ঈশ্বৰৰ প্ৰতিজ্ঞাসমূহক প্ৰকৃততে বিশ্বাস কৰক
“ময়েই ঈশ্বৰ, আন কোনো নাই; ময়েই ঈশ্বৰ, মোৰ তুল্য কোনো নাই।. . .মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিম, এই বুলি, শেষত ঘটিব লগীয়া কথা আদিৰে পৰা, আৰু এতিয়াও যি সিদ্ধ হোৱা নাই।”—যিচয়া ৪৬:৯, ১০.
১, ২. ঈশ্বৰে পৃথিৱীৰ অৱস্থাবোৰত জড়িত থকা বিভিন্ন অভিমতবোৰ কি কি?
ঈ শ্বৰে এই পৃথিৱীৰ ঘটনাবিলাকত কেনেকৈ জড়িত হৈ আছে? এই সংক্ৰান্তত বহুতো অভিমত আছে। এটা অভিমত এইদৰে হৈছে যে তেওঁ কোনো সময়ত জড়িত হৈ থাকা নাই। এই অভিমতৰ মতে ঈশ্বৰে সকলো বস্তু সৃষ্টি কৰাৰ পাছত, তেওঁ হয়তো আমাৰ হৈ কাৰ্য্য কৰিবলৈ ইচ্ছুক নহয় বা অক্ষম। এই কথা মনত ৰাখি, ঈশ্বৰক এনে এজন পিতৃৰ সৈতে তুলনা কৰিব পাৰি যিজনে তেওঁৰ পুত্ৰক চাইকেল শিকাৰ বাবে এখন নতুন চাইকেল দিছে, আৰু পুতেকে তাত বহাৰ পাছত, দেউতাকে চাইকেলখন ঠেলা মাৰি দিয়ে, তাৰ পাছত দেউতাকে তাৰ পৰা আতঁৰি যায়। এতিয়া লʼৰা জনে নিজে চাইকেলখন চলাইছে; তেওঁ হয়তো পৰি যাব পাৰে বা নপৰিব পাৰে। এই কথাত দেউতাক সম্পূৰ্ণৰূপে অজ্ঞ।
২ আন এটা অভিমত এইদৰে হৈছে যে ঈশ্বৰে আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে সক্ৰিয়ৰূপে জড়িত হৈ আছে আৰু তেওঁ সৃষ্টি দৃশ্যমান হোৱাৰ সকলো সময়ত পোনচাটেই জড়িত হৈ আছে। যদি এইটোৱে হয়, তেতিয়াহʼলে বহুতে এই সিদ্ধান্তত উপনীত হয় যে ঈশ্বৰে মানুহক অকল মাত্ৰ ভাল বস্তুৱে নিদিয়ে কিন্তু তেওঁ অপৰাধ আৰু বিপৰ্য্যয়ও দিয়ে। ঈশ্বৰে কৰা আচৰণৰ সত্যতাক জনাৰ পাছত তেওঁৰ বিষয়ে সঠিকৰূপে জানিব পৰা যায়। ইয়ে তেওঁৰ প্ৰতিজ্ঞাসমূহৰ পূৰ্ণতাৰ প্ৰতিও আমাৰ বিশ্বাস জগাই তুলিব।—ইব্ৰী ১১:১.
৩. (ক) যিহোৱাই এজন উদ্দেশ্যপূৰ্ণ ঈশ্বৰ বুলি আমি কেনেকৈ জানিব পাৰোঁ? (খ) যিহোৱাই নিজ উদ্দেশ্যক ‘নিৰ্ম্মাণ’ আৰু ‘আকৃতি’ দিওঁতা বুলি কিয় কব পাৰি?
৩ ঈশ্বৰে মানুহৰ অৱস্থাবিলাকত জড়িত থকা প্ৰশ্নক কেন্দ্ৰ কৰি কৰা সত্যতা হৈছে যিহোৱা এজন উদ্দেশ্যপূৰ্ণ ঈশ্বৰ। এইটো তেওঁৰ নামেই প্ৰকাশ কৰে। “যিহোৱা” নামৰ অৰ্থ হৈছে “তেওঁ অস্তিত্বত আনা।” উন্নতিসাধক কাৰ্য্যৰ দ্বাৰা যিহোৱাই নিজকে তেওঁৰ সকলো প্ৰতিজ্ঞাবোৰক পূৰ্ণ কৰোঁতা বুলি প্ৰকাশ কৰিলে। ফলস্বৰূপে, যিহোৱাই নিজৰ উদ্দেশ্যত অন্তৰ্ভূক্ত থকা ভৱিষ্যতৰ ঘটনা বা কাৰ্য্যৰ সম্পৰ্কে ‘নিৰ্ম্মাণ,’ বা আকৃতি দিয়া হিচাবে উল্লেখ কৰিছিল। (২ ৰাজাৱলি ১৯:২৫; যিচয়া ৪৬:১১) এই শব্দবোৰ হিব্ৰু ভাষাৰ যাট্চাৰ শব্দৰ পৰা আহিছে, এই শব্দৰ অৰ্থ হৈছে ‘কুমাৰ।’ (যিৰিমিয়া ১৮:৪) এজন সুদক্ষ কুমাৰে মাটিৰ পৰা যেনেকৈ সুন্দৰ পাত্ৰ গঢ়িব পাৰে, তেনেকৈ যিহোৱাও সুন্দৰ আকৃতি দিব পৰা বা কৌশলপূৰ্ণতাৰে বস্তুবিলাকক নিজ ইচ্ছা অনুসাৰে তৈয়াৰ কৰিব পাৰে।—ইফিচীয়া ১:১১.
৪. পৃথিৱীক মানৱ বসোপযোগী কৰিবলৈ ঈশ্বৰে কেনেকৈ নিৰ্ম্মাণ কৰিলে?
৪ উদাহৰস্বৰূপে, ঈশ্বৰৰ উদ্দেশ্য আছিল এই পৃথিৱীখনৰ অতি সুন্দৰ স্থানত আজ্ঞাকাৰী শুদ্ধ মানৱৰে পৰিপূৰ্ণ হৈ বসবাস কৰিব। (যিচয়া ৪৫:১৮) পুৰুষ আৰু স্ত্ৰীৰ সৃষ্টি কৰা বহু আগতে যিহোৱাই তেওঁলোকৰ বাবে স্নেহপূৰ্ণ ব্যৱস্থাৰ প্ৰস্তুতি চলালে। আদিপুস্তক কিতাপৰ প্ৰথম অধ্যায়ত যিহোৱাই কেনেকৈ দিন আৰু ৰাতি, ভূমি আৰু সাগৰ সৃষ্টি কৰাৰ সম্পৰ্কে বৰ্ণনা কৰিছে। তাৰ পাছত উদ্ভিদ আৰু জীৱ-জগতৰ সৃষ্টি কৰিলে। মানৱৰ বাবে এই প্ৰস্তুতিকৰণ বহু হাজৰ বছৰ ধৰি অন্তৰ্ভূক্ত। এই আচঁনিখনক সুন্দৰকৈ সম্পন্ন কৰা হʼল। প্ৰথম পুৰুষ আৰু স্ত্ৰী এদন বাগিছাৰ সুন্দৰ পৰমদেশত সম্পূৰ্ণ ব্যৱস্থাৰে তেওঁলোকে আনন্দৰ জীৱন অতিবাহিত কৰিছিল। (আদিপুস্তক ১:৩১) এইদৰে যিহোৱাই পৃথিৱীৰ ঘটনাবিলাকত পোনচাটে জড়িত হৈছিল আৰু ক্ৰমান্বয়ে তেওঁৰ মহৎপূৰ্ণ উদ্দেশ্যৰ কাৰ্য্যৱলীক গঢ় দিলে। মানৱ পৰিয়ালৰ বৃদ্ধিয়ে তেওঁৰ জড়িত সম্বল সলনি কৰিলেনে?
মানৱৰ সৈতে যিহোৱাৰ আচৰণ সীমিত
৫, ৬. মানৱৰ সৈতে ঈশ্বৰৰ আচৰণ কিয় সীমিত?
৫ যিহোৱাই নিজৰ ক্ষমতা থকাৰ স্বতেও, তেওঁ মানৱক প্ৰত্যেক কাৰ্য্যবোৰৰ বাবে নিৰ্দেশনা নিদিয়ে আৰু নিয়ন্ত্ৰণ নকৰে। ইয়াৰ কাৰণ আছে। এটা কাৰণ হৈছে মানৱক ঈশ্বৰে নিজ প্ৰতিমূৰ্ত্তিৰে সৈতে, স্বাধীন ইচ্ছা, মুক্ত নৈতিক প্ৰতিনিধিৰূপে নিৰ্ম্মাণ কৰিছিল। যিহোৱাই আমাক নিজৰ বন্ধন বলৰে ৰখা নাই; নতুবা আমি তেওঁৰ হাতত কাঠৰ পুতলা হওঁ। (দ্বিতীয় বিবৰণ ৩০:১৯, ২০; যিহোচূৱা ২৪:১৫) তথাপি তেওঁ আমাৰ কাৰ্য্যৰ বাবে হিচাব লʼব, আমাৰ জীৱনত কিদৰে কাৰ্য্য কৰোঁ তাৰ বাবে সিদ্ধান্ত লবলৈ যথেষ্ট স্বাধীনতা দিছে।—ৰোমীয়া ১৪:১২; ইব্ৰী ৪:১৩.
৬ ঈশ্বৰ জড়িত নোহোৱা আন এটা কাৰণ হৈছে এদন বাগিছাত চয়তানে যি বাদ-বিবাদৰ বিষয় উঠাইছিল আৰু যি ঘটিছিল তাত ঈশ্বৰে নিৰ্দ্দেশনা দিয়া নাছিল। চয়তানে ঈশ্বৰৰ সাৰ্ব্বভৌমত্বক প্ৰত্যাহ্বান জনাইছিল। চয়তানে হৱাৰ আগত স্বাধীন হোৱাৰ প্ৰস্তাৱৰ সুযোগ আগবঢ়াইছিল—পাছলৈ সেই প্ৰস্তাৱ হৱাৰ সৈতে তাইৰ স্বামী আদমেও স্বীকাৰ কৰে। (আদিপুস্তক ৩:১-৬) ইয়াৰ ফলস্বৰূপে ঈশ্বৰে অলপ সময়ৰ বাবে মানুহক নিজে শাসন কৰিবলৈ অনুমতি দি চয়তানৰ প্ৰত্যাহ্বান যে স্বীকাৰযোগ্য নাছিল তাক প্ৰমাণ কৰিবলৈ সুযোগ দিলে। এইবাবে আজি মানুহে কৰা ভুলবিলাকৰ বাবে ঈশ্বৰক জগৰীয়া কৰিব নোৱাৰি। মোচিয়ে বিৰোধী লোকবিলাকক এইদৰে লিখিছিল: “ইবিলাক তেওঁৰ বিৰুধে ভ্ৰষ্টাচাৰী লোক; ইবিলাক তেওঁৰ সন্তান নহয়, এয়েই তেওঁবিলাকৰ কলঙ্ক।”—দ্বিতীয় বিবৰণ ৩২:৫.
৭. এই পৃথিৱী আৰু মানৱজাতিৰ বাবে যিহোৱাৰ উদ্দেশ্য কি?
৭ যিহেতু, যেতিয়া ঈশ্বৰে মানৱক নিজে বাচঁনি কৰিবলৈ আৰু স্বাধীন হৈ শাসন কৰি পৰীক্ষা কৰিবলৈ অনুমতি দিলে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যিহোৱাই এই পৃথিৱীৰ শাসনভাৰ চিৰদিনৰ বাবে মানৱৰ হাতত অৰ্পণ কৰিলে, যদি তেনে কৰাহʼলে যিহোৱাই যে তেওঁৰ প্ৰতিজ্ঞা পূৰণ কৰিব এই বুলি কেতিয়াও আশা কৰিব পৰা নʼগলহেতেঁন। যদিও আদম আৰু হৱাই ঈশ্বৰৰ সাৰ্ব্বভৌমত্বক বিৰোধ কৰিলে, তথাপিও যিহোৱাই মানৱৰ প্ৰতি থকা তেওঁৰ উদ্দেশ্য সলনি নহল। তেওঁ বিফল নোহোৱাকৈ এই পৃথিৱীখনক পৰমদেশলৈ ৰূপান্তৰিত কৰিব আৰু পৃথিৱীখনত আজ্ঞাকাৰী, শুদ্ধ আনন্দিত লোকসমূহৰ দ্বাৰা পূৰ্ণ কৰিব। (লূক ২৩:৪২, ৪৩) বাইবেলৰ আদিপুস্তকৰ পৰা লৈ প্ৰকাশিত বাক্য কিতাপে যিহোৱাই নিজৰ লক্ষ্যত উপনীত হবলৈ কৰা কাৰ্য্যৰ সম্পৰ্কে বৰ্ণনা কৰিছে।
ঈশ্বৰে নিজৰ ইচ্ছা পূৰণ কৰিবলৈ কাৰ্য্য কৰিলে
৮. ইস্ৰায়েলসকলক প্ৰতিজ্ঞা কৰা দেশত লৈ যাবলৈ কি কি জড়িত হৈ আছিল?
৮ ইস্ৰায়েলৰ সৈতে কৰা ঈশ্বৰৰ আচৰণত প্ৰকাশ কৰি দেখুৱালে যে তেওঁ নিজৰ উদ্দেশ্যক পূৰণ কৰিব। উদাহৰণস্বৰূপে যিহোৱাই মোচিক প্ৰমাণ দিলে যে যিহোৱাই ইস্ৰায়েল জাতি ইজিপ্তৰ দাসত্ব বন্ধনৰ পৰা মুক্ত কৰি গাখীৰ আৰু মৌ বৈ থকা দেশত লৈ যাব। (যাত্ৰাপুস্তক ৩:৮) এই এটা অতিগুৰুত্বপূৰ্ণ আৰু ভৰসাযোগ্য ঘোষণা আছিল। ইস্ৰায়েলসকলৰ এই মুক্তিত জড়িত আছিল—ইস্ৰায়েলৰ ত্ৰিশ লাখ লোক আৰু তেওঁলোকৰ সঙ্গী—তেওঁলোকে ইজিপ্ত ত্যাগ কৰা সময়ত শক্তিশালী জাতিৰ দ্বাৰা বিৰোধ। (যাত্ৰাপুস্তক ৩:১৯) যি দেশত তেওঁলোকে যাবলৈ আছিল তেওঁলোক সেই ঠাই গৈ পোৱাত সেই দেশৰ শক্তিশালী জাতিয়ে কঠোৰ প্ৰতিৰোধৰ সন্মূখীন হবলগীয়া হৈছিল। (দ্বিতীয় বিবৰণ ৭:১) তাৰ ওপৰিও ইস্ৰায়েল সকলে অৰণ্যৰ মাজৰে যʼত খাদ্য আৰু পানীৰ আৱশ্যকতা আছিল। এই পৰিস্থিতিসমূহে যিহোৱাৰ মহান শক্তি আৰু ঈশ্বৰীয়ত্বৰ প্ৰমাণ দেখুৱাবলৈ অনুমতি দিছিল।—লেবীয়া পুস্তক ২৫:৩৮.
৯, ১০. (ক) ঈশ্বৰৰ প্ৰতিজ্ঞাসমূহত যে বিশ্বাস কৰিব পৰা যায় ইয়াৰ সাক্ষী দিবলৈ যিহোচূৱাই কিয় সক্ষম হৈছিল? (খ) ঈশ্বৰে তেওঁৰ বিশ্বাসীসকলক পুৰষ্কাৰ দিবলৈ যে সক্ষম, তাক ভৰসা কৰা কিমান গুৰুত্বপূৰ্ণ?
৯ ঈশ্বৰে তেওঁৰ মহান কাৰ্য্যৰ দ্বাৰা ইস্ৰায়েলসকলক ইজিপ্তৰ দাসত্ব বন্ধনৰ পৰা মুকলি কৰিলে। প্ৰথমতে তেওঁ মিচৰীয়াসকলৰ ওপৰত দহোটা মৰাত্মক ক্লেশ আনিলে। তাৰ পাছত মিচৰীয়াসকলে ইস্ৰায়েল সকলক পুনৰ বন্দী কৰিবলৈ অহাত ঈশ্বৰে লাল সমুদ্ৰ দুভাগ কৰি ইস্ৰায়েলসকলক তেওঁলোকৰ পৰা ৰক্ষা কৰিলে। (গীতমালা ৭৮:১২, ১৩, ৪৩-৫১) তাৰ পাছত ঈশ্বৰে ইস্ৰায়েলসকলক ৪০ বছৰ অৰণ্যত তত্ত্বাধান লৈছিল, তেওঁলোকক খাদ্যৰ বাবে মান্না দিছিল, পানীৰ ব্যৱস্থা কৰিছিল আৰু তেওঁলোকৰ বস্ত্ৰ ফটা নাছিল, খোজ কাঢ়োতে তেওঁলোকৰ ভৰি উখহি যোৱা নাছিল। (দ্বিতীয় বিবৰণ ৮:৩, ৪) যেতিয়া ইস্ৰায়েলসকলে প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰিলে যিহোৱাই তেওঁলোকৰ শত্ৰুৰ ওপৰত জয় কৰাইছিল। যিহোৱাৰ প্ৰতিজ্ঞাক বিশ্বাস কৰা যিহোচূৱা নামৰ এজন ব্যক্তিয়ে এই সকলোবোৰ ঘটা নিজ চকুৰে দেখিছিল। সেইবাবে তেওঁ, সেই সময়ৰ বৃদ্ধলোকসকলক নিশ্চিতৰূপে কবলৈ পাৰিলে: “তোমালোকে সকলো মনেৰে সকলো জ্ঞানেৰে ইয়াক জ্ঞাত হোৱা, যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য কলে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হল।”—যিহোচূৱা ২৩:১৪.
১০ বৃদ্ধ যিহোচূৱাৰ দৰে আজিৰ খ্ৰীষ্টানসকলে, যিহোৱাই যে তেওঁলোকৰ প্ৰতি ইচ্ছুক আৰু যিসকলে তেওঁক সেৱা কৰে তেওঁৰ প্ৰতি কাৰ্য্য কৰিবলৈ সক্ষম তাৰ বাবে সম্পূৰ্ণ ভৰসা ৰাখা উচিত। ইয়াক স্বীকাৰ কৰা মানে হৈছে ই আমাৰ বিশ্বাসৰ এটা অতি অৱশ্যকীয় অংশ। পাঁচনি পৌলে এইদৰে লিখিছিল: “বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।”—ইব্ৰী ১১:৬.
১১. কি কাৰণসমূহে ঈশ্বৰৰ নিজ প্ৰতিজ্ঞাক পূৰ্ণ কৰিবলৈ আৱদান দিয়ে?
১১ এতিয়ালৈকে আমি দেখিলোঁ যে যদিও ঈশ্বৰ শক্তিশালী আৰু তেওঁৰ উদ্দেশ্যক পূৰ্ণ কৰিবলৈ ক্ষমতা আছে, তথাপিও তেওঁ মানুহক স্বাধীনভাৱে শাসন কৰিবলৈ অনুমতি দিছে। অৱশ্যে ইয়াত আন এটা কাৰণ আছে যিহে ঈশ্বৰৰ প্ৰতিজ্ঞাসমূহ বাস্তৱতে পূৰ্ণ কৰিবলৈ আৱদান দিয়ে। যিহোৱাই ভৱিষ্যতে কি হʼব তাক কব পাৰে। (যিচয়া ৪২:৯) তেওঁৰ ভৱিষ্যতবক্তাৰ দ্বাৰা তেওঁ কৈছিল: “আগৰ কালৰ পুৰাতন কথা সোঁৱৰণ কৰা; কিয়নো ময়েই ঈশ্বৰ, আন কোনো নাই; ময়েই ঈশ্বৰ, মোৰ তুল্য কোনো নাই। মোৰ কল্পনা থিৰে থাকিব, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিম, এই বুলি, শেষত ঘটিব লগীয়া কথা আদিৰে পৰা, আৰু এতিয়াও যি সিদ্ধ হোৱা নাই, সেইবোৰ পুৰণি কালৰ পৰা প্ৰকাশ কৰি আহিছোঁ।” (যিচয়া ৪৬:৯, ১০) এজন পাকৈত খেতিয়কে হয়তু জানিব পাৰে যে কেতিয়া গুটি ৰুব লাগে, কিন্তু তেতিয়াও তেওঁৰ অলপ হলেও সন্দেহ আছে যে ফচল কেনেকৈ হʼব। যিহেতু ‘চিৰস্থায়ী ৰজাৰ’ যথাৰ্থ জ্ঞান আছে যে ভৱিষ্যতে কেতিয়া আৰু কʼত তেওঁৰ উদ্দেশ্য পূৰণ কৰিবলৈ কাৰ্য্য কৰিব।—১ তীমথিয় ১:১৭.
১২. নোহৰ সময়ত যিহোৱাই কেনেকৈ তেওঁৰ ভৱিষ্যত জ্ঞানৰ সম্পৰ্কে প্ৰদৰ্শন কৰি দেখুৱালে?
১২ ঈশ্বৰে মোচিৰ সময়ত কেনেকৈ তেওঁ ভৱিষ্যতবাণী কৰিছিল তাৰ বিষয়ে বিবেচনা কৰক। এই পৃথিৱীত দুষ্টতাৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে ঈশ্বৰে অৱজ্ঞাকাৰী মানুহক ধ্বংস কৰিবলৈ সিদ্ধান্ত লৈছিল। ভৱিষ্যতে ১২০ বছৰ পাছত ধ্বংস কৰিবলৈ সময় নিৰ্দ্ধাৰিত কৰিলে। (আদিপুস্তক ৬:৩) এই সময় নিৰ্দ্ধাৰিত কৰা সময়ত যিহোৱাৰ মনত কেৱল দুষ্টসকলক ধ্বংস কৰাই নাছিল, কিয়নো সেই কাৰ্য্য যিহোৱাই কেতিয়াবাই কৰিব পাৰিলেহেতঁন। কিন্তু যিহোৱাই সময় দিলে যাতে ধাৰ্ম্মিক লোকসকলক ৰক্ষা কৰিব পৰা যায়। (আদিপুস্তক ৫:২৯ পদ তুলনা কৰক।) ঈশ্বৰে তেওঁৰ নিযুক্তি কৰা কাৰ্য্য কেতিয়া শেষ হʼব যিয়ে ধ্বংসলৈ পৰিচালিত কৰিব তাৰ বিষয়ে জ্ঞান আছিল। তেওঁ নোহক সম্পূৰ্ণ বিৱৰণী দিছিল। নোহে “নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে” এখন জাহাজ নিৰ্ম্মাণ কৰিলে আৰু জলপ্লাৱনে দুষ্টলোক সকলক ধ্বংস কৰিলে।—ইব্ৰী ১১:৭; আদিপুস্তক ৬:১৩, ১৪, ১৮, ১৯.
এক বৃহৎ নিৰ্ম্মাণ কাৰ্য্যৰ আচঁনি
১৩, ১৪. জাহাজ নিৰ্ম্মাণ কৰা নিযুক্তিটো কিয় এক প্ৰত্যাহ্বানজনক আছিল?
১৩ নোহৰ দৃষ্টিৰ পৰা এই নিযুক্তিৰ কথা বিবেচনা কৰক। নোহ ঈশ্বৰৰ ভক্ত আছিল, সেইবাবে তেওঁ জানিছিল যে যিহোৱাই ভক্তিহীন লোকক ধ্বংস কৰিব পাৰে। এই ধ্বংস অহাৰ আগতে এটা কাম কৰিবলৈ আছিল—সেই কামৰ বাবে বিশ্বাসৰ আৱশ্যক হৈছিল। জাহাজ নিৰ্ম্মাণ কৰাটো এটা সাধাৰণ কাম নাছিল এইটো এটা বৃহৎ আচঁনি। ঈশ্বৰে ইয়াৰ পৰিধিৰ বাবে মাপ-জুখৰ বৰ্ণনা কৰিছিল। জাহাজখনৰ দৈৰ্ঘ্য আজি বৰ্তমানৰ ফুটবল ফিল্ডতকৈ বেছি আছিল আৰু উচ্চতা আছিল এটা পাঁচ মহলীয়া আট্টালিকৰ সমান। (আদিপুস্তক ৬:১৫) নিৰ্ম্মাণকৰ্তা সকলৰ কোনো অনুভৱ নাছিল আৰু তেওঁলোকৰ সংখ্যা কম আছিল। তেওঁলোকৰ ওচৰত আজিৰ দৰে সুবিধাজনক সঁজুলি নাছিল। তাৰ উপৰিও তেওঁলোকৰ ওচৰত যিহোৱাৰ দৰে ভৱিষ্যতৰ বিষয়ে জনিব পৰা ক্ষমতা নাছিল, যে আগলৈ কি পৰিস্থিতি হʼব পাৰে বা কোনো সহায় পোৱা যাবনে, নিৰ্ম্মাণ কাৰ্য্যত বাধা পৰিবনে এই বিষয়ে জানিবলৈ নোহৰ কোনো পথ নাছিল। নোহে হয়তু এই প্ৰশ্নবিলাকৰ বিষয়ে চিন্তা কৰিছিল। নিৰ্ম্মাণ কাৰ্য্যৰ বাবে সকলো বস্তু কেনেকৈ একত্ৰিত কৰা হʼব? জীৱ-জন্তুবিলাক কেনেকৈ গোটোৱা হʼব? আহাৰৰ বাবে কি কি সামগ্ৰী লাগিব আৰু কিমান লাগিব? ভৱিষ্যতবাণী কৰা জলপ্লাৱন কোন দিনা আহিব?
১৪ তাৰ উপৰিও তাৰ সমাজিক অৱস্থা বহুত বেয়া আছিল। চাৰিওফালে দুষ্টতাৰে ভৰি আছিল। স্বৰ্গদূত আৰু পৃথিৱীৰ স্ত্ৰীসকলৰ পৰা উৎপন্ন হোৱা—নাফিল আৰু অপৰাধৰে গোটেই পৃথিৱীখন ভৰি আছিল। (আদিপুস্তক ৬:১-৪, ১৩) তদুপৰি জাহাজ নিৰ্ম্মাণ কৰাটো এটা গুপনে কৰা কাৰ্য্য নাছিল। মানুহবিলাকে যেতিয়া সুধিছিল যে তেওঁ কি কৰিছে, নোহে তেওঁলোকক নিৰ্ম্মাণ কৰা কাৰ্য্যৰ সম্পৰ্কে কৈছিল এই কথা শুনি লোকসকলে আচৰিত হৈছিল। (২ পিতৰ ২:৫) কি তেওঁলোকে তেওঁৰ কথা পছন্দ কৰিছিলনে? নিশ্চয়ে কৰা নাছিল! কিছু বছৰৰ আগতে বিশ্বাসী হনোকে যেতিয়া দুষ্টসকলৰ ধ্বংসৰ সম্পৰ্কে প্ৰচাৰ কৰিছিল। তেওঁ বাৰ্ত্তা শুনি লোকসকলে অতি ক্ৰোধীত হৈছিল, সেইবাবে যিহোৱাই তেওঁ তেওঁৰ শত্ৰুবিলাকৰ পৰা ৰক্ষা কৰিবলৈ “তেওঁক লৈ গল” এইদৰে তেওঁৰ জীৱনৰ সামৰণি পৰিল। (আদিপুস্তক ৫:২৪; ইব্ৰী ১১:৫; যিহূদা ১৪, ১৫) নোহে কেৱল একেইদৰে বাৰ্ত্তা প্ৰচাৰ কৰা নাছিল কিন্তু তেওঁ জাহাজো নিৰ্ম্মাণ কৰিছিল। আৰু যেতিয়া জাহাজ নিৰ্ম্মাণ কাৰ্য্য চলি আছিল, তেতিয়া এই কাৰ্য্যই লোকসকলক প্ৰমাণ কৰিলে যে তেওঁ দুষ্টলোক সকলৰ মাজত থাকিও নোহ ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ আছিল!
১৫. নোহৰ কিয় ভৰসা আছিল যে তেওঁক দিয়া কাৰ্য্যক তেওঁ কৰিব পাৰিব?
১৫ নোহে জানিছিল যে এই আচঁনিখনত ঈশ্বৰে সহায় কৰিব আৰু আশীৰ্ব্বাদ দিব। যিহোৱাই নিজেই এই কাৰ্য্যৰ নিযুক্তি দিয়া নাছিলনে? যিহোৱাই নোহক আশ্বাস দিছিল যে তেওঁ আৰু তেওঁৰ পৰিয়ালে বিশ্বব্যাপি হোৱা জলপ্লাৱনৰ পৰা ৰক্ষা পাবলৈ জাহাজত প্ৰৱেশ কৰিব। ইয়াৰ প্ৰতি বিশ্বাস কৰিবলৈ ঈশ্বৰে নোহৰ সৈতে ব্যৱস্থা স্থাপন কৰিলে। (আদিপুস্তক ৬:১৮, ১৯) নোহে এইটো জানিব পাৰিছিল যে ইমান ডাঙৰ কাৰ্য্য দিয়াৰ পূৰ্ব্বে যিহোৱাই ভালকৈ জানিছিল যে কি কি কৰিব লাগে আৰু কিমান সময় লাগিব। ইয়াৰ উপৰিও নোহৰ বিশ্বাস আছিল যিহোৱাৰ ওচৰত ইমান ক্ষমতা আছে যে যেতিয়া আৱশ্যক হʼব তেওঁক অৱশ্যে সহায় কৰিব। সেই বিশ্বাসে তেওঁক কাৰ্য্য কৰিবলৈ পৰিচালিত কৰিলে। তেওঁৰ বংশধৰ অব্ৰাহামৰ দৰে নোহো “তাক তেওঁ [ঈশ্বৰে] সিদ্ধ কৰিব পাৰে বুলি অব্ৰাহামে নিশ্চয় জানি, ঈশ্বৰক ধন্যবাদ দি, বিশ্বাস বলৱান হল।”—ৰোমীয়া ৪:২১.
১৬. যেনেকৈ জাহাজ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ হʼল নোহৰ বিশ্বাস কেনেকৈ দৃঢ় হৈ উঠিল?
১৬ কিছু বছৰৰ পাছত জাহাজ নিৰ্ম্মাণ কৰা হʼল, আৰু তেওঁৰ বিশ্বাস দৃঢ় হৈ উঠিল। নিৰ্ম্মাণ আৰু যুক্তিতৰ্কৰ সমস্যা সমাধান কৰা হʼল। পৰীক্ষাবোৰত বিজয় প্ৰাপ্ত কৰা হʼল। কোনো বিৰোধিতাই এই কাৰ্য্যত বাধা দিব নোৱাৰিলে। নোহৰ পৰিয়ালে যিহোৱাৰ সহায় আৰু প্ৰতিৰক্ষা অনুভৱ কৰিলে। নোহৰ ‘বিশ্বাসৰ পৰীক্ষাই তেওঁৰ ধৈৰ্য্য জন্মালে।’ (যাকোব ১:২-৪) অৱেশেষত জাহাজ নিৰ্ম্মাণ কাৰ্য্য শেষ হʼল, জলপ্লাৱন আহিল আৰু নোহ আৰু তেওঁৰ পৰিয়াল ৰক্ষা পৰিল। নোহে ঈশ্বৰৰ প্ৰতিজ্ঞাৰ পূৰ্ণ হোৱা দেখিলে, পাছলৈ যিহোচূৱাই তেনেদৰে দেখিবলৈ পাইছিল। নোহৰ বিশ্বাসৰ বাবে পুৰষ্কাৰ লাভ কৰিলে।
যিহোৱাই কাৰ্য্যত সহায় কৰে
১৭. কেনেকৈ আমাৰ দিন নোহৰ দিনৰ দৰে একেই?
১৭ যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে আমাৰ দিন নোহৰ দিনৰ দৰে একেই। ঈশ্বৰে এই দুষ্ট পৰিস্থিতিক পুনৰ ধ্বংস থিৰাং কৰিছে আৰু ইয়াৰ বাবে তেওঁ এটা সময় নিৰ্দ্ধাৰিত কৰি ৰাখিছে। (মথি ২৪:৩৬-৩৯) তেওঁ ধৰ্ম্মিকসকলৰ ৰক্ষাৰ বাবে সেই একেই ব্যৱস্থা কৰিলে। যিহেতু নোহে জাহাজ নিৰ্ম্মাণ কৰিব লাগিছিল কিন্তু ঈশ্বৰৰ সেৱকসকলে বৰ্তমান সময়ত যিহোৱাৰ উদ্দেশ্যৰ সম্পৰ্কে প্ৰচাৰ কৰা, তেওঁৰ বাক্যৰ শিক্ষা দিয়া, আৰু শিষ্য বনোৱা আদি কাৰ্য্য কৰিছে।—মথি ২৮:১৯.
১৮, ১৯. আমি কেনেকৈ জানিব পাৰোঁ যে প্ৰচাৰ কাৰ্য্যত যিহোৱাই সহায় কৰিছে?
১৮ যদি যিহোৱাই নোহক সহায় নকৰা হলে আৰু তেওঁক কাম কৰিবলৈ শক্তি নিদিয়া হলে জাহাজ কেতিয়াও নিৰ্ম্মাণ নহলহেতঁন। (গীতমালা ১২৭:১ পদ তুলনা কৰক।) ঠিক একেইদৰে যিহোৱাৰ সহায়ৰ অবিহনে, সত্য খ্ৰীষ্টানসকলে ৰক্ষা পোৱাতো কঠিন হৈ পৰিলহেতেঁন আৰু উন্নতি নহলহেতেঁন। প্ৰথম শতাব্দীৰ গমলীয়েল নামৰ এজন ফৰীচী আৰু ব্যৱস্থাৰ শিক্ষকে এই বিষয়ে চিনিব পাৰিছিল। যেতিয়া যিহূদী মহাসভাই পাঁচনি সকলক বধ কৰিব বিচাৰিছিল, দৰবাৰত তেওঁ সাৱধান কৰি কৈছিল “সেই মানুহ কেইজনক একো নকৰি এৰি দিয়া; কিয়নো এই আলচ বা কৰ্ম্ম যদি মানুহৰ পৰা হয়, তেন্তে সেয়ে লোপ পাব; কিন্তু যদি ঈশ্বৰৰ পৰা হয়, তেন্তে তোমালোকে তেওঁলোকক লুপ্ত কৰিব নোৱাৰিবা।”—পাঁচনিৰ কৰ্ম্ম ৫:৩৮, ৩৯.
১৯ প্ৰাচীন আৰু বৰ্তমান দিনৰ প্ৰচাৰ কাৰ্য্যৰ সফলতাই প্ৰমাণ কৰি দেখুৱাইছে যে এই কাৰ্য্য মানুহৰ পৰা নহয়, কিন্তু ঈশ্বৰৰ পৰা হয়। পৰৱৰ্তী অধ্যায়ত কিছুমান আচৰিত পৰিস্থিতি আৰু উন্নতিৰ সম্পৰ্কে আলোচনা কৰা হʼব যিয়ে এই কাৰ্য্যক সফলতাৰে বহন কৰিবলৈ সহায় কৰিছে।
কেতিয়াও ত্যাগ নকৰিব!
২০. আমাৰ প্ৰচাৰ কাৰ্য্যত কোনে আমাক সহায় কৰিছে?
২০ যদিও আমি “ভয়ঙ্কৰ সময়ত উপস্থিত” হৈছোঁ আমি নিশ্চত হʼব পাৰোঁ যে যিহোৱাই আমাক সম্পূৰ্ণৰূপে সহায় কৰিব। যেনেকৈ তেওঁৰ লোকসকলে ঈশ্বৰৰ এই দুষ্ট ব্যৱস্থাক ধ্বংস কৰা সেই নিৰ্দ্ধাৰিত সময়ৰ আগতে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ বিচাৰিছে, ঈশ্বৰে তেওঁলোকক সেই কাৰ্য্যত সফল হবলৈ সহায় কৰিছে। (২ তীমথিয় ৩:১; মথি ২৪:১৪) যিহোৱাই আমাক “সহকৰ্ম্মী” হৈ তেওঁৰ সৈতে কাৰ্য্য কৰিবলৈ আমন্ত্ৰণ দিছে। (১ কৰিন্থীয়া ৩:৯) আমি নিশ্চিত হʼব পাৰোঁ যে এই কাৰ্য্যত যীচু খ্ৰীষ্টও আমাৰ সৈতে আছে আৰু স্বৰ্গদূতৰ সহায় আৰু নিৰ্দ্দেশনা আছে।—মথি ২৮:২০; প্ৰকাশিত বাক্য ১৪:৬.
২১. আমি আমাৰ কি বিশ্বাসক কেতিয়াও ত্যাগ কৰা উচিত নহয়?
২১ নোহ আৰু তেওঁৰ পৰিয়ালে যিহোৱাৰ প্ৰতিজ্ঞাত বিশ্বাস কৰাৰ বাবে জলপ্লাৱনত ৰক্ষা পৰিল। বৰ্তমানে যিসকলে সেই একেই বিশ্বাস ৰাখে তেওঁলোকেও আহিবলগীয়া “মহা-ক্লেশৰ” পৰা ৰক্ষা পাব। (প্ৰকাশিত বাক্য ৭:১৪) আমি যি সময়ত বাস কৰি আছোঁ এই সময়টো সচাঁকৈ ৰোমাঞ্চজনক। আগলৈ বহুতো ঘটনা ঘটিবলৈ বাকী আছে! অতি সোনকালে ঈশ্বৰে তেওঁ ইচ্ছা কৰা নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবী স্থাপন কৰিব যʼত ধাৰ্ম্মিকতা বাস কৰিব। (২ পিতৰ ৩:১৩) ঈশ্বৰে যিবোৰ কৈছে তাৰ প্ৰতি কেতিয়াও অবিশ্বাস নকৰিব, কিয়নো সকলো কৰিব পাৰে।—ৰোমীয়া ৪:২১.
স্মৰণ কৰিব লগীয়া বিষয়
◻ কিয় যিহোৱাই মানুহে কৰা সকলো কাৰ্য্যত নিয়ন্ত্ৰণ নকৰে?
◻ ইস্ৰায়েলসকলৰ সৈতে কৰা ব্যৱহাৰত কেনেকৈ যিহোৱাই তেওঁৰ উদ্দেশ্যৰ সম্পূৰ্ণতাৰ ক্ষমতাক প্ৰমাণ কৰিলে?
◻ নোহৰ সময়ত যিহোৱাই কেনেকৈ ভৱিষ্যত বিষয়ে জানিব পৰা ক্ষমতাক প্ৰদৰ্শন কৰিলে?
◻ ঈশ্বৰৰ প্ৰতিজ্ঞাত আমি কি ভৰসা কৰিব পাৰোঁ?