ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০০ ৯/১ পৃষ্ঠা ৬-১১
  • যীচু খ্ৰীষ্টৰ দৰে একে মনোভাব প্ৰতিফলতি কৰক!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচু খ্ৰীষ্টৰ দৰে একে মনোভাব প্ৰতিফলতি কৰক!
  • ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • সঠিক মনোবৃত্তিৰ এক আৰ্হি
  • ভুল মনোভাৱক সংশোধন কৰক
  • আনৰ পৰা শিক্ষা লাভ কৰা
  • খ্ৰীষ্টৰ সঠিক মনোভাবক অনুকৰণ কৰক
  • প্ৰতীক্ষাৰ মনোভাব বজাই ৰাখক!
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যীচুৰ মনোবৃত্তিক অনুকৰণ কৰক
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যীচুৰ আৰ্হিক অনুকৰণ কৰক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যীচুৰ দৰে আনক সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০০ ৯/১ পৃষ্ঠা ৬-১১

যীচু খ্ৰীষ্টৰ দৰে একে মনোভাব প্ৰতিফলতি কৰক!

“তাৰ নিমিত্তে ধৈৰ্য্য আৰু শান্ত্বনাৰ ঈশ্বৰে তোমালোকৰ পৰস্পৰৰ ভাব খ্ৰীষ্ট্‌ যীচুৰ দৰে একে হবলৈ দিয়ক।”—ৰোমীয়া ১৫:৬.

১. এজন ব্যক্তিৰ মনোবৃত্তিয়ে কেনেকৈ তেওঁৰ জীৱনত প্ৰভাৱিত কৰিব পাৰে?

মনোভাবে জীৱনলৈ প্ৰভেদতা আনে। যেনে, এক উদাসীন বা কষ্টসহিষ্ণুতা, স্বীকাৰ বা অস্বীকাৰমূলক, বিৰোধ বা সহযোগিতা, অভিযোগ বা কৃতজ্ঞতা মনোবৃত্তিয়ে এজন ব্যক্তিক প্ৰভাৱিত কৰে যে তেওঁ কেনেকৈ পৰিস্থিতিসমূহ সন্মূখীন হʼব বা অন্যলোকে তেওঁক কিদৰে প্ৰতিক্ৰিয়া দেখুৱায়। যদি এজন ব্যক্তিৰ সঠিক মনোভাব থাকে তেওঁ কঠিন পৰিস্থিতিসমূহতো আনন্দিত হʼব পাৰে। আৰু যদি এজন ব্যক্তিৰ বেয়া মনোভাব থাকে তেন্তে তেওঁ ভাল পৰিস্থিসমূহতো আনন্দিত নহʼব।

২. এজন ব্যক্তিয়ে কেনেকৈ মনোভাবৰ বিষয়ে শিকিব পাৰে?

২ ভাল বা বেয়া—মনোভাব—শিকিব পৰা যায়। আচলতে ওপৰত উল্লেখ কৰা সকলোবোৰ মনোভাব এজন ব্যক্তিৰ শিকাৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু কলিয়াৰচ্‌ এনচাইক্ল্‌পেড়িয়াʼই এটা নতুনকৈ জন্ম হোৱা শিশুৰ বিষয়ে এইদৰে কৈছে: “যিদৰে এটা শিশুৱে লাহে লাহে কোনো এটা ভাষা বা কলা শিকে ঠিক তেনেকৈ মনোভাবো শিকে।” আমি কেনেকৈ মনোভাবৰ বিষয়ে শিকোঁ? যদিও আন আন বস্তুৱে মনোভাবৰ বিষয়ে শিকাত অৱদান আগবঢ়াই, কিন্তু ঘাইকৈ পৰিবেশ আৰু সঙ্গতিয়ে এই ক্ষেত্ৰত বৃহতভাবে প্ৰভাৱ পেলায়। সেই এনচাইক্ল্‌পেড়িয়াʼই এইটোও উল্লেখ কৰিছে: “আমি যিসকলৰ সৈতে ঘনিষ্ঠভাৱে সমন্ধ ৰাখোঁ তেওঁলোকৰ মনোভাব আমি অতি সহজে শিকোঁ আৰু ইয়ে আমাক প্ৰভাৱিত কৰে।” বাইবেলেত বহু বছৰৰ আগতেই এই কথা লিপিবদ্ধ কৰি ৰাখিছে, তাত এইদৰে কোৱা হৈছে: “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা; কিন্তু অজ্ঞানবোৰৰ লগৰীয়াই ক্লেশ পাব।”—হিতোপদেশ ১৩:২০; ১ কৰিন্থীয়া ১৫:৩৩.

সঠিক মনোবৃত্তিৰ এক আৰ্হি

৩. কোনে আদৰ্শগত মনোভাবৰ আৰ্হি ৰাখিছিল আৰু আমি তেওঁক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

৩ এই ক্ষেত্ৰত যীচুৱে এক উত্তম মনোভাবৰ আৰ্হি প্ৰস্তুত কৰিলে। তেওঁ কৈছিল: “মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেই দৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।” (যোহন ১৩:১৫) আমি যীচুৰ দৰে হবলৈ প্ৰথমতে তেওঁৰ বিষয়ে জ্ঞান লোৱা আৱশ্যক।a আমি পাঁচনি পিতৰে দিয়া পৰামৰ্শ অনুসাৰে অভিপ্ৰায় ৰাখি যীচুৰ জীৱনীৰ বিষয়ে অধ্যয়ন কৰা আৱশ্যক। কিয়নো তেওঁ এইদৰে কৈছিল: “তাৰ নিমিত্তেই তোমালোক আমন্ত্ৰিত হলা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গল।” (১ পিতৰ ২:২১) গতিকে আমি যীচুৰ আৰ্হিক নিবিড়ভাৱে অনুকৰণ কৰিবলৈ প্ৰচেষ্টা কৰাত আমাৰ লক্ষ্য হোৱা উচিত। ইয়াৰ বাবে আমি যীচুৰ মনোভাব ৰাখি কাৰ্য্য কৰা আৱশ্যক।

৪, ৫. ৰোমীয়া ১৫:১-৩ পদত কেনেধৰণে যীচুৰ আদৰ্শগত মনোভাবৰ বিষয়ে উল্লেখ কৰিছে আৰু খ্ৰীষ্টানসকলে কেনেকৈ তেওঁক অনুকৰণ কৰিব পাৰে?

৪ যীচু খ্ৰীষ্টৰ আদৰ্শগত মনোভাবৰ সৈতে কি সন্মিলিত হৈ আছে? পৌলে ৰোমীয়ালৈ লিখা চিঠিখনৰ ১৫ অধ্যায়ত আমাক এই প্ৰশ্নৰ উত্তৰ দিছে। এই অধ্যায়ৰ প্ৰথম কিছুমান পদত পৌলে যীচুৰ এক উল্লেখনীয় গুণক উল্লেখ কৰি কৈছিল “কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দুৰ্ব্বলবিলাকৰ দুৰ্ব্বলতাৰূপ ভাৰ বোৱা উচিত। আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্ম্মত বৃদ্ধি কৰিবলৈ, তেওঁৰ হিতলৈ চাই, তেওঁক সন্তুষ্ট কৰক। কিয়নো খ্ৰীষ্টে নিজে নিজে সন্তুষ্ট নকৰিলে; কিন্তু যেনেকৈ লিখা আছে, বোলে তোমাক নিন্দা কৰাবিলাকৰ নিন্দাও মোৰ ওপৰত পৰিল, সেই দৰে হল।”—ৰোমীয়া ১৫:১-৩.

৫ সেইবাবে যীচুৰ মনোভাবক অনুকৰণ কৰি, সত্য খ্ৰীষ্টানসকলক উৎসাহিত কৰা হৈছে যে মাত্ৰ নিজকে সন্তোষ্ট কৰাৰ পৰিবৰ্ত্তে আনৰ আৱশ্যকতাৰ প্ৰতি ধ্যান দি নম্ৰতাৰে তেওঁলোকক সেৱা কৰিবলৈ প্ৰস্তুত হওঁক। দৰাচলতে, নম্ৰ হৈ ইচ্ছাকৃতভাৱে আনক সেৱা কৰাটো হৈছে “বলৱন্ত” লোকসকলৰ এক বৈশিষ্ট্য গুণ। যীচু, যিজন জীৱিত থকা অন্য মানুহতকৈ আধ্যাত্মিকৰূপে অধিক বলৱন্ত আছিল, তেওঁ নিজেই কৈছিল: “যি দৰে মানুহৰ পুত্ৰই সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ, আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।” (মথি ২০:২৬) সেইদৰে খ্ৰীষ্টান হোৱাৰ বাবে আমিও যীচুক অনুকৰণ কৰি আন ভাই-ভনীসকল আৰু “যিসকল বলৱন্ত নহয়” তেওঁলোকক সেৱা-শুশ্ৰূষা কৰা উচিত।

৬. বিৰোধীতা আৰু নিন্দিত হোৱাৰ সময়ত আমি যীচুক অনুকৰণ কৰি কিদৰে প্ৰতিক্ৰিয়া দেখুৱাব পাৰোঁ?

৬ যীচুৱে অন্য এক উত্তম বৈশিষ্ট্যতা প্ৰকাশ কৰিছিল আৰু সেইটো হৈছে, তেওঁ সদায়ে সঠিক চিন্তাধাৰা ৰাখি সেই অনুসাৰে কাৰ্য্য কৰিছিল।। যীচুৱে কেতিয়াও আনৰ বিৰুদ্ধাত্মক মনোভাবক ঈশ্বৰৰ সেৱাৰ প্ৰতি থকা তেওঁৰ উত্তম মনোভাবৰ ওপৰত প্ৰভাৱিত হʼবলৈ দিয়া নাছিল। ঠিক সেইদৰে আমিও কৰা উচিত। ঈশ্বৰক বিশ্বাসী হৈ উপাসনা কৰি থকাৰ বাবে যেতিয়া তেওঁক নিন্দিত আৰু উৎপীড়ন কৰা হৈছিল তেতিয়াও কোনো আপত্তি নকৰাকৈ ধৈৰ্য্যৰে সহন কৰিছিল। তেওঁ জানিছিল যে এই জগতৰ অবিশ্বাসী আৰু বুজ নথকা প্ৰতিবেশীসকলৰ পৰা বিৰোধীতা আহিব যিসকলে ‘নিজৰ হিতলৈ চাই’ তেওঁলোকক সন্তোষ্ট কৰিবলৈ বিচাৰে।

৭. যীচুৱে কেনেকৈ ধৈৰ্য্যশীলতাৰ গুণ প্ৰদৰ্শন কৰিছিল আৰু আমিও কিয় তেনেদৰে কৰা উচিত?

৭ যীচুৱে আন ক্ষেত্ৰবিলাকতো সঠিক মনোভাবৰ প্ৰদৰ্শন কৰিছিল। তেওঁ যিহোৱাৰ আগত কেতিয়াও অধৈৰ্য্য প্ৰকাশ কৰা নাছিল, কিন্তু ধৈৰ্য্যশীল হৈ যিহোৱাৰ উদ্দেশ্যক পূৰ্ণ কৰিবলৈ অপেক্ষা কৰি আছিল। (গীতমালা ১১০:১; মথি ২৪:৩৬; পাঁচনিৰ কৰ্ম্ম ২:৩২-৩৬; ইব্ৰী ১০:১২, ১৩) ইয়াৰ ওপৰিও, যীচুৱে কেতিয়াও নিজৰ অনুগামীসকলৰ সৈতে অধৈৰ্য্যশীল হোৱা নাছিল। তেওঁ তেওঁলোকক কৈছিল: “মোৰ পৰা শিক্ষা লোৱা”; যিহেতু তেওঁ “নম্ৰ” ব্যক্তি আছিল, সেইবাবে তেওঁৰ উপদেশো সকলো সময়তে উন্নতিসাধক আৰু স্ফুৰ্ত্তিদায়ক আছিল। আৰু তেওঁ “কোমল-চিত্তৰ” হোৱাৰ বাবে কেতিয়াও মানুহৰ আগত দেখুৱাবলৈ বৰ বৰ কথা কোৱা নাছিল বা গৰ্ব কৰি কথা কোৱা নাছিল। (মথি ১১:২৯) এই হেতুকে পৌলে যীচুৰ এনে আৰ্হিক অনুকৰণ কৰিবলৈ উৎসাহিত কৰি কৈছে: “খ্ৰীষ্ট্‌ যীচুত যি ভাব, সেয়ে তোমালোকতো হওক। তেওঁ ঈশ্বৰৰূপী থাকোঁতে, ঈশ্বৰৰ সমান হোৱাকেই কাঢ়ি লোৱা বুলি নামানিলে; কিন্তু নিজকে শূন্য কৰি, দাসৰ ৰূপ ধাৰণ কৰি, মানুহৰ নিচিনা হল।”—ফিলিপীয়া ২:৫-৭.

৮, ৯. (ক)নিস্বাৰ্থতা মনোভাব বিকাশিত কৰিবলৈ হʼলে আমি কিয় পৰিশ্ৰম কৰা আৱশ্যক? (খ) যীচুৰ আৰ্হিক যদিও আমি সঠিকৰূপে অনুকৰণ কৰিব নোৱাৰো তেতিয়াও আমি কিয় নিৰুৎসাহী হোৱাটো উচিত নহয় আৰু এই ক্ষেত্ৰত পৌলৰ উদাহৰণ কিদৰে উল্লেখনীয়?

৮ আমি আনৰ সেৱা কৰিম আৰু তেওঁলোকৰ আৱশ্যকসমূহক পূৰ কৰিম বুলি কোৱাটো একেবাৰে সহজ। কিন্তু যদি আমি নিজৰ মনোভাবক পৰীক্ষা কৰোঁ তেন্তে জানিম যে যদিও আমাৰ মনে তেনে কৰিবলৈ ইচ্ছুক, দৰাচলতে আমাৰ হৃদয়ে সেইদৰে কৰিবলৈ ইচ্ছুক নহয়। কিয় আমাৰ হৃদয়ে ইচ্ছুক নহয়? ইয়াৰ প্ৰথম কাৰণটো হৈছে, আমি আদম আৰু হৱাৰ পৰা স্বাৰ্থপৰতাৰ অভিলাষসমূহক উত্তৰাধিকাৰীৰূপে পাইছো; দ্বিতীয়টো হৈছে, আমি এনে এখন জগতত জীয়াই আছোঁ যিয়ে সকলো সময়তে স্বাৰ্থপৰতাৰ মনোভাব বৃদ্ধি কৰে। (ইফিচীয়া ৪:১৭, ১৮) নিস্বাৰ্থ মনোভাবক বৃদ্ধি কৰাৰ অৰ্থ হৈছে আমাৰ জন্মগত অসিদ্ধ প্ৰবৃত্তিৰ বিপৰীতে এক আদৰ্শৱান মনোভাবৰ অনুসাৰে চলা। ইয়াৰ বাবে দৃঢ় নিশ্চয়তা আৰু চেষ্টাৰ আৱশ্যক।

৯ আমালৈ যীচুৱে ৰখা সিদ্ধ আৰ্হিৰ বিপৰীতে হয়তু কেতিয়াবা আমাত থকা অসিদ্ধতাই আমাক নিৰুৎসাহী কৰিব পাৰে। ইয়াৰ ওপৰিও, কেতিয়াবা মনত সন্দেহ উৎপন্ন হʼব পাৰে যে আমি যীচুৰ দৰে মনোভাব ৰখাটো আমাৰ বাবে সম্ভৱ নহয়। সেই কাৰণে পৌলে উৎসাহিত কৰি লিখিছিল: “মই জানো যে, মোত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে; ইচ্ছা কৰিবলৈ মোৰ সামৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হলে নাই। কিয়নো যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰোঁ, কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকে আচৰোঁ। কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ। কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা, আৰু মোৰ অঙ্গ-প্ৰতঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনে মোক বন্দী কৰা, এনে আন এটা নিয়ম মোৰ অঙ্গ-প্ৰতঙ্গবোৰত দেখোঁ।” (ৰোমীয়া ৭:১৮, ১৯, ২২, ২৩) বাস্তৱতে পৌলত থকা অসিদ্ধতাই তেওঁ ইচ্ছা কৰা অনুসাৰে ঈশ্বৰৰ কাৰ্য্য কৰিবলৈ বাৰে-বাৰে বাধা দিছিল, কিন্তু তথাপিও তেওঁৰ মনোভাবে যিহোৱা আৰু তেওঁৰ ব্যৱস্থাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিছিল। ই সচাঁকৈ এক লেখত লʼবলগীয়া আৰ্হি নহয়নে বাৰু! ঠিক সেইদৰে আমিও কৰিব পাৰোঁ।

ভুল মনোভাৱক সংশোধন কৰক

১০. পৌলে ফিলিপীয়াত থকা ভাইসকলক কেনেধৰণৰ মনোভাবক বিকাশিত কৰিবলৈ উৎসাহিত কৰিছিল?

১০ ভুল মনোভাবক কোনোবাই সংশোধন কৰাটো সম্ভৱনে? নিশ্চয় সম্ভৱ। প্ৰথম শতাব্দীৰ কিছুমান খ্ৰীষ্টান ভাইসকলৰ ক্ষেত্ৰত এইদৰে হৈছিল। পৌলে ফিলিপীয়ালৈ লিখা চিঠিখনত সঠিক মনোভাবৰ বিষয়ে উল্লেখ কৰি এইদৰে লিখিছিল: “মই এতিয়াই [প্ৰথম পুনৰুত্থানৰ দ্বাৰা স্বৰ্গীয় জীৱন] পালোঁ, বা এতিয়াই সিদ্ধ হলোঁ, এনে নহয়; কিন্তু যিহৰ নিমিত্তে খ্ৰীষ্ট্‌ যীচুৰ দ্বাৰাই মোক ধৰা হল, কোনোমতে মই তাকে ধৰিবৰ কাৰণে খেদি গৈছোঁ। হে ভাইবিলাক, মই যে ধৰিলোঁ, নিজৰ বিষয়ে এনে ভাব এতিয়ালৈকে কৰা নাই; কিন্তু এটা কথা, পাছত থকা সকলোকে পাহৰি, আগত থকাবোৰলৈ যত্ন কৰি, খ্ৰীষ্ট্‌ যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বঁটাৰ অৰ্থে ঘাইলৈ লৰি গৈ আছোঁ। এতেকে আমি যিমান সিদ্ধ লোক আছোঁ, সকলোৱে সেইৰূপ ভাব কৰোঁহঁক।”—ফিলিপীয়া ৩:১২-১৫.

১১, ১২. যিহোৱাই কিদৰে আমালৈ সঠিক মনোভাব প্ৰকাশ কৰে?

১১ গতিকে পৌলৰ বাক্যই দেখুৱাইছে যে যিসকলে খ্ৰীষ্টান হৈছে তেওঁলোকে কেতিয়াও ভবাটো উচিত নহয় যে উন্নতি কৰাৰ বিষয়ে চিন্তা কৰাটো এক ভুল মনোভাব। যদি তেওঁ সেইদৰে ভাবে তেনেহʼলে তেওঁ খ্ৰীষ্টৰ আদৰ্শগত মনোভাবক গ্ৰহণ কৰিব নোৱাৰিব। (ইব্ৰী ৪:১১; ২ পিতৰ ১:১০; ৩:১৪) এনেধৰণৰ ব্যক্তিয়ে নিৰাশ হোৱা উচিতনে? কেতিয়াও নহয়। যদি আমি সচাঁকৈ আমাৰ মনোভাব সলনি কৰিব বিচাৰো তেনেহʼলে নিশ্চয়ে ঈশ্বৰে আমাক সহায় কৰিব। সেইবাবে পৌলে কৈছে: “যদি কোনো বিষয়ত তোমালোকৰ আন ৰূপ ভাব থাকে, তেন্তে ঈশ্বৰে তাকো তোমালোকলৈ প্ৰকাশ কৰিব।”—ফিলিপীয়া ৩:১৫.

১২ এই হেতুকে, যদি আমি বিচাৰো যে যিহোৱাই আমালৈ সঠিক মনোভাব প্ৰকাশ কৰক, তেনেহʼলে আমি আমাৰ কৰিব লগীয়াখিনি নিশ্চয় কৰা উচিত। ‘বিশ্বাসী বুদ্ধিমান দাসে’ প্ৰৱন্ধ কৰা প্ৰকাশনৰ যোগেদি প্ৰাৰ্থনাপূৰ্বক ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰাৰ দ্বাৰা সঠিক মনোভাবক বিকাশিত কৰি “আন্তৰিকৰূপে গঢ়” দিবলৈ সহায় কৰে। (মথি ২৪:৪৫) এই ক্ষেত্ৰত পবিত্ৰ আত্মাৰ দ্বাৰা নিযুক্ত কৰা খ্ৰীষ্টান প্ৰাচীনসকলে “ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, তাক প্ৰতিপালন” কৰি সহায় আগবঢ়াবলৈ আনন্দিত হয়। (পাঁচনিৰ কৰ্ম্ম ২০:২৮) আমি কিমান কৃতজ্ঞ হওঁ যে যিহোৱাই আমাৰ অসিদ্ধতাক বিবেচনা কৰি আমালৈ প্ৰেমময় সহায় আগবঢ়ায়! আঁহক আমি এই প্ৰেমময় সহায়ক গ্ৰহণ কৰোঁহঁক।

আনৰ পৰা শিক্ষা লাভ কৰা

১৩. বাইবেলত দিয়া ইয়োবৰ বৃত্তান্তৰ পৰা সঠিক মনোভাবৰ বিষয়ে কি শিকিবলৈ পাওঁ?

১৩ ৰোমীয়া ১৫ অধ্যায়ত, পৌলে দেখুৱাইছে যে বাইবেলত লিপিবদ্ধ কৰি ৰাখা উদাহৰণবোৰে আমাৰ মনোভাবক সাল-সলনি কৰিবলৈ সহায় কৰে। আগলৈ তেওঁ এইদৰে লিখিছে: “কিয়নো আগেয়ে যি কথা কোৱা হৈছিল, আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্ত্বনাৰে আশা পাবলৈ, আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল।” (ৰোমীয়া ১৫:৪) প্ৰাচীন সময়ত যিহোৱাৰ বিশ্বাসী সেৱকসকলেও কিছুমান ক্ষেত্ৰত নিজৰ মনোভাবক সাল-সলনি কৰাৰ আৱশ্যকতা আছিল। উদাহৰণস্বৰূপে, সাধাৰণতে ইয়োবৰ এক উত্তম মনোভাব আছিল। তেওঁ যিহোৱাৰ প্ৰতি কেতিয়াও বেয়া মনোভাব ৰখা নাছিল আৰু ঈশ্বৰৰ ওপৰত থকা ভৰসাক বিচলিত হʼবলৈ দিয়া নাছিল। (ইয়োব ১:৮, ২১, ২২) তথাপি তেওঁ নিজকে নিৰ্দ্দোষী বুলি মানিবলৈ অস্বীকাৰ কৰিছিল। ইয়োবৰ এনে মনোভাবক সংশোধন কৰিবলৈ যিহোৱাই ইলীহূক নিৰ্দ্দেশ দিছিল। ইয়োবে অপমান অনুভৱ কৰাৰ পৰিবৰ্তে উপদেশক স্বীকাৰ কৰি নম্ৰভাৱে নিজৰ মনোভাবক সাল-সলনি কৰিবলৈ সাজু হৈছিল।—ইয়োব ৪২:১-৬.

১৪. যদি আমাৰ মনোভাবৰ সাল-সলনিৰ বাবে উপদেশ দিয়া হয় সেই সময়ত আমি কেনেকৈ ইয়োবৰ দৰে মনোবৃত্তি দেখুৱাব পাৰোঁ?

১৪ যদি কোনো খ্ৰীষ্টান ভায়ে আমাৰ ভুল মনোভাবৰ বিষয়ে নম্ৰভাবে কয়, সেই সময়ত আমি ইয়োবৰ দৰে আমাৰ মনোভাবক সাল-সলনি কৰিমনে? ইয়োবৰ দৰে আমিও “ঈশ্বৰত অজ্ঞানতাৰ দোষাৰোপ” কৰা উচিত নহয়। (ইয়োব ১:২২) যদি অন্যায়ৰ বাবে আমি কষ্ট ভূগিবলগীয়া হয়, তাৰবাবে কেতিয়াও আপত্তি কৰা বা আমাৰ কষ্টৰ বাবে যিহোৱাক দোষী কৰাটো উচিত নহয়। আমি নিজকে নিৰ্দ্দোষী বুলি খন্ডন কৰাটো উচিত নহয় আৰু এইটো স্মৰণ কৰা আৱশ্যক যে যিহোৱাৰ সেৱাত আমাৰ যিয়ে বিশেষাধিকাৰ নাথাকক কিয়, আমি মাত্ৰ ‘অনুপযোগী দাসহে।’—লূক ১৭:১০.

১৫. (ক)কি ভুল মনোভাবৰ বাবে যীচুৰ কিছুমান অনুগামীয়ে তেওঁক এৰি গুচি গʼল? (খ) পিতৰে কেনেকৈ এক উত্তম মনোভাব প্ৰকাশ কৰিলে?

১৫ প্ৰথম শতাব্দীতো, কিছুমান লোকে যীচুৰ উপদেশৰ প্ৰতি সঠিক মনোভাব দেখুৱা নাছিল। এক উপলক্ষ্যত, যীচুৱে কোৱা কিছুমান উপদেশ বুজিবলৈ কঠিন হৈছিল। প্ৰত্যুত্তৰস্বৰূপে “তেওঁৰ শিষ্যবিলাকৰ মাজৰ অনেকে এই কথা শুনি কলে, ই বৰ টান কথা; ইয়াক কোনে শুনিব পাৰে?” যিসকলে এইদৰে কৈছিল, স্পষ্টৰূপে তেওঁলোকে ভুল মনোভাব প্ৰকাশ কৰিছিল। তেওঁলোকৰ ভুল মনোভাবৰ বাবে তেওঁলোকে যীচুৰ উপদেশৰ প্ৰতি কাণ নিদিলে।। বিবৰণিত এইদৰে কৈছে: “তাৰে পৰা তেওঁৰ অনেক শিষ্য উলটি গৈ, তেওঁৰ লগত আৰু অহা-যোৱা নকৰিলে।” কিন্তু সকলোৰে ভুল মনোভাব আছিলনে? নিশ্চয় নাছিল। আগলৈ সেই বিবৰণিয়ে কৈছে: “এতেকে যীচুৱে বাৰ জন পাঁচনিক কলে, তোমালোকেও যাবলৈ ইচ্ছা কৰা নে? চিমোন পিতৰে তেওঁক উত্তৰ দিলে, হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰহে।” (যোহন ৬:৬০, ৬৬-৬৮) কিযে এক উত্তম মনোভাব! ঠিক সেইদৰে প্ৰথমতে আমি যি শাস্ত্ৰীয় পদক বুজাত কঠিন হৈছিল, কিন্তু যেতিয়া শাস্ত্ৰীয় বিষয়বোৰৰ বৰ্ণনা দিয়া বা সংশোধন কৰা হয় তেতিয়া পিতৰৰ দৰে মনোভাব ৰখাটো উত্তম নহʼবনে? যদি আমি কিছুমান কথা বুজিবলৈ কঠিন হোৱাৰ বাবে যিহোৱাক উপাসনা কৰাটো বন্ধ কৰি দিওঁ বা ‘নিৰাময় বাক্যৰ আৰ্হিৰ’ বিপৰীতে কথা কওঁ তেনেহʼলে আমাৰ বাবে এইটো এক অজ্ঞানীৰ কাৰ্য্য নহʼবনে বাৰু!—২ তীমথিয় ১:১৩.

১৬. যীচুৰ দিনত যিহুদী ধৰ্মীয় গুৰুসকলে কেনে ধৰণৰ জঘণ্য মনোভাব ৰাখিছিল?

১৬ প্ৰথম শতাব্দীৰ যিহুদীৰ ধৰ্মীয় গুৰুসকলেও যীচুৰ দৰে আদৰ্শগত মনোভাব ৰখাত বিফল হʼল। যীচুৱে যেতিয়া লাজাৰক মৃত্যুৰ পৰা জীয়াই তুলিলে, তেতিয়া তেওঁলোকে যীচুৰ তেনে কাৰ্য্যৰ বাৰ্ত্তাক নুশুনিবলৈ দৃঢ় সঙ্কল্প লৈছিল। যদি তেওঁলোকে সঠিক মনোভাব ৰখা হʼলে, তেওঁ কৰা সেই আচৰিত কাৰ্য্যসমূহৰ দ্বাৰাই জানিব পাৰিলেহেঁতেন যে যীচুক স্বৰ্গত থকা পিতৃ যিহোৱাইহে পঠাইছে। যিহেতু তেওঁলোকে সঠিক মনোভাব ৰখা নাছিল, সেইবাবে বাইবেলে তেওঁলোকৰ বিষয়ে এইদৰে কৈছে: “এতেকে প্ৰধান পুৰোহিত আৰু ফৰীচীবিলাকে মহাসভা পাতি কলে, আমি কি কৰিছোঁ? এই মানুহে অনেক অনেক আচৰিত চিন দেখুৱাইছে; তাক যদি আমি এনেয়ে এৰোঁ, তেন্তে আটাই মানুহে তাত বিশ্বাস কৰিব আৰু ৰোমীয়া লোকে আহি আমাৰ এই ঠাই আৰু জাতিকো অধিকাৰ কৰি লব।” তেওঁলোকৰ একমাত্ৰ সমাধান কি আছিল? “এতেকে সেই দিনৰে পৰা তেওঁক বধ কৰিবলৈ তেওঁবিলাকে আলচ কৰিলে।” যীচুক বধ কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ ওপৰিও তেওঁৰ সেই আচৰিত কাৰ্য্যৰ জীৱন্ত প্ৰমাণকো ধ্বংস কৰিবলৈ পৰিকল্পনা কৰিলে। “প্ৰধান পুৰোহিতসকলে লাজাৰকো বধ কৰিবলৈ আলচ কৰিলে।” (যোহন ১১:৪৭, ৪৮, ৫৩; ১২:৯-১১) যিটো কাৰ্য্যত প্ৰকৃততে আনন্দিত হোৱা আৱশ্যক তেনে ক্ষেত্ৰত যদি আমি ফৰাচীবিলাকৰ দৰে মনোভাব ৰাখোঁ আৰু বিৰক্ত বা বিচলিত হওঁ তেনেহʼলে এইটো কিমান যে অসঙ্গত কাৰ্য্য হʼব! অৱশ্যেই তেনে কৰাতো অতি বিপদজনক!

খ্ৰীষ্টৰ সঠিক মনোভাবক অনুকৰণ কৰক

১৭. (ক)কেনে পৰিস্থিতিবোৰত দানিয়েলে সাহসী মনোভাবৰ প্ৰদৰ্শন কৰিলে? (খ) যীচুৱে কেনেকৈ নিজকে সাহসী কৰি প্ৰকাশ কৰিলে?

১৭ যিহোৱাৰ সেৱকসকলে সকলো সময়তে সঠিক মনোভাব বজাই ৰাখে। উদাহৰণস্বৰূপে, দানিয়েলৰ শত্ৰুসকলে ৩০ দিনৰলৈকে ৰজাৰ বাহিৰে আন কোনো ঈশ্বৰ বা মানুহক প্ৰাৰ্থনা কৰিব নোৱাৰে বুলি ষড়যন্ত্ৰ ৰচি এক আজ্ঞা জাৰি কৰালে। কিন্তু দানিয়েলে জানিছিল যে এই আজ্ঞা পালন কৰা অৰ্থ হৈছে যিহোৱা ঈশ্বৰৰ সৈতে থকা তেওঁৰ সমন্ধ বিচ্ছেদ হোৱা। এনে পৰিস্থিতি হোৱাৰ স্বত্তেও দানিয়েলে ৩০ দিনৰলৈকে ঈশ্বৰলৈ প্ৰাৰ্থনা নকৰাকৈ আছিলনে? কেতিয়াও নাছিল, তেওঁ নিতৌ কৰা দৰে কোনো ভয়-ভীত নোহোৱাকৈ দিনত তিনিবাৰকৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (দানিয়েল ৬:৬-১৭) ঠিক সেইদৰে যীচুৱেও তেওঁৰ বিৰোধীসকলৰ পৰা কোনো ভয়-ভীত হোৱা নাছিল। এবাৰ তেওঁ বিশ্ৰাম-বাৰৰ দিনা এজন হাত শুকাই যোৱা মানুহক লগ পায়। যীচুৱে জানিছিল যে যদি তেওঁ বিশ্ৰাম-বাৰ দিনা কোনো মানুহক সুস্থ কৰে তেনেহʼলে বহুতো যিহুদীয়ে অসন্তোষ্ট হʼব। সেইবাবে তেওঁ তেওঁলোকক এই বিষয়ে মন্তব্য দিবলৈ সুধিলে। যেতিয়া তেওঁলোকৰ পৰা কোনো উত্তৰ নাপালে, যীচুৱে উঠি গৈ সেই মানুহজনক সুস্থ কৰে। (মাৰ্ক ৩:১-৬) গতিকে যিটো তেওঁ সঠিক বুলি ভাবিছিল সেই কাৰ্য্যক কৰিবলৈ তেওঁ কেতিয়াও পিছ হুঁহকা নাছিল।

১৮. কিছুমান লোকে কিয় আমাক বিৰোধ কৰে, কিন্তু আমি তেওঁলোকৰ তেনে মনোভাবৰ প্ৰতি কেনেদৰে প্ৰতিক্ৰিয়া দেখুৱা উচিত?

১৮ সেইদৰে যিহোৱাৰ সাক্ষীসকলেও জানিব পাৰিছে যে বিৰোধীসকলৰ বিৰোধীতাত কেতিয়াও ভয়-ভীত হʼব নালাগে। কিয়নো, বিৰোধীসকলে যীচুৰ আদৰ্শমূলক মনোভাব অনুকৰণ নকৰে। তেনেধৰণৰ বহুতো বিৰোধীৰ যথাৰ্থ জ্ঞান নথকাৰ বাবে সাক্ষীসকলক বা তেওঁলোকে প্ৰচাৰ কৰা বাৰ্তাক পছন্দ নকৰে। কিন্তু আঁহক আমি তেওঁলোকৰ বিৰোধী মনোভাবক আমাৰ সঠিক মনোভাবৰ ওপৰত প্ৰভাৱিত হʼবলৈ নিদিওঁহঁক। আমি কেতিয়াও আমাৰ উপাসনাত আনে কোৱা মিছা অপবাদবোৰৰ দ্বাৰা বাধা উৎপন্ন কৰিবলৈ দিয়াটো উচিত নহয়।

১৯. যীচুৱে কৰাৰ দৰে আমিও কেনেকৈ সেই একেই আদৰ্শগত মনোভাব প্ৰকাশ কৰিব পাৰোঁ?

১৯ যদিও যীচুৰ বাবে সকলো সময়তে তেওঁৰ অনুগামীসকল আৰু ঈশ্বৰৰ ব্যৱস্থাৰ প্ৰতি সঠিক মনোভাব বজাই ৰখাটো সহজ নাছিল, তথাপিও তেওঁ সকলোকে পালন কৰিলে। (মথি ২৩:২, ৩) আমিও তেওঁৰ আদৰ্শগত আৰ্হিক অনুকৰণ কৰা আৱশ্যক। আমাৰ দৰে আমাৰ ভাইসকলো অসিদ্ধ। আমাৰ বিশ্বজুৰি ভাতৃসমাজৰ বাহিৰে ভাল সঙ্গতি আৰু বিশ্বাসী বন্ধু আন কোনো সমাজত পামনে? যিহোৱাই এতিয়ালৈকে তেওঁৰ লিখিত বাক্যৰ সম্পূৰ্ণ বুজ দিয়া নাই, কিন্তু কোন ধৰ্ম্মীয় গ্ৰুপে ইয়াতকৈ অধিক বুজ দিব পাৰেনে? সেইবাবে আঁহক যীচুৰ দৰে আমিও সঠিক মনোভাব ৰাখোঁহঁক। ইয়াৰ ওপৰিও, ইয়াত সন্মিলিত আছে এই বিষয়ে জ্ঞান লোৱা যে আমি কেনেকৈ যিহোৱালৈ অপেক্ষা কৰিব পাৰোঁ, যিটো আমি পৰবৰ্ত্তী লেখত আলোচনা কৰিম।

[ফুটনোট]

a ৱাচটাৱাৰ বাইবেল এনড্‌ ট্ৰ্যাক্ট চোচাইটিয়ে প্ৰকাশ কৰা সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল প্ৰকাশনখনত যীচুৰ জীৱন আৰু পৰিচৰ্য্যাৰ বিষয়ে আলোচনা কৰা হৈছে।

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

•আমাৰ মনোভাবে কেনেকৈ আমাৰ জীৱনক প্ৰভাৱিত কৰে?

•যীচুৰ আদৰ্শগত মনোভাবক বৰ্ণনা কৰক।

•ইয়োবে দেখুৱা মনোভাবৰ পৰা আমি কি শিকিব পাৰোঁ?

•বিৰোধীতাৰ সৈতে সন্মূখীন হোৱাৰ সময়ত আমি কি সঠিক মনোভাব বজাই ৰখা আৱশ্যক?

[৭ পৃষ্ঠাৰ ছবি]

এজন খ্ৰীষ্টানে সঠিক মনোভাব ৰাখি আনক সহায় কৰিব পাৰে

[৯ পৃষ্ঠাৰ ছবি]

একান্তমনেৰে ঈশ্বৰৰ বাক্যক কৰা অধ্যয়নে আমাক যীচুৰ মনোভাবক বিকাশিত কৰিবলৈ সহায় কৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক