ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৮/১ পৃষ্ঠা ১৬-২১
  • আনক সমাদৰ কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আনক সমাদৰ কৰা
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাই মানৱক সমাদৰ কৰে
  • যীচুৱে আনক সমাদৰ কৰিছিল
  • পৌলে সমাদৰ কৰিলে
  • আমাৰ সময়ত সমাদৰ কৰা
  • যিহোৱাক সমাদৰ কৰা
  • আঁহক আমি যিহোৱা আৰু তেওঁৰ পুত্ৰক সন্মান কৰোঁহঁক
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • “তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৮/১ পৃষ্ঠা ১৬-২১

আনক সমাদৰ কৰা

“সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হোৱা।”—ৰোমীয়া ১২:১০.

১, ২. (ক) আমি নম্ৰতা দেখুৱাবলৈ কি অভ্যাস কৰা আৱশ্যক? (খ) বাইবেলে প্ৰায় “সমাদৰ” শব্দটো কিদৰে ব্যৱহাৰ কৰিছে আৰু কোনসকলৰ বাবে সমাদৰ দেখুৱাবলৈ সহজ হয়?

আমাৰ আগৰ প্ৰৱন্ধত ঈশ্বৰ বাক্যত থকা উপদেশক গুৰুত্ব দিয়া হʼল: “সকলোৱেই পৰস্পৰৰ হিতৰ কাৰণে নম্ৰতাৰূপ বস্ত্ৰেৰে কঁকাল বন্ধা; কিয়নো ঈশ্বৰে অহঙ্কাৰীবিলাকক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰবিলাকক অনুগ্ৰহ দান কৰে।” (১ পিতৰ ৫:৫) নম্ৰতাৰে হিত কৰিবলৈ আমাৰ বাবে এটা পথ হৈছে আনক সমাদৰ কৰিবলৈ অভ্যাস কৰা।

২ “সমাদৰ” শব্দটো বাইবেলত প্ৰায়ে ব্যৱহাৰ হয় আৰু ই সন্মান, শ্ৰদ্ধা আৰু সহানুভূতিক দৰ্শাই যিটো আমি আনৰ প্ৰতি দেখুৱা উচিত। এজনে আনজনক দয়া দেখুৱাই, তেওঁৰ মৰ্য্যদাক সন্মান কৰে, তেওঁৰ বিচাৰ-ধাৰাক শুনে, আৰু আমাক যিয়ে যুক্তিপূৰ্ণৰে বিনতি কৰে, তাক পূৰ্ণ কৰি আমি আনক সমাদৰ কৰিব পাৰো। যিসকল নম্ৰ লোক তেওঁলোকৰ বাবে ইয়াক কৰিবলৈ কঠিন নহয়। কিন্তু, যিসকল অহংকাৰী, তেওঁলোকৰ বাবে আনক হৃদয়েৰে সমাদৰ কৰাটো কঠিন হয়, আৰু সেইবাবে তেওঁলোকে ভন্ডামী আৰু খোচামোদ কৰি অনুগ্ৰহ আৰু সুযোগ লবলৈ চেষ্টা কৰে।

যিহোৱাই মানৱক সমাদৰ কৰে

৩, ৪. যিহোৱাই কেনেকৈ অব্ৰাহামক সমাদৰ কৰিলে আৰু কিয়?

৩ যিহোৱা নিজেই সমাদৰৰ সুন্দৰ উদাহৰণ প্ৰস্তুত কৰিলে। তেওঁ মানৱক স্বাধীন ইচ্ছা দি সৃষ্টি কৰিলে আৰু কেতিয়াও ৰবট্‌ৰ দৰে ব্যৱহাৰ কৰা নাছিল। (১ পিতৰ ২:১৬) উদাহৰণস্বৰূপে, যেতিয়া তেওঁ অব্ৰাহামক চদোমৰ ধ্বংসৰ বিষয়ে জনালে কিয়নো তাত দুষ্টতা অতিশয়ৰূপে বৃদ্ধি পাইছিল, অব্ৰাহামে সুধিলে: “আপুনি দুষ্টৰ লগত ধাৰ্ম্মিককো সংহাৰ কৰিব নে? সেই নগৰৰ মাজত কিজানি পঞ্চাশ জন ধাৰ্ম্মিক লোক আছে; পাছে তাত থকা সেই পঞ্চাশ জন ধাৰ্ম্মিকৰ নিমিত্তে সেই ঠাইলৈ ক্ষমা নিদি, আপুনি তাক সংহাৰ কৰিব নে?” যিহোৱাই উত্তৰ দিলে যে ৫০ জনৰ বাবে সেই নগৰ সংহাৰ নকৰে। অব্ৰাহামে তেতিয়া বিনীতভাৱে মিনতি কৰিলে। তেনেহʼলে কি যদি তাত মাত্ৰ ৪৫? ৪০? ৩০? ২০? ১০ জন পোৱা যায়? যিহোৱাই অব্ৰাহামক আশ্বাস দিলে যে যদি দহজন ধাৰ্ম্মিক লোক পোৱা যায় তেনেহʼলে তেওঁ চদোমক ধ্বংস নকৰে।—আদিপুস্তক ১৮:২০-৩৩.

৪ যিহোৱাই জানিছিল যে তাত দহজনো ধাৰ্ম্মিক মানুহ নাই, তথাপি তেওঁ অব্ৰাহামৰ সিদ্ধান্ত শুনা আৰু তেওঁৰ সৈতে সন্মানেৰে ব্যৱহাৰ কৰাৰ দ্বাৰাই যিহোৱাই অব্ৰাহামক সমাদৰ কৰিছিল। কিয়? কিয়নো অব্ৰাহামে “যিহোৱাত বিশ্বাস কৰিলত, যিহোৱাই তাকেই তেওঁৰ পক্ষে ধাৰ্ম্মিকতা বুলি গণনা কৰিলে।” অব্ৰাহামক ‘যিহোৱাৰ বন্ধু’ বুলি মতা হৈছিল। (আদিপুস্তক ১৫:৬; যাকোব ২:২৩) তদুপৰি, যিহোৱাই দেখিলে যে অব্ৰাহামে অন্যক সমাদৰ কৰে। যেতিয়া ভূমিখণ্ডৰ বাবে তেওঁৰ পশু-ৰখীয়া আৰু তেওঁৰ ভতিজা লোটৰ পশু-ৰখীয়াৰ মাজত বিবাদ হলত, অব্ৰাহামে লোতক যি ঠাই তেওঁ বিচাৰে তাক প্ৰথমে বাচঁনি কৰিব দি তেওঁক সমাদৰ কৰিলে। লোটে যি উত্তম ঠাই তাক বাচঁনি কৰিলে আৰু অব্ৰাহামে অন্যৰ ফালে গুচি গʼল।—আদিপুস্তক ১৩:৫-১১.

৫. যিহোৱাই কেনেকৈ লোটক সমাদৰ কৰিলে?

৫ যিহোৱাই সেইদৰে ধৰ্মী লোটকো সমাদৰ কৰিলে। চদোমক সংহাৰ কৰাৰ আগতে, তেওঁ লোটক পাহাৰীয়া ঠাইলৈ পলাই যাবলৈ কʼলে। কিন্তু, লোটে কʼলে যে তেওঁ সেই ঠাইলৈ যাব নিবিচাৰে, সেইবাবে তেওঁ চোৱৰ নগৰক বাচঁনি কৰি, যদিও সেই নগৰখন ধ্বংস কৰিবলগীয়া অঞ্চলত স্থিত আছিল। যিহোৱাই লোটক কʼলে: “মই এই বিষয়েও তোমালৈ অনুগ্ৰহ কৰি, সেই যি নগৰৰ কথা কৈছা, তাক মই উচ্ছন্ন নকৰোঁ।” তেওঁ যি বিচাৰিছিল তাক কৰাৰ দ্বাৰাই যিহোৱাই বিশ্বাসী লোটক সমাদৰ কৰিছিল।—আদিপুস্তক ১৯:১৫-২২.

৬. যিহোৱাই মোচিক কেনেকৈ সমাদৰ কৰিলে?

৬ যেতিয়া যিহোৱাই মোচিক তেওঁৰ লোকসকলক দাসত্বৰ পৰা ওলিয়াই আনিবলৈ মিচৰলৈ পঠিয়াইছিল আৰু ফৰৌণক তেওঁৰ লোকসকলক এৰাৰ বিষয়ে কথা পাতিবলৈ কৈছিল, তেতিয়া মোচিয়ে উত্তৰ দিছিল: “হে মোৰ প্ৰভু [যিহোৱা], মিনতি কৰিছোঁ, মই বাক্‌পটু নহওঁ।” যিহোৱাই মোচিক আশ্বাস দিছিল: “মই তোমাৰ মুখৰ সহায় হৈ, তুমি কব লগীয়া কথা তোমাক শিকাম।” কিন্তু তথাপিও মোচিয়ে সংকোচ কৰিছিল। সেইবাবে যিহোৱাক পুনৰ ভৰসা দিলে আৰু তেওঁৰ ককায়েক, হাৰোণক এজন মুখপাত্ৰৰূপে তেওঁৰ সৈতে পঠিয়াবলৈ ব্যৱস্থিত কৰিলে।—যাত্ৰাপুস্তক ৪:১০-১৬.

৭. যিহোৱাই কিয় আনক সমাদৰ কৰিবলৈ ইচ্ছুক আছিল?

৭ এই সকলোবোৰ ক্ষেত্ৰত, যিহোৱাই দেখুৱালে যে তেওঁক আনক সমাদৰ কৰিবলৈ ইচ্ছুক, বিশেষকৈ যিসকলে তেওঁক সেৱা কৰে। যদিও তেওঁলোকে যিহোৱাৰ পৰা যি বিচাৰিছিল তেওঁৰ ইচ্ছাৰ পৰা বেলেগ আছিল, তথাপি তেওঁ তেওঁলোকৰ মিনতি শুনিছিল, কিয়নো তেওঁলোকৰ মিনতি শুনি তেওঁৰ উদ্দেশ্যক উলঙ্ঘন কৰা নাছিল।

যীচুৱে আনক সমাদৰ কৰিছিল

৮. কেনেকৈ যীচুৱে এগৰাকী তিৰোতাক সমাদৰ কৰিলে যিজনী বহুত অসুস্থ আছিল?

৮ যীচুৱে আনক সমাদৰ কৰা বিষয়ে যিহোৱাৰ অনুকৰণ কৰিছিল। এবাৰ এক বৰ লোকসমূহৰ মাজত এগৰাকী তিৰোতা আছিল যিজনীয়ে ১২ বছৰৰ পৰা তেজ বোৱাত ভূগিছিল। ডাক্তৰেও তাইক আৰোগ্য কৰিবলৈ অসমৰ্থ হৈছিল। মোচিৰ ব্যৱস্থাৰ অনুসৰি তাই আনুষ্ঠানিকভাৱে অশুদ্ধ আছিল আৰু তাত উপস্থিত হোৱাটো উচিত নাছিল। তাই যীচুৰ পাছফালৰ পৰা তেওঁৰ কাপোৰত চুলে আৰু আৰোগ্য হʼল। সেই সময়ত যীচুৱে ব্যৱস্থাৰ নিয়মৰ প্ৰযুক্তি দিয়া নাছিল, আৰু তাইক তিৰস্কাৰো কৰা নাছিল। তাৰ পৰিবৰ্তে পৰিস্থিতিৰ বুজ লৈ তেওঁ তাইক সমাদৰ কৰি কʼলে: “আইটি, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে; কুশলে যোৱা; তোমাৰ সেই ব্যাধিৰ পৰা সুস্থ হোৱা।”—মাৰ্ক ৫:২৫-৩৪; লেবীয়া পুস্তক ১৫:২৫-২৭.

৯. যীচুৱে এজনী অন্যজাতি তিৰোতাক কেনেকৈ সমাদৰ কৰিছিল?

৯ অন্য এক সময়ত, কনানীয়া তিৰোতাই যীচুক কʼলে: “হে প্ৰভু, দায়ুদৰ সন্তান, মোক দয়া কৰক; মোৰ ছোৱালীজনীক বৰ বেয়াকৈ ভূতে ধৰিছে।” যীচুৱে জানিছিল যে তেওঁক ইস্ৰায়েল জাতিৰ ওচৰলৈ পঠিওৱা হৈছে, অন্যজাতিৰ ওচৰলৈ নহয়, সেইবাবে তেওঁ কʼলে: “লʼৰাহঁতৰ [ইস্ৰায়েল] খোৱা বস্তু লৈ, কুকুৰৰ [অন্যজাতি] আগত পেলাই দিয়া ভাল নহয়।’ তাতে তিৰোতাগৰাকীয়ে উত্তৰ দিলে: “হয় প্ৰভু, কিয়নো গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰহে কুকুৰে খাবলৈ পায়।” তেতিয়া যীচুৱে উত্তৰ দি কʼলে: “হে নাৰি, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।” তাতে সেই মুহূৰ্ত্তৰে পৰা তেওঁৰ জীয়েক সুস্থ হল। যীচুৱে অন্যজাতিৰ তিৰোতাগৰাকীৰ বিশ্বাসৰ বাবে সমাদৰ কৰিলে। আনকি তেওঁ অভিব্যক্তি ব্যৱহাৰ কৰাৰ সময়ত বনৰীয়া কুকুৰৰ পৰিবৰ্তে, “কুকুৰ” ব্যৱহাৰ কৰিছিল। তেওঁৰ অভিব্যক্তিত কোনো কঠোৰতা নাছিল আৰু ইয়াৰ দ্বাৰা তেওঁ কৰুণাও দেখুৱাইছিল।—মথি ১৫:২১-২৮.

১০. যীচুৱে শিষ্যসকলক কি উত্তম শিক্ষা দিলে, আৰু এইটো কিয় আৱশ্যক আছিল?

১০ যীচুৱে তেওঁৰ শিষ্যসকলক নম্ৰতা আৰু আনক সমাদৰ কৰাৰ বিষয়ে শিক্ষা দি আছিল কিয়নো তেতিয়াও তেওঁলোকৰ মাজত স্বাৰ্থতাৰ সমস্যা আছিল। এসময়ত, তেওঁলোকে তৰ্ক-বিতৰ্ক কৰাৰ পাছত যীচুৱে সুধিলে: “তোমালোকে বাটত কি কোৱা-মেলা কৰিছিলা?” কিন্তু তেওঁলোক নিজম দি থাকিল “কিয়নো কোন শ্ৰেষ্ঠ, সেই বিষয়ে বাটত তেওঁলোকে পৰস্পৰে কোৱা-মেলা কৰিছিল।” (মাৰ্ক ৯:৩৩, ৩৪) আনকি যীচুৰ মৃত্যু আগ ৰাতি দিনাও “তেওঁলোকৰ মাজত কোন জনক শ্ৰেষ্ঠ বুলি মনা হব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হৈছিল।” (লূক ২২:২৪) সেইবাবে নিস্তাৰ-পৰ্ব্বৰ সময়ত যীচুৱে ‘চৰিয়াত পানী বাকি, শিষ্যবিলাকৰ ভৰি ধুৱালে।’ কিযে উত্তম উদাহৰণ! যীচু ঈশ্বৰৰ পুত্ৰ আছিল আৰু গোটেই বিশ্বত যিহোৱাৰ পাছত মাত্ৰ তেওঁৰহে স্থান আহে। তথাপি শিষ্যসকলৰ ভৰি ধুৱাই তেওঁলোকক সমাদৰৰ এক সুন্দৰ শিক্ষা দিলে। তেওঁ কʼলে: “মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেই দৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।”—যোহন ১৩:৫-১৫.

পৌলে সমাদৰ কৰিলে

১১, ১২. পৌলে খ্ৰীষ্টান হোৱাৰ পাছত, তেওঁ কি শিকিলে, আৰু কেনেকৈ এই শিক্ষা ফিলীমনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে?

১১ যীচুক অনুকৰণ কৰি, পাঁচনি পৌলে আনক সমাদৰ কৰিছিল। (১ কৰিন্থীয়া ১১:১) তেওঁ কʼলে: “. . . কোনো মানুহৰ পৰা আমি মান-মৰ্য্যদা নিবিচাৰিলোঁ। কিন্তু তোমালোকৰ মাজত মৃদুশীল হৈ, পিয়াহ দিওঁতাই যেনেকৈ নিজ সন্তানৰ লালন-পালন কৰে।” (১ থিচলনীকীয়া ২:৬, ৭) এজনী পিয়াহ দিওঁতা মাতৃয়ে নিজ সন্তানৰ তত্ত্বাৱধান লয়। পৌলে খ্ৰীষ্টান হোৱাৰ পাছত, নিজৰ সঙ্গী খ্ৰীষ্টানসকলক কোমলভাৱে ব্যৱহাৰ কৰাৰ দ্বাৰা তেওঁ নম্ৰতা হবলৈ আৰু তেওঁলোকক সমাদৰ কৰিবলৈ শিকিছিল। এনে কৰাৰ সময়ত, তেওঁ তেওঁলোকক স্বাধীন ইচ্ছাক সন্মানো কৰিছিল আৰু এইটো প্ৰদৰ্শিত হৈছিল সেই ঘটনাৰ দ্বাৰা যেতিয়া তেওঁ ৰোমত এজন বন্দী হিচাবে আছিল।

১২ ওনীচিম নামৰ এজন দাস আছিল যিজনে নিজৰ মালিকৰ ঘৰ এৰি পলাই যায়। তেওঁ পৌলৰ শিক্ষাবোৰ শুনি খ্ৰীষ্টান হʼল আৰু তেওঁৰ বন্ধুও হʼল। সেই দাসৰ মালিক ফিলীমন আছিল, যিজন নিজেও এজন খ্ৰীষ্টান আছিল আৰু তেওঁ এচিয়া মাইনৰʼত বাস কৰিছিল। পৌলে ফিলীমনক এখন পত্ৰ লিখি কʼলে যে ওনীচিম কিমান যে কামৰ ব্যক্তি আৰু সেইবাবে তেওঁ কʼলে: “ময়েই নিজৰ নিমিত্তে তেওঁক ৰাখিব খুজিছিলোঁ।” তথাপি, পৌলে ওনীচিমক তেওঁলৈ পঠিয়াই দি লিখিলে: “তোমাৰ উপকাৰ যেন অনিচ্ছাৰে নহৈ ইচ্ছাৰে হয়, এই কাৰণে তোমাৰ সন্মতৰ বিনে মই একো কৰিবলৈ ইচ্ছা নকৰিলোঁ।” পৌলে এজন পাঁচনি হোৱাৰ বাবে সুবিধা লোৱা নাছিল, কিন্তু তেওঁ ফিলীমনক সমাদৰ কৰিছিল আৰু ওনীচিমক ৰোমত নিজৰ সৈতে নাৰাখিলে। ইয়াৰ ওপৰিও, তেওঁ ফিলীমনক কʼলে যে তেওঁ যাতে ওনীচিমক “দাসৰ দৰে আৰু নহৈ, দাসতকৈ শ্ৰেষ্ঠ প্ৰিয় ভাই” দৰে সমাদৰে কৰে।—ফিলীমন ১৩-১৬.

আমাৰ সময়ত সমাদৰ কৰা

১৩. ৰোমীয়া ১২:১০ পদে আমাক কি কৰিবলৈ কৈছে?

১৩ ঈশ্বৰৰ বাক্যই পৰামৰ্শ দিয়ে: “সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হোৱা।” (ৰোমীয়া ১২:১০) ইয়াৰ অৰ্থ হৈছে আমি প্ৰথমে আনে আমাক সমাদৰ দেখুৱালৈকে অপেক্ষা কৰি থকা উচিত নহয়, কিন্তু আমি প্ৰথমে আগভাগ লোৱা উচিত। “প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।” (১ কৰিন্থীয়া ১০:২৪; ১ পিতৰ ৩:৮, ৯) সেইবাবে যিহোৱাৰ সেৱকসকলে পৰিয়ালৰ চক্ৰত থকা লোকসকলক, মণ্ডলীৰ সঙ্গী খ্ৰীষ্টানসকলক আৰু আনকি মণ্ডলীৰ বাহিৰত থকা লোকসকলক সমাদৰ কৰিবলৈ সুযোগ বিচাৰি থাকে।

১৪. স্বামী আৰু স্ত্ৰীয়ে কেনেকৈ ইজনে আনজনক সমাদৰ কৰিব পাৰে?

১৪ বাইবেলে ব্যাখ্যা কৰিছে: “খ্ৰীষ্ট্‌ যে প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ, পুৰুষ যে তিৰোতাৰ মূৰস্বৰূপ।” (১ কৰিন্থীয়া ১১:৩) যিদৰে খ্ৰীষ্টই মণ্ডলীৰ সৈতে কৰিলে সেইদৰে যিহোৱাই পুৰুষক নিজৰ তিৰোতাৰ সৈতে ব্যৱহাৰ কৰিবলৈ আজ্ঞা দিছে। আৰু ১ পিতৰ ৩:৭ পদত পুৰুষক কোৱা হৈছে যে তেওঁ নিজৰ স্ত্ৰীক দুৰ্ব্বল ভাণ্ড বুজি যাতে সমাদৰ কৰে।’ তেওঁ এইটো তেতিয়াহে কৰিব পাৰে যেতিয়া তেওঁ তাইৰ বুজ-বিচাৰক শুনিবৰ বাবে প্ৰস্তুত থাকে আৰু তেওঁৰ পৰামৰ্শক বিবেচনা কৰে। (আদিপুস্তক ২১:১২) তেওঁ তাইক যিকোনো বিষয়ক বাচঁনি কৰিবলৈ প্ৰথমে সুযোগ দিব পাৰে, কিন্তু এই কথা মনত ৰখা উচিত যে সেইটো যাতে বাইবেলৰ বিপৰীত নহয়, আৰু অন্য কাৰ্য্যবোৰত তাই সৈতে সহভাগ লব পাৰে আৰু দয়াৰে তাইক ব্যৱহাৰ কৰা উচিত। কিন্তু “ভাৰ্য্যাই স্বামীলৈ ভয় ৰখা” উচিত। (ইফিচীয়া ৫:৩৩) তাই স্বামীয়ে কি কয় তাক শুনা আৱশ্যক, সকলো সময়তে তাইৰ কথাকে মানিবলৈ দাবী কৰিব নালাগে আৰু তেওঁক তুচ্ছ বা বিৰক্ত কৰা উচিত নহয়। নিজৰ স্বামীক নিয়ন্ত্ৰণ নকৰি তাই স্বামীক নম্ৰতা দেখুৱাব পাৰে, যদিও তাইৰ কিছুমান ক্ষেত্ৰত তেওঁতকৈ অধিক দক্ষতা আছে।

১৫. বয়োবৃদ্ধ লোকক কিদৰে বিবেচনা কৰিব লাগে আৰু তেওঁলোকে কেনেকৈ ইয়াৰ প্ৰত্যুত্তৰ দিয়া উচিত?

১৫ মণ্ডলীৰ ভিতৰতো এনে কিছুমান বিশেষ ব্যক্তি আছে যিসকলে সমাদৰ পোৱাৰ যোগ্য, যেনে বৃদ্ধ লোকসকল। “তুমি পকামূৰীয়া জনৰ আগত উঠি থিয় হবা, বৃদ্ধ লোকক [বা, তিৰোতাক] সমাদৰ কৰিবা।” (লেবীয়া পুস্তক ১৯:৩২) এইটো বিশেষকৈ সেইসকল লোকৰ ক্ষেত্ৰত খাটে যিসকলে বহু বছৰ ধৰি যিহোৱাৰ সেৱাত বিশ্বাসীৰে কৰি আছে কিয়নো “ধাৰ্ম্মিকতাৰূপ পথত পোৱা পকা কেশ শোভাৰ কিৰীটিস্বৰূপ।” (হিতোপদেশ ১৬:৩১) ওভাৰচিয়াৰসকলে সঙ্গী খ্ৰীষ্টান লোক যিসকল তেওঁলোকতকৈ বয়োবৃদ্ধ, সমাদৰ কৰাৰ দ্বাৰা উদাহৰণ প্ৰস্তুত কৰিব পাৰে। নিঃসন্দেহ, বয়সীয়া লোকসকলেও তেওঁলোকতকৈ সৰু লোকসকলক সন্মান দেখুৱা আৱশ্যক, বিশেষকৈ যিসকলে জাকক প্ৰতিপালন কৰা দায়ীত্ব আছে।—১ পিতৰ ৫:২, ৩.

১৬. পিতৃ-মাতৃ আৰু সন্তানে কেনেকৈ এজনে আনজনক সমাদৰ কৰিব পৰে?

১৬ লৰা-ছোৱালীবোৰে পিতৃ-মাতৃক সমাদৰ কৰা উচিত: “হে সন্তানবিলাক, প্ৰভুত তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো এয়ে উচিত। নিজৰ পিতৃ-মাতৃক সন্মান কৰা; তেহে তোমাৰ কল্যাণ হব, আৰু দেশত দীঘায়ু হব; অঙ্গীকাৰযুক্ত প্ৰথম আজ্ঞা এই।” তাৰ লগতে, পিতৃ-মাতৃসকলেও নিজৰ সন্তানকো সমাদৰ কৰা উচিত কিয়নো তেওঁলোকক কোৱা হৈছে যে “তোমালোকে নিজ নিজ সন্তানবিলাকৰ খং নোতোলাবা; কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা।”—ইফিচীয়া ৬:১-৪; যাত্ৰাপুস্তক ২০:১২.

১৭. কোনসকল “দুগুণ সমাদৰৰ” পোৱাৰ যোগ্য?

১৭ যিসকলে মণ্ডলীৰ বাবে কঠোৰ পৰিশ্ৰম কৰে তেওঁলোককো সমাদৰ কৰা উচিত: “যি যি বৃদ্ধলোকে উত্তমৰূপে শাসন কৰে, বিশেষকৈ যিবিলাকে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁবিলাকে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁবিলাক দুগুণ সমাদৰৰ যোগ্যপাত্ৰ বুলি গণিত হওক।” (১ তীমথিয় ৫:১৭) তেওঁলোকক আমি সমাদৰ কৰা এটা পথ হৈছে ইব্ৰী ১৩:১৭ পদৰ মতে কৰাৰ দ্বাৰা, যিয়ে ব্যাখ্যা কৰিছে: “তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁবিলাকৰ বশীভূত হোৱা।”

১৮. যিসকল মণ্ডলীৰ বাহিৰত আছে তেওঁলোকক আমি কি কৰোঁ?

১৮ আমি সেইসকল লোককো সমাদৰ কৰোনে যিসকল মণ্ডলীৰ বাহিৰত আছে? হয়। উদাহৰণস্বৰূপে, আমাক আজ্ঞা দিয়া হৈছে: “প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক।” (ৰোমীয়া ১৩:১) সেইবোৰ হৈছে প্ৰশাসনসকল যিসকলক যিহোৱাই তেওঁৰ ৰাজ্য আহি পৰিবৰ্ত্তন নকৰালৈকে থাকিবলৈ অনুমতি দিছে। (দানিয়েল ২:৪৪) সেইবাবে, আমি “যাৰে যি পাওনা, তাকে তেওঁক দিয়া; কৰ দিব লগাক কৰ দিয়া; মাচুল দিব লগাক মাচুল দিয়া; আৰু ভয় কৰিব লগাক ভয় কৰা; আদৰ কৰিব লগাক আদৰ কৰা” আৱশ্যক। (ৰোমীয়া ১৩:৭) আমি “সকলোকে সমাদৰ” কৰোঁ।—১ পিতৰ ২:১৭.

১৯. অন্যৰ কাৰণে “হিতজনক কৰ্ম্ম” আৰু তেওঁলোকক সন্মান কেনেকৈ দেখুৱাব পাৰোঁ?

১৯ যিহেতু এইটো সত্য যে আমি যিসকল মণ্ডলীৰ বাহিৰত আছে তেওঁলোকক সমাদৰ কৰো, কিন্তু ঈশ্বৰৰ বাক্যত কি উল্লেখ কৰিছে তাক লক্ষ্য কৰক আমি এইটো কেনেকৈ কব পাৰোঁ: “এই হেতুকে আহাঁ, শুভক্ষণ পালে, সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক।” (গালাতীয়া ৬:১০) নিঃসন্দেহ, এইদৰে “হিতজনক কৰ্ম্ম” কৰা উত্তম পদ্ধতি হৈছে তেওঁলোকক আধ্যাত্মিক আৱশ্যকতা উৎপন্ন কৰি তাক পূৰ্ণ কৰা। (মথি ৫:৩) এইটো আমি পাঁচনি পৌলে আমাক স্মৰণ কৰাই দিয়া উপদেশক পালন কৰাৰ দ্বাৰা কৰিব পাৰোঁ: “তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি, ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা।” যেতিয়া আমি “পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ” কৰিবলৈ কৌশলপূৰ্ণতাৰে সকলো সুযোগতে সাক্ষী দিওঁ, তেতিয়া আমি মাত্ৰ সকলোৰে বাবে হিতজনক কৰ্ম্মকে নকৰো কিন্তু তেওঁলোকক সমাদৰো কৰোঁ।—২ তীমথিয় ২:১৫; ৪:৫.

যিহোৱাক সমাদৰ কৰা

২০. ফৰৌণ আৰু তাৰ সৈন্যবোৰলৈ কি ঘটিল আৰু কিয়?

২০ যিহোৱাই নিজৰ সৃষ্টিক সমাদৰ কৰে। সেইবাবে এইটো যুক্তিসঙ্গত যে আমিও তেওঁক সমাদৰ কৰা উচিত। (হিতোপদেশ ৩:৯; প্ৰকাশিত বাক্য ৪:১১) যিহোৱাৰ বাক্যই ব্যাখ্যা কৰিছে: “মোক মৰ্য্যাদা কৰোঁতাবিলাকক মই মৰ্য্যাদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতাবিলাকক হেয়জ্ঞান কৰা হব।” (১ চমূৱেল ২:৩০) যেতিয়া ফৰৌণক ঈশ্বৰৰ লোকসকলক এৰি দিবলৈ কোৱা হৈছিল, তেওঁ অভিমানীৰে উত্তৰ দিছিল: “যিহোৱা নো কোন, যে, মই তেওঁৰ কথা শুনি ইস্ৰায়েলক এৰি দিম?” (যাত্ৰাপুস্তক ৫:২) যেতিয়া ফৰৌণে ইস্ৰায়েলসকলক নিষ্পেষণ কৰিবলৈ নিজৰ সৈন্য পঠিয়ালে, যিহোৱাই ইস্ৰায়েলসকলৰ বাবে চূফ সমুদ্ৰক দুভাগ কৰিলে। কিন্তু যেতিয়া মিচৰীয়া সৈন্যসকলে তেওঁলোকৰ পিছে পিছে খেদি আহিলত যিহোৱাই আকৌ পানীক একেলগ কৰিলে। “[যিহোৱাই] ফৰৌণৰ সকলো সৈন্যসমূহক ঢাকিলে।” (যাত্ৰাপুস্তক ১৪:২৬-২৮; ১৫:৪) সেইবাবে ফৰৌণৰ অহঙ্কাৰে যিহোৱাক সমাদৰ কৰিবলৈ অস্বীকাৰ কৰিলত ইয়ে তেওঁক শোচনীয়ভাৱে শেষ হবলৈ পৰিচালিত কৰিলে।—গীতমালা ১৩৬:১৫.

২১. যিহোৱাই বেলচ্‌চৰ বিৰুদ্ধ কিয় আছিল আৰু কি পৰিণাম হʼল?

২১ বাবিলৰ ৰজা বেলচ্‌চৰে যিহোৱাক সমাদৰ কৰিবলৈ অস্বীকাৰ কৰিলে। মদাসক্ত ভোজৰ সময়ত, যিৰূচালেমৰ পৰা অনা সোন আৰু ৰূপৰ পবিত্ৰ পাত্ৰত মদ্যপান কৰাৰ দ্বাৰা তেওঁ যিহোৱাক ঠাট্টা কৰিলে। আৰু যেতিয়া তেওঁ সেইদৰে কৰি আছিল, তেওঁ জাতিবিলাকৰ দেৱতাবোৰক স্তুতি কৰিলে। কিন্তু যিহোৱাৰ দাস দানিয়েলে তেওঁক কʼলে: “আপোনাৰ মন নম্ৰ কৰা নাই। . . . কিন্তু আপুনি স্বৰ্গৰ প্ৰভুৰ অহিতে নিজকে ওখ কৰিলে।” সেই ৰাতিয়ে বেলচ্‌চৰক হত্যা কৰা হʼল আৰু তাৰ ৰাজ্য লৈ লোৱা হʼল।—দানিয়েল ৫:২২-৩১.

২২. (ক) ইস্ৰায়েলৰ ধৰ্ম্মীয় গুৰু আৰু তেওঁলোকৰ মানুহবিলাকৰ ওপৰত যিহোৱাই কিয় ক্ৰোধ কৰিলে? (খ) কাক যিহোৱাই অনুগ্ৰহ দেখুৱালে আৰু কি পৰিণামেৰে?

২২ সা.যু. প্ৰথম শতাব্দীত, যেতিয়া ৰজা হেৰোদে ৰাইজৰ আগত ভাষণ দি আছিল, তেতিয়া লোকসকলে চিঞৰি কব ধৰিলে: “এয়ে মানুহৰ মাত নহয়, ঈশ্বৰৰ মাত।” সেই মূৰ্খ ৰজাই নিজৰ বাবে মহিমা বিচাৰিছিল, সেইবাবে তেওঁ লোকসকলক এনেদৰে কৰিবলৈ বাধা নিদিলে। সেই সময়ত “সেই সন্মান তেওঁ ঈশ্বৰক নিদিয়াত, প্ৰভুৰ দূতে তেওঁক তেতিয়াই আঘাত কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ১২:২১-২৩) হেৰোদে যিহোৱাক মহিমা কৰাৰ পৰিবৰ্তে নিজৰ মহিমা কৰিলে সেইবাবে তাক মাৰি পেলোৱা হʼল। সেই সময়তে, ধৰ্ম্মগুৰুসকলে ঈশ্বৰৰ পুত্ৰ, যীচুক মাৰিবলৈ ষড়যন্ত্ৰ কৰি ঈশ্বৰক অনাদৰ কৰিলে। কিছুমান শাসকে জানিছিল যে যীচুৱে সত্য শিকাইছিল, কিন্তু তেওঁলোকে তেওঁৰ শিষ্য হব নিবিচাৰিছিল, “কিয়নো ঈশ্বৰৰ প্ৰশংসাতকৈ তেওঁবিলাকে মানুহৰ প্ৰশংসা ভাল বুলি মানিলে।” (যোহন ১১:৪৭-৫৩; ১২:৪২, ৪৩) সেই গোটেই জাতিয়ে, যিহোৱাক অনাদৰ কৰিলে আনকি তেওঁ নিযুক্ত কৰা প্ৰতিনিধি যীচুকো অনাদৰ কৰিলে। পৰিণামস্বৰূপে যিহোৱাই তেওঁলোকক অনাদৰ কৰি ত্যাগ দিলে আৰু তেওঁলোকৰ মন্দিৰ ধ্বংস হবলৈ অনুমতি দিলে। কিন্তু যিসকলে তেওঁ আৰু তেওঁৰ পুত্ৰক সমাদৰ কৰিলে তেওঁলোকক তেওঁ ৰক্ষা কৰিলে।—মথি ২৩:৩৮; লূক ২১:২০-২২.

২৩. ঈশ্বৰৰ নতুন জগতত জীয়াই থাকিব হʼলে আমি কি কৰা আৱশ্যক? (গীতমালা ৩৭:৯-১১; মথি ৫:৫)

২৩ যিসকলে বৰ্তমান এই দুষ্ট ৰীতি-ব্যৱস্থাৰ পাছত ঈশ্বৰৰ নতুন জগতত জীয়াই থাকিব বিচাৰে তেওঁলোকে তেওঁ আৰু তেওঁৰ পুত্ৰ, যীচু খ্ৰীষ্টক সমাদৰ কৰিব লাগিব আৰু তেওঁলোকৰ আজ্ঞা পালন কৰিব লাগিব। (যোহন ৫:২২, ২৩; ফিলিপীয়া ২:৯-১১) যিসকলে এইদৰে সমাদৰ নকৰে তেওঁলোকক “দেশৰ পৰা উচ্ছন্ন কৰা হব।” আনহাতে, যিসকল নম্ৰ লোকে ঈশ্বৰ আৰু খ্ৰীষ্টক সমাদৰ কৰিব আৰু তেওঁৰ আজ্ঞা পালন কৰিব সেই “সৰল লোকবিলাকে দেশত নিবাস কৰিব।”—হিতোপদেশ ২:২১, ২২.

পুনঃআলোচনা

◻ আনক সমাদৰ কৰা অৰ্থ কি, আৰু কেনেকৈ যিহোৱাই ইয়াক মুল্যাংকন কৰে?

◻ কেনেকৈ যীচু আৰু পৌলে অন্যলোকক সমাদৰ কৰিছিল?

◻ বৰ্তমান সময়ত কোনসকল সমাদৰ পোৱাৰ যোগ্য?

◻ আমি কিয় যিহোৱা আৰু যীচুক সমাদৰ কৰা উচিত?

[Picture on page 17]

অব্ৰাহামৰ মিনতি বিবেচনা কৰাৰ দ্বাৰা যিহোৱাই তেওঁক সমাদৰ কৰিলে

[Picture on page 18]

সফল বিবাহৰ বাবে, স্বামী আৰু ভাৰ্য্যাই এজনে আনজনক সমাদৰ কৰা আৱশ্যক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক