আঁহক আমি যিহোৱা আৰু তেওঁৰ পুত্ৰক সন্মান কৰোঁহঁক
যিসকলে এপ্ৰিল ৮ তাৰিখে স্মৰণীয় পৰ্বত উপস্থিত হʼব তেওঁলোকে সম্পূৰ্ণৰূপে কেনেকৈ লাভৱান হʼব পাৰে
১ বৰ্তমান সময়ত কাক বিশেষৰূপে সন্মান দিয়া হৈছে? যিসকলে বীৰত্বপূৰ্ণ কৰ্ম্ম কৰে তেওঁলোকক এই জগতে অতিশয়ৰূপে সন্মান কৰে। কিন্তু বেছিভাগ ক্ষেত্ৰত দেখা গৈছে যে, তেওঁলোকে যি কাৰ্য্য কৰে তাক অতি সোনকালে এই জগতে পাহৰি যায়। এতেকে সেই কাৰ্য্যবোৰৰ বিষয়ে কি যিবোৰ মানৱজাতিৰ লাভৰ অৰ্থে কৰা হয়? ২০০১ চনৰ এপ্ৰিল ৮ তাৰিখে সূৰ্য্য অস্ত যোৱাৰ পাছত যেতিয়া আমি প্ৰভুৰ সন্ধ্যাৰ ভোজন উৎযাপন কৰিম, এই উৎযাপনে আমাৰ ধ্যান আগতকৈও অধিক আকৰ্ষিত কৰিব।
২ তেনেহʼলে কোনে অধিক সন্মান পোৱাৰ যোগ্য? এই সম্পৰ্কে বাইবেলে এইদৰে উত্তৰ দিছে: “হে আমাৰ প্ৰভু ঈশ্বৰ [যিহোৱা], তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা।” (প্ৰকা. ৪:১১) এজন সৃষ্টিকৰ্ত্তা হিচাপে যিহোৱা হৈছে এই বিশ্বব্ৰহ্মাণ্ডৰ শাসনকৰ্ত্তা। তেওঁ পাবলগীয়া সমাদৰ কেতিয়াও শেষ নহʼব!—১ তীম. ১:১৭.
৩ ঈশ্বৰৰ পুত্ৰ, যীচু খ্ৰীষ্টয়েও এনেধৰণৰ সন্মানীয় কাৰ্য্য সম্পন্ন কৰিলে যিয়ে মানৱজাতিৰ বাবে চিৰকালৰ আশীৰ্ব্বাদসমূহ কঢ়িয়াই আনিব পাৰে। তেওঁ নিখুঁতৰূপে নিজ পিতৃক অনুকৰণ কৰিলে। (যোহ. ৫:১৯) তেওঁৰ আজ্ঞাকাৰীতা আৰু বিশ্বাসযোগ্য সেৱাই তেওঁক “পৰাক্ৰম, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা, আৰু ধন্যবাদ পোৱাৰ যোগ্য” কৰিলে। (প্ৰকা. ৫:১২) তেওঁৰ পিতৃয়ে ৰজাৰূপে নিযুক্তি দি তেওঁক সন্মান প্ৰদান কৰিলে। (গীত. ২:৬-৮) আমি কেনেকৈ তেওঁলোকক সন্মান প্ৰদান কৰিব পাৰোঁ? এই ২০০১ চনৰ এপ্ৰিল ৮ তাৰিখে প্ৰভুৰ সন্ধ্যা ভোজন উৎযাপন কৰি পিতৃ আৰু পুত্ৰ দুয়োকে সন্মান দেখুৱাবলৈ আমাৰ ওচৰত বিশেষ সুযোগ আছে।
৪ কিন্তু দুখৰ বিষয় এই যে, বহু কম সংখ্যক লোকেহে যিহোৱা আৰু তেওঁৰ পুত্ৰই পাবলগীয়া সন্মান প্ৰদান কৰে। আনকি ঈশ্বৰৰ প্ৰাচীন লোক, ইস্ৰায়েলসকলে এসময়ত যিহোৱাক নামমাত্ৰ সেৱা কৰিছিল। এইটো এক জঘন্য অসন্মানীয় কাৰ্য্য আছিল। (মলা. ১:৬) সঠিক সন্মানে বিশ্বাসযোগ্যৰূপে আজ্ঞাকাৰী হোৱাটো বিচাৰে। এনে আজ্ঞাকাৰীতা প্ৰেম আৰু যিহোৱা আৰু তেওঁৰ পুত্ৰই আমাৰ বাবে যি কাৰ্য্য কৰিলে, তাৰ প্ৰতি প্ৰশংসা দেখুৱাৰ ওপৰত আধাৰিত। তেনেধৰণৰ মৰ্য্যাদা আৰু সন্মান কৰাৰ অৰ্থ হৈছে আমি ঈশ্বৰক ভয় কৰোঁ আৰু শ্ৰদ্ধা দেখুৱাওঁ। তদুপৰি এইটো স্বীকাৰ কৰোঁ যে যিহোৱা আৰু যীচু হৈছে আমাৰ সকলো পথৰ পদৰ্শক। এই পথ-পদৰ্শনা খ্ৰীষ্টান মণ্ডলীৰ যোগেদি পাওঁ আৰু আনেও সেই একেই সহযোগীতা পায়।
৫ সন্মান দেখুৱাবলৈ এক বিশেষ সুযোগ: প্ৰত্যেক বছৰে যিহোৱাৰ লোকসকলে এক বিশেষ কাৰ্য্যৰ বাবে একত্ৰিত হয়, সেই কাৰ্য্যটো হৈছে যীচুৰ মৃত্যুৰ স্মৰণীয় দিৱস পালন কৰা। যিসকলে যিহোৱাক সেৱা আৰু সন্মান কৰিবলৈ ইচ্ছুক তেওঁলোকে ইয়াত উপস্থিত হোৱাটো অতি আৱশ্যক। (লূক ২২:১৯) আমি আশা কৰোঁ যে ৬০ লাখ যিহোৱাৰ সাক্ষীৰ ওপৰিও, আগ্ৰহী লোকসকলে ইয়াত উপস্থিত থাকি ইয়াৰ সংখ্যা ১৪০ লাখলৈ বৃদ্ধি কৰিব। আমাৰ স্বৰ্গীয় পিতৃলৈ সন্মান দেখুৱাবলৈ ই কিমান যে সুন্দৰ সুযোগ! যিহেতু এই উৎযাপনৰ মুখ্য কেন্দ্ৰবিন্দু হৈছে যীচুখ্ৰীষ্ট, তেওঁক পঠোৱা জনাক অৰ্থাৎ তেওঁ পিতৃৰ মহিমাৰ বাবে যীচুৱে যি সম্পন্ন কৰিলে তাৰ প্ৰতি তেওঁক মৰ্য্যাদা আৰু সন্মান কৰা হʼব।—যোহ. ৫:২৩.
৬ এই বিশেষ দিনক পালন কৰিবলৈ আমি কি কৰিব পাৰোঁ? আমি নতুনকৈ আগ্ৰহী হোৱা লোকসকলক পূৰ্ণৰূপে লাভৱান হʼবলৈ সহায় কৰিব পাৰোঁ। তেওঁলোকক ইয়াত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক আৰু যʼত আৱশ্যক হয় তেওঁলোকক অনুগ্ৰহ কৰি সহায় কৰক। এই পৰ্বৰ উৎযাপন কৰা উদ্দেশ্যক বৰ্ণনা কৰক। আনৰ সৈতে তেওঁলোকক পৰিচয় কৰাই দিয়ক। তেওঁলোকে যি শুনিব আৰু দেখিব ইয়ে তেওঁলোকক যিহোৱালৈ সন্মান দিবলৈ আমাৰ সৈতে একত্ৰিত হʼবলৈ প্ৰেৰণা দিব।
৭ এই কাৰ্য্যক্ৰমৰ বাবে একত্ৰিত হোৱা লোকসকলৰ প্ৰতি অৱহেলা নকৰিব। এজন বিশ্ববিদ্যালয়ৰ ছাত্ৰই এইদৰে প্ৰতিক্ৰিয়া দেখুৱাইছিল: “গীৰ্জাত মই বহুবাৰ তেনেধৰণৰ ধৰ্মীয় অনুষ্ঠানত উপস্থিত হৈছিলোঁ কিন্তু এইটো একেবাৰে ভিন্ন। মই দেখিছোঁ এইটো সেই সত্য যাৰ বিষয়ে বাইবেলে কৈছে আৰু মই ভাবো আপোনালোকৰ মাজত সত্য আছে।” তাৰ পাছত তেওঁ নিয়মিতৰূপে সভাত উপস্থিত হʼবলৈ ধৰিলে আৰু অতি সোনকালে এজন বাপ্তিষ্মাপ্ৰাপ্ত প্ৰচাৰক হৈ পৰিল।
৮ নতুন আগ্ৰহী লোকসকলক আগবাঢ়িবলৈ সহায় কৰক: যিসকলে স্মৰণীয় পৰ্বত উপস্থিত হʼব তেওঁলোকৰ প্ৰতি ধ্যান দিয়ক আৰু যিমান সোনকালে সম্ভৱ হয় তেওঁলোক সৈতে সাক্ষ্যাৎ কৰি তেওঁলোকে যি শিকিলে আৰু লক্ষ্য কৰিলে তাক স্ফুৰ্ত্তিদায়ক কৰি পুনৰ আলোচনা কৰক। তেওঁলোকে বাইবেলৰ জ্ঞান বৃদ্ধি কৰিবলৈ আন আন সভাবোৰৰ বিষয়েও জনাওঁক। জ্ঞান কিতাপৰ ১৭ অধ্যায়ৰ “ঈশ্বৰৰ লোকসকলৰ মাজত নিৰাপত্তা লাভ কৰক” বিষয়টো পুনৰ আলোচনা কৰি দেখুৱাক যে মণ্ডলীৰ যোগেদি প্ৰচুৰ পৰিমাণে আধ্যাত্মিক প্ৰৱন্ধ কৰা হৈছে আৰু তেওঁলোকৰ বাবেও উপলব্ধ আছে। আৱাৰ হল এচোচিয়েশ্বন অৱ ব্ৰাডাৰচ নামৰ ভিডিঅ কেছেটখন তেওঁলোকক দেখুৱাবলৈ ব্যৱস্থা কৰক। এই কেছেটখনৰ যোগেদি তেওঁলোকে যিহোৱাৰ লোকসকলৰ ঐক্যতা, আনন্দ আৰু উৎসাহক নিজ চকুৰে চাব পাৰে!
৯ আগ্ৰহীলোকসকলে ব্যক্তিগতভাৱে যিহোৱাক সন্মান আৰু সমাদাৰ কৰাৰ বিষয়ে শিকাটো অতি গুৰুত্বপূৰ্ণ। তেওঁলোকক বৰ্ণনা কৰি কওঁক যে আন্তৰিকতাৰে কৰা প্ৰাৰ্থনাই যিহোৱাক সন্তোষ্ট কৰে আৰু ইয়ে আধ্যাত্মিকৰূপে পুনৰ সজাগ কৰি তোলে। (১ যোহ. ৫:১৪) বিচাৰে ব্ৰচাৰখনৰ ৮ নম্বৰ পাঠৰ পৰা লৈ ১২ নম্বৰ পাঠ ব্যৱহাৰ কৰি বৰ্ণনা কৰক যে কেনেধৰণৰ আচৰণে যিহোৱাক সন্মান কৰে। যিহোৱাৰ সাক্ষীসকল নামৰ ব্ৰচাৰখনৰ ৩০-৩১ পৃষ্ঠাত থকা বিষয়টো আলোচনা কৰি নতুন লোকসকলক প্ৰচাৰ কাৰ্য্যত ব্যক্তিগতৰূপে ভাগ লৈ যিহোৱাক সন্মান কৰা সুযোগৰ বিষয়ে ভাবিবলৈ উৎসাহিত কৰক।
১০ যীচুৰ বলিদান আৰু তেওঁৰ শিষ্যৰূপে আমি যিহোৱাক কৰা সমাদৰে আনৰ বাবে আশীৰ্ব্বাদ কঢ়িয়াই আনে। এই বিষয়ে যীচুৱে প্ৰতিজ্ঞা কৰি কৈছিল: “কোনোৱে যদি মোৰ সেৱা কৰে, তেন্তে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।”—যোহ. ১২:২৬.