োন পৰ্ব্বতত ‘উঠিল’ আৰু তেওঁ যিৰূচালেমক ইস্ৰায়েলৰ ৰাজধানী স্থাপন কৰি দায়ূদক ৰজাৰূপে নিযুক্তি দিলে। কিন্তু সেই “সেই মনুষ্যৰ ৰূপে উপহাৰ” কোনসকল আছিল? তেওঁলোক সেই লোকসকল আছিল যিসকলক প্ৰতিজ্ঞা কৰা দেশক বিজয় প্ৰাপ্ত কৰাৰ সময়ত বন্দী কৰি লৈ যোৱা হৈছিল। পাছলৈ ইয়াৰে কিছুমানক বন্দীক লেবীসকলৰ হাতত গটাই দিয়া হʼল যাতে তেওঁলোকে উপাসনাগৃহৰ কাম-কাজত লেবীসকলক সহায় কৰে।—ইজ্ৰা ৮:২০.

৫. (ক) পৌলে কেনেকৈ বৰ্ণনা কৰিলে যে গীতমালা ৬৮:১৮ পদৰ অধিক পূৰ্ণতা খ্ৰীষ্টান মণ্ডলীত হয়? (খ) যীচু কিদৰে “ওপৰলৈ উঠিল”?

৫ পৌলে ইফিচীয়ালৈ লিখা নিজৰ চিঠিত কৈছিল যে গীতকাৰ দায়ূদৰ এই বাক্যৰ অধিক পূৰ্ণতা খ্ৰীষ্টান মণ্ডলীত হয়। গীতমালা ৬৮:১৮ পদত লিখা দায়ূদৰ বাক্যক বৰ্ণনা কৰি পৌলে এইদৰে লিখিছিল: ‘কিন্তু খ্ৰীষ্টৰ দানৰ পৰিমাণৰ দৰে, আমাৰ প্ৰতিজনকে অনুগ্ৰহ দিয়া হল। এই হেতুকে ঈশ্বৰে কৈছে, তেওঁ ওপৰলৈ উঠি, বন্দীয়াৰবিলাকক বন্দী কৰি নিলে, আৰু মনুষ্যত উপহাৰ দিলে।’ (ইফিচীয়া ৪:৭, ৮) পৌলে ইয়াত এই গীতক ঈশ্বৰৰ দ্বাৰা পঠোৱা যীচুত প্ৰয়োগ কৰিছে। যীচুৱে মৃত্যুলৈকে বিশ্বাসী থাকি এই ‘জগতক জয় কৰিলে।’ (যোহন ১৬:৩৩) তেওঁ মৃত্যু আৰু চয়তানৰ ওপৰতো জয় প্ৰাপ্ত কৰিলে কিয়নো ঈশ্বৰে তেওঁক মৃত্যুৰ পৰা পুনৰুত্থান কৰিলে। (পাঁচনিৰ কৰ্ম্ম ২:২৪; ইব্ৰী ২:১৪) সেইবাবে সা.যু. ৩৩ চনত যীচু পুনৰুত্থান হৈ “ওপৰলৈ উঠিল,” অৰ্থাৎ “সকলো স্বৰ্গৰ ওপৰলৈ উঠিল” আৰু তেওঁক সকলো স্বৰ্গদূতকৈ উচ্চ পদবী দিয়া হʼল। (ইফিচীয়া ৪:৯, ১০; ফিলিপীয়া ২:৯-১১) বিজয় প্ৰাপ্ত কৰাৰ হিচাবে, যীচুৱে নিজৰ শত্ৰুৰ মাজৰ পৰা কিছুমান লোকক “বন্দী” কৰি লৈ গʼল। ই কেনেকৈ?

৬. স্বৰ্গত যোৱাৰ পাছত, যীচুৱে পেন্টাকোষ্ট সা.যু. ৩৩ চনৰ পৰা চয়তানৰ ঘৰত কিদৰে লুট কৰিবলৈ আৰম্ভ কৰিলে, আৰু তেওঁ সেই ‘বন্দীসকলক’ কি কৰিলে?

৬ যেতিয়া যীচু এই পৃথিবীত আছিল, তেতিয়া তেওঁ দুষ্টাত্মাবোৰৰ বশত থকা লোকসকলক উদ্ধাৰ কৰি এইদৰে দেখুৱালে যে তেওঁৰ ওচৰত চয়তানকৈও অধিক শক্তি আছে। এইটো যেনিবা এনেদৰে হʼল যে যীচুৱে চয়তানৰ ঘৰত প্ৰৱেশ কৰি তাক বান্ধি পেলালে আৰু তাৰ সা-সম্পতি জব্দ কৰিলে। (মথি ১২:২২-২৯) পুনৰুত্থান হোৱাৰ পাছত যীচুক “স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা” দিয়া হʼল, সেই ক্ষন্তেক চিন্তা কৰক যে এই সকলোবোৰ অধিকাৰ পোৱাৰ পাছত যীচুৱে চয়তান পৰা আৰু কিমান বস্তু লুট কৰিবলৈ পাৰিলেহেতেঁন! (মথি ২৮:১৮) যীচুৱে স্বৰ্গত প্ৰৱেশ কৰি পেন্টাকোষ্ট সা.যু. ৩৩ চনৰ পৰা এইদৰে কাৰ্য্য কৰিলে। তেওঁৰ ঈশ্বৰৰ প্ৰতিনিধি হৈ চয়তানৰ ঘৰত প্ৰৱেশ কৰি তাত লুট কৰিবলৈ আৰম্ভ কৰি দিলে আৰু “বন্দীসকল লৈ গʼল।” এই বন্দীসকল এনেধৰণ লোক আছিল যিসকল পাপ আৰু মৃত্যু আৰু চয়তানৰ কবলত আছিল। এই “বন্দীসকল” ইচ্ছাকৃতভাৱে “খ্ৰীষ্টৰ দাস বুলি মানি, হৃদয়েৰে ঈশ্বৰৰ ইচ্ছা পালন” কৰিবলৈ তৈয়াৰ হʼল। (ইফিচীয়া ৬:৭, ৮) দৰাচলতে, যীচুৱে এই বন্দীসকলক চয়তানৰ বশৰ পৰা উদ্ধাৰ কৰিলে আৰু যিহোৱাৰ পক্ষ হৈ মণ্ডলীত অৰ্পণ কৰিলে, যাতে তেওঁলোক মণ্ডলীৰ বাবে ‘মনুষ্যত উপহাৰ’ হয়। চয়তানৰ অসহায় আৰু ক্ৰোধৰ কল্পনা কৰক যেতিয়া তাৰ চকুৰ আগতে এই লোকসকলক তাৰ পৰা কাঢ়ি লৈ যোৱা হʼল আৰু সি একো কৰিব নোৱাৰিলে!

৭. (ক) বৰ্তমান সময়ত মণ্ডলীত ‘মনুষ্যত উপহাৰ’ কোনসকল আৰু তেওঁলোকে কি কি কৰে? (খ) যিহোৱাই প্ৰত্যেক প্ৰাচীনক কি প্ৰমাণ কৰিবলৈ উত্তম সূযোগ দিছে?

৭ বৰ্তমান সময়তো আমি মণ্ডলীত ‘মনুষ্যত উপহাৰ’ দেখিবলৈ পাওঁনে? হয়, নিশ্চয় আমি দেখিবলৈ পাওঁ! এই লোকসকল এনেধৰণৰ প্ৰাচীন, যিসকলে আজি বিশ্বত ঈশ্বৰৰ লোকৰ ৮৭,০০০ হাজাৰতকৈ অধিক মণ্ডলীত সেৱা কৰিছে আৰু এই প্ৰাচীনসকলে ‘কিছুমানক শুভবাৰ্ত্তা, কিছুমানক ৰক্ষক আৰু শিক্ষক হবলৈ’ কঠোৰ পৰিশ্ৰম কৰে। (ইফিচীয়া ৪:১৩) কিন্তু চিন্তা কৰক, যদি তেওঁলোক জাকৰ ৰক্ষক হোৱাৰ পৰিবৰ্ত্তে জাকৰ প্ৰতি দুব্যৱহাৰ কৰে তেনেহʼলে চয়তান কিমান সূখী হব, দৰাচলতে চয়তানে এইটো হোৱাটোৱে বিচাৰে। কিন্তু ঈশ্বৰে যীচুৰ দ্বাৰা তেওঁলোকক এইবাবে দিয়া নাই যে তেওঁলোকে মণ্ডলীক উৎপীড়ন কৰে। ইয়াৰ বিপৰীতে, তেওঁ এই লোকসকলক এইবাবে প্ৰৱন্ধ কৰিলে যাতে তেওঁলোকে মণ্ডলীক প্ৰতিপালন কৰে আৰু যিবোৰ মেৰক তেওঁলোকলৈ অৰ্পিত কৰিলে, সেইবোৰৰ বাবে তেওঁলোকে যিহোৱাক হিচাবো দিব লাগিব। (ইব্ৰী ১৩:১৭) যদি আপুনি এজন প্ৰাচীন, তেনেহʼলে যিহোৱাই আপোনাক নিজৰ ভাইসকলৰ উপহাৰ হোৱাৰ বাবে প্ৰমাণিত কৰিবলৈ সচাঁকৈ উত্তম সূযোগ দিছে আৰু এইটো আপোনাৰ বাবে এটা আৰ্শীব্বাদ। আৰু আপুনি চাৰিটা মুখ্য দায়ীত্বক পূৰ্ণ কৰি সচাঁকৈ এইদৰে উপহাৰ বা আৰ্শীব্বাদৰ ভাগী হবলৈ প্ৰমাণ কৰিব পাৰে।

যেতিয়া কোনো ‘শুধৰণিৰ’ আৱশ্যক হয়

৮. আমি প্ৰায়ে কি কি ক্ষেত্ৰত শুধৰাব পৰে?

৮ প্ৰথম দায়ীত্ব, যেনেকৈ পৌলে কৈছে যে ‘মনুষ্যত উপহাৰক’ এইবাবে দিয়া হʼল যাতে ‘পবিত্ৰবিলাকৰ সিদ্ধি [শুধৰণি] হয়।’ (ইফিচীয়া ৪:১২) ইয়াত যি গ্ৰীক সজ্ঞাৰ অনুবাদ ‘সিদ্ধি’ কৰা হʼল, ইয়াৰ অৰ্থ হৈছে কোনো বস্তুক “শুধৰোৱা আৰু সঠিকৰূপে সলনি কৰা।” অসিদ্ধ হোৱাৰ বাবে আমাৰ সকলোকে প্ৰায়ে নিজৰ ভাৱ-ধাৰা, নিজৰ মনোবৃত্তি বা নিজৰ আচৰণক সময়ে সময়ে “শুধৰাব” লাগে আৰু তাক ঈশ্বৰৰ ভাৱ-ধাৰা আৰু তেওঁৰ উদ্দেশ্যৰ অনুসৰি “সঠিকৰূপে সলনি” কৰিব পৰে। আৰু আমাৰ বাবে থকা প্ৰেমৰ কাৰণে যিহোৱাই আমাক ‘মনুষ্যত উপহাৰ’ দিলে যিয়ে আমাক এইদৰে কৰাত সহায় কৰিব পাৰে। কিন্তু, তেওঁলোকে আমাক কিদৰে সহায় কৰিব পাৰে?

৯. অপৰাধ কৰা এজন মেৰক শুধৰাবলৈ কেনেকৈ এজন প্ৰাচীনে তেওঁক সহায় কৰিব পাৰে?

৯ যদি কেতিয়াবা কোনো প্ৰাচীনক কোৱা হয় যে তেওঁ এনে এজন ব্যক্তিক সহায় কৰিব লাগে যিজনে ভূল কৰিলে, আৰু অজানিতে কোনো ‘অপৰাধ কৰি পেলালে,’ তেনেহʼলে আপুনি সেই ব্যক্তিজনক কেনেকৈ সহায় কৰিব পাৰে? গালাতীয়া ৬:১ পদত কৈছে যে এনে ব্যক্তিক “মৃদুশীল আত্মাৰে” সুস্থ কৰা উচিত। সেইবাবে যেতিয়া প্ৰাচীনে এনে ব্যক্তিক সুস্থ কৰিবলৈ কোনো উপদেশ দিয়ে, তেতিয়া তেওঁক তিৰস্কাৰ কৰিব নালাগে বা কঠোৰ শব্দ ব্যৱহাৰ কৰা উচিত নহয়। তেওঁক উপদেশ দি ব্যক্তিজনক “ভয় দেখুৱা” উচিত নহয় তাৰ পৰিবৰ্ত্তে তেওঁক উৎসাহিত কৰা আৱশ্যক। (২ কৰিন্থীয়া ১০:৯; ইয়োব ৩৩:৭ তুলনা কৰক।) হয়তো এইদৰে হব পাৰে যে ভূল কৰি সেই ব্যক্তিজন প্ৰথমৰ পৰাই অধিক লজ্জিত হৈছে, সেইবাবে প্ৰেমী ৰক্ষীয়াই তেওঁক আৰু দুখ দিয়া উচিত নহয়। আৰু যেতিয়া ভূল কৰা ব্যক্তিজনে জানে যে প্ৰাচীনে তেওঁ এইবাবে উপদেশ বা তাড়ণা দিছে কিয়নো তেওঁ সেই ব্যক্তিজনক প্ৰেম কৰে সেইবাবে অতি আৱশ্যক যে তেওঁ নিজৰ ভাৱ-ধাৰা বা আচৰণক শুধৰোৱা আৰু সুস্থ হোৱাটো। সেইবাবে প্ৰাচীনে এনেধৰণৰ উপদেশ বা তাড়ণা প্ৰেমৰ বাবে আৰু প্ৰেমেৰে দিয়া উচিত।—২ তীমথিয় ৪:২.

১০. অন্যক শুধৰোৱাত কি কি সন্মিলিত আছে?

১০ যিহেতু যিহোৱাই আমাক শুধৰাবলৈ ‘মনুষ্যত উপহাৰৰ’ যুগুত কৰিলে, তেওঁ বিচাৰিছিল যে প্ৰাচীনসকলে মণ্ডলীক আধ্যাত্মিকৰূপে যাতে শক্তিশালী কৰে আৰু মণ্ডলীৰ বাবে এটা ভাল উদাহৰণ হৈ থাকে যাতে তেওঁলোকে লোকসকলে অনুকৰণ কৰিব পাৰে। (১ কৰিন্থীয়া ১৬:১৭, ১৮; ফিলিপীয়া ৩:১৭) অন্যক পুনৰাই ঠিক কৰাৰ অৰ্থ মাত্ৰ এইটো নহয় যে অপৰাধ কৰা ব্যক্তিজনক সঠিক পথ দেখুৱাটো, কিন্তু ইয়াৰ অৰ্থ এইটো যে বিশ্বাসী খ্ৰীষ্টানসকলকো সহায় কৰা উচিত যাতে তেওঁলোকে সত্য পথ চলি থাকিব পাৰে।a বৰ্তমান সময়ত বিশ্বাসী খ্ৰীষ্টানসকলৰ জীৱনত ইমান সমস্যা আৰু কষ্ট আহে যে বহুতো খ্ৰীষ্টানে হতাশ হৈ পৰে, সেইবাবে তেওঁলোকক সত্য পথত চলি থাকিবলৈ উৎসাহ আৰু সাহসৰ আৱশ্যক। হয়তো অন্যলোকক এইটো বুজিবলৈ মৰমীয়াল সহায়ৰ আৱশ্যক হব পাৰে যে ঈশ্বৰে তেওঁলোকৰ বিষয়ে কি ভাৱে। উদাহৰণস্বৰূপে, হয়তো কিছুমান বিশ্বাসী খ্ৰীষ্টানসকলৰ হৃদয়ত এনেধৰণ চিন্তা-ধাৰাৰ বাহ লব পাৰে যে তেওঁলোক একোৰে উপযোগী নহয়, কোনো লোকক তেওঁলোকৰ আৱশ্যক নাই। এনে “হতাশ” লোকে হয়তো এইটো অনুভৱ কৰিব পাৰে যে যিহোৱাই তেওঁলোকক আৰু পুনৰাই প্ৰেম নকৰে আৰু যদিও তেওঁলোকে ঈশ্বৰৰ সেৱাক যিমানে কঠোৰ পৰিশ্ৰম নকৰক কিয় তেওঁলোকক ঈশ্বৰে কেতিয়াও স্বীকাৰ নকৰে, কেতিয়া পছন্দ নকৰে। (১ থিচলনীকীয়া ৫:১৪, NW) কিন্তু, এনেধৰণ “হতাশ” লোকক এইটো বুজোৱা আৱশ্যক যে ঈশ্বৰে নিজৰ উপাসকসকলৰ বিষয়ে এইদৰে কেতিয়াও নাভাৱে।

১১. প্ৰাচীনে এনে লোকসকল সহায় কৰিবলৈ কি কৰিব পাৰে যিসকলে ভাৱে যে কোনেও তেওঁলোকৰ আৱশ্যক অনুভৱ নকৰে?

১১ প্ৰাচীনসকল, আপোনালোকে কেনেকৈ এনে লোকক সহায় কৰিব পাৰে? তেওঁলোকক সহায় কৰিবৰ বাবে শাস্ত্ৰপদৰে তেওঁলোকক বুজাওঁক যে যিহোৱাই তেওঁৰ প্ৰত্যেক সেৱকসকলৰ বিষয়ে চিন্তা কৰে, আৰু ইয়াৰ অৰ্থ এইটো যে যিহোৱাই তেওঁলোকক ব্যক্তিগতভাৱে প্ৰেম কৰে আৰু তত্ত্বাৱধান লয়। (লূক ১২:৬, ৭, ২৪) তেওঁলোকক এইটো বুজিবলৈ সহায় কৰক যে যিহোৱা নিজেই তেওঁলোকক নিজৰ ফালে ‘ টানে’ যাতে তেওঁলোকে তেওঁৰ সেৱা কৰিব পাৰে। সেইবাবে এইটো স্পষ্ট হয় যে যিহোৱাই নিশ্চয় তেওঁলোকত কিছু ভাল দেখিছে, আৰু তেওঁ তেওঁলোকক বহুত মুল্যবান ৰূপে জ্ঞাত কৰে। (যোহন ৬:৪৪) নিশ্চয়তা দিয়ক যে তেওঁলোক অকলশৰীয়া নহয়—এনে বহুতো যিহোৱাৰ বিশ্বাসী সেৱকসকল এনেধৰণৰ চিন্তা-ধাৰা আছিল। ঠিক সেইদৰে এটা সময় ভৱিষ্যতবক্তা এলিয়াও বহুত হতাশ হৈ মৰিবলৈ গৈছিল। (১ ৰাজাৱলি ১৯:১-৪) প্ৰথম শতাব্দীৰ কিছুমান অভিষিক্ত খ্ৰীষ্টানসকলৰ ‘হৃদয়ে তেওঁলোকক দোষী’ কৰিছিল। (১ যোহন ৩:১৯) সেইবাবে, এই লোকসকলে এইটো জানি সান্ত্বনা পাব যে বাইবেলৰ সময়ত বিশ্বাসী সেৱকসকলো ‘আমাৰ দৰে সংবেদনাশীল’ লোক আছিল। (যাকোব ৫:১৭, NW) আপুনি এই নিৰুৎসাহী লোকসকলৰ সৈতে প্ৰহৰীদূৰ্গ আৰু সচেতন হওঁক! আলোচনীৰ পৰা কিছুমান লেখৰ সৈতে আলোচনা কৰি উৎসাহিত কৰিব পাৰে। এইদৰে, যেতিয়া আপুনি প্ৰেমেৰে তেওঁলোকৰ ভৰসাক সজাল কৰিবলৈ পৰিশ্ৰম কৰে, তেতিয়া ঈশ্বৰে আপোনাক ইয়াৰ ফল অৱশ্যে দিব, কিয়নো তেৱেঁ আপোনাক ‘মনুষ্যত উপহাৰ’ কৰিলে।—ইব্ৰী ৬:১০.

জাকত ‘বৃদ্ধি কৰা’

১২. “খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি” কৰা শব্দৰ অৰ্থ কি, আৰু জাকৰ উন্নতি কৰা চাবি কি?

১২ ‘মনুষ্যত উপহাৰৰ’ দ্বিতীয় দায়ীত্ব হৈছে এইটো লক্ষ্য কৰাটো যাতে “খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি” হয়। (ইফিচীয়া ৪:১২) ইয়াত পৌলে “বৃদ্ধি” বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰিছে, ইয়াৰ অৰ্থ হৈছে নিৰ্মাণ-কাৰ্য্যৰ সৈতে সমন্ধ থকা শব্দ, আৰু “খ্ৰীষ্টৰ শৰীৰৰ” অৰ্থ হৈছে অভিষিক্ত খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকল। (১ কৰিন্থীয়া ১২:২৭; ইফিচীয়া ৫:২৩, ২৯, ৩০) সেইবাবে প্ৰাচীনসকলে নিজৰ ভাইসকলক সহায় কৰা উচিত যাতে তেওঁলোকে আধ্যাত্মিকত উন্নতি কৰে আৰু শক্তিশালী হয়। তেওঁলোকৰ উদ্দেশ্য হৈছে জাকক ‘বিনষ্ট কৰিবলৈ নহয়, কিন্তু বৃদ্ধি কৰিবলৈ।’ (২ কৰিন্থীয়া ১০:৮) আৰু বৃদ্ধি কৰা চাবি হৈছে প্ৰেম, কিয়নো “প্ৰেমে ধৰ্ম্মত বৃদ্ধি কৰে।”—১ কৰিন্থীয়া ৮:১.

১৩. সহানুভূতি দেখুৱাৰ অৰ্থ কি, আৰু প্ৰাচীনসকলে সহানুভূতি দেখুৱাটো কিয় ইমান আৱশ্যক?

১৩ জাকৰ বৃদ্ধিৰ বাবে প্ৰাচীনসকলক যি প্ৰেম দেখুৱাৰ আৱশ্যক তাত সহানুভূতিও হোৱাৰ আৱশ্যক। সহানুভূতি দেখুৱাৰ অৰ্থ হৈছে আনৰ দুখত সহভাগী হোৱা, অৰ্থাত তেওঁৰ দৰে চিন্তা কৰা, তেওঁৰ ভাৱনাবোৰক নিজৰ হৃদয়ত অনুভৱ কৰা আৰু তেওঁৰ দুৰ্ব্বলতাবোৰক বিবেচনা কৰা। (১ পিতৰ ৩:৮) কিন্তু প্ৰাচীনসকলে সহানুভূতি দেখুৱাটো কিয় ইমান আৱশ্যক? সকলোতকৈ প্ৰথম আৰু মহান কাৰণ এইটো যে যিহোৱা নিজেই, যিজনে ‘মনুষ্যত উপহাৰ’ দিয়ে, তেওঁ এজন সহানুভূতি দেখুৱা ঈশ্বৰ। যেতিয়া তেওঁৰ সেৱকসকলে দুখ বা কষ্টত ভূগে, তেওঁ তেতিয়া দুখিত হয়। (যাত্ৰাপুস্তক ৩:৭; যিচয়া ৬৩:৯) আৰু তেওঁ নিজৰ সেৱকসকলৰ দুৰ্ব্বলতাবোৰ বহু ভালদৰে জানে আৰু বুজি পায়। (গীতমালা ১০৩:১৪) তেনেহʼলে, প্ৰাচীনে কেনেকৈ সহানুভূতি দেখুৱাব পাৰে?

১৪. কি কি পদ্ধতিৰে প্ৰাচীনসকলে অন্যলোকক সহানুভূতি দেখুৱাব পাৰে?

১৪ যেতিয়া কোনো হতাশ ব্যক্তি প্ৰাচীনসকলৰ ওচৰত আহি কথা-বতৰা হয়, সেইসময়ত তেওঁলোকে তেওঁৰ কথা মনোযোগেৰে শুনে আৰু তেওঁৰ ভাৱনাক বুজিবলৈ চেষ্টা কৰে। তেওঁলোকে এইটোও বুজিবলৈ চেষ্টা কৰে যে সেই ভাই কি পৰিস্থিতিত ডাঙৰ-দীঘল, হৈছে, বৰ্তমান সময়ত তেওঁৰ পৰিস্থিতি কি, তেওঁ স্বভাৱ আৰু ব্যক্তিত্ব কেনেকুৱা। যেতিয়া প্ৰাচীনসকলে এই কথাবোৰক লক্ষ্য কৰি সেই ব্যক্তিজনক বাইবেলৰ পৰা বিশ্বাস বৃদ্ধি কৰিব আৰু সহায় কৰিব, তেনেহʼলে তেওঁ অতি সহজতে ইয়াক স্বীকাৰ কৰিব কিয়নো তেওঁ অনুভৱ কৰিব যে তেওঁলোক এনেধৰণৰ ৰক্ষীয়া যিসকলে সচাঁকৈ তেওঁক ভালদৰে বুজে আৰু হৃদয়েৰে তেওঁৰ বিষয়ে চিন্তা কৰে। (হিতোপদেশ ১৬:২৩) সহানুভূতিয়ে প্ৰাচীনসকলক নিজৰ ভাইসকলৰ দুৰ্ব্বলতাক আৰু দুৰ্ব্বলতাৰ কাৰণে উৎপন্ন হোৱা ভাৱনাবোৰক বুজিবলৈ প্ৰেৰণা দিয়ে। উদাহৰণস্বৰূপে, কিছুমান বিশ্বাসী আৰু নিষ্ঠাবান খ্ৰীষ্টানে হয়তো নিজকে বহুত দোষী অনুভৱ কৰে যে তেওঁলোকে ঈশ্বৰৰ সিমান সেৱা কৰিব নোৱাৰে যিমান কৰাটো তেওঁলোকে বিচাৰে। হয়তো বৰ্তমান সময়ত তেওঁলোকৰ বয়স বহুত হʼল বা তেওঁলোকৰ শৰীৰ ভাল অৱস্থাত নাথাকে। নাইবা অন্যলোকক নিজৰ পৰিচৰ্য্যা কাৰ্য্যক আৰু ভালদৰে কৰিবলৈ সহায়ৰ আৱশ্যকতা হব পাৰে। (ইব্ৰী ৫:১২; ৬:১) সহানুভূতিয়ে প্ৰাচীনসকলক এনে লোকসকলক উন্নতি কৰিব বাবে “মনোহৰ বাক্য” কবলৈ প্ৰেৰণা দিব। (উপদেশক ১২:১০) এইদৰে যেতিয়া যিহোৱাৰ মেৰসকলে বিশ্বাসত শক্তিশালী আৰু উন্নতি কৰোৱা হয়, তেনেহʼলে যিহোৱাৰ প্ৰতি থকা প্ৰেমে তেওঁলোকক তেওঁক সেৱা কৰিবলৈ যিমান সম্ভৱ হয় সিমান কৰিবলৈ প্ৰেৰণা দিব!

ঐক্যতা বৃদ্ধি কৰা লোকসকল

১৫. ‘বিশ্বাসত এক’ হোৱাৰ অৰ্থ কি?

১৫ তৃতীয় দায়ীত্ব হৈছে, ‘মনুষ্যত উপহাৰ’ এইবাবে দিয়া হʼলে যাতে “আমি সকলোৱে ঈশ্বৰৰ পুত্ৰবিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যত” মিলিব পাৰোঁ। (ইফিচীয়া ৪:১১) ‘বিশ্বাসত এক’ হোৱাৰ অৰ্থ মাত্ৰ একে সমান বিশ্বাস নহয়, কিন্তু বিশ্বাস কৰা লোকসকলৰ মাজত একতাকো বুজায়। সেইবাবে ঈশ্বৰে আমাক ‘মনুষ্যত উপহাৰ’ এইবাবে দিলে যাতে তেওঁলোকে ঈশ্বৰৰ লোকসকলৰ মাজত একতা বৃদ্ধি কৰে আৰু তাক বজাই ৰাখে। কিন্তু, তেওঁলোকে এইটো কেনেকৈ কৰে?

১৬. প্ৰাচীনসকলৰ মাজত একতা বজাই ৰখাটো ইমান আৱশ্যক কিয়?

১৬ সৰ্ব্ব প্ৰথমে প্ৰাচীনসকল নিজেৰ মাজত একতা দেখুৱা উচিত। যদি ৰক্ষীয়াসকলৰ মাজত বিভেদ থাকে তেনেহʼলে তেওঁলোককে জাকৰ মাজত একতা বজাই ৰাখিব নোৱাৰে। হয়তো বহুমূলীয়া সময় জাকক চোৱা-চিতা কৰাত ব্যয় কৰা পৰিবৰ্ত্তে সৰু-সৰু বিষয়ত তৰ্ক কৰাত আৰু প্ৰাচীনসকলৰ দীঘলীয়া মিটিঙত ব্যয় কৰে। (১ তীমথিয় ২:৮) তথাপি, সদায় একেদৰে হব নোৱাৰে যে সকলো প্ৰাচীনে প্ৰত্যেক কথাত সন্মত হয়, কিয়নো প্ৰত্যেক প্ৰাচীনৰ ভিন্ন-ভিন্ন ব্যক্তিত্ব আছে। প্ৰত্যেক প্ৰাচীনে নিজ নিজ অভিমত ৰাখিব পাৰে আৰু যেতিয়া কোনো কথাক বহলভাৱে আলোচনা কৰা হয় সেই সময়ত নিজৰ অভিমত সচাঁ আৰু উচিতৰূপে প্ৰকাশ কৰিব পাৰে। কিন্তু, প্ৰাচীনসকলৰ মাজত একতা তেতিয়াহে স্থিৰ থাকে যেতিয়া তেওঁলোকে আদৰৰ সৈতে এজনে-আনজনৰ অভিমত শুনে আৰু কোনো বিষয়ত প্ৰথমৰ পৰা অভিমত প্ৰকাশ নকৰে। সেইবাবে যদি কোনো বিষয়ত বাইবেলৰ কোনো সিধান্তক ভঙ্গ কৰা নাই তেনেহʼলে প্ৰত্যেক প্ৰাচীনক সকলো প্ৰাচীনৰ দ্বাৰা লোৱা সিদ্ধান্তক স্বীকাৰ কৰিবলৈ আৰু তেওঁক সমৰ্থন কৰা আৱশ্যক। এইদৰে তেওঁলোকে দেখুৱাব যে তেওঁলোকৰ ওচৰত “জ্ঞান” আছে যি ‘ওপৰৰ পৰা আহে,’ আৰু যাৰ বাবে তেওঁলোক “ক্ষান্তস্বভাৱী, কোমল-স্বভাৱী।”—যাকোব ৩:১৭, ১৮.

১৭. প্ৰাচীনে মণ্ডলীত একতা বজাই ৰাখিবলৈ কেনেদৰে সহায় কৰিব পাৰে?

১৭ প্ৰাচীনসকলে এই কথাটো মনোযোগ দিয়া উচিত যে তেওঁলোকে যাতে মণ্ডলীত একতাৰ বৃদ্ধি কৰে। যেতিয়া কোনো ব্যক্তিয়ে পৰচৰ্চা কৰে, বা কাৰোবাৰ অভিপ্ৰায়ক সন্দেহ কৰে, বা কাৰোবাৰ সৈতে আক্ষেপ ভাৱ লৈ মণ্ডলীক বিভাজন কৰিবলৈ চেষ্টা কৰে আৰু মণ্ডলীৰ শান্তিৰ বাবে বিপদ উৎপন্ন কৰে, তেনেহʼলে প্ৰাচীনে তৎক্ষণাত উপদেশ দি তেওঁক সহায় কৰে। (ফিলিপীয়া ২:২, ৩) উদাহৰণস্বৰূপে, প্ৰাচীনে মণ্ডলীত এনে লোকসকলৰ বিষয়ে জানিব পাৰে যিসকলে অধিক নিন্দা কৰে বা যিসকলৰ আন লোকসকলৰ বিষয়ত অনধিকাৰচৰ্চা কৰা অভ্যাস আছে আৰু যিবোৰ অসঙ্গত। (১ তীমথিয় ৫:১৩; ১ পিতৰ ৪:১৫) তেনেহʼলে প্ৰাচীনে এনে লোকসকলক বুজাবলৈ চেষ্টা কৰিব যে তেওঁলোকে যি কৰি আছে, সেইবোৰ ঈশ্বৰৰ শিক্ষাবোৰৰ বিৰুদ্ধে আৰু তেওঁলোকে মাত্ৰ “নিজে নিজৰ ভাৰ” বোৱা উচিত। (গালাতীয়া ৬:৫, ৭; ১ থিচলনীকীয়া ৪:৯-১২) তেওঁলোকে বাইবেল ব্যৱহাৰ কৰি বুজাব যে যিহোৱাই কিছুমান কথাৰ সিদ্ধান্ত আমাৰ ওপৰত এৰি দিয়ে, সেইবাবে আমি কোনেও আনলোকৰ দ্বাৰা লোৱা সিদ্ধান্তক নিন্দা কৰা উচিত নহয়। (মথি ৭:১, ২; যাকোব ৪:১০-১২) মণ্ডলীত একতা বজাই ৰাখিবলৈ এক ভৰসা আৰু সন্মানৰ বাতাবৰণৰ বহু আৱশ্যক। সেইবাবে, আৱশ্যকৰ সময়ত শাস্ত্ৰৰ পৰা উপদেশ দি ‘মনুষ্যতৰ উপহাৰ’ গোটেই মণ্ডলীত শান্তি আৰু একতা বজাই ৰাখিবলৈ আমাক সহায় কৰে।—ৰোমীয়া ১৪:১৯.

জাকক সুৰক্ষা দিয়া

১৮, ১৯. (ক) ‘মনুষ্যত উপহাৰে’ কি কি পৰা আমাক ৰক্ষা কৰে? (খ) আৰু কি কি বিপদৰ পৰা মেৰবোৰক ৰক্ষা কৰা আৱশ্যক, আৰু তেওঁলোকক ৰক্ষা কৰিবলৈ প্ৰাচীনে কি কৰিব পাৰে?

১৮ চতুৰ্থ দায়ীত্ব হৈছে, যিহোৱাই ‘মনুষ্যত উপহাৰ’ এইবাবে দিলে যাতে তেওঁলোকে আমাক “মানুহৰ ঠগত, ধূৰ্ত্ততাৰে ভ্ৰান্তিৰ কুকল্পনাৰে ভ্ৰান্ত হৈ ঢলংপলং কৰোৱা, আৰু সকলো বিধ শিক্ষাৰূপ বতাহত ইফাল সিফাললৈ নিয়াবলৈ নিদিয়ে।” (ইফিচীয়া ৪:১৪) “ঠগ” শব্দৰ বাবে যি গ্ৰীক শব্দক ব্যৱহাৰ কৰা হৈছিল, তাৰ অৰ্থ হৈছে “পাশা খেলাৰ সময়ত দগাবাজ কৰা” বা “পাশাক নিজৰ ইচ্ছাৰ অনুসৰি সুকৌশলে ব্যৱহাৰ কৰা।” ইয়াৰ পৰা এইটো গম পোৱা নাযায় নে যে সত্য খ্ৰীষ্টীয়তাত বিদ্ৰোহ কৰা ধৰ্ম্মত্যাগীসকলে কিমান কৌশলতাৰে কাম কৰে? তেওঁলোকে সত্য খ্ৰীষ্টানসকলক বিশ্বাসৰ পৰা আতঁৰাবলৈ নিৰ্দ্দয়-আচৰণ কৰে আৰু শাস্ত্ৰপদবোৰৰ ভূল অৰ্থ উলিয়ায়। সেইবাবে প্ৰাচীনসকলে সদায় সাৱধান আৰু সতৰ্ক হোৱা উচিত যাতে এনেধৰণৰ “দুৰ্জন ৰাংকুকুৰবোৰ” মণ্ডলীত সোমাব নোৱাৰে।—পাঁচনিৰ কৰ্ম্ম ২০:২৯, ৩০.

১৯ যিহোৱাৰ মেৰবোৰক অন্য বিপদৰ পৰাও সুৰক্ষা দিয়াৰ আৱশ্যক। ইয়াৰ এটা ভাল উদাহৰণ হৈছে প্ৰাচীন সময়ত ৰক্ষীয়া দায়ূদ, যিজনে সাহসৰে বনৰীয়া জন্তুৰ পৰা নিজৰ পিতাকৰ জাকক ৰক্ষা কৰিলে। (১ চমূৱেল ১৭:৩৪-৩৬) সেইদৰে, বৰ্তমান সময়তো কেতিয়াবা কেতিয়াবা এই বিশ্বাসী খ্ৰীষ্টান ৰক্ষীয়াসকলক সাহসৰে জাকবোৰক ৰক্ষা কৰিব লাগিব যাতে তেওঁলোকে জাকক এনেধৰণৰ লোকসকলৰ পৰা ৰক্ষা কৰে যিজনে হয়তো যিহোৱাৰ মেৰবোৰক, বিশেষকৈ দুৰ্ব্বল মেৰবোৰক দুব্যৱহাৰ বা অত্যাচাৰ কৰিবলৈ চেষ্টা কৰে। এনেদৰে কৰিবলৈ জানি-শুনি পাপ কৰা লোকসকল অৰ্থাৎ যিসকল দুষ্ট আৰু প্ৰবঞ্চক, ছলনা আৰু ষড়যন্ত্ৰ কৰে, তেনেধৰণৰ লোকসকলক মণ্ডলীৰ পৰা বহিষ্কাৰ কৰিবলৈ প্ৰাচীনে অতি সোনকালে পদক্ষেপ লোৱাৰ আৱশ্যক।b—১ কৰিন্থীয়া ৫:৯-১৩; গীতমালা ১০১:৭ তুলনা কৰক।

২০. ‘মনুষ্যত উপহাৰৰ’ ডেউকাৰ তলত আমি কেনেকৈ সুৰক্ষা অনুভৱ কৰিব পাৰোঁ?

২০ আমি ‘মনুষ্যত উপহাৰৰ’ বাবে কিমান কৃতজ্ঞ! তেওঁলোকে প্ৰেমেৰে আমাৰ চিন্তা কৰে আৰু আমি তেওঁলোকৰ ডেউকাৰ তলত সুৰক্ষিত অনুভৱ কৰো, কিয়নো তেওঁলোকে সযত্নে আমাৰ শুধৰাই, বহু প্ৰেমেৰে আমাৰ বিশ্বাসক শক্তিশালী কৰে, আমাৰ একতাক বজাই ৰাখিবলৈ সদায় তৈয়াৰ থাকে আৰু সাহসৰে আমাক ৰক্ষা কৰে। কিন্তু এই ‘মনুষ্যত উপহাৰক’ মণ্ডলীত থকা তেওঁলোকৰ দায়ীত্বক কেনেদৰে দৃষ্টি কৰা উচিত? আৰু আমি তেওঁলোকক কেনেদৰে প্ৰশংসা দেখুৱাব পাৰোঁ? এই প্ৰশ্নবোৰৰ উত্তৰ আমি পৰবৰ্ত্তী লেখত আলোচনা কৰিম। (WT June 1, 1999)

[Footnotes]

a ‘শুধৰা’ শব্দৰ বাবে যি গ্ৰীক ক্ৰিয়া পদ ব্যৱহাৰ কৰা হৈছে, সেই একেই ক্ৰিয়া পদ গ্ৰীক চেপ্টুআজেন্ট সংস্কাৰণত গীতমালা ১৭[১৬]:৫ পদত ব্যৱহাৰ কৰা হৈছে। যিহেতু দায়ূদে যিহোৱাৰ পথবোৰত বিশ্বাসী হৈ চলিছিল, তথাপি তেওঁৰ ভৰি ঈশ্বৰৰ পথত থিৰে থাকিবলৈ এই গীতত প্ৰাৰ্থনা কৰিছিল।

b উদাহৰণৰ বাবে, নবেম্বৰ ১৫, ১৯৭৯ চনৰ দা ৱাচটাৱাৰ, ৩১-৩২ পৃষ্ঠাত থকা “পাঠকসকলৰ প্ৰশ্ন,” আৰু জানুৱাৰী ১, ১৯৯৭ চনৰ প্ৰহৰীদূৰ্গ (ইংৰাজী) ২৬-৯ পৃষ্ঠাত থকা “আহঁক আমি বেয়াক ঘৃণা কৰোঁহঁক” লেখটো চাওঁক।

আপুনি স্মৰণ কৰেনে?

◻ ‘মনুষ্যত উপহাৰ’ কোনসকল, আৰু ঈশ্বৰে তেওঁলোকক যীচুৰ দ্বাৰা মণ্ডলীত কিয় দিলে?

◻ প্ৰাচীনসকলে জাকক শুধৰাবলৈ নিজৰ দায়ীত্বক কিদৰে পূৰ্ণ কৰে?

◻ প্ৰাচীনে নিজৰ সঙ্গী বিশ্বাসীসকলৰ উন্নতিৰ বাবে কি কৰিব পাৰে?

◻ প্ৰাচীনসকলে মণ্ডলীত একতা কেনেকৈ বজাই ৰাখিব পাৰে?

[Picture on page 10]

প্ৰাচীনসকলৰ সহানুভূতিয়ে তেওঁলোকক হতাশ হোৱা লোকৰ বিশ্বাস শক্তিশালী কৰিবলৈ উত্তেজিত কৰে

[Picture on page 10]

যেতিয়া প্ৰাচীনসকলৰ মাজত একতা হব, তেতিয়া মণ্ডলীতো একতা হব

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক